মতাদৰ্শ আৰু মতভেদ


ইৰা বৰঠাকুৰ, গুৱাহাটী
ডাঃ বিভূতি ভূষণ বৰুৱাৰ একমাত্ৰ সন্তান অনিৰ্বাণ সৰুৰে পৰাই দেখাই শুনাই অতি মৰম লগা। সি পঢ়া-শুনাৰ লগতে খেলা-ধূলাতো পাৰ্গত আৰু স্কুলত শিক্ষক সকলৰো অতিকৈ প্ৰিয়পাত্ৰ। অনিৰ্বাণৰ বায়েক তাতকৈ বাৰ বছৰৰ ডাঙৰ। সি মেট্ৰিক পাছ কৰা বছৰতে বায়েকৰ বিয়া হ'ল। বায়েকেও গুৱাহাটী মেডিকেল কলেজৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক হৈ, নিজেই পছন্দ কৰা তাইতকৈ চাৰি বছৰৰ ডাঙৰ ডাক্তৰ এজনৰ লগত বিয়া হৈ এতিয়া দুয়োটাই দিল্লীৰ দুখন হস্পিটেলত কৰ্মৰত। দেউতাকে অনিৰ্বানকো মেডিকেল পঢ়োৱাৰ বাবে মনে প্ৰাণে চেষ্টা কৰি আছে। তাৰ কিন্তু সৰুৰে পৰাই সাংবাদিক হোৱাৰহে মন। টেলিভিছনত সাংবাদিক সকলে হাতত স্পিকাৰ লৈ বিভিন্ন লোকৰ লগত 'Talk show' কৰি থকা দেখিলে সি প্ৰায়েই মাকক কয় , "মা, মই ডাঙৰ হ'লে এজন সাংবাদিক হৈ এনেদৰে দেশৰ ডাঙৰ ডাঙৰ লোকৰ লগত Talk show কৰিম তুমি চাই থাকিবা দেই"। সেই সময়ত মাকে হা না একো নকয়। মাকে আকৌ মনে প্ৰাণে অনিৰ্বাণক এজন সৎ, সাহসী আৰু সমাজত মূৰ ডাঙি ঠিয় হ'ব পৰা ব্যক্তি হোৱাটো বিচাৰে। কিন্তু দেউতাকে মাজে মাজে তাক সি যে ডাক্তৰ হ'বই লাগিব সেই কথাটো শুনাই থাকে। কেতিয়াবা দেউতাকৰ কথাত সি আপত্তি কৰিলে দেউতাকে তাৰ কোনো কথাই নুশুনোঁ বুলি প্ৰতিবাদ কৰা মাকৰ অলপো সহ্য নহয়। অথচ মাকে মানুহজনৰ কথাত একো মাত মাতিবলৈও সাহস নকৰে।
এনে দৰেই লাহে লাহে দিনবিলাক পাৰ হৈ আহিল। অনিৰ্বাণে দ্বাদশ শ্ৰেণী পাছ কৰাৰ পিছত, মেডিকেলৰ বাচনি পৰীক্ষাৰ বাবে সাজু হ'বলৈ দেউতাকে কাৰা নিৰ্দেশ দিলে। বাচনি পৰীক্ষাত উত্তীৰ্ণ হৈ মেডিকেল পঢ়িবলৈ সি যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে যদিও ইঞ্জিনিয়াৰিঙৰ বাচনি পৰীক্ষাত উত্তীৰ্ণ হৈ যোৰহাট ইঞ্জিনিয়াৰিং কলেজত পঢ়িবলৈ সক্ষম হ'ল। তাতে নাম ভৰ্তি কৰি সি হোষ্টেলত থাকিবলৈ ল'লে। তিনি-চাৰি মাহ ভাল ধৰণে পঢ়া-শুনাত মন দিয়াৰ পাছত এদিন দেউতাকে তাক মাতি