top of page
Search


সূৰুযমুখী
মন্দিতা শৰ্মা, গুৱাহাটী দুবছৰীয়া সপোনে আজি পোহৰৰ গান গায়, শিশুৰ হাঁহি, চেমনীয়াৰ প্ৰাণত নতুন আশা সিঁচি যায়। হেঁপাহৰ পৃষ্ঠাত ৰামধেনু আঁকি, থুপুক-থাপাক অকণি খোজ। জ্ঞানৰ জ্যোতিৰে বাট পোহৰাই, কল্পনাৰ সুৰত আশাৰ চিফুং। সূৰুযমুখী, তুমি প্ৰহৰী আলোকমুখী হৈ; শিশুৰ সপোন ফুলাবলৈ তুমিয়েই অনন্ত জ্যোতি হৈ। জ্ঞানৰ বাটত হাত ধৰি আশাৰ দীপ জ্বলোৱা, প্ৰতিটো কোমল হৃদয়ত নতুন পুৱাৰ গীত শিকোৱা। সূৰুযমুখী— আমাৰ মৰমৰ ঘৰ, আশা-সপোনে গঁথা জোনাকী কাৰেং পোহৰসন্ধানী। জন্মলগ্নৰ এই দ্বিতীয় ব

মন্দিতা শৰ্মা, গুৱাহাটী
Jul 141 min read


যোগ - জীৱনৰ পদ্য
শাশ্বতী শৰ্মা, যোগ প্ৰশিক্ষক, ঢেকিয়াল, গোলাঘাট ৰাতিপুৱাতে শুই উঠি পাৰি ল'বা ঢাৰি-পাটী, কৰিম বুলি যোগ ব্যায়াম নাহে যাতে ৰোগ-ব্যাধি। সূৰ্য-নমস্কাৰ সদায় কৰিবা দেহ-মন থাকে ভালে, শৰীৰৰ জঠৰতা ভাঙি ল’লেহে আসনত মন বহে। পদ্মাসন, সুখাসন আছে আৰু বহু ধ্যানাসন, বৃক্ষাসনে মনোযোগ বঢ়াই স্থিৰ কৰে মন। বজ্ৰাসনত বহি তুমি কিছুসময় থাকা, আহাৰ গ্ৰহণৰ পাছতো এই আসন কৰিব পাৰা। আসনৰ লগে লগে প্ৰাণায়মো আছে ভস্ত্ৰিকা, ভ্ৰামৰীয়ে মন শান্ত কৰে, অনুলোম-বিলোম প্ৰাণায়মৰ ৰজা কৰিলে পাবা বৰ মজা। এলাহ আঁ

শাশ্বতী শৰ্মা, যোগ প্ৰশিক্ষক,ঢেকিয়াল,গোলাঘাট
Jul 141 min read


বিষ্ণুৰাভাক আকৌ লাগে
বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু দিবস (২০ জুন ১৯৬৯) উপলক্ষে বিজিত কুমাৰ ভাগৱতী, যোৰহাট শ্ৰদ্ধাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এটা নাম নহয়, এটা যুগ ! এজন মানুহ নহয়, এটা আন্দোলন ! এজন শিল্পী নহয়, এটা জাগৰিত শংখধ্বনি। আজিও অসমৰ আকাশত, আজিও অসমৰ মাটিত, আজিও অসমৰ মানুহৰ বুকুত ৰৈ ৰৈ স্পন্দিত হয় "বিষ্ণু ৰাভা, তুমি এতিয়া ক'ত ? " সেউজৰ সৰু বৰ আলিয়েদি সংস্কৃতিৰ মেটমৰা ভঁৰালত তোমাৰ সফল জীৱন অন্বেষণ, হে অগ্নিবীৰ, তোমালৈ সহস্ৰ প্ৰণাম। চাওলুং চুকাফাৰ

