top of page
  • Black Facebook Icon
  • Black Instagram Icon

সূৰুযমুখী

Writer: মন্দিতা শৰ্মা, গুৱাহাটী
মন্দিতা শৰ্মা, গুৱাহাটী
Jul 14
1 min read













মন্দিতা শৰ্মা, গুৱাহাটী

 

দুবছৰীয়া সপোনে আজি

পোহৰৰ গান গায়,

শিশুৰ হাঁহি, চেমনীয়াৰ প্ৰাণত

নতুন আশা সিঁচি যায়।

 

হেঁপাহৰ পৃষ্ঠাত ৰামধেনু আঁকি,

থুপুক-থাপাক অকণি খোজ।

জ্ঞানৰ জ্যোতিৰে বাট পোহৰাই,

কল্পনাৰ সুৰত আশাৰ চিফুং।

 

সূৰুযমুখী,

তুমি প্ৰহৰী আলোকমুখী হৈ;

শিশুৰ সপোন ফুলাবলৈ

তুমিয়েই অনন্ত জ্যোতি হৈ।

 

জ্ঞানৰ বাটত হাত ধৰি 

আশাৰ দীপ জ্বলোৱা,

প্ৰতিটো কোমল হৃদয়ত 

নতুন পুৱাৰ গীত শিকোৱা।

 

সূৰুযমুখী—

আমাৰ মৰমৰ ঘৰ,

আশা-সপোনে গঁথা জোনাকী কাৰেং

পোহৰসন্ধানী।

 

জন্মলগ্নৰ এই দ্বিতীয় বৰ্ষপূৰ্তিত

এটাই আমাৰ গান—

জ্ঞান, সৃষ্টি, প্ৰেমৰ বীজেৰে

উজলি উঠক মাতৃভূমিৰ প্ৰাণ।


🌻🌻🌻🌻🌻🌻


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page