আনি তেওঁৰ এটা ডাঙৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিলে। তেওঁ তাক গুজৰাটৰ এখন ব্যক্তিগত মেডিকেল কলেজত MBBS ত নাম লগাবলৈ বাধ্য কৰালে। সেইদিনাৰ পৰাই অনিৰ্বাণৰ মনত এটা বিদ্ৰোহৰ উকমুকনিৰ আৰম্ভ হ'ল। সি হোষ্টেলত থাকি অসুবিধা পাব বুলি দেউতাক বিভূতি ভূষণ বৰুৱাই তাক দুটা ৰূমৰ ফ্লেট এটা বন্দোবস্ত কৰি তাতে থাকিবলৈ সুবিধা কৰি দিলে। মাকে কিন্তু তাক ফ্লেটত থাকিবলৈ দিয়া কথাটোৰ দোৰ্ঘোৰ আপত্তি কৰি দেউতাকক কৈছিল যে সি ফ্লেটত অকলে থকাতকৈ হোষ্টেল বা পি জি এটাত থকাই ভাল হ'ব। কিন্তু মদগৰ্বী দেউতাকে তেওঁৰ কথাত অকণো গুৰুত্ব নিদিয়াত তেওঁ মনৰ ভিতৰতে সকলো সহ্য কৰি থাকিল।
তাক গুজৰাটত থৈ অহাৰ পাছত মাক কল্পনাৰ সকলো সময়তে অনিৰ্বাণৰ চিন্তাত নিজৰ স্বাস্থ্যৰ অৱনতি হ'ব ধৰিলে। মাকৰ মনত আৰু অধিক চিন্তাই বাহ ল'লে তেতিয়া, যেতিয়া অনিৰ্বাণে সি তাত পঢ়া-শুনাত একেবাৰে মন বহুৱাব পৰা নাই বুলি মাকৰ আগত বাৰে বাৰে ফোন কৰি অভিযোগ কৰিবলৈ ধৰিলে। মাকে এই কথা দেউতাকক কৈ লাভ নাই বুলি সেই কথাটো দিল্লীত থকা জীয়েক উপাসনাক জনাইছিল। জীয়েকে নিজৰ সংসাৰৰ দায়িত্ব আৰু চাকৰিৰ ব্যস্ততাৰ বাবে সেই কথাটো বিশেষ গুৰুত্ব সহকাৰে ল'ব নোৱাৰিলে। কেতিয়াবা মাকে দুই তিনিবাৰ ফোন কৰাৰ পাছতো অনিৰ্বাণে ফোন নধৰিলে মাকৰ অন্তৰখন শংকা-বেজাৰত দগ্ধ হয়। কি কৰিব নিজেও এবাৰ গৈ চাই আহিবও নোৱাৰে। ল'ৰাৰ চিন্তাত শুকাই-খিনাই মাকৰ অৱস্থা দিনক দিনে বেয়া হৈ আহিল।
হঠাৎ এদিন তেওঁৰ দেওৰেক ডাক্তৰ বিৰিঞ্চি বৰুৱা গুজৰাটত এখন মেডিকেল কনফাৰেন্স লৈ যাবলৈ ওলাইছে বুলি গম পাই, তেওঁ দেওৰেকৰ ঘৰ ওলালেগৈ। আজি বৌৱেক অকলেই তেওঁৰ ঘৰলৈ অহা দেখি বিৰিঞ্চি আচৰিত হ'ল,"বৌ তুমি আজি অকলেই আমাৰ ঘৰ ওলালাহি যে, কথাটো কি"? দেওৰেকৰ আগত বৌৱেকে অৰ্ণিবানৰ সকলো কথা বিৱৰি ক'লে। তাৰ যে আগৰে পৰাই মেডিকেল পঢ়িবলৈ মন নাছিল, দেউতাকে জোৰ কৰিহে তাক বাধ্য কৰাইছিল সেই কথা দেওৰেকক জনালে। সি গুজৰাটৰ পৰা মাকক ফোনত কোৱা