বিজিত কুমাৰ ভাগৱতী, যোৰহাট
Jul 142 min read


সকলো শিশুলৈ, মৰমেৰে…..
নীলিমা বৰপূজাৰী, যোৰহাট কণমানি শিশু তুমি তুমি যে গোলাপ কলি সময়ৰ গতিত মিলাই খোজ যোৱা তুমি আগুৱাই…। নতুন যুগৰ নতুন প্ৰজন্ম প্ৰাণত নতুন আশা, বিজ্ঞানে দিয়া জ্ঞান গৰিমা আদৰি তুমি লোৱা। তোমাৰ মুখৰ মধুৰ হাঁহিত উজ্জ্বলি উঠে ধৰা, কৰ্ম, সততা আৰু পবিত্ৰতা মুখত মধুৰ ভাষা। প্ৰেম প্ৰীতিৰে যোৱা আগুৱাই তোমাৰ খোজত ফুলক শতদল, বাহুত তোমাৰ অসীম বল বিশ্বত হোৱা নক্ষত্ৰ উজ্জ্বল। নিজৰ বলেৰে যোৱা আগুৱাই পৰত নকৰি আশ, নতুন যুগৰ নতুন শিশুলৈ যাচোঁ মৰম আশীৰ্বাদ । 🌹🌹🌹🌹🌹🌹

নীলিমা বৰপূজাৰী, যোৰহাট
Jul 131 min read


বেদুইন
কৃষ্ণ কান্ত চাহু, অধ্যক্ষ নকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ লখিমপুৰ আনে জনা কথাবোৰ মই নাজানোঁ মই জনা কথাবোৰ আনে নাজানে আনে কোৱা কথাবোৰ মই নকওঁ আনে নোকোৱা কথাবোৰ মই কওঁ আচলতে কি জানা - আমি নাগৰিক হৈ বহুত কথা নাজানোঁ তুমি জনা নতুবা মই জনা বুলি কোনো কথা নাই মই বুজা কথাবোৰ তুমি বুজিব নিবিচাৰা তোমাৰ বাধ্যবাধকতা মই নুবুজোঁ তুমি দেশৰ নাগৰিক নে - তোমাৰ কি প্ৰমাণ আছে ? কৰ্ণিয়াৰ প্ৰতিবিম্ব অথবা আংগিক জীৱমিতিৰ এখন প্ৰমাণপত্ৰত নাই মৌলিক জন পৰিচয় ম

কৃষ্ণ কান্ত চাহু, অধ্যক্ষ,নকাৰী উঃমাঃ বিদ্যালয়,উঃলখিমপুৰ
Jul 131 min read


অঙ্ক বৰ জঙ্ক-পঙ্ক
যোগানন্দ মহন্ত, গুৱাহাটী সৰুতে ভাবি আছিলোঁ ডাঙৰ হোৱাই ভাল, পুৱা-গধূলি আজৰি পঢ়াৰো নাথাকে পাল। পঢ়াশুনা বৰ লেঠা নেওতা থাকে এগাল, পূৰণ হ'লে মুখস্থ বিয়োগে ছিঙে এৰাল! যোগ অঙ্ক লাগে টান উকলিলে এক দুই, বিয়োগতো কৰি ধাৰ খং উঠে চাই চুই। হৰণো সঁচা মৰণ নেওতা লাগে দুখন, ভাজ্যলৈ চাই ভাজকে মাতে নেওতা পূৰণ। সৰলো কোদো বৰল দেখিলেই যায় বিন্ধি, বন্ধনীও বিধে বিধে ভুলেও দিয়েহি সিন্ধি। ডৰা-ডৰে লিখা অঙ্ক নামটো তাৰ ঐকিক, ইও বৰ জঙ্ক-পঙ্ক নহয় কম মৌখিক। এটা অঙ্ক ভয়ংকৰ নাম দিছিলোঁ 'স

যোগানন্দ মহন্ত, গুৱাহাটী
Jul 131 min read


শাওনৰ ছবি
হিৰণ ভূঞা, মুম্বাই শাওণৰ পথাৰ চফল হয় জিৰ জিৰ বৰষুণৰ মিঠা পৰশত। হালোৱা ককাই আৰু ৰোৱনী বাইৰ সপোনে পোখা মেলে বোকা পানীৰে থপথপীয়া পথাৰত। হেঁপাহৰ সপোন মিলি যায় জোকে খোৱা উদং ভৰিৰ তেজৰ চেকুৰাত। হাঁহিভৰা এমুখ, হাঁচতিৰ তামোল আৰু পথাৰৰ বোকা কি যে মাটিৰ মায়া ! ঘৰৰ পৰা নিয়া টেকেলি পিঠা আৰু লাল চাহ ভিজা মাটিৰ গোন্ধত অনাবিল শিহৰণৰ উপলব্ধি। বোকাৰে লুতুৰি-পুতুৰি ভৰি বৰষুণত সিক্ত শৰীৰ ক'তো নাই ভাগৰৰ স্থিতি। শাওণৰ পথাৰে কঢ়িয়াই খেতিয়কৰ সেউজীয়া সপোন। 🌴☘️🌿🍀☘️🌿🍀🌴

