top of page
Search


যুব প্ৰজন্মৰ দায়িত্ব - দীপামণি
দীপামণি কোচ ভৰালী বৰপথাৰ, গোলাঘাট অদম্য জীৱনীশক্তি আৰু প্ৰত্যাশাৰে পৰিপূৰ্ণ যুৱ প্ৰজন্ম একোটা জাতিৰ দীপ্তৰঞ্জন ভৱিষ্যতৰ প্ৰতিভূ। স্বাভাৱিকতেই যুৱ প্ৰজন্ম সমাজৰ এক নিৰ্ণায়ক অংশ। তেনে এক গুৰুত্বপূৰ্ণ অংশৰ কান্ধতে থাকে সামাজিক দায়বদ্ধতাৰ ভাৰখন। সাম্প্ৰতিক সময়খিনিত বিভিন্ন ক্ষেত্ৰৰ অস্থিৰতাই পৃথিৱীখনক অসমতুল কৰি তুলিছে। তাৰ মাজৰেই শিশুবোৰৰ জন্ম হৈছে আৰু ডাঙৰো হৈ আহিছে। ডাঙৰ হৈ তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। অথবা এইবোৰৰ মাজতেই জীৱনক আগুৱাই নিবলগীয়াও হৈছে। এইবোৰক

দীপামণি কোচ ভৰালী, বৰপথাৰ, গোলাঘাট
Apr 122 min read


সামাজিক দায়বদ্ধতা আৰু যুৱ প্ৰজন্ম
বিজিত কুমাৰ ভাগৱতী, লখিমী নগৰ, যোৰহাট সমাজ হৈছে মানুহৰ এক শৃঙ্খলাবদ্ধ গঠন। ব্যক্তিৰ সমষ্টিয়েই হ'ল সমাজ। সেয়েহে প্ৰতিজন ব্যক্তিৰেই নিজৰ সমাজখনৰ প্ৰতি কিছুমান কৰ্তব্য আৰু দায়িত্ব থাকে। একেলগে থাকি বাস কৰাৰ বাবে সমাজখনত শান্তি শৃঙ্খলা, সহানুভূতি আৰু আৰু উন্নতিৰ ধাৰা বজাই ৰাখিবলৈ সকলোৰে কিছুমান অৱধাৰিত দায়িত্ব থাকে। এই দায়িত্ব সমূহকেই সামাজিক দায়বদ্ধতা বুলি ক’ব পাৰি। সমাজৰ এক গুৰুত্বপূৰ্ণ শক্তিশালী অংশ হ'ল যুৱপ্ৰজন্ম। যুৱক-যুৱতী সকলৰ মাজত শক্তি, উদ্যম আৰু নব্য চিন্তাধাৰ

বিজিত কুমাৰ ভাগৱতী, যোৰহাট
Apr 122 min read


মনৰ কথা
শাশ্বতী শৰ্মা, যোগ প্ৰশিক্ষক, মলিয়াগাঁও, ঢেকিয়াল, গোলাঘাট মৰমৰ অকণিহঁত, স্বাস্থ্যৰ কথা তোমালোক সকলোৱে নিশ্চয় জানা? স্বাস্থ্য ভালে ৰখাটো আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য। স্বাস্থ্য বুলিলে আমি কেৱল শাৰীৰিক স্বাস্থ্যকে বুজোঁ নহয়নে? ধৰা আমাৰ মগজু, চকু, কাণ, নাক, জিভা, হাত, ভৰি, পেট আদি। কিন্তু,আমাৰ যে আৰু এটা মূল স্বাস্থ্য আছে সেই বিষয়ে কেতিয়াবা শুনিছানে? ৰ'বা, ৰ'বা… তোমালোকেনো ক'ৰ পৰা শুনিবা! আচলতে এই স্বাস্থ্যৰ কথা আমি ডাঙৰসকলেই বৰ কমকৈ জানোঁ। তথাপি আজি হ'লে তোমালোকক মই তোমালোকে

