top of page
Search


নিয়ৰ, কুঁৱলী আৰু শৰৎ বন্দনা
নিৰু দত্ত, নিশান্ত নিবাস, সৰুপথাৰ নিৰলা জীৱনৰ সন্ধানতঃ মৌলিক প্ৰয়োজন খাদ্য, বস্ত্ৰ আৰু বাসস্থান আজিৰ মানুহৰ বাবে জীৱন জিয়াবলৈ যথেষ্ট নহয়। অতি অৰ্থবানজনেও কেতিয়াবা সকলো অত্যাধুনিক সা-সুবিধাৰ মাজত থাকিও অভাৱ অনুভৱ কৰে প্ৰশান্তিৰ। জনসমাগমৰ পৰা নিৰলাত গৈ পোৱা প্ৰশান্তিয়ে মানুহক দিয়ে প্ৰকৃত জীৱনবোধ। তাহানিতে গাঁৱৰ পৰা চহৰলৈ মানুহৰ প্ৰব্ৰজন ঘটিছিল উন্নত জীৱনৰ আশাৰে। আজিৰ দিনত আকৌ মানুহৰ গাঁওমুখী হোৱাৰ প্ৰৱণতা বাঢ়িছে। কিয়নো আজি প্ৰকট হৈ পৰিছে যে প্ৰকৃতিৰ সকলো সুন্দৰতা সোমাই থা

নিৰু দত্ত, নিশান্ত নিবাস, সৰুপথাৰ
4 days ago5 min read


শাৰদ দুৰ্গাপূজা: শক্তিৰ আৰাধনাত জীৱনৰ উৎসৱ
*** মা দুৰ্গা *** মন্দিতা শৰ্মা, গুৱাহাটী শৰতৰ নীলা আকাশত বগা মেঘৰ জোলা, কঁহুৱাৰ শুভ্ৰ হাঁহি আৰু শেৱালিৰ সুৰভিৰে যেতিয়া প্ৰকৃতিয়ে নতুন ৰূপত সাজে; তেতিয়াই যেন ধৰালৈ নামি আহে এক পৱিত্ৰ উৎসৱৰ বতৰা—শাৰদ দুৰ্গাপূজা। দুৰ্গাপূজা কেৱল মূৰ্তি প্ৰতিষ্ঠা, মন্ত্ৰোচ্চাৰণ আৰু অঞ্জলিৰ মাজতে সীমাবদ্ধ নহয়। ই মূলতঃ শক্তিৰ আৰাধনা। সেই শক্তি, যি অন্যায়ৰ বিৰুদ্ধে থিয় হয়; যি অন্ধকাৰৰ মাজতো পোহৰৰ সন্ধান কৰে; যি ধ্বংসৰ মাজৰ পৰা সৃষ্টিৰ সম্ভাৱনা উলিয়াই আনে। দেৱী দুৰ্গাৰ দশভুজা ৰূপ যেন ন

মন্দিতা শৰ্মা, গুৱাহাটী
4 days ago2 min read


তাৰাণাৰ সৰুকালৰ আৰ্ট
ড° তাৰাণা আৰমান ( শিল্পী)য়ে সপ্তম মানত, ডি.পি.এচ. নাজিৰাত পঢ়ি থাকোঁতে বনোৱা আৰ্ট। তাই এতিয়া প'ষ্ট ডক্টৰেট, চিয়াটেল, আমেৰিকা যুক্তৰাষ্ট্ৰত থাকে।

ড° তাৰাণা আৰমান, চিয়াটল, আমেৰিকা যুক্তৰাষ্ট্ৰ
4 days ago1 min read


নৱীকাৰ ছবি
শ্ৰীমতী নৱীকা দুৱৰা হৈছে শ্ৰীযুতা নীপা দুৱৰাৰ নাতিনী। তাই এই ছবিখন বিদ্যালয়ৰ নৱম শ্ৰেণীত থাকোঁতেই আঁকিছিল। তাই এতিয়া কলেজৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী। আইতাকে মৰমেৰে সাঁচি ৰাখিছে ছবিখন। নৱীকা বৰ্তমান মাক-দেউতাকহঁতৰ সৈতে লিভাৰম’ৰ, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্টত থাকে।

