top of page
Search


জিকিবলৈ হাৰিব লাগে
চয়নিকা শৰ্মা, কৃষ্ণনগৰ, চান্দমাৰী, গুৱাহাটী টুলটুল থাকে মাক-দেউতাকৰ লগত হায়দৰাবাদৰ কোন্দাপোড় নামৰ অঞ্চলটোত। কোন্দাপোড়ৰ "সৰোজ পাৰ্কলেন" ত কমেও চাৰিশটামান পৰিয়াল থাকে আৰু তাৰে বেছিভাগে আমেৰিকান বা ইউৰোপীয় দেশৰ কোম্পানীত চাকৰি কৰে। তেনে এটা কোম্পানীত টুলটুলৰ মাক-দেউতাকেও চাকৰি কৰে। টুলটুল তেতিয়া মাথোঁ ন বছৰীয়া আছিল যেতিয়া তাক গুৱাহাটীৰ আইতাক-ককাকৰ ঘৰৰ পৰা হায়দৰাবাদলৈ লৈ আহিছিল। আইতাক-ককাককো সেইবাৰ লগতে লৈ আহিছিল মাক দেউতাকে। আহিয়েই গুৱাহাটীতকৈ সম্পূৰ্ণ বেলেগ এ

চয়নিকা শৰ্মা, কৃষ্ণনগৰ, চান্দমাৰী, গুৱাহাটী
Apr 165 min read


বিবলুৰ সুদিন
নিৰু দত্ত, নিশান্ত নিবাস ১নং পদুমনি, সৰুপথাৰ হাতীৰ জাক সাধাৰণতে মাইকী হাতীৰে গঠন হয়। ৰক্ষণাবেক্ষণৰ বাবে মখনা দুটামান থাকে। ডেকা মখনাই দলৰ নিয়ম শৃংখলা ভাঙিলে তাক দলৰ পৰা বাহিৰ কৰি দিয়ে। বিবলুৱে বাৰে বাৰে নিয়ম নমনা স্বভাৱটোৰ বাবে দলৰ হাৰাশাস্তি হৈছিল। কৃষ্ণ গোঁসায়েও এশৰ পাছত শাস্তি দিব লাগে বুলি কৈ গৈছে। গতিকে বিবলুৱে পাব লগা শাস্তি পালে। এতিয়া অনুতাপৰ অগ্নিত দহিছে। কলথোকা লৈ বিবলু অৰণ্যৰ গভীৰলৈ সোমাই গ'ল। সি আচৰিত হ'ল বৃহৎ সোনাৰুজোপাৰ তলত তাহাঁতৰ গোটে

নিৰু দত্ত, সৰুপথাৰ উ:মা: বিদ্যালয়,ৰসায়ন বিজ্ঞান বিভাগ
Apr 122 min read


অৱদমিত ইচ্ছা
নীপা দুৱৰা, গুৱাহাটী এচাটি কহুঁৱা কোমল বতাহে সুৰভিৰ মুখখন ধুৱাই লৈ গল। তথাপিও ভালেমানদিনৰ পৰা চলি থকা মনৰ শংকাবোৰ আঁতৰি নগ’ল। সুৰভিৰ নিজৰ ওপৰতে সন্দেহ ওপজিল, তাই মানুহজনী বেছি সন্দিহান হৈ পৰা নাইতো? নহ’লে ইমান চিন্তা, ইমান সন্দেহ তাইৰ সহজ-সৰল মনটোত ক'ৰ পৰা থিতাপি ল'লেহি! সেই গোলাকাৰ ৰঙা বৰণৰ ভেলভেটৰ বাকচৰ ছবিয়ে তাইৰ মনত ইমান সন্দেহৰ জাল তৰিছে যে তাইৰ খাৱন-শোৱন সকলো সৰি নিছে। মনৰ মাজত অনবৰতে এটা কথাই ঘূৰ্ণীয়মান হৈ আছে – সেই ভেলভেটৰ বাকচৰ ভিতৰত বাৰু কি আছ? হয়তো তাত আছে বহু ট

