বিৰিখ হৈ জীয়াও আহক........
- চুমিন্দ্ৰ চৌধুৰী, নয়দা

- Jul 14
- 3 min read

বিঃদ্ৰঃ - ছবিয়ে কথা কয় l বিশ্ব পাৰিপাৰ্শ্বিক দিৱস উপলক্ষে মোৰ কন্যা শ্ৰীমতী শ্ৰেয়াংশী আৰু মই ২০২৩ চনতে আঁহত গছৰ পুলি এটা ৰোপণ কৰিছিলোঁ। ঠাল-ঠেঙুলি মেলি লহপহকৈ বাঢ়ি অহা আঁহত গছজোপাৰ তিনিবছৰৰ পিছৰ বৰ্তমান ওপৰৰ ছবিখনৰ আলমত বিশ্ব পাৰিপাৰ্শ্বিক দিবস উপলক্ষে এই লেখাটো যুগুত কৰা হৈছে।
চুমিন্দ্ৰ চৌধুৰী, নয়দা
এবাৰ শাক্যমুনি ভগৱান বুদ্ধই সন্ধিয়াৰ প্ৰাৰ্থনাৰ অন্তত শিষ্যসকলক এডাল শাল গছৰ আত্মজ্ঞানৰ কাহিনী মন দি শুনিবলৈ ক'লে ৷
কেইবাশ বছৰ আগত কাশীৰাজ ব্ৰহ্মদত্তই এবাৰ এটা সুন্দৰ ৰাজপ্ৰসাদ সাজিবলৈ দেশৰ চুকে কোণে থকা পাৰ্গত বাঢ়ৈ সকলক আমন্ত্ৰণ দি আনিলে ৷ বাঢ়ৈসকল নিৰ্দিষ্ট দিনত উপস্থিত হোৱাৰ পাছত ৰজাই ৰাজপ্ৰসাদৰ নক্সাটো দেখুৱাই বুজাই দিছিল যে প্ৰসাদৰ চিলিংখন মাত্র এটা খুঁটাৰ ওপৰত ঠিয়হৈ থাকিব লাগিব ৷ বাঢ়ৈসকলে ৰজাৰ কথামতে প্ৰসাদটো সাজিবলৈ এডাল বিশাল আৰু পূৰঠ শাল গছৰ প্ৰয়োজন হ'ব বুলি জনালে ৷ ৰজাই বাঢ়ৈৰ কথা শুনি সামন্ত প্ৰহৰীক পূৰঠ আৰু বিশাল শালগছৰ সন্ধান কৰিবলৈ দিলে ৷ বহুতো বিচাৰ-খোচাৰ কৰি অৱশেষত ৰাজপ্ৰসাদৰ কাষৰ বাগিচাখনত থকা আটাইতকৈ পুৰণি আৰু বিশাল শালগছজোপাই নতুনকৈ সাজিবলগীয়া প্ৰসাদৰ একমাত্ৰ খুঁটাটোৰ বাবে উপযুক্ত হ'ব বুলি সিদ্ধান্ত লোৱা হ'ল ৷ ৰজাই শালগছজোপা কাটি আনিবলৈ বাঢ়ৈসকলক অনুমতি দি শীঘ্ৰেই ৰাজপ্ৰসাদৰ কাম আৰম্ভ কৰিবলৈ আদেশ দিলে ৷

