মনৰ কথা


শাশ্বতী শৰ্মা, যোগ প্ৰশিক্ষক, মলিয়াগাঁও,
ঢেকিয়াল, গোলাঘাট
মৰমৰ অকণিহঁত, স্বাস্থ্যৰ কথা তোমালোক সকলোৱে নিশ্চয় জানা? স্বাস্থ্য ভালে ৰখাটো আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য। স্বাস্থ্য বুলিলে আমি কেৱল শাৰীৰিক স্বাস্থ্যকে বুজোঁ নহয়নে? ধৰা আমাৰ মগজু, চকু, কাণ, নাক, জিভা, হাত, ভৰি, পেট আদি।
কিন্তু,আমাৰ যে আৰু এটা মূল স্বাস্থ্য আছে সেই বিষয়ে কেতিয়াবা শুনিছানে? ৰ'বা, ৰ'বা… তোমালোকেনো ক'ৰ পৰা শুনিবা! আচলতে এই স্বাস্থ্যৰ কথা আমি ডাঙৰসকলেই বৰ কমকৈ জানোঁ। তথাপি আজি হ'লে তোমালোকক মই তোমালোকে নজনা সেই স্বাস্থ্যৰ কথাহে ক'ম দেই।
তোমালোকৰ বাৰু কেতিয়াবা মন বেয়া লাগেনে? বিচৰা বস্তুটো নাপালে খং উঠে নে? মা-দেউতাই ধমক দিলে দুখ লাগে, আকৌ লগৰীয়াৰ সতে খেলিবলৈ পালে পলকতে মনটো ভাল হৈ উঠে নহয় জানো? এই বেয়া লগা, খং উঠা, হঁহা-কন্দা, মৰম লগা সকলোবোৰ হৈ থাকে আমাৰ মনত আৰু মনৰ তেনে অৱস্থাকে আমি মানসিক অৱস্থা বা মানসিক স্বাস্থ্য বুলি কওঁ।
আমি যে আমাৰ শৰীৰৰ বাবে খাদ্য খাওঁ, যোগ-ব্যায়াম কৰোঁ, নিতৌ গা-পা ধুই চাফ- চিকুনকৈ থাকোঁ, অসুখ-বিসুখ হ'লে ডাক্তৰৰ ওচৰলৈ যাওঁ, ঔষধ খাওঁ ঠিক তেনেকৈ মনটোৰ বাবেও কৰিব লাগে নহয় নে? তেতিয়াহে আমাৰ মন ভালে থাকিব, আমি ভালকৈ পঢ়া-শুনা কৰি ভাল মানুহ হোৱাৰ লগতে নিৰোগী হ'ব পাৰিম।
এতিয়া মন ভালে ৰাখিবলৈ আমি কি কি কৰিব লাগে জানো আহা…..। আমি পুৱা সোনকালে উঠা আৰু ৰাতি সোনকালে শোৱাৰ অভ্যাস কৰিব লাগে। সেউজীয়া শাক-পাচলি, ফল-মূল, প্ৰয়োজন অনুসাৰে পানী গ্ৰহণ কৰিব লাগে।
আমাৰ স্বাস্থ্যৰ বাবে যোগাভ্যাস আৰু প্ৰাণায়ম বৰ দৰকাৰী জানানে? প্ৰাণায়মে উশাহ নিশাহৰ মাধ্যমেৰে মনলৈ একাগ্ৰতা আনে। মনোযোগ বঢ়াই তোলে। ইয়াৰ উপৰি তোমালোকে আলোচনী, কিতাপ আদি পঢ়া, নাচ, গান, কবিতা আবৃত্তি, সমনীয়াৰ সতে খেলা-ধূলা কৰা কামবোৰো সমানে কৰিবা দেই। সদায় কৰা প্ৰাৰ্থনায়ে তোমালোকৰ মন ফৰকাল কৰি যে ৰাখিব সেই কথা ডাঙৰ হ'লে আৰু ভালকৈ বুজিবাহঁক।
আমি সময় পালেই আজিকালি ম'বাইলত গেম খেলোঁ, কাটুন চাওঁ নহয়নে? কিন্তু এই মোবাইল ফোন আমাৰ বাবে যিমান উপকাৰী সিমান বেছি অপকাৰীও। কেৱল কামৰ বাবেহে আমি ম'বাইল ফোনৰ ব্যৱহাৰ কৰিব লাগে। ম'বাইল ফোনৰ লগত বন্ধুত্ব কৰাৰ সলনি আমি মন ভালে থাকিবলৈ গছ-গছনি, ফুল-তৰা, আকাশ, নদী, চৰাই চিৰিকটিৰ সতে বন্ধুত্ব পাতিব পাৰোঁ। গছপুলি ৰোৱা, গছত পানী দিয়া, চৰাই চিৰিকটিক খাবলৈ দিয়া কামবোৰ কৰি চাবাচোন। তোমালোকৰ ম'বাইল ফোনলৈ মনতেই নপৰিব।
এই কামবোৰৰ লগতে আমি আৰু কিছুমান অভ্যাস কৰি মন ভালে ৰাখিব পাৰোঁ। যেনে-দুখীয়াক সহায় কৰা, বিপদৰ সময়ত লগৰ বন্ধু-বান্ধৱীৰ কাষত ঠিয় দিয়া, মা-দেউতাৰ সতে কথা পতা, আনৰ ভালৰ বাবে প্ৰাৰ্থনা কৰা, সদায় সঁচা কথা কোৱা, আনৰ কথা কাহানিও বেয়াকৈ নোকোৱা ইত্যাদি। এই অভ্যাসসমূহে তোমালোকক মানসিকভাৱে বৰ আনন্দ দিব। এদিনতে আমি এই সকলোবোৰ কৰিব নোৱাৰোঁ, নহয় জানো? কিন্তু অভ্যাসেই সকলো। অভ্যাস কৰিলে আমি এই ভাল কামবোৰ হেলাৰঙে কৰিব পাৰিম। এটুপি দুটুপি পানীৰেহে সাগৰ ভৰি যায় নহয়নে?
মৰমৰ অকণিহঁত…. এতিয়া বাৰু তোমালোকে মোৰ মনৰ কথা বুজিলানে? স্বাস্থ্যইহে আমাৰ পৰম বন্ধু। সেয়েহে শৰীৰ আৰু মন দুয়োটাৰে আমি যত্ন লোৱা প্ৰয়োজন। শৰীৰ আৰু মন উভয়কে ধুনীয়াকৈ ৰাখি তোমালোক সদায়ে ভালে থাকিবা দেই। মোৰ মৰম আৰু শুভাশীষ আটাইলৈ থাকিল।
**************



Comments