top of page
  • Black Facebook Icon
  • Black Instagram Icon

সামাজিক দায়বদ্ধতা আৰু যুৱ প্ৰজন্ম

  • Writer: বিজিত কুমাৰ ভাগৱতী, যোৰহাট
    বিজিত কুমাৰ ভাগৱতী, যোৰহাট
  • Apr 12
  • 2 min read


বিজিত কুমাৰ ভাগৱতী, লখিমী নগৰ, যোৰহাট


সমাজ হৈছে মানুহৰ এক শৃঙ্খলাবদ্ধ গঠন। ব্যক্তিৰ সমষ্টিয়েই হ'ল সমাজ। সেয়েহে প্ৰতিজন ব্যক্তিৰেই নিজৰ সমাজখনৰ প্ৰতি কিছুমান কৰ্তব্য আৰু দায়িত্ব থাকে। একেলগে থাকি বাস কৰাৰ বাবে সমাজখনত শান্তি শৃঙ্খলা, সহানুভূতি আৰু আৰু উন্নতিৰ ধাৰা বজাই ৰাখিবলৈ সকলোৰে কিছুমান অৱধাৰিত দায়িত্ব থাকে। এই দায়িত্ব সমূহকেই সামাজিক দায়বদ্ধতা বুলি ক’ব পাৰি।

   

সমাজৰ এক গুৰুত্বপূৰ্ণ শক্তিশালী অংশ হ'ল যুৱপ্ৰজন্ম। যুৱক-যুৱতী সকলৰ মাজত শক্তি, উদ্যম আৰু নব্য চিন্তাধাৰাৰ পয়োভৰ বেছি। সেয়েহে যুৱসমাজে সামাজিক দায়বদ্ধতা পালন কৰাটো অত্যন্ত প্ৰয়োজনীয়। আজিৰ যুৱসমাজ কাইলৈৰ বাবে দেশৰ ভৱিষ্যৎ। তেওঁলোক শক্তি, সৃষ্টিশীলতা আৰু নতুন চিন্তাধাৰাৰে পৰিপূৰ্ণ। যদি এই শক্তি সঠিক দিশত ৱ্যৱহাৰ কৰা হয়, তেন্তে সমাজত সকলোৰে বাবে গ্ৰহণযোগ্য পৰিৱৰ্তন আনিব পৰা যায়। উদাহৰণস্বৰূপে শিক্ষাৰ প্ৰসাৰ, পৰিৱেশ সংৰক্ষণ, দৰিদ্ৰ লোকক সহায় আৰু সামাজিক অন্যায়ৰ বিৰুদ্ধে অৱস্থান লোৱা, আদি এইবোৰত যুৱসমাজৰ অংশগ্ৰহণ অতি প্ৰয়োজনীয়।

 

অতি পৰিতাপৰ বিষয় যে বৰ্তমান সময়ত কিছুমান যুৱক-যুৱতীয়ে‌ সামাজিক দায়বদ্ধতাৰ পৰা আতঁৰি যোৱাৰ প্ৰৱণতা দেখা যায়। তেওঁলোকে ব্যক্তিগত জীৱন, মোবাইল ফোন, সামাজিক মাধ্যম আদিত ব্যস্ত হৈ‌ থাকে। এই অৱস্থা সমাজৰ বাবে এক চিন্তাৰ বিষয়। সে‌য়েহে যুৱ প্ৰজন্মক সঠিক শিক্ষা পোৱাৰ ব্যৱস্থা কৰা, নৈতিক প্ৰমূল্য বোধ উপলব্ধি কৰিবলৈ শিকোৱা আৰু সামাজিক সচেতনতা প্ৰদান‌ কৰাটো অত্যন্ত জৰুৰী। পঢ়াশালিসমূহ,  পৰিয়ালবৰ্গ আৰু সমাজে একেলগে এই ক্ষেত্ৰত‌‌ একেলগে কাম কৰিব লাগিব।

     

পুৰণি কালত সেইকালৰ যুৱপ্ৰজন্মই সমাজৰ বাবে বহু উল্লেখযোগ্য বৰঙণি আগবঢ়াই যোৱাৰ দৃষ্টান্ত  দেখা পোৱা যায়। উদাহৰণ স্বৰূপে ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত বহু যুৱকে দেশৰ বাবে নিজৰ জীৱন পৰ্যন্ত উৎসৰ্গা কৰিছিল। এই ক্ষেত্ৰত ভগতসিং, চন্দ্ৰশেখৰ আজাদ আদিৰ নাম উল্লেখ কৰিব পাৰি। আকৌ অসম আন্দোলনৰ সময়তো অসমীয়া যুৱ সমাজে নিজৰ ভাষাটো আৰু সমাজ-সংস্কৃতি ৰক্ষা কৰি জাতিটো বচাবলৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। সৌ সিদিনা চুইডিছ ছোৱালী গ্ৰেটা থানবাৰ্গয়ে (Greta Thunberg) মাথো ১৫ বছৰ বয়সতে‌ গোলকীয় উষ্ণতা (global warming) ৰ পৰা পৃথিৱীক বচাই পৰিবেশ ৰক্ষাৰ বাবে বিশ্বজুৰি সজাগতাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। আমাৰ দেশতো বহু যুৱকে বৃক্ষৰোপণ, প্লাষ্টিক বিৰোধী অভিযান চলাই থকা দেখা যায়। আজিৰ ডিজিটেল যুগত যুৱ প্ৰজন্ম ই-শিক্ষাৰ ক্ষেত্ৰতো উল্লেখযোগ্য ভূমিকা লৈছে। বহু যুৱকে অনলাইন মাধ্যমৰ জৰিয়তে স্কুলী‌য়া ছাত্ৰ ছাত্ৰীক শিক্ষা আগবঢ়াইছে। ইয়াৰোপৰি ৰক্তদান শিবিৰ, স্বেচ্ছাসেৱী ক্লাব আদিত অংশগ্ৰহণ কৰি সমাজৰ উন্নয়নত অৰিহণা আগবঢ়াইছে।


উপসংহাৰত ক'ব পাৰি যে যুৱপ্ৰজন্ম, সমাজৰ ভৱিষ্যৎ। তেওঁলোকে যদি নিজৰ সামাজিক দায়বদ্ধতা যথোপযুক্ত ভাৱে পালন‌ কৰে তেনেহলে সমাজত শান্তি, উন্নয়ন আৰু একতা স্থাপন হ'ব। সে‌‌য়ে প্ৰতিজন যুৱকে নিজ নিজ দায়িত্ব বুজি, সমাজখনৰ হিতৰ‌বাবে সদায়েই কাম কৰা উচিত।


^^^^^^^^^^^^


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page