শৰতৰে এটি সেমেকা ৰাতি


চয়নিকা ভূঞা
গাওঁ -বাৰভূঞা (চতিয়া)
জিলা- শোণিতপুৰ
"আমোলমোল শেৱালিৰ গোন্ধ
যাওঁ বুলি যাবই নোখোজেচোন..."
শাৰদীয় বতৰ। দেহ-মন পুলকিত কৰা সময়। প্ৰিয় ঋতু বা প্ৰিয় সময় বুলি ক'লে শৰতৰ নাম নোলোৱাকৈ নোৱাৰোঁ। য'ত আবেগ আছে , য'ত আহোঁ-নাহোঁ কৈ কুঁৱলীৰ আৱৰণৰ মাজেৰে শীতে ভুমুকি মাৰে; সেয়াই শৰত। মোৰ বাবে কঢ়িয়াই অনা এবোজা ভালপোৱাৰ সুৱাসৰ নামেই শৰত ।
শাৰদীয় গধুলি, হুইলচেয়াৰ খন লৈ পদূলিৰ শেৱালি জোপাৰ তললৈ ওলাই আহোঁ। শাৰদীয় সময়খিনিক বুকুত থিতাপি দিবলৈ, বছৰটোলৈ কঢ়িয়াই ফুৰিব বাবে । দীঘলকৈ উশাহত টানি লওঁ শৰতৰ সেই আমোলমোল সুবাস।
"চকুৱে চকুৱে চাব পৰা হ'লে
দেখিলোহেঁতেন বেলিৰ মুখৰ ৰং..."
লোকনাথ গোস্বামীৰ কন্ঠত বাজি আছে শৰতৰ সেই চিৰ সেউজ গীতটি।
ভ্ৰাম্যভাষটো বাজি উঠে, বান্ধৱীৰ ফোন। ৰিচিভ কৰাৰ লগে লগে তাইৰো সেই নিয়ৰসিক্ত শৰতৰ কথা, শেৱালিৰ কাহিনী; তেনেকৈয়ে চলি যায় শৰতৰ ওপৰত এক দীঘলীয়া আলোচনা। শৰতৰ পৰা আৰম্ভ কৰি হিমালয়ৰ বুকুৰ সেই নিঃশব্দতাৰ মাজত শুনা বুকুৰ ধপধপনিলৈকে মুঠতে এক দীঘলীয়া আলোচনাচক্ৰ।
জীৱনমুখী কথাবোৰ পাতিবলৈ আজিকালি সময়ৰ অভাৱ। সকলো নিজৰ কেৰিয়াৰ, জীৱনক লৈ ইমান দৌৰা-দৌৰি; ব্যস্ততা। কাৰো সময় নাই। সকলো ব্যস্ত।
কিন্তু সেই ব্যস্ততাৰ মাজতো জীৱনমুখী কথাবোৰ পাতিব লাগে। জীৱনে আমাক সকিয়াই থাকে। জীৱনটো এবাৰহে পাওঁ। মৃত্যুৰ পিছত পুনৰ জন্ম হয় নে নহয় কোনেও নাজানে। যি কৰিবলৈ আছে এতিয়াই কৰা। টকা-পইচা ঘটাৰ পৰা উপভোগ কৰালৈকে। মৃত্যুৰ পিছত হিয়া ঢাকুৰি কান্দিলেও কোনো কাৰোৰে ওচৰলৈ উভতি নাহে। জী থকা দিন কেইটাহে প্ৰকৃত জীৱন। তাৰ বাহিৰে একো নাই। ই চিৰসত্য। জীৱনটোক জীৱন কৰি ৰাখিবলৈকে জীৱনমুখী কথাবোৰ আমি বুটলি আনিব লাগিব। নহ'লে আমাৰ জীৱন, যন্ত্ৰলৈ ৰূপান্তৰিত হ'বলৈ বৰ বেছি সময়ৰ প্ৰয়োজন নহয়। এনেয়েও আমি বাহ্যিকতাৰ পিছত দৌৰা মানুহেই।
বাহিৰত কুঁৱলীৰ ডাঠ আৱৰণৰ মাজত নিশাটো ক্ৰমাত গহীন হৈ পৰিছে। গাত শ্বলখন মেৰিয়াই লৈ দিনলিপিখন উলিয়াই ল'লো প্ৰিয় ঋতু শৰতক অলপ শব্দালংকাৰে সজাওঁ বুলি।।
"মোক তোল মোক তোল
শেৱালিৰ গোন্ধ
আহিনৰ সতে আহিল
আকৌ দেখোন ..."
***********



Comments