শাশ্বতী শৰ্মা, যোগ প্ৰশিক্ষক,ঢেকিয়াল,গোলাঘাট
Apr 122 min read


বিহুনামত অসমীয়াৰ সমাজ জীৱন
ছৈয়দা আঞ্জুম আৰা হুছেইন, গুৱাহাটী সংস্কৃতি এটা জাতিৰ মূল পৰিচয়ৰ মাপকাঠি ৷ ঐতিহ্যমণ্ডিত সংস্কৃতি সম্পন্ন এটা জাতি বিশ্বদৰবাৰত বহুলভাৱে সমাদৃত ৷ সংস্কৃতিৰ বিভিন্ন উপাদানৰ ভিতৰত জাতীয় উৎসৱে এক শক্তিশালী ভূমিকা বহন কৰে ৷ আমাৰ অসমীয়াৰ জাতীয় উৎসৱ বিহু আজিৰ সময়ত সমগ্ৰ বিশ্বতে সমাদৃত বুলি ক’লেও নিশ্চয় বঢ়াই কোৱা নহ’ব ৷ অসমীয়াৰ জাতীয় উৎসৱ বিহুৰ মাজত নিহিত হৈ আছে আমাৰ জাত্যাভিমান আৰু স্বকীয় পৰিচয় ৷ প্ৰকৃতিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই বিহু প্ৰকৃততে কৃষিকেন্দ্ৰিক উৎসৱ ৷ অসমত বিহুৰ উৎপত

ছৈয়দা আঞ্জুম আৰা হুছেইন, গুৱাহাটী
Apr 125 min read


নমী জেঠাইৰ চিঠি
মৰমৰ মইনাহঁত, এইয়া মই নমী জেঠাইয়ে মুম্বাইৰ পৰা ‘সূৰুযমুখী’ আলোচনীখনৰ জৰিয়তে তোমালোকৰ লগত চিনাকি হ'বলৈ আৰু মুম্বাই মহানগৰীত দেখা আৰু নতুন যেন লগা কিছু কথা তোমালোকক জনাবলৈ বুলি আগবাঢ়িছোঁ…… । মই বৰ্তমান নৱী মুম্বাইৰ এখন বিদ্যালয়ত অধ্যক্ষ হিচাপে কাম কৰি আছোঁ। এই বিদ্যালয়খনত একেবাৰে সৰু শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি কলেজৰ ছাত্ৰ-ছাত্ৰীলৈকে শিক্ষা প্ৰদান কৰা হয়। সৰুকালছোৱাত ময়ো অসমৰ গাঁও অঞ্চলতে শিক্ষা জীৱন আৰম্ভ কৰিছিলোঁ। গতিকে অসমৰ ছাত্ৰ-ছাত্ৰীসকলে কেনেকুৱা পৰিৱেশ পৰি

চেহনাজ হুচেইন (নমী), নৱী মুম্বাই
Apr 123 min read


সামাজিক দায়বদ্ধতা আৰু আমাৰ নতুন প্ৰজন্ম
নিবেদিতা শৰ্মা, লখিমী নগৰ, যোৰহাট নতুন প্ৰজন্মৰ বৌদ্ধিক, মানসিক আৰু চাৰিত্ৰিক বিকাশৰ বাবে এটি সুস্থ বাতাবৰণৰ নিতান্তই প্ৰয়োজন। শিশুকালতে তেওঁলোকৰ কল্পনাবিলাসী মনটোলৈ লক্ষ্য কৰি তেওঁলোকক আকৰ্ষিত কৰিব পৰাকৈ কিছুমান যোগাত্মক চিন্তা-চৰ্চা কৰাটো সমাজৰ প্ৰয়োজন আছে। সেইখিনি বাস্তৱ ৰূপত ফলপ্ৰসূ কৰিবলৈও আমি যত্নপৰ হ'ব লাগিব। ইতিহাস খুচৰি চালে দেখা যায় লোক সাহিত্যৰ ক্ষেত্ৰত সাধুকথা তথা লিখিত শিশু সাহিত্যৰ ক্ষেত্ৰত আমি যথেষ্ট চহকী বুলিয়েই ক'ব লাগিব। অৰুণোদয়ৰ পাততেই নতুন প্ৰজন