নৱীকা দুৱৰা,লিভাৰম’ৰ,কেলিফৰ্ণিয়া,আমেৰিকা যুক্তৰাষ্ট্ৰ
4 days ago1 min read


বাধাগ্ৰস্ততাৰ প্ৰকাৰ আৰু লক্ষণ সমূহ
বিশেষভাৱে সক্ষম শিশুসকলৰ মাজত থকা বাধাগ্ৰস্ততাৰ প্ৰকাৰ আৰু লক্ষণ সমূহ লীনুমা গগৈ, তিনিচুকীয়া মৰমৰ মইনাহঁত, যোৱাবাৰৰ ‘সূৰুযমুখী’ ৰ সংখ্যাত তোমালোকৰ লগত বিশেষভাৱে সক্ষম শিশুসকলৰ বিষয়ে আলোচনা কৰিছিলোঁ । আজি আমি সেই বিশেষভাৱে সক্ষম শিশুসকলে কি কি প্ৰকাৰৰ বাধাগ্ৰস্ততাৰ সন্মুখীন হয় আৰু তাৰ লক্ষণবোৰৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ দেই। বাধাগ্ৰস্তসকলৰ অধিকাৰ আইন ২০১৬ অনুসৰি বাধাগ্ৰস্ততাক একৈশ (২১) প্ৰকাৰত ভাগ কৰা হৈছে । সেইবোৰৰ নাম আৰু লক্ষণ সমূহ তলত উল্লেখ কৰা হৈছে: (১) বৌদ্ধিক বাধ

লীনুমা গগৈ, তিনিচুকীয়া
4 days ago3 min read


শৰতৰে এটি সেমেকা ৰাতি
চয়নিকা ভূঞা গাওঁ -বাৰভূঞা (চতিয়া) জিলা- শোণিতপুৰ "আমোলমোল শেৱালিৰ গোন্ধ যাওঁ বুলি যাবই নোখোজেচোন..." শাৰদীয় বতৰ। দেহ-মন পুলকিত কৰা সময়। প্ৰিয় ঋতু বা প্ৰিয় সময় বুলি ক'লে শৰতৰ নাম নোলোৱাকৈ নোৱাৰোঁ। য'ত আবেগ আছে , য'ত আহোঁ-নাহোঁ কৈ কুঁৱলীৰ আৱৰণৰ মাজেৰে শীতে ভুমুকি মাৰে; সেয়াই শৰত। মোৰ বাবে কঢ়িয়াই অনা এবোজা ভালপোৱাৰ সুৱাসৰ নামেই শৰত । শাৰদীয় গধুলি, হুইলচেয়াৰ খন লৈ পদূলিৰ শেৱালি জোপাৰ তললৈ ওলাই আহোঁ। শাৰদীয় সময়খিনিক বুকুত থিতাপি দিবলৈ, বছৰটোলৈ কঢ়িয়াই ফুৰিব বাবে

চয়নিকা ভূঞা, চতিয়া, শোণিতপুৰ
4 days ago2 min read


বিশেষভাৱে সক্ষম শিশু
মৰমৰ মইনাহঁত, আশাকৰোঁ সকলোটি কুশলে আছা । আজি তোমালোকৰ লগত বাধাগ্ৰস্ত শিশু বা বিশেষভাৱে সক্ষম শিশুসকলৰ কথা আলোচনা কৰিম দেই । প্ৰথমতে আমি কোনসকল শিশুক বাধাগ্ৰস্ত বা বিশেষ প্ৰয়োজন সম্পন্ন বা বিশেষভাৱে সক্ষম শিশু বুলি ক’ম বাৰু? বাধাগ্ৰস্ত বা বিশেষ প্ৰয়োজন সম্পন্ন বা বিশেষভাৱে সক্ষম শিশু বুলিলে আমি সেইজনক বুজিম যি জনৰ দীৰ্ঘকালীন শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু সংবেদনমূলক অসুবিধা আছে আৰু ফলস্বৰূপে তেওঁলোকে বিদ্যালয় বা সমাজৰ বিভিন্ন কাম-কাজত অংশগ্ৰহণ কৰিবলৈ যাওঁতে বিভিন্ন