কথাখিনিও অৱগত কৰি, দেওৰেকক যেনে তেনে তাক এবাৰ লগ কৰি আহিবলৈ অনুৰোধ কৰিলে। দেওৰেক বিৰিঞ্চিয়ে বৌৱেকৰ কথা শুনি আচৰিত হ'ল, কিয়নো তাক যে ককায়েকে তাৰ ইচ্ছাৰ বিৰুদ্ধে মেডিকেলত নাম ভৰ্তি কৰাইছে সেই কথা তেওঁ নাজানে। ককায়েকৰ যে মদগৰ্বী স্বভাৱ এটা আছে সেইটো বিৰিঞ্চিয়ে ভালকৈ জানে। বৌৱেকৰ কথাখিনি শুনি বিৰিঞ্চিৰ মনত বৰ দুখ লাগিল কাৰণ চিকিৎসা বিজ্ঞানৰ নিচিনা এটা বিষয়ত অধ্যয়ন কৰিবলৈ হ'লে ছাত্ৰজন মানসিক ভাৱে সম্পূৰ্ণ প্ৰস্তুত হ'ব লাগিব। বিৰিঞ্চিয়ে বৌৱেকৰ পৰা তাৰ ঘৰৰ ঠিকনা লৈ বৌৱেকক তাক যেনে তেনে লগ কৰিম বুলি কথা দিলে। বৌৱেকে ঘুণাক্ষৰেও যাতে ককায়েকে এই কথা গম নাপায় সেই কথাটো দেওৰেকক ক'বলৈ নাপাহৰিলে।
কথামতে বিৰিঞ্চি কনফাৰেন্সৰ শেষৰ দিনা অনিৰ্বাণক খবৰ নিদিয়াকৈ গধূলি সময়ত তাৰ ভাৰাঘৰ ওলালগৈ। বিভিন্ন ধৰণৰ মিঠাই ফলমূল ভতিজাকে ভাল পোৱা সকলো বস্তু লৈ অৰ্ণিবাণৰ ৰূমৰ দুৱাৰত কলিং বেল বজালে । কিন্তু ই কি! অৰ্ণিবাণে কোনোমতে লগৰ বন্ধু এজনৰ হাতত ধৰি দুৱাৰখন খুলি, সন্মুখত খুৰাকক দেখি থত্ মত্ খাই ভিতৰলৈ গৈ দুৱাৰ বন্ধ কৰি তাৰ ৰূমতে সোমাই থাকিল। খুৰাকে তাৰ বন্ধুজনক তেওঁৰ ওচৰতে বহুৱাই লৈ তেওঁৰ পৰিচয় সুধি নিজকো অৰ্ণিবাণৰ খুৰাক বুলি পৰিচয় দিলে। তাৰ পাছত অৰ্ণিবাণৰ কিয় এনে হ'বলৈ পালে তাৰ আদ্যোপান্ত বিৱৰি ক'বলৈ বন্ধু জনক অনুৰোধ কৰিলে। অৰ্ণিবাণৰ বন্ধুজনে বৰ দুখ মনেৰে ক'বলৈ বাধ্য হ'ল যে দেউতাকে তাক ইঞ্জিনিয়াৰিং কলেজৰ পৰা জোৰ কৰি আনি, তাৰ ইচ্ছাৰ বিৰুদ্ধে ইয়াত এড্ মিচন দিয়া কথাটোত সি মনত বৰ কষ্ট পোৱাৰ বাবে, তাৰ এনে অৱস্থা হ'ল বুলি খুৰাকক জনালে। লগতে তেওঁ আৰু লগৰ বন্ধুবিলাকে যে সদায় তাক বুজাবলৈ বহু চেষ্টা কৰিও বিফল হৈছে তাকো জনালে। তাৰ প্ৰায়বোৰ বন্ধুবৰ্গই তাৰ দেউতাকৰ লগত এই বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল নহ'ল।
"আজি সি কলেজ গৈছিল নে নাই? খুৰাকে সুধিলে"।