নিবেদিতা শৰ্মা, যোৰহাট
Apr 122 min read


নৱ প্ৰজন্মৰ সামাজিক দায়িত্ব আৰু কৰ্তব্য
চেমিমা হুছেইন, ছয়মাইল, গুৱাহাটী ঘৰখনত সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে কৰ্তব্য আৰু দায়িত্ব সুন্দৰভাবে পালন কৰিলেহে যেনেকৈ এখন ঘৰে ঠন ধৰি উঠে, তেনেকৈ এখন সুস্থ সমাজ গঢ়িবলৈও সমাজখনৰ অংগ হিচাবে বাস কৰা শিশুৰ পৰা বৃদ্ধলৈকে প্ৰত্যেকজন ব্যক্তিৰ সহযোগিতাৰ দ্বাৰাহে সমাজখন সুন্দৰ হৈ উঠিব৷ সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত ব্যক্তি আৰু গোট দুয়োৰে সহযোগ থাকিব লাগিব৷ নৈতিক আৰু ব্যৱহাৰিক দায়িত্বৰ উপৰিও সামাজিক কল্যাণ, পৰিবেশ সংৰক্ষণ, জনসাধাৰণৰ সুৰক্ষাৰ লগতে নৱ প্ৰজন্মক কেনেদৰে সুস্থ আৰু সৱলভাবে

চেমিমা হুছেইন, গুৱাহাটী
Apr 122 min read


চিৰবন্দিত কবি নলিনীবালা দেৱী
প্ৰসিদ্ধ কবি নলিনীবালা দেৱী ছাঁ-পোহৰৰ অন্তৰালত ৰহস্যবাদী কাব্যক্ষেত্ৰৰ চিৰবন্দিত কবি নলিনীবালা দেৱী (২৪ ডিচেম্বৰ, মৃত্যুতিথি উপলক্ষে সশ্ৰদ্ধ স্মৰণ ) মন্দিতা শৰ্মা, গুৱাহাটী অসমীয়া সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ, ৰহস্যবাদী তথা অতীন্দ্ৰিয়বাদী কবি, অসম সাহিত্য সভাৰ (ত্ৰয়োবিংশ অধিবেশন) প্ৰথম মহিলা সভাপতি, নলিনীবালা দেৱীৰ ১৮৯৮ চনৰ ২৩ মাৰ্চত বৰপেটাত জন্ম হয়। পিতৃ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃ হেমন্ত কুমাৰীৰ সাহিত্য-সংস্কৃতিমুখী পৰিৱেশে তেখেতৰ কবি প্ৰতিভাক শৈশৱতেই উন্মেষ ঘটায

মন্দিতা শৰ্মা, গুৱাহাটী
Jan 92 min read


মানসিক খাদ্য
চোনিয়া নাজনিন, ডুবাই মানুহক সুস্থভাৱে জীয়াই থাকিবলৈ পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন। খাদ্যাভ্যাসৰ বিসংগতিৰ ফলত নানা ধৰণৰ ৰোগে মানুহৰ জীৱন দুৰ্বিষহ কৰি তুলিব পাৰে। শৰীৰটোৰ বাবে যেনেকৈ খাদ্যৰ প্ৰয়োজন আমাৰ মন আৰু মগজুৰ বাবেও খাদ্যৰ প্ৰয়োজন, যাক কোৱা হয় মানসিক খাদ্য। দেহ-মন সুস্থ থাকিলেহে এজন ব্যক্তিক সম্পূৰ্ণৰূপে সুস্থ বুলি ক'ব পাৰি। কিন্তু আমি শাৰীৰিক খাদ্যৰ প্ৰতি যিমান সচেতন মানসিক খাদ্যৰ প্ৰতি সিমানেই উদাসীন। অথচ মানসিক খাদ্যইহে প্ৰকৃততে ব্যক্তি এগৰাকীৰ মন-মগজু, চেতনা উদ্বুদ্ধ ক