নীপা দুৱৰা, গুৱাহাটী
Apr 122 min read


সমিধান
চেমিমা হুছেইন, ছয়মাইল, গুৱাহাটী ক্লাছৰ শেষৰ বেঞ্চত বহি থকা তৰালিৰ ওচৰলৈ সৰজু বাইদেউ আগবাঢ়ি গ'ল। "কি হ'ল তৰালি? তুমি যে শেষৰ বেঞ্চত বহিবলৈ ল'লা! ৰিঞ্জু, তৰালি, মীনা তোমালোকে সদায় পিছৰ বেঞ্চত কিয় বহা ? শুনিছানে তোমালোকে? আজিৰ পৰা যি সকলে পিছৰ বেঞ্চত বহে সেই সকলে আগৰ বেঞ্চত বহিব লাগিব আৰু আগৰ বেঞ্চত বহাসকলে পিছৰ বেঞ্চত বহিব লাগিব। প্রত্যেকখন বেঞ্চে সপ্তাহত ঘূৰাই ঘূৰাই এনেকৈ বহিব লাগিব। মানে ৰ'টেশ্যন কৰিব লাগিব। বুজিছানে তোমালোকে ?" ক্লাছৰ ল'ৰা ছোৱালীবোৰে সৰজু বাইদেউলৈ ভয

চেমিমা হুছেইন, গুৱাহাটী
Apr 126 min read


পিতৃৰ মৰম সন্তানলৈ
নীপা দুৱৰা, গুৱাহাটী ১৯৮৯ চনত আৰ্মেনিয়া নামৰ ঠাইত ৮.২ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গৈছিল। ঘৰবোৰ তাচপাতৰ ঘৰৰ নিচিনাকৈ ভাগি মাটিত মিহলি হৈ গৈছিল। এনেকুৱা এটা ভয়ংকৰ ভূমিকম্প হৈ যোৱাৰ পিচতে সেই অঞ্চলৰ সকলো মাক-দেউতাকে নিজৰ সন্তানক বিচাৰি স্কুললৈ বুলি ঢাপলি মেলিলে। কিন্তু স্কুলঘৰটো ইতিমধ্যে মাটিৰ লগত মিহলি হৈ গৈছিল! তাত কোনো জীৱিত প্ৰাণী থকাৰ তিলমানো সম্ভাৱনা নাছিল। এনে দুখজনক ঘটনাটোতে পুত্ৰহাৰা হোৱা এজন পিতৃৰ বাৰে বাৰে পুতেকক কোৱা কথা এটালৈ মনত পৰিবলৈ ধৰিলে। তেওঁ এদিন প

নীপা দুৱৰা, গুৱাহাটী
Jan 102 min read


নামবৰৰ বিবলু
অকলশৰীয়া বিবলু নিৰু দত্ত, নিশান্ত নিবাস ১নং পদুমনি, সৰুপথাৰ কালি ৰাতিটো বিবলুৰ উজাগৰে পাৰ হ'ল। দঁতাল বীৰুৱে তাক দল এৰিবলৈ নিৰ্দেশ দিলে। সেই কণমানিটোৰ পৰা সি এই জাকটোৰ মাজতে ডাঙৰ হৈছে। সি সৰুৰে পৰাই বৰ চটফটীয়া। তেতিয়া এই লৈ কিন্তু কাৰো একো আপত্তি নাছিল । বুঢ়া-মেথা সকলোৱে তাৰ উৎপতীয়া ধেমালিত চামিল হৈ আনন্দহে পাইছিল। অৱশ্যে দুবাৰ কৈ চাহ বাগানৰ নলাত পৰা দুৰ্ঘটনাত মাকে তাক গোটেই জাকৰ আগতে ককৰ্থনা কৰিছিল। আকৌ এবাৰ পানী খাবলৈ দৈয়াংৰ গৰাইদি নামি যাওঁতে কোমল ৰঙামাটিত

