সিন্ধু সভ্যতাৰ বিলুপ্তি কেনেকৈ হ'ল ?
- মাধৱ দাস, যোৰহাট

- Jan 9
- 2 min read

মাধৱ দাস, যোৰহাট
আজিৰ পৰা প্ৰায় চাৰি হাজাৰ বছৰৰ আগতে সিন্ধু সভ্যতা উন্নতি তথা প্ৰগতিৰ চৰম শিখৰত উপনীত হৈছিল। এই সভ্যতাৰ প্ৰধান বিশেষত্ব হ'ল ই পৃথিৱীৰ প্ৰথম নগৰীয়া সভ্যতা য'ত পোন প্ৰথমবাৰৰ বাবে নগৰ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ আগতে মানুহে সৰু সৰু গাঁও পাতি বসবাস কৰিছিল। এই নগৰবোৰৰ ঘৰ বিভিন্ন কাৰিকৰী কৌশলেৰে কঠিন পোৰা ইটাৰে নিৰ্মাণ কৰা হৈছিল। ঘৰবোৰৰ লগতে স্নানাগাৰ-শৌচালয় সংযোজিত আছিল। গতিকে ইয়াৰ পৰাই প্ৰমাণ পোৱা যায় যে ইয়াৰ মানুহবোৰ ইমানেই আগবঢ়া আছিল যে আজিৰ দৰে কোনো আধুনিক প্ৰযুক্তি-বিদ্যা নোহোৱাকৈয়েই তেতিয়াই আজিৰ দিনৰ আধুনিক জীৱন-ধাৰণৰ প্ৰণালী তেওঁলোকে বিকশাই তুলিছিল। গা-ধোৱা ঘৰৰ বৰ্জিত পানী ওলাই যাবলৈ নলাৰ ব্যৱস্থা কৰা হৈছিল। অৰ্থাৎ তেওঁলোকৰ পৰিৱেশ-পাৰিপাৰ্শ্বিকতা আৰু চাফ-চিকুণতাৰ প্রতি সচেতনতা আছিল। বান আৰু শত্ৰুৰ আক্ৰমণৰ পৰা নগৰখন ৰক্ষা কৰিবলৈ বৃহদাকাৰ দেৱাল নিৰ্মাণ কৰা হৈছিল। সিন্ধু সভ্যতা সেই সময়ৰ আটাইতকৈ বিকশিত সভ্যতা আছিল। যিটো সময়ত পৃথিৱীৰ মানুহে কাপোৰ পিন্ধিব জনা নাছিল; সেই সময়ত সিন্ধু সভ্যতাৰ লোকসকলে নগৰ নিৰ্মাণ পৰিকল্পনাৰ কথা জানিছিল। আনকি ইয়াৰ চহৰবোৰত চুইমিং পুলৰো ব্যৱস্থা আছিল। কুঁৱাৰ আবিষ্কাৰ সিন্ধু সভ্যতাৰেই অৱদান। তেওঁলোকৰ বসতি অঞ্চলৰ পৰা ৭০০ ৰো অধিক কুঁৱা পোৱা গৈছে।
সিন্ধু সভ্যতাৰ দুখন জনপ্ৰিয় চহৰ আছিল - হৰপ্পা আৰু মহেঞ্জোদাৰো। গাঁৱত যিবোৰে বসবাস কৰিছিল তেওঁলোকে পশু-পালন কৰিছিল। আনহাতে নগৰত বসবাস কৰা সকলে আন দেশৰ লগত বেপাৰ-বাণিজ্য কৰিছিল। এই সমাজ ব্যৱস্থাত লোকসকলে বিভিন্ন ব্যৱসায় অৱলম্বন কৰিছিল। কোনোৱে সোন-ৰূপৰ আ-অলংকাৰ তৈয়াৰ কৰিছিল, কোনোৱে মাটিৰ বাচন-বৰ্তন বনাইছিল, কোনোৱে বাঁহ-বেতৰ কাম কৰিছিল।
সিন্ধু সভ্যতাৰ খনন কার্যৰ সময়ত বহুতো নাৰীৰ মূৰ্তি উদ্ধাৰ হৈছিল। ইয়াৰ পৰা এয়ে অনুমান কৰা যায় যে সেই সময়ত নাৰীক উচ্চ স্থান আৰু মৰ্যাদা প্ৰদান কৰা হৈছিল। এই সভ্যতাৰ লোকসকল অত্যন্ত ধৰ্মপৰায়ণ আছিল। তেওঁলোকে বিশেষকৈ মূৰ্তিৰ পূজা কৰিছিল। কিন্তু মন্দিৰৰ দৰে কোনো ভগ্নাংশৱেশ খনন কার্যৰ সময়ত পোৱা নগ'ল। সেইবাবে ইতিহাসবিদসকলে কয় যে তেওঁলোকে মন্দিৰত নহয়; নিজৰ খেতি-পথাৰত পূজা কৰিছিল। তেওঁলোকে অগ্নিপূজা, জলপূজা, গছ-গছনিৰ পূজা কৰিছিল।
সিন্ধু সভ্যতাৰ বিলুপ্তি হোৱা চাৰি হাজাৰ বছৰৰো অধিক কাল পাৰ হ'ল। ইতিহাসবিদসকলে এই সভ্যতাৰ বিলুপ্তিৰ বিভিন্ন কাৰণ আগবঢ়াইছে। তাৰে ভিতৰত কেইটামান কাৰণ দাঙি ধৰিলোঁ …..
সিন্ধু সভ্যতা সিন্ধু নদীৰ পাৰত গঢ়ি উঠিছিল। গতিকে সিন্ধু নদীৰ ভয়ংকৰ বানে গাঁও-নগৰবোৰ উটুৱাই লৈ গৈছিল। সেয়ে বহুতো ইতিহাসবিদে বানপানীৰ বাবে এই মহান সভ্যতাৰ শেষ হৈছিল বুলি কয়।
কিছু লোকে কয় যে ইয়াৰ চহৰবোৰত মহামাৰীয়ে দেখা দিছিল। মহামাৰীৰ কবলত পৰি মানুহবোৰৰ মৃত্যু হৈ এই সভ্যতাৰ অন্ত পৰিছিল।
এই সভ্যতাৰ পতনৰ আন এক কাৰণ জলবায়ু পৰিৱৰ্তন বুলিও কোৱা হয়। পৰিৱৰ্ত্তিত জলবায়ুৰ ফলত বৰষুণৰ ৰ্পৰিমাণ কমি গৈছিল যাৰ ফলত খেতি কৰিব নোৱাৰাকৈ মাটি শুকাই গৈছিল। সেইবাবে ইয়াৰ মানুহবোৰে ঘৰ-বাৰী এৰি আন ঠাইলৈ গুচি গৈছিল।
আৰ্যসকলৰ আক্ৰমণো সিন্ধু সভ্যতাৰ পতনৰ অন্যতম কাৰণ।
এনেদৰে এই মহান সিন্ধু সভ্যতাৰ বিলুপ্তি হৈছিল বুলি ইতিহাসবিদসকলে মত পোষণ কৰিছে।
&&&&&&&&&&





Comments