হিৰণ ভূঞা, মুম্বাই
Jul 131 min read


আমাৰ লাড্ডু
গৰিমা দাস, দক্ষিণপাট, নগাঁও আমাৰ এটা মেকুৰী আছে নাম তাৰ লাড্ডু এই তাত, এই ইয়াত থিতাতে দৌৰে যেন সি এটা যাদু। অকণমানি হৈ থাকোঁতেই তাৰ মাক নোহোৱা হ'ল, মা আৰু মই কৰিলোঁ ডাঙৰ এনেকৈয়ে সময় গ'ল। আদৰ যতন অলেখ কৰি ডাঙৰ কৰিলোঁ তাক, ঘৰৰ অতি আদৰৰ সি বৰ ভাল পাই মাক। মাছ, মুৰি, মেৰিগল্ড বিস্কুট আৰু মাংস খায়, চকলেট খোলা গম পালেই দৌৰি কাষলৈ যায়। আমাৰ ঘৰত এতিয়া ৰাজত্ব চলে তাৰ, দৌৰি ফুৰে যেনি মন যায় সুখ দিয়ে মনত অপাৰ। তোমালোকৰ ঘৰতো বাৰু মেকুৰী আছে নেকি ? কি নাম দিছা জনাবা দেই খায় ভ

গৰিমা দাস, দক্ষিণপাট, নগাঁও
Jul 131 min read


গৰমৰ বন্ধ
নিৰু দত্ত, নিশান্ত নিবাস ১নং পদুমনি, সৰুপথাৰ আহাৰ মাহত গছ ভৰি আম কঠাল জাম গৰম বন্ধ পালো আমি পেট ভৰাই খাম। দীঘলীয়া দিনটোত কামৰ নাই ধৰাবন্ধা বহু দিন লগা নাই ভাইটিৰে খকাখুণ্ডা। বৰ্তাৰ পুথিভঁৰালত কিতাপ অগণন দুপৰীয়া তাতে কৰিম জ্ঞানৰো সন্ধান। লং ড্ৰাইভত খুৰাৰ লগত পামগৈ নামচাই সোণালী পেগোডাত সেৱা জনাই আনিম বনচাই। চিপচিপিয়া বৰষুণত ছাগলি খেদি আনিম দপদপিয়া বৰষুণত জাপি পিন্ধি তিতিম। সেউজীয়া কোমল কঠিয়া হালি জালি নাচে জ

নিৰু দত্ত, সৰুপথাৰ উ:মা: বিদ্যালয়,ৰসায়ন বিজ্ঞান বিভাগ
Jul 131 min read


মাছৰ চিকুণ মোৱা
প্ৰণবেন্দ্ৰ শৰ্মা, চান হ'জে, কালিফৰ্নিয়া কালি পুৱতি নিশা ঈশ্বৰ আহিছিল খং উঠিল মোৰ নাজানা নেকি তুমি টোপনিৰ চিকুণ পুৱা বিষাদ মনেৰে ক'লে তেওঁ পাৱ জানো খাবলৈ মোৱা মাছ এতিয়া আছে যদি দিবিচোন খাবলৈ মোকো এপোৱা। খং গৈ পালেগৈ টিকনিৰ আগ ধেমালি কৰিবলৈ আৰু নাপালে সময় বোলো হেৰা তুমিয়েই হেনো সকলোৰে সৃষ্টিকৰ্তা নিজৰ কাৰণে নকৰা কিয় সৃষ্টি মোৱা মাছ এপোৱা এই বৰেৰ পুৱাই সকলো দোকান বন্ধ মোৱা মাছ এতিয়া পাম বাৰু ক'ত কোৱা মোক কোৱা। আচৰিত হ'ল তেওঁ দোকান? মাছ থাকিবলৈ কৰিছিলোঁ সৃষ্টি নদ-নদী