নিৰু দত্ত, সৰুপথাৰ উ:মা: বিদ্যালয়,ৰসায়ন বিজ্ঞান বিভাগ
Jan 94 min read


খৰিকটীয়াৰ জীয়েকৰ সপোন
হিয়া দাস, শুৱালকুছি কাশী দেউতাকৰ সৈতে আজিও পুৱা খৰি লুৰিবলৈ জংঘললৈ ওলাল। পুৱাৰ সেই সময়খিনিত কাশীয়ে সদায় তাইৰ সমবয়সীয়া ল'ৰা-ছোৱালীবোৰে উৰ্দি (ইউনিফৰ্ম) পিন্ধি বিদ্যালয়লৈ গৈ থকা দেখে। তাইৰ মনটো কেনেবা কেনেবা লাগে। ছোৱালীবোৰে দীঘল চুলিকোছা দুডলীয়াকৈ বেণী গাঁঠি ৰঙা ফিতা বান্ধি ধুনীয়াকৈ হাঁহি হাঁহি গৈ থকা দেখিলে তাই দেউতাকে নেদেখাকৈ চকুপানী মচে। কাশীহঁতৰ গাঁওখনৰ বেছিভাগে মানুহেই দীন-দৰিদ্ৰ। তথাপি প্ৰতি ঘৰৰ এটাকৈ হ'লেও ল'ৰা-ছোৱালীয়ে বিদ্যালয়লৈ গৈ পঢ়া-শুনা কৰি আছে। ব্যতি

হিয়া দাস, শুৱালকুছি উত্তৰ সিদ্ধেশ্বৰ পাহাৰ, কামৰূপ
Jan 93 min read


আইতাৰ ঘৰ
নিৰু দত্ত, নিশান্ত নিবাস, সৰুপথাৰ, গোলাঘাট জুন মাহৰ শেষৰ সপ্তাহটো পাহিৰ মনত বৰ দীঘলীয়া যেন লাগিল। স্কুলত পাঠবোৰ ধাম-ধুম আগবাঢ়িছে। ইফালে ইউনিট টেষ্টো দিবলগীয়া হৈছে। জুলাই মাহত বিভিন্ন অনুষ্ঠানে পাতিব খোজা শিশু আৰু কিশোৰৰ উপযোগী কৰ্মশালাবোৰত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণো আহিছে। এইবাৰ কোনো ধৰণৰ কৰ্মশালাৰ লগত জড়িত হ'বলৈ তাইৰ ইচ্ছা নাই। অৱশ্যে মাকেও তাইৰ অনিচ্ছাৰ প্ৰতি সঁহাৰি জনাইছে। তাই যে পূৰা-পূৰি দুসপ্তাহ আয়েকৰ ঘৰত কটাবগৈ সেয়া কম আনন্দৰ কথা নে! এইবাৰ স্কুলত গৰম বন

নিৰু দত্ত, নিশান্ত নিবাস, সৰুপথাৰ
Oct 13, 20254 min read


এজনী নীলা মাছ
হিয়া দাস, উত্তৰ সিদ্ধেশ্বৰ পাহাৰ, শুৱালকুছি এখন গাঁও আছিল। সেই গাঁৱতে এখন বৰ সুন্দৰ বিল আছিল। বিলত ৰঙা, নীলা, সেউজীয়া, হালধীয়া অসংখ্য মাছ আছিল। এই সকলোবোৰৰ ভিতৰত এজনী বিশেষ ধৰণৰ মাছ আছিল। বিশেষ এই কাৰণেই যে তাইৰ মূৰত একোছা নীলা চুলি আছিল। চুলিকোছা অনবৰত লাইটৰ দৰে চিকমিকাই থাকিছিল। গাঁৱৰ সৰু ল'ৰা ছোৱালীবোৰে এই অসাধাৰণ চুলিকোছাৰ কাৰণেই মাছজনীক নীলি বুলি মাতিছিল। নীলিক সিহঁতে বৰ ভাল পাইছিল। নীলিয়েও ল'ৰা-ছোৱালীবোৰৰ লগত খেলি বৰ ভাল পাইছিল। তাই প্ৰত্যেক দিনাই বিলৰ পাৰলৈ উঠি আ