লীনুমা গগৈ, তিনিচুকীয়া
Jul 142 min read


বিৰিখ হৈ জীয়াও আহক........
বিঃদ্ৰঃ - ছবিয়ে কথা কয় l বিশ্ব পাৰিপাৰ্শ্বিক দিৱস উপলক্ষে মোৰ কন্যা শ্ৰীমতী শ্ৰেয়াংশী আৰু মই ২০২৩ চনতে আঁহত গছৰ পুলি এটা ৰোপণ কৰিছিলোঁ। ঠাল-ঠেঙুলি মেলি লহপহকৈ বাঢ়ি অহা আঁহত গছজোপাৰ তিনিবছৰৰ পিছৰ বৰ্তমান ওপৰৰ ছবিখনৰ আলমত বিশ্ব পাৰিপাৰ্শ্বিক দিবস উপলক্ষে এই লেখাটো যুগুত কৰা হৈছে। চুমিন্দ্ৰ চৌধুৰী, নয়দা এবাৰ শাক্যমুনি ভগৱান বুদ্ধই সন্ধিয়াৰ প্ৰাৰ্থনাৰ অন্তত শিষ্যসকলক এডাল শাল গছৰ আত্মজ্ঞানৰ কাহিনী মন দি শুনিবলৈ ক'লে ৷ কেইবাশ বছৰ আগত কাশীৰাজ ব্ৰহ্মদত্তই এবাৰ এটা সুন্দৰ ৰাজপ্

চুমিন্দ্ৰ চৌধুৰী, নয়দা
Jul 143 min read


জনজীৱনত হাস্যৰস আৰু কৌতুকৰ প্ৰভাৱ
হাস্যৰস প্ৰকৃতিৰ এবিধ ডাঙৰ ঔষধ মন্দিতা শৰ্মা, গুৱাহাটী আমাৰ জনজীৱনত, বিশেষকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মনোবিকাশত হাস্যৰস আৰু কৌতুকৰ প্ৰভাৱ যথেষ্ট আছে। হাঁহি হৈছে হৃদয়ৰ ভাষা। হাঁহি মানুহৰ জীৱনৰ কেৱল আনন্দৰ বহিঃপ্ৰকাশ নহয়; ই মনৰ ক্লান্তি দূৰ কৰে, চিন্তাৰ দুৱাৰ মুকলি কৰে আৰু জীৱনৰ প্ৰতি নতুন আশাবাদৰ সঞ্চাৰ কৰে। ব্যস্ততা, প্ৰতিযোগিতা আৰু মানসিক চাপৰ এই আধুনিক যুগত হাঁহি এক অমূল্য মানসিক সম্পদ। অসমীয়া জনজীৱনত হাস্যৰস আৰু কৌতুকৰ এক সুদীৰ্ঘ সাংস্কৃতিক ঐতিহ্য বিদ্যমান, যিয়ে

মন্দিতা শৰ্মা, গুৱাহাটী
Jul 142 min read


বাগৰি বাগৰি হাঁহো আহক ……
স্বপ্নাশ্ৰী শইকীয়া মেধি, বৰপথাৰ ১) শিক্ষক: খগেন, কচোন আলাসৰ লাড়ু মানে কি? খগেন: আলাসৰ লাড়ু মানে এনেকুৱা এটা লাড়ু, যিটো খাই হজম কৰিব নোৱাৰি ছাৰ ৷ 😂 😂 😂 ২) শিক্ষক: ৰঘু, তোৰ আজি স্কুললৈ আহোঁতে কিয় দেৰি হ’ল? ৰঘু: ছাৰ, মা আৰু দেউতা দুয়োজনে কাজিয়া কৰি আছিল ৷ শিক্ষক: তাতে তোৰ দেৰি হ’ব লগা কাৰণ কি ? ৰঘু: ছাৰ, মোৰ জোতাযোৰৰ এপাত জোতা মায়ে হাতত লৈ আছিল আৰু আনপাত দেউতাই লৈ আছিল ৷ 😂 😂 😂 ৩) শিক্ষক: 'কপাল’ শব্দটোৰে এটা কবিতাৰ পংক্তি লিখচোন ৷ ছাত্ৰ: কপাল তিতি