প্ৰণবেন্দ্ৰ শৰ্মা, কালিফোৰ্নিয়া
Jul 133 min read


নতুন দিনৰ সংকল্প….
সদানন্দ গগৈ, মুম্বাই লুইতৰ পাৰত কঁপে কপৌ ফুলৰ কলি, ব’হাগৰ চোতালত উদুলি-মুদুলি বিহুৰে বতৰত আজি সলনি হ'ব খুজিছে তোমাৰ পৃথিৱী অসমৰ প্ৰিয় নৱ প্ৰজন্ম দিয়া তুমি সঁহাৰি, তোমাৰ হাতেৰেই গঢ়িব লাগিব অসমী আইৰ নতুন ডায়েৰী। পৃথিৱী সলনি হৈছে বিজুলীৰ বেগত, নিজক গঢ়া তুমি নতুন আবেগৰ তৰংগত। কেৱল কিতাপৰ পাঠ নহয়, অংগ সঞ্চালন কৰিবা, সু-স্বাস্থ্যৰ অভ্যাসেৰে নিজক শক্তিশালী কৰি তুলিবা। প্ৰযুক্তিৰ কোবাল সোঁতত হেৰাই নাযাবা তুমি, সাৱটি ধৰা এই পবিত্ৰ চেনেহী জন্মভূমি। সকলো গুণত পাৰ্গত হোৱা, ধৰা নত

সদানন্দ গগৈ, মুম্বাই
Apr 121 min read


বিহুৰ লিমাৰিক
যোগানন্দ মহন্ত, গুৱাহাটী (০০১) 'অতিকৈয়ে চেনেহৰ মুগাৰে মহুৰা' তাকে গাই মইনাও হয়গৈ কহুৰা বিহু গায় কাহি কাহি নাচে পাচে হাঁহি হাঁহি পোন্ধ খুলি সৰি পৰে মইনা বপুৰা! (০০২) বিহু বুলি খোৱা হয় ঢেৰ পিঠা-পনা চিৰা নাখালে বেয়া লাগে দৈ ক্ৰীম সনা পেটে দিয়ে নিজে মাত নহয় বুলি দ গাঁত ফোঁচ কৰি মনে তেও মেলি থাকে ফনা। (০০৩) খাবলৈ বৰ ভাল নাৰিকলৰ লাৰু মন যেন শুই যায় পাই এটা গাৰু খোৱাৰ নাই হিচাপ পেটৰো শুনো বিলাপ খাই খাই কৈ থাকোঁ নাখাওঁ বুলি আৰু। (০০৪) বিহুতেই আহিছিল ফুৰিবলৈ ককা দাঢ়ি-চুলি পূৰ

যোগানন্দ মহন্ত, গুৱাহাটী
Apr 121 min read


আত্মপ্ৰত্যয়ৰ জয়যাত্ৰা
অঞ্জু জয়ছোৱাল, কান্দিভেলী, মুম্বাই আহা বন্ধুসকল… সৰু সৰু সুখবোৰ গোটাই লৈ জটিলতাবোৰ একোণত থৈ মনৰ বাগিচাখন সজাই লওঁ। জীৱন চলিব নিজৰ গতিত শান্তিৰ কিছু পল আমি ধাৰলৈ লওঁ। ৰাতিয়েতো অন্ধকাৰেই সিঁচি দিয়ে…. তৰাবোৰৰ পৰা অলপ পোহৰ নমাই লৈ কি হৈ আছে, কি হ’ব… প্ৰতিটো পৰিস্থিতিক যিদৰে আছে তেনেদৰেই গ্ৰহণ কৰি আহা বন্ধুসকল, সৰু সৰু সুখবোৰ গোটাই লওঁ….। ঝৰ্ণাৰ দৰে প্ৰবাহিত হৈ পিচলি পৰিলেও পুনৰ ঠিয় হোৱাৰ আকাংক্ষা লৈ আত্মপ্ৰত্যয়ৰ ভাৱনাৰে জীৱনক নতুন পৰিচয় দিবলৈ আহা বন্ধুসকল, সৰু সৰু সুখবোৰ