হিয়া দাস, শুৱালকুছি উত্তৰ সিদ্ধেশ্বৰ পাহাৰ, কামৰূপ
Oct 13, 20252 min read


বতাহে কঢ়িয়াই আনে মোৰ শৈশৱৰ স্মৃতি: মই চুমচুমীয়ে কৈছোঁ ...
পবিত্ৰা বৰঘৰীয়া, মুম্বাই শুই উঠাৰ পিছত আজিৰ মোৰ দিনটো খুউব ভালদৰেই আৰম্ভ হৈছিল। যোৱাৰাতি পিস্কিয়েও বৰ বিশেষ আমনি কৰা নাছিল, সেয়ে মাম্মীমাৰ লগত মই গোটেই ৰাতি শান্তিৰে শুব পাৰিছিলোঁ। পুৱা উঠি মাম্মীমাই ব্যায়াম, প্ৰাণায়াম আদি কৰিবলৈ বুলি যোগ-মেটখন পাৰি লওঁতেহে, লেঙেৰাই লেঙেৰাই কাঁড়ডাল অহাদি আহি মেটখনত তাইৰ নখবোৰ ধৰাবলৈ আৰম্ভ কৰিলেহি। তাইকে দেখি মোৰ নখবোৰো কিবা পিৰপিৰাই উঠা যেন লাগিল আৰু ময়ো তাইৰ পিছে পিছে গৈ দুবাৰমান নখবোৰ মেটত ঘহাওঁতেই মাম্মীমাই চোঁমাৰি উৰি অহাদি আহি আ

পবিত্ৰা বৰঘৰীয়া, মুম্বাই
Oct 13, 20256 min read


উপলদ্ধি
অনিতা দেৱী, কাহিলীপাৰা, গুৱাহাটী মহেন্দ্ৰৰ ঘৰত আজি আলহীৰ উখল-মাখল পৰিবৱেশ এটা বিৰাজমান। ভিন্ন প্ৰকাৰৰ ব্যঞ্জন ৰন্ধিবৰ বাবে কাৰিকৰসকল ব্যস্ত হৈ পৰিছে। প্ৰয়োজনীয় সকলো সামগ্ৰীৰ বজাৰ কৰা হ'ল নে আৰু কিবা খাদ্য সামগ্ৰী লাগিব মহেন্দ্ৰই পত্নী পৰীক আকৌ এবাৰ সুধিলে। পৰীয়ে জনালে যে সকলো সামগ্ৰী ইতিমধ্যে অলপ বেছি বেছিকৈয়ে অনা হৈছে, কাৰণ অতিথি কিছু বাঢ়িবও পাৰে। পৰীৰ কথা শুনি মহেন্দ্ৰই শলাগি ক'লে,” ঠিকেই কৈছা, সময়ত কম হলে অসুবিধা হয়”। মাক-দেউতাকৰ কথা শুনি ওচৰতে থকা তেওঁলোকৰ পুত্ৰ

অনিতা দেৱী, কাহিলীপাৰা, গুৱাহাটী
Oct 13, 20251 min read


লক্ষ্ণৌৰ এবিধ বিশেষ খাদ্য প্ৰকৰণ: তুন্দে কাবাব
চয়নিকা শৰ্মা, চান্দমাৰী, গুৱাহাটী মৰমৰ মইনাহঁত, তোমালোক সকলোৱে ভালে আছা নিশ্চয় ! পঢ়া-শুনা ভালকৈ কৰি আছা নে? আজি মই তোমালোকৰ চয়নিকা...