"গৈছিল খুৰা, কিন্তু সি ক্লাছত সদায় অন্যমনস্ক হৈ থাকে। পঢ়া-শুনাত অকণো মন নিদিয়ে। মই তাক প্ৰথম দিনৰ পৰাই বহুত ভাল পাইছিলোঁ আৰু সেই কাৰণে মই তাক অকলশৰে এৰিবও নোৱাৰা হ'লো। লগত থাকিবলৈও মোৰ বৰ বিপদ হৈছে। কাৰণ অলপ দিনৰ পৰা ৰাতি টোপনি নহাৰ অজুহাতত প্ৰায়ে সি মদ খাবলৈ আৰম্ভ কৰিছে। ইয়াক লৈ মই বৰ বিবুদ্ধিত পৰিছোঁ, খুৰা। আপুনি ইয়াত কিমান দিন থাকিব? আপুনি ইয়াৰ কিবা এটা ব্যৱস্থা কৰি থৈ যাওক, নহলে আপোনাৰ লগতে তাকো ঘৰলৈকে লৈ যাওক।"
খুৰাকে বন্ধু জনৰ কথাবিলাক শুনি বহুত সময় মৌন হৈ থাকিল। কি কৰা যায় এতিয়া? বৌৱেককো এই বিলাক কথা ফোনত ক'ব নোৱাৰি। বিৰিঞ্চিয়ে চিন্তা কৰি পাছদিনাই ককায়েককে অতি সোনকালে গুজৰাটলৈ মাতি পঠালে। ককায়েকে ভাবিলে যে ভায়েক বিৰিঞ্চি নিশ্চয় গুজৰাটত কিবা বিপদত পৰিছে, নহ'লে তেওঁক কিয় ততা-তৈয়াকৈ গুজৰাটলৈ মাতি পঠিয়াব। সেয়েহে ককায়েক পাছদিনাই পুৱাৰ ফ্লাইটতে গুজৰাটলৈ আহিল। অৰ্ণিবাণৰ যে কিবা এটা হৈছে সেই কথা দেউতাকে এবাৰলৈও ভাবিব নোৱাৰিলে।
খুৰাকে অৰ্ণিবাণৰ বন্ধুজনক পাছদিনা অনিৰ্বাণ কোনো কাৰণতে যাতে কলেজলৈ যাব নোৱাৰে, তাৰ বাবে সতৰ্ক কৰি থৈ তেওঁ অৰ্ণিবাণৰ লগত মুখামুখি নোহোৱাকৈয়ে নিশা ন বজাত নিজৰ হোটেললৈ গুছি গ'ল। গোটেই ৰাতি এখন অনাকাংক্ষিত ছবিয়ে খুৰাকৰ টোপনিত বাৰে বাৰে ব্যাঘাত জন্মালে।
পাছদিনা পুৱা ককায়েক ৯ বজাত বিৰিঞ্চিৰ হোটেল পালেহি। ককায়েকে তাৰ কি সমস্যা হৈছে সোধাত, ভায়েকে ককায়েকক বহুত তিৰস্কাৰ কৰি সমস্ত কাহিনী বিবৰি ক'লে। "দাদা, তুমি এজন ডাক্তৰ হৈও তোমাৰ ল'ৰাটোৰ জীৱনটো কিয় ধংস কৰিবলৈ ওলাইছা। তাৰ আজিৰ এই অৱস্থাৰ বাবে তুমিয়েই সম্পূৰ্ণ দায়ী। কোনো দিন তাৰ ইচ্ছা-অনিচ্ছাৰ কথা তুমি নিজেও নাভাবিলা আৰু আমাৰ লগতো কোনো আলোচনা নকৰিলা। সৰুৰে পৰা ইমান প্ৰতিভাসম্পন্ন, সকলোতে পাৰ্গত ল'ৰাটোৰ অৱস্থা আজি নিজ চকুৰে গৈ চোৱাগৈ । ডাক্তৰ হ'লেহে যে এজন ল'ৰা সুসন্তান বা সু-নাগৰিক হ'ব, সেই কথা তুমি কেনেকৈ ভাবিব পাৰিলা! তাৰ ইচ্ছাৰ বিৰুদ্ধে গৈ তুমি এতিয়া কি সুখ পাবা?"