চোনিয়া নাজনিন, ডুবাই
Jan 92 min read


সিন্ধু সভ্যতাৰ বিলুপ্তি কেনেকৈ হ'ল ?
মাধৱ দাস, যোৰহাট আজিৰ পৰা প্ৰায় চাৰি হাজাৰ বছৰৰ আগতে সিন্ধু সভ্যতা উন্নতি তথা প্ৰগতিৰ চৰম শিখৰত উপনীত হৈছিল। এই সভ্যতাৰ প্ৰধান বিশেষত্ব হ'ল ই পৃথিৱীৰ প্ৰথম নগৰীয়া সভ্যতা য'ত পোন প্ৰথমবাৰৰ বাবে নগৰ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ আগতে মানুহে সৰু সৰু গাঁও পাতি বসবাস কৰিছিল। এই নগৰবোৰৰ ঘৰ বিভিন্ন কাৰিকৰী কৌশলেৰে কঠিন পোৰা ইটাৰে নিৰ্মাণ কৰা হৈছিল। ঘৰবোৰৰ লগতে স্নানাগাৰ-শৌচালয় সংযোজিত আছিল। গতিকে ইয়াৰ পৰাই প্ৰমাণ পোৱা যায় যে ইয়াৰ মানুহবোৰ ইমানেই আগবঢ়া আছিল যে আজিৰ দৰে কোনো আধুনিক প্ৰযুক

মাধৱ দাস, যোৰহাট
Jan 92 min read


মাঘৰ বিহু আৰু কিছু জনশ্ৰুতি
মাঘ বিহু উদযাপন স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ ইংৰাজী জানুৱাৰী মাহত উদযাপন কৰা মাঘৰ বিহু অসমীয়া সমাজত কেতিয়াৰ পৰা আৰম্ভ হ'ল ....সেয়া পম খেদি অতীতলৈ আগুৱাই গ'লে আমি দেখা পাওঁ..... মাঘ বিহু যাক ভোগালী বিহুও বোলা হয়, অসমীয়া সমাজত আদিম যুগৰ পৰাই উদযাপন কৰি অহা হৈছে। ইয়াৰ উৎপত্তি প্ৰাচীন কৃষিভিত্তিক সমাজৰ সৈতে জড়িত ৷ মানুহে শস্য চপোৱাৰ অন্তত আনন্দ কৰিছিল আৰু অগ্নি পূজা কৰিছিল। মূলতঃ বড়ো মূলীয় লোকসকলৰ প্ৰধান উৎসৱ আছিল মাঘবিহু ৷ পাছৰ পৰ্যায়ত কামৰূপ ৰাজ্যৰ আৰ্য ব্ৰাহ্মণ সকলে হিন্

স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ, গোলাঘাট
Jan 93 min read


লোনাভালাৰ মমৰ সংগ্ৰহালয়টো
শিৱাজী মহাৰাজৰ মমৰ প্ৰতিমূৰ্তি দেৱীকা বৰপূজাৰী, মুম্বাই মুম্বাইৰ পৰা প্ৰায় ৯০-১০০ কিলোমিটাৰ পূবে অৱস্থিত মহাৰাষ্ট্ৰৰ পুনে জিলাৰ এটা জনপ্ৰিয় পাহাৰীয়া ষ্টেচন হৈছে লোনাভালা ( Lonavala) । মুম্বাইৰ পৰা পুণে এক্সপ্ৰেছৱেৰে গ’লে, খোপলি (Khopoli) পাৰ হৈ আহে সেই লোনাভালা নামৰ পাহাৰীয়া ঠাইখন য’ত এটা ছুটিৰ দিন সুন্দৰভাবে কটাব পৰা যায়। লোনাভালা লৈ কেইবাবাৰো গৈছিলো যদিও প্ৰায় ১৫ বছৰীয়া অতীৱ সুন্দৰ মমৰ সংগ্ৰহালয় (Wax museum) টো হে চোৱা হোৱা নাছিল। এইবাৰ সেই হেঁপাহ পূৰণ হ'ল আৰু ম

