বিশেষভাৱে সক্ষম শিশু
- লীনুমা গগৈ, তিনিচুকীয়া

- Jul 14
- 2 min read

মৰমৰ মইনাহঁত, আশাকৰোঁ সকলোটি কুশলে আছা । আজি তোমালোকৰ লগত বাধাগ্ৰস্ত শিশু বা বিশেষভাৱে সক্ষম শিশুসকলৰ কথা আলোচনা কৰিম দেই ।
প্ৰথমতে আমি কোনসকল শিশুক বাধাগ্ৰস্ত বা বিশেষ প্ৰয়োজন সম্পন্ন বা বিশেষভাৱে সক্ষম শিশু বুলি ক’ম বাৰু?
বাধাগ্ৰস্ত বা বিশেষ প্ৰয়োজন সম্পন্ন বা বিশেষভাৱে সক্ষম শিশু বুলিলে আমি সেইজনক বুজিম যি জনৰ দীৰ্ঘকালীন শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু সংবেদনমূলক অসুবিধা আছে আৰু ফলস্বৰূপে তেওঁলোকে বিদ্যালয় বা সমাজৰ বিভিন্ন কাম-কাজত অংশগ্ৰহণ কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হয় আৰু তাৰ বাবে সমাজত তেওঁলোকে সমভাবে অংশগ্ৰহণ কৰিব নোৱাৰে ।
কিন্তু মইনাহঁত, তেওঁলোকে তোমালোকৰ দৰে সকলো কাম -কাজত অংশগ্ৰহণ কৰিব নোৱাৰে বুলিয়েই তেওঁলোকক আওকাণ কৰিলে হ'ব জানো ? কাৰণ তেওঁলোকৰো তোমালোকৰ দৰে এটা মন আছে, আকাশ চুবলৈ তেওঁলোকৰো মন যায় । তোমালোকৰ সমানে সমানে তেওঁলোকৰো আগুৱাই যোৱাৰ অধিকাৰ আছে নহয় নে ?
সেই সকল শিশুৰ ভিতৰত কাৰোবাৰ হয়তো কোনো এখন ক্ষেত্ৰত শাৰীৰিক বা মানসিকভাৱে অসুবিধা আছে কিন্তু আন এখন ক্ষেত্ৰত আকৌ তেওঁৰ অভাৱনীয়ভাৱে চমকপদ ফল দেখুৱাব পৰা ক্ষমতা আছে । যেনে : ধৰা এজন শিশুৱে ভালদৰে খোজ কাঢ়িব নোৱাৰে গতিকে তেওঁ ভালকৈ দৌৰিব নোৱাৰে। কিন্তু তেওঁ খুব সুন্দৰকৈ গান গাব বা ছবি আঁকিব পাৰে । এনেবোৰ কাৰণতে আজিকালি এই শিশুসকলক "বিশেষভাৱে সক্ষম শিশু" বুলি স্বীকৃতি দিয়া হৈছে । আমাৰ দেশৰ শিক্ষা ব্যৱস্থাটো এই শিশু সকলক আন শিশুৰ পৰা নিলগাই নাৰাখি আন সকলো শিশুৰ দৰেই সমানে আগবাঢ়ি যাব পৰাকৈ "সৰ্বাত্মক শিক্ষা (Inclusive education) ৰ ব্যৱস্থা কৰিছে ।
সৰ্বাত্মক শিক্ষা (Inclusive education) নো কি ?
সৰ্বাত্মক শিক্ষা হ'ল এনে শিক্ষা ব্যৱস্থা য'ত বিশেষভাৱে সক্ষম শিশু সকলক আন শিশু সকলৰ লগতে একেলগে একেটা শ্ৰেণী কোঠাতে তেওঁলোকৰ সকলো সাধাৰণ আৰু বিশেষ প্ৰয়োজন পূৰণ কৰি শিক্ষা দিয়া হয় । শিক্ষাৰ অধিকাৰ আইন ২০০৯ ৰ জৰিয়তে এই শিক্ষা ব্যৱস্থাত ৬ ৰ পৰা ১৮ বছৰ বয়সলৈকে সামৰি লোৱা হৈছে । সেইকাৰণে বিশেষভাৱে সক্ষম শিশু সকলৰ সকলো প্ৰয়োজন পূৰণ কৰি শিক্ষা দিয়াটো বাধ্যতামূলক । ইয়াত এই সকল শিশু কেতিয়াও সমস্যাৰ কাৰণ হ'ব নোৱাৰে, তাৰ পৰিৱৰ্তে সকলো শৈক্ষিক উপকৰণ ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন অনুযায়ী সংযোজন কৰি শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে। এনে ব্যৱস্থাই ভিন্নতা অথবা বিচিত্ৰতাক সন্মান দিয়ে। মইনাসকল, তোমালোকৰ বিদ্যালয়তো যদি এনেকুৱা ছাত্ৰ-ছাত্ৰী আছে তেন্তে তেওঁলোকক অনুকম্পা নেদেখোৱাবা অথবা উপলুঙা কৰি তোমালোকৰ পৰা আঁতৰাই নাৰাখিবা কাৰণ তেওঁলোকো তোমাৰ দৰেই একোজন শিশু, তেওঁলোকৰো তোমালোকৰ দৰেই জগত জিনিবলৈ মন যায়। সেয়েহে তেনে ছাত্ৰ-ছাত্ৰীক তোমাৰ বন্ধু বুলি আকোঁৱালি ল'বা, তেওঁলোকক আগুৱাই যোৱাত সহায় কৰিবা।
মইনাহত আজিলৈ ইমানতে এৰিলোঁ। পিছলৈ পৰ্যায়ক্ৰমে বাধাগ্ৰস্ততাৰ প্ৰকাৰ (Types of Disability), সেই শিশুসকলৰ অধিকাৰৰ আইন, আমাৰ শিক্ষা ব্যৱস্থাত থকা সা-সুবিধাসমূহ, আমাৰ দায়িত্ব আদিৰ বিষয়ে আলোচনা কৰিম।
সকলোৱে ভালে থাকা। তোমালোকৰ কুশল কামনাৰে,
লীনুমা গগৈ
তিনিচুকীয়া।



Comments