চয়নিকা শৰ্মা, কৃষ্ণনগৰ, চান্দমাৰী, গুৱাহাটী
Oct 13, 20253 min read


ভুলৰ শক্তি
মৰমৰ অকণিহঁত, মোৰ মৰম ল’বা ৷ মই মাহমুদা বেগম ৷ তোমালোকে মোক মাহমুদা জেঠাই বুলিয়ে মাতিবা দেই ৷ তোমালোকৰ সৈতে কথা পাতি মই বৰ ভাল পাওঁ ৷...

মাহমুদা বেগম, গুৱাহাটী
Jul 12, 20253 min read


আম ফলৰ ৰজা
মৰমৰ মইনাহঁত, ভালে আছা নিশ্চয়? ভালকৈ পঢ়া শুনা কৰিছানে? আজি আমি অকণমান ফলৰ ৰজা আমৰ বিষয়ে কথা পাতোগৈ ব'লা....। কেঁচাই হওক...

চয়নিকা শৰ্মা, কৃষ্ণনগৰ, চান্দমাৰী, গুৱাহাটী
Jul 12, 20253 min read


বুবুৰ উপস্থিত বুদ্ধি
নীলাঞ্জনা দেৱী বৰুৱা, যোৰহাট বুবুহঁতৰ নতুন গাড়ী এখন কিনা হ’ল ৷ ৰঙা ৰঙৰ গাড়ীখনক লৈ মাক-দেউতাক, বায়েক আৰু বুবুৰ কত যে জল্পনা-কল্পনা !...

নীলাঞ্জনা দেৱী বৰুৱা, যোৰহাট
Jul 12, 20252 min read


অনাগত বিধাতা
বিজিত কুমাৰ ভাগৱতী, যোৰহাট কি যে সুখৰ দিন আছিল সেইবোৰ! বিয়া হৈ আহোঁতেই মাকে কাউৰী পুৱাতেই বিচনা এৰি ভগৱানৰ নাম লৈ মাটিত ভৰি দিবলৈ শিকাই...

বিজিত কুমাৰ ভাগৱতী, যোৰহাট
Jul 12, 20253 min read


ৰুণা আৰু ৰিয়াৰ কথাৰে
কৃত্ৰিম বুদ্ধিমত্তা বিষয়ক গল্প সুজাতা ভাগৱতী, যোৰহাট ৰুণা আৰু ৰিয়া দুয়ো একেখন স্কুলতে পঢ়া নলে-গলে লগা বান্ধৱী। পঢ়াত দুয়ো সমান...

সুজাতা ভাগৱতী, যোৰহাট
Jul 12, 20253 min read


"ঘাঁহ খোৱা মেকুৰী" : মই চুমচুমীয়ে কৈছোঁ
মই চুমচুমী পবিত্ৰা বৰঘৰীয়া, মুম্বাই আজি কিছুদিনৰ পৰা মোক লৈ আমাৰ ঘৰখনত এক সমস্যাৰ সৃষ্টি হৈছে। সমস্যাটো হৈছে মোৰ যেতিয়াই তেতিয়াই...

পবিত্ৰা বৰঘৰীয়া, মুম্বাই
Jul 12, 20256 min read


মিকু আৰু হৰিণা পোৱালিটো...
জিণ্টী ৰাণী ডেকা, গুৱাহাটী গৰম বন্ধ শেষ হ’বলৈ এতিয়াও এসপ্তাহ বাকী আছে। ঘৰৰ ওচৰতে থকা ক্লাৱ এটাত গৰম বন্ধ বুলি আয়োজন কৰা তিনিদিনীয়া...

জিণ্টী ৰাণী ডেকা, গুৱাহাটী
Jul 12, 20253 min read


আইধানৰ আৰ্জি
নিৰু দত্ত, নিশান্ত নিবাস, সৰুপথাৰ কলেজৰ ষাণ্মাষিক পৰীক্ষাৰ অন্তত মাঘ বিহুৰ বন্ধ মিলাই বৰুৱা দম্পতীয়ে মুঠতে ১৫ দিনীয়া বন্ধ এটা পালে। দুয়ো...

নিৰু দত্ত, নিশান্ত নিবাস, সৰুপথাৰ
Apr 6, 20255 min read
bottom of page