top of page
  • Black Facebook Icon
  • Black Instagram Icon

নমী জেঠাইৰ চিঠি

  • Writer: চেহনাজ হুচেইন (নমী), নৱী মুম্বাই
    চেহনাজ হুচেইন (নমী), নৱী মুম্বাই
  • Apr 12
  • 3 min read

মৰমৰ মইনাহঁত,


এইয়া মই নমী জেঠাইয়ে মুম্বাইৰ পৰা ‘সূৰুযমুখী’ আলোচনীখনৰ জৰিয়তে তোমালোকৰ লগত চিনাকি হ'বলৈ আৰু  মুম্বাই মহানগৰীত দেখা আৰু নতুন যেন লগা কিছু কথা তোমালোকক জনাবলৈ বুলি আগবাঢ়িছোঁ…… ।

 

মই বৰ্তমান নৱী মুম্বাইৰ এখন বিদ্যালয়ত অধ্যক্ষ হিচাপে কাম কৰি আছোঁ। এই বিদ্যালয়খনত একেবাৰে সৰু শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি কলেজৰ ছাত্ৰ-ছাত্ৰীলৈকে শিক্ষা প্ৰদান কৰা হয়। সৰুকালছোৱাত ময়ো অসমৰ গাঁও অঞ্চলতে শিক্ষা জীৱন আৰম্ভ কৰিছিলোঁ।  গতিকে অসমৰ ছাত্ৰ-ছাত্ৰীসকলে কেনেকুৱা পৰিৱেশ পৰিস্থিতিৰ মাজেৰে, কেনে পদ্ধতিৰে শিক্ষা গ্ৰহণ কৰে আৰু মুম্বাইৰ মহানগৰীত ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰিবলৈ আমি কেনে ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয় তাৰে কিছু ধাৰণা তোমালোকৰ আগত দাঙি ধৰিবলৈ বিচাৰিছোঁ।

 

তোমালোকে চাগৈ ভাবা, মহানগৰৰ শিশুসকলৰ জীৱনটো কিমান সুন্দৰ! তেওঁলোকে কিমান সুখ-সুবিধা আৰু স্বচ্ছন্দতাৰ মাজেৰে জীৱন উপভোগ কৰে! কিন্তু আচলতে জানা সৰু নগৰ, চহৰ বা গাঁৱৰ জীৱনটোৰো এটা বেলেগ আমেজ আৰু আনন্দ আছে। বৰঞ্চ কিছু কিছু ক্ষেত্ৰত চহৰীয়া জীৱনতকৈ গাঁৱৰ জীৱন বেছি উপভোগ্য হয় আৰু গাঁও অঞ্চলৰ শিশুৱে বাল্যকালৰ পৰাই আপোনা-আপুনি বহু জ্ঞান প্ৰকৃতিৰ পৰাই আহৰণ কৰে।

 

মহানগৰৰ জীৱন-যাপনৰ খৰচ গাঁৱ অঞ্চলতকৈ তুলনামূলকভাৱে বহুত‌‌ বেছি। সেইকাৰণে সন্তানক ভাল বিদ্যালয়ত‌‌ পঢ়াবলৈ হ’লে শিশুৰ পিতৃ-মাতৃ উভয়ে উপাৰ্জন কৰিলেহে তেনে কৰিবলৈ সমৰ্থ হয়। তাৰ ফলত কনমাণি ল’ৰা- ছোৱালীবোৰে পুৱা শুই উঠিয়েই সোনকালে বিদ্যালয়লৈ যাব ল’গা হয় আৰু বিদ্যালয় ছুটি হোৱাৰ পিছতো বাহিৰে বাহিৰে শিশু ৰখা ঘৰলৈ (Day care) গৈ দিনটোৰ বাকী সময়খিনি কটাবলগীয়া হয়। কাৰণ তেওঁলোকৰ পিতৃ-মাতৃসকল দিনটো নিজৰ কামতে ব্যস্ত থাকে আৰু ৰাতিহে তেওঁলোকক লগ দিব পাৰে। অন্যথা দেওবাৰে বা কাৰ্যলয় বন্ধ থকাৰ দিনতহে শিশুৱে পিতৃ-মাতৃৰ লগত ভালদৰে সময় কটাবলৈ সমৰ্থ হয়।

 

সেয়েহে মহানগৰৰ বিদ্যালয়বোৰৰ ওপৰত বহুতো দায়িত্ব আহি পৰে….। ইয়াৰ বিদ্যালয়বোৰৰ কণমানিসকলে যাতে জীৱনত শিকিবলগীয়াখিনি সময়মতে শিকিব বা বুজিব পাৰে তাৰ কাৰণে বেলেগ ধৰণৰ‌ কাৰ্যক্ৰম বা কৰ্মশালা আদিৰ ব্যৱস্থা কৰা হয়। তাৰ ভিতৰত এটা হ'ল বিষয়ভিত্তিক নাটক (Thematic play)।

 