কাশীৰাজ ব্ৰহ্মদত্তৰ পূৰ্ব পুৰুষতকৈ পুৰণি শালগছজোপাত বহু বছৰ ধৰি বসবাস কৰি থকা বৃক্ষ দেবতাজনে ৰজাই গছডাল কাটিবলৈ অনুমতি প্ৰদান কৰাৰ বাবে মৰ্মাহত হৈ পৰিছিল ৷ বৃক্ষ দেৱতাই সেই ৰাতিয়েই কাশীৰাজ ব্ৰহ্মদত্তক সপোনত দৰ্শন দি গছডাল নাকাটিবলৈ অনুৰোধ কৰিছিল ৷ পাছে ৰজাই ৰাতি দেখা সপোনটোৰ প্ৰতি কোনো গুৰুত্ব নেদেখুৱালে ৷ অৱশেষত কাশীৰাজ নিজৰ সিদ্ধান্তত অটল হৈ থকাৰ উমান পাই সাতামপুৰুষীয়া শালগছজোপাৰ আত্মাই নিজে আহি ৰজাৰ সন্মুখত ঠিয় দি ক'লে, “ৰাজন, আপুনি মোক গুৰিতে কাটি বগৰাই নেপেলাব ৷ প্ৰথমে মোৰ আগৰ অংশটো সাৱধানে কাটি পেলাব ৷ তাৰপাছত ডাল সমূহ ৰেপি ৰেপি কাটি পেলাব ৷ চাব যাতে ডালসমূহ অসাৱধানভাৱে মাটিত পৰি নাযাই ৷ আৰু একেবাৰে শেষত মোক একেটানে মাটিৰ পৰা উঘালি পেলাব ৷”
কাশীৰাজ ব্ৰহ্মদত্তই শালগছজোপাৰ আত্মাৰ কথাখিনি শুনি উৎসুকতাৰে প্ৰশ্ন কৰিলে, “হে শাল বৃক্ষ কিহৰ কাৰণে আপুনি ইমান যন্ত্ৰণাদায়ক মৃত্যু বিচাৰিছে? অলপ খোলাকৈ কওকছোন ৷”
শাল বৃক্ষই কাশীৰাজ ব্ৰহ্মদত্তৰ প্ৰশ্নৰ উত্তৰত কলে, “ৰাজন মই কেইবাশ বছৰ ধৰি এইখন ঠাইত জীৱন নিৰ্বাহ কৰিলোঁ ৷ মই মোৰ এই দীৰ্ঘ জীৱনটোত আপোনাৰ বহুতো উপৰিপুৰুষৰ জীৱনকাল দেখিলোঁ, বহুতো তৰু তৃণৰ জন্ম আৰু মৃত্যুও দেখিলোঁ ৷ বছৰ বছৰ ধৰি বহুতো চিনাকি- অচিনাকি কীট-পতংগ, চৰাই-চিৰিকটিয়ে মোৰ ডাল-পাতত ঘৰ সংসাৰ পাতি আছে ৷ আপুনি গুৰিতে কাটি মোক বগৰাই পেলালে সেই নিৰ্দোষী নিচলা প্ৰাণীবোৰৰ অকাল মৰণ হ'ব ৷ নতুন কৈ জন্ম পোৱা পোৱালিবোৰ আৰু উমনিত থকা কণীবোৰৰ ভ্ৰূণবোৰে পৃথিৱীখন দেখাৰ আগতেই তাঁহাতৰ আশাৰ পৃথিৱীখন চূৰমাৰ হৈ যাব ৷ মোৰ বিশাল শৰীৰটো ভূমিত পৰি গ’লে তলত নতুনকৈ গজালি মেলা তৰু তৃণবোৰো ধংস হৈ যাব ৷ সেই গতিকে মোক ৰেপি ৰেপি কাটি আৰু শেষত উভালি পেলালে অন্তঃত কিছু পৰিমাণে চৰাই চিৰিকটিৰ লগতে কীট-পতংগৰো প্ৰাণ বাচি যাব ৷
শাল গছজোপাৰ আত্মাৰ কথাখিনি শুনি কাশীৰাজ ব্ৰহ্মদত্তৰ অৱস্থা শিল পৰা কপৌটোৰ দৰে হ'ল ৷ ৰজাই নিজে কৰিব ওলোৱা ভুলৰ বাবে অনুতপ্ত হ'ল আৰু ৰাজ প্ৰসাদৰ নিৰ্মাণৰ কাৰণে ভৱিষ্যতেও যাতে গছ-বিৰিখ নাকাটে, তাৰ বাবে আইন প্ৰণয়ন কৰি দিলে ৷ ভগৱান বুদ্ধই কাশীৰাজ ব্ৰহ্মদত্তৰ কাহিনীটো কোৱাৰ পাছত শিষ্যগণকো প্ৰকৃতিৰ সুৰক্ষা প্ৰতি নিজকে দায়বদ্ধ হ'বলৈ উদ্বুদ্ধ কৰিছিল ৷
আমাৰ পূণ্যভূমি ভাৰতবৰ্ষ সচাঁকৈয়ে বহুতো উচ্চ মানৰ ৰীত-নীতি, বিশ্বাস আৰু সমাজ ব্যৱস্থাৰে সমৃদ্ধ আছিল ৷ পৰবৰ্তীকালত বিভিন্ন জাতি ধৰ্মলোকৰ অগ্ৰাসনৰ কবলত আমাৰ অতীজৰ বিশ্বাস ব্যৱস্থা আৰু চিন্তাধাৰাৰ অপমৃত্যু হ'ল ৷ পাশ্চাত্যৰ উপনিবেশবাদৰ কবলত আমি নিজকে নিজে পাহৰি যাবলৈ ধৰিলোঁ ৷ তেওঁলোকৰ সন্মুখত নিজকে হীনমন্য সজাবলৈ ল'লো। তাৰেই সুযোগ লৈ আজি পাশ্চাত্যৰ বুদ্ধিজীৱী সকলে আমাৰ পুৰণি ঐতিহাসিক সমাজ ব্যৱস্থা, বিশ্বাস ব্যৱস্থা আৰু ৰীতি নীতিবোৰক কৌশলগতভাৱে নিজৰ ভাষাৰে ৰচনা কৰি আমাৰ জ্ঞান চকু মেল খুৱাবলৈ তৎপৰ হৈ পৰিছে ৷ প্ৰকৃতিৰ প্ৰতি সন্মান আৰু সুৰক্ষাৰ বাবে সামাজিক দায়বদ্ধতাৰ দৃষ্টান্ত পুৰাণ আৰু উপনিষদতো বহু পঢ়িবলৈ পোৱা যায় ৷ পুৰাণত উল্লেখ আছে-
"ছায়ামনস্য কুৰ্ৱন্তি তিষ্ঠন্তি স্ৱমাতপে।
ফলান্য়াপি পৰাৰ্থায় ৱৃক্ষাঃ সৎপুৰূষাঃ ইৱ ।।"
অৰ্থাত এডাল গছে নিজে সূৰ্য্যৰ তীব্ৰ ৰ'দ সহ্য কৰি আনক ছাঁ দিয়ে, নিজৰ ফলেৰে ভোকাতুৰৰ পেট ভৰোৱায় ৷ একেদৰে এজন সৎ মানুহেও নিজৰ কষ্টোপাৰ্জিত জ্ঞান, বুদ্ধি আৰু ধন পৰোপকাৰৰ বাবে, মংগলৰ কাৰণে উৎসৰ্গা কৰে ৷ আহক আমিও কাশীৰাজ ব্ৰহ্মদত্তৰ ৰাজ্যৰ উদাৰ মনৰ বিশাল হৃদয়ৰ শাল গছজোপাৰ চানেকিৰে উদ্বুদ্ধ হৈ প্ৰকৃতিৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে নিজকে দায়বদ্ধ কৰি তোলোঁ আৰু এখন সুন্দৰ পৃথিৱীৰ সূচনা কৰোঁ l
🌱🌱🌱🌱🌱🌱



Comments