top of page
  • Black Facebook Icon
  • Black Instagram Icon

যুব প্ৰজন্মৰ দায়িত্ব - দীপামণি

  • Writer: দীপামণি কোচ ভৰালী, বৰপথাৰ, গোলাঘাট
    দীপামণি কোচ ভৰালী, বৰপথাৰ, গোলাঘাট
  • 5 days ago
  • 2 min read


দীপামণি কোচ ভৰালী

বৰপথাৰ, গোলাঘাট


অদম্য জীৱনীশক্তি আৰু প্ৰত্যাশাৰে পৰিপূৰ্ণ যুৱ প্ৰজন্ম একোটা জাতিৰ দীপ্তৰঞ্জন ভৱিষ্যতৰ প্ৰতিভূ। স্বাভাৱিকতেই যুৱ প্ৰজন্ম সমাজৰ এক নিৰ্ণায়ক অংশ। তেনে এক গুৰুত্বপূৰ্ণ অংশৰ কান্ধতে থাকে সামাজিক দায়বদ্ধতাৰ ভাৰখন।

     

সাম্প্ৰতিক সময়খিনিত বিভিন্ন ক্ষেত্ৰৰ অস্থিৰতাই পৃথিৱীখনক অসমতুল কৰি তুলিছে। তাৰ মাজৰেই শিশুবোৰৰ জন্ম হৈছে আৰু ডাঙৰো হৈ আহিছে। ডাঙৰ হৈ তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। অথবা এইবোৰৰ মাজতেই জীৱনক আগুৱাই নিবলগীয়াও হৈছে। এইবোৰক এৰাই চলা সম্ভৱপৰ নহয়। কিন্তু এই অস্থিৰতা, এই সমস্যাক কিছু দূৰলৈকে অন্ততঃ নোহোৱা কৰিবলৈ প্ৰচেষ্টা একোটা চলাব পাৰি। যি প্ৰচেষ্টাই জীৱনৰ অনাগত দিনবোৰ কৰি তুলিব সুষম। এই প্ৰচেষ্টাৰ আৰম্ভণিতেই থাকে দায়বদ্ধতাবোধ । বিশেষকৈ, সামাজিক দায়বদ্ধতাৰ প্ৰাথমিক পাঠখিনি যুৱ প্ৰজন্মই নিজৰ পিতৃ- মাতৃ, সমাজৰ জ্যেষ্ঠজন তথা শিক্ষানুষ্ঠানৰ পৰা আয়ত্ত্ব কৰে। এয়া আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়ো দিশেৰে হয়।

     

মানুহে পৰিয়ালৰ চাৰিবেৰৰ ভিতৰত থাকিয়েই সমাজৰ সৈতে পৰিচিত হয়। সমাজৰ অস্তিত্ব আৰু গুৰুত্ব বুজি উঠাৰ লগে লগেই যুৱক-যুৱতীসকলে অনুভৱ কৰে কিছুমান দায়বদ্ধতা। নিজৰ চাৰিওফালৰ পাৰিপাৰ্শ্বিকতা অধ্যয়ন কৰিব পৰা হোৱাৰ লগে লগে পৰিবেশৰ সুৰক্ষাৰ বাবে দায়বদ্ধতা অনুভৱ কৰে। শিক্ষানুষ্ঠানৰ প্ৰতি প্ৰেম আৰু শ্ৰদ্ধা জাগি উঠাৰ লগে লগেই শিক্ষাৰ বিস্তাৰ, শিক্ষাৰ প্ৰতি সজাগতা, দক্ষতা বিকাশ আদিৰ দৰে বিষয়বোৰৰ ক্ষেত্ৰত নিজকে দায়বদ্ধ বুলি অনুভৱ কৰিব পাৰে। একেদৰেই, যুৱশক্তিয়ে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো নিজৰ দায়বদ্ধতা আছে বুলি মানি লয়। অৱশ্যে এই গোটেইবোৰৰ বাবে সদিচ্ছা, সৎ সাহস আৰু ধনাত্মক মনোবল নিজৰ মাজত প্ৰাথমিক চৰ্ত হিচাপে থাকিবই লাগিব।

    

ইয়াৰ বাবে তেওঁলোকে অভিজ্ঞ, জ্ঞানপুষ্ট জ্যেষ্ঠজনৰ সহায় সহযোগিতাৰে প্ৰথমতে তিনিটা বিশেষ পদ্ধতি অৱলম্বন কৰিলে সুফল পাব বুলি আশা কৰোঁ। সেইকেইটা এনেধৰণৰ হ’ব….

 

(১) নিজৰ নিজৰ অঞ্চলবোৰত থকা স্থানীয় বেচৰকাৰী সংস্থা (NGO), শৈক্ষিক সাংস্কৃতিক অনুষ্ঠান, সামাজিক মাধ্যমত গঠন হোৱা উন্নয়নকামী সংস্থা ইত্যাদিৰ সৈতে সংযুক্ত হৈ স্বেচ্ছাসেৱক হিচাপে সেৱা আগবঢ়াব পাৰে।

 

(২) সামাজিক মাধ্যমক ধনাত্মকভাৱে ব্যৱহাৰ কৰি সমাজৰ বিভিন্ন স্তৰত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াসৰ যোগেদি দায়বদ্ধতাৰ পৰিচয় দিব পাৰে। শিশু শ্ৰমিক, বাল্য বিবাহ, নাৰী নিৰ্যাতন আদিৰ দৰে জ্বলন্ত সমস্যাসমূহৰ ক্ষেত্ৰত প্ৰয়োজনীয় জনমত গঠন কৰি যুৱ প্ৰজন্মও যে দায়বদ্ধ সেই কথা বুজাই দিব পাৰে।

 

(৩) নেতৃত্ববোধৰ বিকাশৰ যোগেদিও যুৱ প্ৰজন্মই দায়বদ্ধতাৰ প্ৰমাণ দিব পাৰে। জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ শিশুসকলৰ বাবে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰাত আগভাগ লৈ, ৰুগীয়া আৰু অকলশৰীয়া বৃদ্ধলোকৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ বা প্ৰশাসনক বাধ্য কৰিবলৈ নেতৃত্ব ল'ব পাৰে।

 

সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ স্থিতি সম্পৰ্কে কৰা আলোচনাবোৰ অতি ব্যাপক।  সেই আলোচনা কম পৰিসৰত সামৰা সম্ভৱ নহয়।  এইবোৰ আলোচনাত বহুত প্ৰাসংগিক বিষয়বস্তুৰ সমাৱেশ হয়।  যেনে -  মনোবিজ্ঞানৰ পৰা সমাজ বিজ্ঞানলৈ, শিশুৰ প্ৰতিপালনৰ পৰা পিতৃ- মাতৃৰ দায়িত্ব আৰু কৰ্তব্যলৈকে ইত্যাদি।  কিন্তু ইয়াত কেৱল অনুভৱৰ দৃষ্টিভংগীৰে কিছু কথাক চুই যোৱাহে হৈছে। অৰ্থাৎ এই সামান্য কথাকেইটাৰ যোগেদি কথা কিছুমান ভাবিবলৈ মাত্ৰ উনুকিয়াইহে দিয়া হ'ল।


#############


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page