অৰ্ণিবাণৰ বিষয়ে যে কিবা ক'বৰ কাৰণে তেওঁক ভায়েকে গুৱাহাটীৰ পৰা মাতি আনিছে সেই কথা তেওঁ চিন্তাই কৰিব পৰা নাছিল। অৱশেষত ভায়েকৰ মুখত পুতেকৰ অৱস্থাৰ কথা শুনি তেওঁ হতভম্ব হৈ পৰিল। লৰালৰিকৈ পুতেকৰ ওচৰলৈ দুয়ো ধাপলি মেলিলে। অণিৰ্বাণো সেই সময়ত কলেজলৈ যাবলৈ সাজু হৈছিল, কিন্তু তাৰ বন্ধুজনে খুৰাকৰ কথা মতে নানা অজুহাত দেখুৱাই তাক যেনে তেনে কলেজলৈ যোৱাত বাধা দিবলৈ চেষ্টা কৰি থাকোঁতেই খুৰাক আৰু দেউতাক আহি পালেহি। খুৰাকে তাক দেউতাকৰ ওচৰতে বহুৱাই খোলাখুলিকৈ সকলো কথা সুধিলে। সি দেউতাকৰ মুখলৈ নোচোৱাকৈ সকলো কথা ক'লে । লগতে তাৰ বন্ধুজনেও দেউতাকক অনুৰোধ কৰিলে যে "ই বৰ ভাল ল'ৰা, ইয়াক আপোনালোকে অন্ধকাৰ ভৱিষ্যতৰ পৰা মুক্ত কৰক। অনিৰ্বাণক ঘৰলৈ লৈ যাওক। আজি এবছৰে মই তাক শুদ্ধ পথলৈ আনিবলৈ বহুত কষ্ট কৰিছোঁ। আপোনালোকৰ পৰিয়াল তাৰ লগত থাকিলে আৰু তাক সহযোগ কৰিলে সি নিশ্চয় শুদ্ধ পথলৈ ঘূৰি আহিব। সি যি ভাল পায় আৰু যি কৰিবলৈ বিচাৰে তাকে কৰিবলৈ দিয়ক। মই আপোনালোকৰ পৰিয়ালৰ বিষয়ত মাত মতাৰ বাবে মোক ক্ষমা কৰিব। কাৰণ মই তাক বহুত ভাল পাওঁ কাৰণেই এই খিনি কথা ক'লো"।
এই নভবা নিচিন্তা কথা বিলাক শুনি দেউতাকৰ মুখৰ মাত হৰিল। তাৰ মুখলৈ চাবলৈও সাহ নকৰিলে। কিছু সময়ৰ পিছত লাজে-বেজাৰে বাহিৰলৈ ওলাই আহি ভায়েকৰ লগত আলোচনা কৰি তাক ঘৰলৈ ঘূৰাই নিয়াৰ সিদ্ধান্ত ল'লে। দেউতাকে তাক বুজাই বঢ়াই ঘৰলৈ নিয়াৰ দায়িত্ব ভায়েকৰ ওপৰত অৰ্পণ কৰিলে। খুৰাকেও সকলো কথা চালি-জাৰি চাই অৰ্ণিবাণৰ লগত আলোচনা কৰাত সি ঘৰলৈ যোৱাৰ সিদ্ধান্তত সন্মত হ'ল।
অৰ্ণিবাণে ইমান সময় দেউতাকৰ চকুলৈকে চাব পৰা নাছিল। হঠাৎ সি দেউতাকক গবা মাৰি ধৰি "মোৰ বহুত ভুল হ'ল দেউতা মোক ক্ষমা কৰি দিয়া বুলি সজোৰে কন্দা দেখি দেউতাকেও তাক মৰমেৰে সাৱটি ধৰি ক'লে "হ'ব দে তোৰ নিজকে সলনি কৰিবলৈ বহুত সময় আছে। এতিয়াৰ পৰা মই তোক পঢ়া-শুনাৰ ক্ষেত্ৰত কোনো হেঁচা নিদিওঁ। এতিয়াও একো দেৰি হোৱা নাই। আজিৰ পৰা তই নিজকে সলনি কৰি তোৰ জীৱনটো যি বিচৰা ধৰণে আগুৱাই নিয়াৰ বাবে চেষ্টা কৰিবি।"