স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ, গোলাঘাট
Jul 132 min read


যুব প্ৰজন্মৰ দায়িত্ব - দীপামণি
দীপামণি কোচ ভৰালী বৰপথাৰ, গোলাঘাট অদম্য জীৱনীশক্তি আৰু প্ৰত্যাশাৰে পৰিপূৰ্ণ যুৱ প্ৰজন্ম একোটা জাতিৰ দীপ্তৰঞ্জন ভৱিষ্যতৰ প্ৰতিভূ। স্বাভাৱিকতেই যুৱ প্ৰজন্ম সমাজৰ এক নিৰ্ণায়ক অংশ। তেনে এক গুৰুত্বপূৰ্ণ অংশৰ কান্ধতে থাকে সামাজিক দায়বদ্ধতাৰ ভাৰখন। সাম্প্ৰতিক সময়খিনিত বিভিন্ন ক্ষেত্ৰৰ অস্থিৰতাই পৃথিৱীখনক অসমতুল কৰি তুলিছে। তাৰ মাজৰেই শিশুবোৰৰ জন্ম হৈছে আৰু ডাঙৰো হৈ আহিছে। ডাঙৰ হৈ তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। অথবা এইবোৰৰ মাজতেই জীৱনক আগুৱাই নিবলগীয়াও হৈছে। এইবোৰক

দীপামণি কোচ ভৰালী, বৰপথাৰ, গোলাঘাট
Apr 122 min read


সামাজিক দায়বদ্ধতা আৰু যুৱ প্ৰজন্ম
বিজিত কুমাৰ ভাগৱতী, লখিমী নগৰ, যোৰহাট সমাজ হৈছে মানুহৰ এক শৃঙ্খলাবদ্ধ গঠন। ব্যক্তিৰ সমষ্টিয়েই হ'ল সমাজ। সেয়েহে প্ৰতিজন ব্যক্তিৰেই নিজৰ সমাজখনৰ প্ৰতি কিছুমান কৰ্তব্য আৰু দায়িত্ব থাকে। একেলগে থাকি বাস কৰাৰ বাবে সমাজখনত শান্তি শৃঙ্খলা, সহানুভূতি আৰু আৰু উন্নতিৰ ধাৰা বজাই ৰাখিবলৈ সকলোৰে কিছুমান অৱধাৰিত দায়িত্ব থাকে। এই দায়িত্ব সমূহকেই সামাজিক দায়বদ্ধতা বুলি ক’ব পাৰি। সমাজৰ এক গুৰুত্বপূৰ্ণ শক্তিশালী অংশ হ'ল যুৱপ্ৰজন্ম। যুৱক-যুৱতী সকলৰ মাজত শক্তি, উদ্যম আৰু নব্য চিন্তাধাৰ

বিজিত কুমাৰ ভাগৱতী, যোৰহাট
Apr 122 min read


মনৰ কথা
শাশ্বতী শৰ্মা, যোগ প্ৰশিক্ষক, মলিয়াগাঁও, ঢেকিয়াল, গোলাঘাট মৰমৰ অকণিহঁত, স্বাস্থ্যৰ কথা তোমালোক সকলোৱে নিশ্চয় জানা? স্বাস্থ্য ভালে ৰখাটো আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য। স্বাস্থ্য বুলিলে আমি কেৱল শাৰীৰিক স্বাস্থ্যকে বুজোঁ নহয়নে? ধৰা আমাৰ মগজু, চকু, কাণ, নাক, জিভা, হাত, ভৰি, পেট আদি। কিন্তু,আমাৰ যে আৰু এটা মূল স্বাস্থ্য আছে সেই বিষয়ে কেতিয়াবা শুনিছানে? ৰ'বা, ৰ'বা… তোমালোকেনো ক'ৰ পৰা শুনিবা! আচলতে এই স্বাস্থ্যৰ কথা আমি ডাঙৰসকলেই বৰ কমকৈ জানোঁ। তথাপি আজি হ'লে তোমালোকক মই তোমালোকে

শাশ্বতী শৰ্মা, যোগ প্ৰশিক্ষক,ঢেকিয়াল,গোলাঘাট
Apr 122 min read


বিহুনামত অসমীয়াৰ সমাজ জীৱন
ছৈয়দা আঞ্জুম আৰা হুছেইন, গুৱাহাটী সংস্কৃতি এটা জাতিৰ মূল পৰিচয়ৰ মাপকাঠি ৷ ঐতিহ্যমণ্ডিত সংস্কৃতি সম্পন্ন এটা জাতি বিশ্বদৰবাৰত বহুলভাৱে সমাদৃত ৷ সংস্কৃতিৰ বিভিন্ন উপাদানৰ ভিতৰত জাতীয় উৎসৱে এক শক্তিশালী ভূমিকা বহন কৰে ৷ আমাৰ অসমীয়াৰ জাতীয় উৎসৱ বিহু আজিৰ সময়ত সমগ্ৰ বিশ্বতে সমাদৃত বুলি ক’লেও নিশ্চয় বঢ়াই কোৱা নহ’ব ৷ অসমীয়াৰ জাতীয় উৎসৱ বিহুৰ মাজত নিহিত হৈ আছে আমাৰ জাত্যাভিমান আৰু স্বকীয় পৰিচয় ৷ প্ৰকৃতিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই বিহু প্ৰকৃততে কৃষিকেন্দ্ৰিক উৎসৱ ৷ অসমত বিহুৰ উৎপত

