top of page
  • Black Facebook Icon
  • Black Instagram Icon

অসম আৰু বানপানী

Writer: আতিক্সা আৰ্ভি বৰা, সপ্তম মান,মাৰ্ভেল মা:একাডেমী,সৰুপথাৰ
আতিক্সা আৰ্ভি বৰা, সপ্তম মান,মাৰ্ভেল মা:একাডেমী,সৰুপথাৰ
5 days ago
2 min read


শ্ৰীমতী আতিক্সা আৰ্ভি বৰা, সপ্তম শ্ৰেণী

মাৰ্ভেল মাইণ্ড একাডেমি, সৰুপথাৰ

 

 অসম আৰু বানপানী শব্দ দুটা অতিকে চৰ্চিত ৷ শুকান হৈ থকা পৃথিৱীৰ স্থলভাগ জলমগ্ন হোৱা অৱস্থাটোক আমি সাধাৰণতে বানপানী বুলি কওঁ ৷ অত্যাধিক বৰষুণ, বৰফ গলাৰ ফলত নদ-নদী, জলাশয় আদিত পানী বাঢ়ি বানপানীৰ সৃষ্টি হয় ৷ কোবাল বোৱতী পানীয়ে ঘৰ-দুৱাৰ, জীৱ-জন্তু, গছ-গছনি, যান-বাহন আদি উটুৱাই এক সংকটময় পৰিস্থিতিৰ সৃষ্টি কৰে ৷

 

অসমত ১৯৫০ চনত হোৱা প্ৰৱল ভূমিকম্পৰ ফলত পৰ্বত, পাহাৰৰ পৰা পানীৰ লগত নামি অহা মাটি, শিল-বালি, গছ-গছনি আদিয়ে নদীসমূহৰ বহন ক্ষমতা হ্ৰাস কৰি তুলিছিল ৷ মানুহে নৈৰ পাৰত বা পানীত পেলোৱা আবৰ্জনাৰসমূহে বছৰ বছৰ ধৰি জমা হৈ নদীসমূহৰ গৰ্ভ বাম কৰি তুলিছে ৷ ফলত দিনে দিনে বৃদ্ধি পাই আহিছে বানৰ প্ৰকোপ ! প্ৰকৃতিৰ লগত সহৱস্থানৰ বিপৰীতে মানুহে বিবেক বিসৰ্জন দি জধেমধে গছ-গছনি কাটি তহিলং কৰিছে ৷ তাৰ ফলত সৃষ্টি হৈছে খহনীয়াৰ ৷ খহনীয়াৰ মাটিবোৰে নৈৰ বুকু তৰাং কৰি তুলিছে আৰু ই বানপানী সৃ্ষ্টিত অৰিহণা যোগাইছে ৷ অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা মথাউৰিসমূহে বানপানী ৰোধত ব্যৰ্থ হৈ পৰিছে ৷ তাৰোপৰি যিবোৰ নদীত বিদ্যুত উৎপাদনৰ বাবে নদী বান্ধ নিৰ্মাণ কৰিছে, তেনে নদীসমূহত, বাৰিষা পানীৰ উচ্চতা বৃদ্ধি হ’লে, নৈৰ শ্লুইচ গেটবোৰ অকস্মাত খুলি দিব লগা হয় ৷ ফলত পানীৰ ঢলে নামনিৰ দাঁতি-কাষৰীয়া অঞ্চলসমূহত বানপানীৰ সৃষ্টি কৰি সীমাহীন সমস্যাৰে জৰ্জড়িত কৰি আহিছে।

 

আমাৰ অসমত যোৱা পাঁচ/ছয় বছৰে বানপানীয়ে কৰা দুৰ্যোগৰ বিষয়ে আলোকপাত কৰিলে দেখা যায়…..


·        ২০২১ চনত সমগ্ৰ ৰাজ্যখন প্ৰায় ৫৮ লাখ লোক বানৰ কবলত পৰিছিল আৰু ৩১ খন জিলা এই বানৰ দ্বাৰা প্লাৱিত হৈছিল ৷

 

·        ২০২২ চনত প্ৰায় ৯০ লাখ লোক আৰু ৩৫ খন গাঁও প্লাবিত হৈছিল ৷

 

·        ২০২৩  চনত প্ৰায় ১ লাখ লোক আৰু ২০ খন গাওঁ প্লাবিত হয় ৷

 

·        ২০২৪ চনত ২৪.৫ লাখ লোক আৰু ৩১ খন জিলা প্ৰভাবিত হৈছিল ৷

 

·      ২০২৫ চনত বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ পূৰ্বৰ বছৰতকৈ কিছু হ্ৰাস পায় আৰু চৰকাৰী তথ্যমতে ২৫ জন লোকৰ মৃত্যু হয় ৷

 

বৰ্তমান ২০২৬ চনৰ ১৯ জুলাইত অত্যাধিক বৰষুণৰ বাবে নাগালেণ্ডৰ মন জিলাৰ পৰা সংহাৰ ৰূপত বাগৰি অহা পানীয়ে নামনিত থকা অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত জলপৃষ্ঠ বৃদ্ধি হৈ যি জলপ্ৰলয়ৰ সৃষ্টি কৰিলে সেইয়া আছিল কল্পনাতীত৷ এই জলপ্ৰলয়ত শিৱসাগৰ আৰু চৰাইদেউ জিলাত প্ৰায় এশৰো অধিক লোকৰ প্ৰাণহানি হয় আৰু লাখ লাখ লোক গৃহহাৰা হয়, গছ-গছনিৰ, জীৱ-জন্তু ক্ষতিগ্ৰস্ত হয় ৷

 

***********




Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page