কম সময়ৰ ভিতৰতে তাৰ সকলো ফাইল, চাৰ্টিফিকেট আদি সংগ্ৰহ কৰা কলেজৰ সকলো কাম সম্পূৰ্ণ কৰি তিনিও একেলগে গুৱাহাটী পালেগৈ। দেউতাকে অনিৰ্বাণৰ বন্ধুজনকো তেওঁৰ নিস্বাৰ্থ সহায়ৰ বাবে ধন্যবাদেৰে উপচাই পেলালে।
খুৰাকে পোনে পোনে ককায়েকৰ ঘৰলৈকে গৈ বৌৱেকক সকলো কথা জনালে, আৰু ক'লে "বৌ, তুমি যদি মই গুজৰাটলৈ যোৱাৰ আগতে মোক অৰ্ণিবাণৰ মনৰ কথাখিনি খুলি নক'লাহেতেন, তেতিয়া কিছু দিনৰ পাছত হয়তো আমি অনিৰ্বাণক হেৰুৱাব লগা হ'লহেতেন। দাদা তুমি এইটো মাৰাত্মক ভুল কৰিছা, তুমি যদি আগতেই বৌৰ কথা অলপ হ'লেও শুনিলাহেঁতেন, তেতিয়া আজিৰ এইদিন দেখিব লগা পৰিস্থিতি নহ'লহেঁতেন। কিয়নো মাকে সন্তানৰ মুখ দেখিলেই সকলো কথা গম পায় বুলি এনেই নকয়। বৌৰ পঢ়া-শুনা কম বুলি তেওঁৰ সকলো কথা উলাই নকৰিবা। সময় আৰু অভিজ্ঞতাই মানুহক বহুত শিকায় আৰু পৰিপক্বতা আনে। এতিয়া তোমালোকে তাক সঠিক পথলৈ ঘূৰাই আনা।" মই আহোঁ বুলি বিৰিঞ্চি ঘৰলৈ বুলি ৰাওনা হ'ল।
সময় সদায় পৰিবৰ্তনশীল। সময়ে কালৈকো ৰৈ নাথাকে। ঘৰলৈ আহি অনিৰ্বাণে আগৰ দৰে হ'বলৈ চেষ্টা কৰিলে। সি তাৰ নিজৰ সপোনৰ কেৰিয়াৰ নিজে গঢ়ি তুলিবলৈ কঠোৰ পৰিশ্ৰম আৰম্ভ কৰিলে। অৱশেষত সি এজন উপযুক্ত সাংবাদিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল আৰু বিপদ কালৰ বন্ধুজনৰ আজীৱন বন্ধু হৈ ৰ'ল।
ইয়াৰ পৰাই ডাক্তৰ বিভূতি ভূষণ বৰুৱাই দেৰিকৈ হ’লেও উপলব্ধি কৰিলে যে সন্তানৰ জীৱিকা বা কৰ্মজীৱন সম্পৰ্কীয় সিদ্ধান্ত কেতিয়াও জোৰ কৰি জাপি দিব নালাগে; নিজৰ সপোন আৰু সামৰ্থ্য অনুসৰি জীৱনৰ পথ বাছি লোৱাৰ অধিকাৰ সন্তানৰো আছে।
*******



Comments