ছৈয়দা আঞ্জুম আৰা হুছেইন, গুৱাহাটী
Apr 125 min read


নমী জেঠাইৰ চিঠি
মৰমৰ মইনাহঁত, এইয়া মই নমী জেঠাইয়ে মুম্বাইৰ পৰা ‘সূৰুযমুখী’ আলোচনীখনৰ জৰিয়তে তোমালোকৰ লগত চিনাকি হ'বলৈ আৰু মুম্বাই মহানগৰীত দেখা আৰু নতুন যেন লগা কিছু কথা তোমালোকক জনাবলৈ বুলি আগবাঢ়িছোঁ…… । মই বৰ্তমান নৱী মুম্বাইৰ এখন বিদ্যালয়ত অধ্যক্ষ হিচাপে কাম কৰি আছোঁ। এই বিদ্যালয়খনত একেবাৰে সৰু শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি কলেজৰ ছাত্ৰ-ছাত্ৰীলৈকে শিক্ষা প্ৰদান কৰা হয়। সৰুকালছোৱাত ময়ো অসমৰ গাঁও অঞ্চলতে শিক্ষা জীৱন আৰম্ভ কৰিছিলোঁ। গতিকে অসমৰ ছাত্ৰ-ছাত্ৰীসকলে কেনেকুৱা পৰিৱেশ পৰি

চেহনাজ হুচেইন (নমী), নৱী মুম্বাই
Apr 123 min read


সামাজিক দায়বদ্ধতা আৰু আমাৰ নতুন প্ৰজন্ম
নিবেদিতা শৰ্মা, লখিমী নগৰ, যোৰহাট নতুন প্ৰজন্মৰ বৌদ্ধিক, মানসিক আৰু চাৰিত্ৰিক বিকাশৰ বাবে এটি সুস্থ বাতাবৰণৰ নিতান্তই প্ৰয়োজন। শিশুকালতে তেওঁলোকৰ কল্পনাবিলাসী মনটোলৈ লক্ষ্য কৰি তেওঁলোকক আকৰ্ষিত কৰিব পৰাকৈ কিছুমান যোগাত্মক চিন্তা-চৰ্চা কৰাটো সমাজৰ প্ৰয়োজন আছে। সেইখিনি বাস্তৱ ৰূপত ফলপ্ৰসূ কৰিবলৈও আমি যত্নপৰ হ'ব লাগিব। ইতিহাস খুচৰি চালে দেখা যায় লোক সাহিত্যৰ ক্ষেত্ৰত সাধুকথা তথা লিখিত শিশু সাহিত্যৰ ক্ষেত্ৰত আমি যথেষ্ট চহকী বুলিয়েই ক'ব লাগিব। অৰুণোদয়ৰ পাততেই নতুন প্ৰজন

নিবেদিতা শৰ্মা, যোৰহাট
Apr 122 min read


নৱ প্ৰজন্মৰ সামাজিক দায়িত্ব আৰু কৰ্তব্য
চেমিমা হুছেইন, ছয়মাইল, গুৱাহাটী ঘৰখনত সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে কৰ্তব্য আৰু দায়িত্ব সুন্দৰভাবে পালন কৰিলেহে যেনেকৈ এখন ঘৰে ঠন ধৰি উঠে, তেনেকৈ এখন সুস্থ সমাজ গঢ়িবলৈও সমাজখনৰ অংগ হিচাবে বাস কৰা শিশুৰ পৰা বৃদ্ধলৈকে প্ৰত্যেকজন ব্যক্তিৰ সহযোগিতাৰ দ্বাৰাহে সমাজখন সুন্দৰ হৈ উঠিব৷ সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত ব্যক্তি আৰু গোট দুয়োৰে সহযোগ থাকিব লাগিব৷ নৈতিক আৰু ব্যৱহাৰিক দায়িত্বৰ উপৰিও সামাজিক কল্যাণ, পৰিবেশ সংৰক্ষণ, জনসাধাৰণৰ সুৰক্ষাৰ লগতে নৱ প্ৰজন্মক কেনেদৰে সুস্থ আৰু সৱলভাবে