অঞ্জু জয়ছোৱাল, কান্দিভেলী, মুম্বাই
Apr 121 min read


তুমি আছানোঁ ক’ত….
কৰবী আচাৰ্য্য, মুম্বাই নিঃশব্দে আহি আমনি কৰা মোক তুমি আছা ক’ত? নিদ্ৰা আইয়ে আহি জপাই দিয়ে মোৰ নয়ন দুপাহি, তুমি জগোৱা হেচুকি আহাঁ মোৰ দুহাত সাৱটি ৷ তুমিতো সংগীতৰ পূজাৰী আজি কিয় নাই তোমাৰ সংগীতৰ মূৰ্চ্ছনা তোমাৰতো আছিল নয়ন ভৰি স্বপ্ন কিয় গুচি গ'লা ! স্বপ্নভগ্ন কৰি জীৱনৰ পুৱতি বেলাতে! তুমি কোৱা হাতত তোমাৰ সময় কম কেনি যোৱা, ক’ত আছানো তুমি? আমনি কৰে মোক তোমাৰ হাঁহি আৰু কান্দোনে, সদায় আহিছিলা নানা অভিযোগ, অভিমান লৈ—— যাবৰ সময়ত কিয় গুচি গ'লা বিনা অভিযোগেৰে সকলোকে কন্দুৱাই? তোমাৰ শ

কৰবী আচাৰ্য্য, মুম্বাই
Apr 121 min read


সম্পৰ্ক
(হেৰুৱা সম্পৰ্ক উভতাই পোৱা প্ৰতিজনৰ হাতত) তন্ময় কলিতা, সাতগাঁও, গুৱাহাটী সুদীৰ্ঘ বসন্তৰ অপেক্ষা সামৰি সংগোপনে ঘৰ সাজিছে দুটি উৰণীয়া পখীয়ে। ইপিনে সমুখত প্ৰাপ্তিৰ হাজাৰ আনন্দ সিপিনে দুচকুত হেৰুৱা সময়ৰ এসোঁতা চকুপানী। ল'ৰালিৰ ৰ'দঘাই সময়তে আয়ে সপোন ৰচিছিল নিজ ভনীক লৈ, আপোন ভনীক ওৰে জীৱন আলফুলে সামৰি ৰাখিম। এৰা, কথাবোৰ কথা হৈ নাথাকিল জীৱনৰ সেন্দুৰীয়া বাট পাহৰি ক্ষণিকতে দুৰ্দিনে লগ দিছিল সকলো জানিও আজি আকৌ আইৰ হেনো সুধিবলৈ মন গৈছে, তই কোন বাটেৰে নীৰৱে গুচি গৈছিলি ভনী? তোৰ

তন্ময় কলিতা, গুৱাহাটী
Jan 91 min read


গধূলি
জুবিলী গগৈ, দুলীয়াজান, অসম ঋতুৰ পোচাক পিন্ধি গধূলিবোৰ আহে মোৰ চোতাল গচকি ছাইসনা গধূলিবোৰ বিষাদ-গধূৰ এপতীয়া ঢেকীয়াৰ নাওমান পোহৰ যেতিয়া নামে বিষাদ-বৰষুণ বেংবোৰো নোহোৱা হয় পদূলিৰ শিমলুজোপাত ৰৈ ৰৈ বিনাই থাকে অচিন পক্ষী তুমি ভাবিছা নেকি গধূলিবোৰ উজলি থাকে জোনৰ দাপোণত হেমন্তৰ আকাশত জোনেও নামানে নিয়ম... ************