"Thematic play"

participated

by

the

children










আহা, আজি তোমালোকক মুম্বাইৰ শিশুসকলক বিষয়ভিত্তিক নাটকৰ জৰিয়তে চৰাইৰ‌ বিষয়ে কেনেকৈ শিকোৱা হয়, তাকে কওঁ….।  যিহেতু মহানগৰৰ ঘন বসতিপূৰ্ণ আৰু ওখ অট্টালিকা থকা এলেকাত বাস কৰা শিশুসকলে সচৰাচৰ দেখা পোৱা কাউৰী, শালিকী, পাৰ চৰাই আদি বিশেষ কিছুমান চৰাইৰ বাহিৰে আন চৰাই দেখা নাপায়, সেয়েহে বিদ্যালয়বোৰত‌ চৰাইৰ কৃত্ৰিম অভয়াৰণ্য (artificial Bird sanctuary) ৰ সৃষ্টি কৰি শিশুসকলক আন আন চৰাইৰ বিষয়েও শিকোৱা হয়। লগতে কৃত্ৰিম অভয়াৰণ্য চাবলৈ যাওঁতে টিকট-কাউণ্টাৰত কেনেকৈ টিকট কৰি,  শাৰী পাতি শৃংখলাবদ্ধভাৱে সোমাব লাগে সেই শিক্ষাও দিয়া হয়।   

 

কৃত্ৰিম অভয়াৰণ্যত সোমোৱাৰ পাছত এজন কৰ্মচাৰীয়ে শিশুসকলক চৰাইৰ  অংগ পতংগৰ বিষয়ে বাখ্যা কৰে আৰু অলপ আগবাঢ়ি গৈ শিশুসকলক বিভিন্ন চৰাইয়ে কি দৰে বেলেগ বেলেগ বাহ সাজি বাস কৰে তাৰ শিক্ষা দিয়া হয়। লগতে ভিন্ন ভিন্ন চৰাইয়ে কেনেধৰণৰ খাদ্য খায় তাকো শিকোৱা হয় আৰু দেখোৱা হয়। আৰু অলপ আগুৱাই গ'লে শিশুসকলক দেখুওৱা হয় বিভিন্ন চৰাইৰ কণী দেখিবলৈ কেনেকুৱা। বিভিন্ন কণীৰ ফটোৰ‌ লগত কণী পৰা চৰাইজনী মিলাই দেখুওৱা হয়। তাৰপিছত শিশুসকলক কৃত্ৰিম গছ-গছনিৰ মাজলৈ লৈ যোৱা হয় আৰু একো একোটা  বাইনাকুলাৰ দি গছৰ পৰা ওলমাই ৰখা চৰাইবোৰ হিচাব কৰিবলৈ কোৱা হয়। লগতে তেওঁলোকক চৰাইৰ নাম‌বোৰো কোৱা হয়। কৃত্ৰিম অভয়াৰণ্যৰ পৰা ওলাই অহাৰ পথত শিশুসকলৰ হাতত একোখনকৈ  ৱৰ্কচিট (worksheet) দিয়া হয় যʼত তেওঁলোকে বহুত চৰাইৰ মাজৰ পৰা সদ্যহতে দেখি অহা চৰাইবোৰ‌ বিচাৰি উলিয়াই দাগ দিব ল’গা হয়।

 

এইবিলাকৰ লগতে সম্পূৰ্ণ সময়ছোৱাত চৰাইবোৰে যাতে ভয় নাখাই বা আমনি নাপাই তাৰবাবে শিশুসকলক চিঞৰ-বাখৰ নকৰিবলৈ শিকোৱা হয়। তদুপৰি য’তে ত’তে খোৱাবস্তু পেলাই অভয়াৰণ্যখন‌ যাতে লেতেৰা নকৰে তাৰ প্ৰতিও ধ্যান দিবলৈ শিকোৱা হয়।

 

এইদৰেই মহানগৰৰ শিশুসকলে চৰাইৰ বিষয়ে জ্ঞান আহৰণ কৰে। কিন্তু গাঁৱ বা সৰু চহৰবোৰ গছ-গছনিৰে ভৰি থাকে বাবে প্ৰাকৃতিক ভাৱেই শিশুসকলে চৰাই বা আন সৰু জীৱ-জন্তু দেখিবলৈ বা জানিবলৈ সুবিধা পায়। আমাৰ উদ্দেশ্য হৈছে গাঁৱেই হওঁক বা চহৰেই হওঁক, আমাৰ শিশুসকলে যাতে সৰু অৱস্থাৰ পৰাই জানিবলগীয়া সকলো বিষয়ৰ জ্ঞান অৰ্জন কৰি লাভৱান হ’ব পাৰে আৰু ইয়াৰ দ্বাৰা অপাৰ আনন্দ উপভোগ কৰি জীৱনৰ বাটত সাহসেৰে আগুৱাই যাব পাৰে।

 

তোমালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে…..


তোমালোকৰ

নমী জেঠাই

(চেহনাজ হুচেইন), নৱী মুম্বাই

 

(আগলৈ ......)



JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page