চেমিমা হুছেইন, গুৱাহাটী
Apr 122 min read


চিৰবন্দিত কবি নলিনীবালা দেৱী
প্ৰসিদ্ধ কবি নলিনীবালা দেৱী ছাঁ-পোহৰৰ অন্তৰালত ৰহস্যবাদী কাব্যক্ষেত্ৰৰ চিৰবন্দিত কবি নলিনীবালা দেৱী (২৪ ডিচেম্বৰ, মৃত্যুতিথি উপলক্ষে সশ্ৰদ্ধ স্মৰণ ) মন্দিতা শৰ্মা, গুৱাহাটী অসমীয়া সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ, ৰহস্যবাদী তথা অতীন্দ্ৰিয়বাদী কবি, অসম সাহিত্য সভাৰ (ত্ৰয়োবিংশ অধিবেশন) প্ৰথম মহিলা সভাপতি, নলিনীবালা দেৱীৰ ১৮৯৮ চনৰ ২৩ মাৰ্চত বৰপেটাত জন্ম হয়। পিতৃ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃ হেমন্ত কুমাৰীৰ সাহিত্য-সংস্কৃতিমুখী পৰিৱেশে তেখেতৰ কবি প্ৰতিভাক শৈশৱতেই উন্মেষ ঘটায

মন্দিতা শৰ্মা, গুৱাহাটী
Jan 92 min read


মানসিক খাদ্য
চোনিয়া নাজনিন, ডুবাই মানুহক সুস্থভাৱে জীয়াই থাকিবলৈ পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন। খাদ্যাভ্যাসৰ বিসংগতিৰ ফলত নানা ধৰণৰ ৰোগে মানুহৰ জীৱন দুৰ্বিষহ কৰি তুলিব পাৰে। শৰীৰটোৰ বাবে যেনেকৈ খাদ্যৰ প্ৰয়োজন আমাৰ মন আৰু মগজুৰ বাবেও খাদ্যৰ প্ৰয়োজন, যাক কোৱা হয় মানসিক খাদ্য। দেহ-মন সুস্থ থাকিলেহে এজন ব্যক্তিক সম্পূৰ্ণৰূপে সুস্থ বুলি ক'ব পাৰি। কিন্তু আমি শাৰীৰিক খাদ্যৰ প্ৰতি যিমান সচেতন মানসিক খাদ্যৰ প্ৰতি সিমানেই উদাসীন। অথচ মানসিক খাদ্যইহে প্ৰকৃততে ব্যক্তি এগৰাকীৰ মন-মগজু, চেতনা উদ্বুদ্ধ ক

চোনিয়া নাজনিন, ডুবাই
Jan 92 min read


সিন্ধু সভ্যতাৰ বিলুপ্তি কেনেকৈ হ'ল ?
মাধৱ দাস, যোৰহাট আজিৰ পৰা প্ৰায় চাৰি হাজাৰ বছৰৰ আগতে সিন্ধু সভ্যতা উন্নতি তথা প্ৰগতিৰ চৰম শিখৰত উপনীত হৈছিল। এই সভ্যতাৰ প্ৰধান বিশেষত্ব হ'ল ই পৃথিৱীৰ প্ৰথম নগৰীয়া সভ্যতা য'ত পোন প্ৰথমবাৰৰ বাবে নগৰ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ আগতে মানুহে সৰু সৰু গাঁও পাতি বসবাস কৰিছিল। এই নগৰবোৰৰ ঘৰ বিভিন্ন কাৰিকৰী কৌশলেৰে কঠিন পোৰা ইটাৰে নিৰ্মাণ কৰা হৈছিল। ঘৰবোৰৰ লগতে স্নানাগাৰ-শৌচালয় সংযোজিত আছিল। গতিকে ইয়াৰ পৰাই প্ৰমাণ পোৱা যায় যে ইয়াৰ মানুহবোৰ ইমানেই আগবঢ়া আছিল যে আজিৰ দৰে কোনো আধুনিক প্ৰযুক

মাধৱ দাস, যোৰহাট
Jan 92 min read
bottom of page