জুবিলী গগৈ, দুলীয়াজান, অসম
Jan 91 min read


তোমাৰ জন্মদিনত বেলিৰ দুহাত ....
মৃগাংক বৰুৱা, গোলাঘাট (১) কালিলৈ তোমাৰ জন্মদিন জন্মদিন নামৰ আৰু এটা ষ্টেচন পাৰ হৈ যাব তোমাৰ জীৱন নামৰ ৰেলখন যিটো ষ্টেচনলৈ উভতি নহাৰ গতিৰে যোৱা ৰাতিৰ সপোনত দেখিলোঁ সেই ষ্টেচনটোতে ৰৈ থাকি তোমাক দিবলৈ নমাই আনিলোঁ জোন, তৰাৰে ভৰা আকাশ এখন তুমি ক’লা– এনেকৈ আকাশখন নমাই নানিলেও হ'ব যদি স্নেহৰ জীৱন্ত ঘৰ এখন উপহাৰ দিয়া যাক বুকুত সাৱটি অন্ততঃ তুমি নমাই আনিব খোজা আকাশখন একেলগে চাব পাৰোঁ নিদ্ৰাবিহীন ৰাতিবোৰ একাষৰীয়া কৰি তুমি পুনৰ ক'লা– ময়ো এখন আকাশ দিব খোজো সংগোপনে তুমি জোনাক হৈ

মৃগাংক বৰুৱা, গোলাঘাট
Jan 91 min read


জুবিন জুবিন ….
বিজিত কুমাৰ ভাগৱতী, লখিমী নগৰ ১ নং পথ, যোৰহাট এটা যুগৰ অন্ত হ'ল এটা বিপ্লৱ শেষ হৈ গ'ল এটা পণ অপূৰ্ণ হৈ ৰল অসমীয়াৰ স্বাভিমানৰ জনক হেৰাই গল। পাহাৰৰ দাঁতিয়েদি বৈ যোৱা নদীখনৰ পাৰত বহু সুৰ আছিল সিচঁৰিত হৈ থকা ফুলেৰে মালা গঁথা শেষ মালাকাৰ জনৰ মহা প্ৰস্থানত জনতাৰ মুখৰ মাতেই হেৰাই গল। এতিয়া তাত ৰ'দ নপৰে বতৰটোও কিবা গোমাই থাকে শিয়ালবোৰ ঘূৰি ফুৰে তন্দ্ৰাচ্ছন্ন পৃথিৱীত চিকাৰীৰ চকু । মুকুতি আজি দিশহাৰা হ'ল। অন্ধ আকাশৰ তলত বতাহ স্তব্ধ হৈ ৰ’ল । @@@@@@@@@

বিজিত কুমাৰ ভাগৱতী, যোৰহাট
Jan 91 min read


মহিষমৰ্দিনী আই কাত্যায়নী
নিৰু দত্ত, নিশান্ত নিবাস, সৰুপথাৰ, গোলাঘাট পালেহি আহিনমাহ অময়া শৰতকাল ষষ্ঠীত দিওঁ বেদীত স্থান, অচলা ভক্তিৰে পূজি সপ্তমী অষ্টমী তিথি দশমীত কৰোঁ বিসৰ্জন । যুগে যুগে ধৰণীতে তোমাক পূজোঁ ভকতে ৰাম কৃষ্ণ তোমাৰ সেৱক, আমি সৰল মনিচ নহও নকল নবীশ আই তুমি বিপদ বাৰক । শৰতত বসন্তত ধৰালৈ নামিবা দেই বৰণীয়া ফুলেৰে পূজিম, নীলাকৈ অপৰাজিতা পদুম ধতুৰা জবা যতনেৰে মৰ

নিৰু দত্ত, নিশান্ত নিবাস, সৰুপথাৰ
Oct 13, 20251 min read


শিক্ষাই জীৱন
নীল নয়ন শৰ্মা, ষষ্ঠ শ্ৰেণী, নৰ্থ ইষ্ট পাব্লিক স্কুল, কাহিলিপাৰা, গুৱাহাটী লিখা-পঢ়া কৰা ভাই শিক্ষাৰ বিনে গতি নাই, সুশিক্ষা গ্ৰহণ কৰা জ্ঞানী হৈ জীৱন ধৰা। বিদ্যাৰ মন্দিৰত সদায় গৈ শিক্ষাৰ বন্তি জ্বলাই লৈ, পাঠদান গ্ৰহণ কৰা অজ্ঞানতা দূৰ কৰা। গুৰুৰ উপদেশ মানি চলা জীৱনৰ পথ সুগম কৰা, কি হ'ব পাৰে শিক্ষাৰ দৰে শিক্ষাই আমাৰ জীৱন গঢ়ে। **************

নীল নয়ন শৰ্মা,নৰ্থ ইষ্ট পাব্লিক স্কুল,গুৱাহাটী
Oct 13, 20251 min read
bottom of page