দেৱীকা বৰপূজাৰী, মুম্বাই
Jan 91 min read


উন্নয়নৰ অগ্ৰগতিৰ বিৰোধাভাস
ড° বিজিত তালুকদাৰ, গুৱাহাটী মানৱ সভ্যতাৰ সুদীৰ্ঘ যাত্ৰাত এটি উত্তম ভৱিষ্যতৰ ফালে চিৰধাৱমান উন্নয়নত অশ্ববেগী অগ্ৰগতিয়ে বাহকৰূপে এক বলিষ্ঠ ভূমিকা পালন কৰি আহিছে ৷ অৰ্থনৈতিক বৃদ্ধি, প্ৰযুক্তিগত উন্নতি আৰু সামাজিক প্ৰগতিকে আদি কৰি সামগ্ৰিক উন্নয়নৰ ধাৰণাটো পৃথিৱীৰ প্ৰায়বোৰ ব্যাপক সমস্যাৰ এক নিদানস্বৰূপে ব্যৱহাৰ হৈছে। তথাপি, আমি যেতিয়া নৱীকৰণৰ নামত উন্নয়নৰ সীমাৰেখাডাল উলংঘা কৰিবলৈ আগবাঢ়ো, তেতিয়াই আমি উন্নয়নৰ এক বিৰোধাভাসৰ সন্মুখীন হওঁ। অগ্ৰগতি আৰু পশ্চাদগতি, বৃদ্ধি আৰু ক্ষ

ড° বিজিত তালুকদাৰ, গুৱাহাটী
Oct 13, 20253 min read


মহান বিজ্ঞানীৰ পৰিচয় (৪)
মহিমাৰে উজ্জ্বলি উঠা বিজ্ঞানী, উদ্ভাৱক, শ্ৰীযুত উদ্ধৱ ভৰালী স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ, গোলাঘাট মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশাকৰোঁ তোমালোক সকলোৱে কুশলে আছা ৷ গৰমৰ বন্ধ খোলাৰ পাছত তোমালোকৰ বেছি সংখ্যকৰে বিদ্যালয়ত ছয়মাহিলী পৰীক্ষাবোৰো শেষ হ’ল ৷ ইয়াৰ মাজতে আমাৰ আটাইৰে অতিকৈ মৰমৰ “জুবিন দা” আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গৈ আমাক সকলোকে বৰ মৰ্মাহত কৰিলে ৷ সেয়ে এইবাৰ দুৰ্গা পূজাৰ ৰং-ৰহইচবোৰো ম্লান পৰিল, নহয় নে ! আকৌ তোমালোকৰ প্ৰিয় পোহৰৰ উৎসৱ দীপাৱলীও আহি আছে....৷ বাৰু তাৰ মাজতে ম

স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ, গোলাঘাট
Oct 13, 20253 min read


জুবিনৰ ব্যক্তিত্ব : একক আৰু অনন্য
চেমিমা হুছেইন, গুৱাহাটী আমি গৰ্ববোধ এই কাৰণেই কৰোঁ যে জুবিন আমাৰ ৷ জুবিন অসমৰ ৷ জুবিনৰ সংগ আমি পাইছোঁ, জুবিনৰ গান মঞ্চত শুনিছোঁ ৷ দেখা যায় যে জুবিনৰ গানৰ লহৰত অসমৰ পুৱা আৰম্ভ হয় আৰু দিনটো শেষও হয় জুবিনৰ গীতৰ সুৰৰ মাদকতাত ৷ সৰু ল’ৰা ছোৱালীৰ পৰা আশীৰ উৰ্দ্ধৰ ব্যক্তিৰ মুখতো শুনা যায় জুবিনৰ গান ৷ জুবিন নামৰ সকলোৱে ভালপোৱা সত্বাটো আজি আমাৰ মাজৰ পৰা হেৰাই গ’ল ৷ কিন্ত সঁচাকৈয়ে হেৰাই গ'ল জানো ? অসমবাসীৰ হিয়াৰ আমঠু, সকলোৰে বুকুৰ আপোন জুবিন কেতিয়াও আমাৰ মাজৰ পৰা আঁতৰি যাব নোৱাৰে

চেমিমা হুছেইন, গুৱাহাটী
Oct 13, 20253 min read


সুৰেৰে গাঁথি থোৱা সেই গতি: স্মৃতি তৰ্পণ জয়ন্ত হাজৰিকালৈ
জোনালী পাটোৱাৰী বৰা, গুৱাহাটী সময় গতিশীল ৷ গতিশীল সময়ে প্ৰতি বছৰে অনাৰ দৰে এই বছৰো বোকোচাত টোপোলা বান্ধি লৈ আহিছে আহিনক, টোপোলাটোৰ বান্ধটো মোকলাই মেলি দিছেহি শুধ বগা শেৱালিৰ স্নিগ্ধ মৃদু সুবাস ৷ সৌ দূৰৈৰ পথাৰৰ, হালি-জালি নাচি থকা কহুঁৱা ডৰাই যেন আকাশে-বতাহে কিবা এক মহোৎসৱৰহে আগলি বতৰা দিছে ৷ এৰা! পূজা পূজা লাগিছে কেওপিনে এতিয়া ৷ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ভাষাৰে ক’বলৈ মন গৈছে, “আহিলে পূজাৰে বেলা, মিনি তই কৰিছ কি?/ সাজি-কাছি ... মেলালৈ ওলা” ৷ এক চিৰাচৰিত ঘটনা ...ষষ্ঠীত প্ৰতিষ্ঠা

জোনালী পাটোৱাৰী বৰা, গুৱাহাটী
Oct 13, 20256 min read


অব্যক্ত অনুভৱ
তন্ময় কলিতা, গুৱাহাটী "তাক ইমান আপোন ভাবিছিলোঁ, ইমান বিশ্বাস কৰিছিলোঁ, সিও এতিয়া আঁতৰি গ'ল।" এনেকৈয়ে আঁতৰি যোৱা মানুহৰ কথা ভাবি আপোনাৰ উদং বুকুৱে কেতিয়াবা হঠাতেই হাহাকাৰ কৰি উঠে নহয়নে? তেতিয়া মনটো কেনেকুৱা লাগে কাকো বুজাব নোৱাৰা হয়। অস্থিৰ হৈ পৰে আপুনি। ক্ষণিকতে আপুনি ভাবে, সি হয়তো মোক পাহৰিলেই। তাৰ চাগৈ মোলৈ মনতেই নপৰে। জানেনে, আপুনি তাক ভুল বুজি আছে। তাৰ মনৰ বতৰা আপুনিতো পোৱা নাই। শুনক, আপোনাৰ দৰে তাৰ অন্তৰেও কেতিয়াবা হঠাতেই কান্দি উঠে। সিও ভাবে, আপোনালোকৰ সেই ভাললগ

তন্ময় কলিতা, গুৱাহাটী
Oct 13, 20252 min read


সংস্কৃতিৰ সাধক ড৹ ভূপেন হাজৰিকা
নিবেদিতা শৰ্মা, যোৰহাট ঐকান্তিক সাধনাৰে, সাফল্যৰ শীৰ্ষবিন্দুলৈ আৰোহণ কৰি, চিৰযুগমীয়া ঢৌ তুলি, চিৰ নতুন পানচৈত উটি, সময় নদীত পট আঁকি যোৱা, সংস্কৃতিৰ সাধক ড° ভূপেন হাজৰিকাদেৱৰ জীৱনাদৰ্শনৰ বিষয়ে প্ৰতিজন সংগীতপ্ৰেমীৰে অপাৰ আগ্ৰহ থাকে। গানৰ সুৰে অসমীয়াৰ হৃদয় গুণগুণাই থকা, ড° হাজৰিকা একেধাৰে গীতিকাৰ, সুৰকাৰ, গদ্যশিল্পী, সাংবাদিক। ভূপেনদা আছিল মহান সাংস্কৃতিক আদৰ্শৰ ৰূপকাৰ। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বৰ্ণাঢ্য সংস্কৃতিৰ পৰা তেখেত অনুপ্ৰাণিত হৈছিল, তাৰেই ফচল হৈছে তেখেত

নিবেদিতা শৰ্মা, যোৰহাট
Oct 13, 20252 min read


পুৰুষ নে মহাপুৰুষ
ড° অঞ্জু শইকীয়া ভট্টাচাৰ্য্য, মুম্বাই ১৯ চেপ্তেম্বৰ ২০২৫, এই দিনটো বাৰু কেনে ধৰৰে লওঁ? এজন বিখ্যাত, জনপ্ৰিয় পুৰুষৰ মৃত্যু দিন হিচাপে নে এজন মহাপুৰুষৰ জন্ম দিন হিচাপে লওঁ! তেখেতক আমি কিমান বুজি পালো? নে আমি তেওঁক বুজি পাবলৈ চেষ্টাই নকৰিলোঁ? যদিহে বুজি পালোহেঁতেন, তেতিয়া হ'লে জীয়াই থকা অৱস্থাতে মহাপুৰুষৰ আসনখন দিলোঁহেঁতেন। হয়, মই ১৯৭২ চনৰ ১৮ নভেম্বৰত জন্মগ্ৰহণ কৰি, অতি কম দিন লৈ পৃথিবীলৈ আহি, সৌ সিদিনা, ১৯ চেপ্তেম্বৰ ২০২৫ ত মৃত্যুবৰণ কৰা আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ কথাই

ড° অঞ্জু শইকীয়া ভট্টাচাৰ্য্য, কাণ্ডিভেলী,মুম্বাই
Oct 13, 20252 min read


ঘৰখনেই শিশুৰ প্ৰথম শিক্ষানুষ্ঠান
ৰশ্মি ৰেখা পূজাৰী, কাহিলীপাৰা, গুৱাহাটী পৃথিৱীৰ এক অপৰূপা আৰু অমূল্য সৃষ্টি নাৰী। নাৰীৰ অবিহনে এই পৃথিৱী সম্পূৰ্ণ হ'ব নোৱাৰে। নাৰী হ'ল প্ৰেমৰ মূৰ্তি, মৰম আৰু দয়াৰ সাগৰ। সহনশীলতা, ধৈৰ্য আৰু লজ্জা হ'ল নাৰীৰ এক অপূৰ্ব অলংকাৰ। কেতিয়াবা মনত প্ৰশ্ন হয় ইমান গুণৰ অধিকাৰী হৈও নাৰীত্বক কেতিয়াবা অভিশপ্ত যেন অনুভৱ হয়। বৰ্তমান পৃথিৱীত নাৰীৰ ওপৰত যিমান যন্ত্ৰণা, অত্যাচাৰ চলি আছে সেই প্ৰশ্ন মনত আবিৰ্ভাৱ হোৱাতো স্বাভাৱিক। যদিও এক পক্ষে চাবলৈ গ'লে নাৰীয়ে ঘৰ-গৃহস্থী চলোৱাকে ধৰি মহাকাশ অভিযা

ৰশ্মি ৰেখা পূজাৰী, কাহিলীপাৰা, গুৱাহাটী
Oct 13, 20252 min read
bottom of page