top of page
  • Black Facebook Icon
  • Black Instagram Icon

চিৰবন্দিত কবি নলিনীবালা দেৱী

  • Writer: মন্দিতা শৰ্মা, গুৱাহাটী
    মন্দিতা শৰ্মা, গুৱাহাটী
  • Jan 9
  • 2 min read
প্ৰসিদ্ধ কবি নলিনীবালা দেৱী
প্ৰসিদ্ধ কবি নলিনীবালা দেৱী

ছাঁ-পোহৰৰ অন্তৰালত ৰহস্যবাদী কাব্যক্ষেত্ৰৰ চিৰবন্দিত কবি নলিনীবালা দেৱী

(২৪ ডিচেম্বৰ, মৃত্যুতিথি উপলক্ষে সশ্ৰদ্ধ স্মৰণ )


মন্দিতা শৰ্মা, গুৱাহাটী

 

অসমীয়া সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ, ৰহস্যবাদী তথা অতীন্দ্ৰিয়বাদী কবি, অসম সাহিত্য সভাৰ (ত্ৰয়োবিংশ অধিবেশন) প্ৰথম মহিলা সভাপতি, নলিনীবালা দেৱীৰ ১৮৯৮ চনৰ ২৩ মাৰ্চত বৰপেটাত জন্ম হয়। পিতৃ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃ হেমন্ত কুমাৰীৰ সাহিত্য-সংস্কৃতিমুখী পৰিৱেশে তেখেতৰ কবি প্ৰতিভাক শৈশৱতেই উন্মেষ ঘটায়। আনুষ্ঠানিক উচ্চ শিক্ষা লাভ নকৰিলেও ঘৰতে লাভ কৰা বহুমুখী শিক্ষাই তেখেতক এক পাণ্ডিত্যসম্পন্ন সাহিত্যিক ৰূপে গঢ়ি তোলে।

 

অকাল বিবাহ, অকাল বৈধব্য, সন্তানহানি—এই সকলো জীৱনঘাতী বেদনাই নলিনীবালা দেৱীৰ মনত গভীৰ আধ্যাত্মিক সংকটৰ সৃষ্টি কৰে। এই সংকটৰ মাজতেই তেখেতে বেদ, উপনিষদ, গীতা আদি অধ্যয়নৰ জৰিয়তে আত্মিক শান্তিৰ পথ বিচাৰি পায়। এই সাধনাই তেখেতৰ কবিতাক ৰহস্যবাদী চেতনাৰে সমৃদ্ধ কৰে।

 

নলিনীবালা দেৱীৰ কবিতাসমূহ মূলতঃ তিনিটা ভাগত বিভক্ত—ৰহস্যবাদী, দেশপ্ৰেম মূলক আৰু বিবিধ বিষয়ক। তথাপি তেখেত মূলতঃ ৰহস্যবাদী কবি হিচাপেই পৰিচিত।

 

তেখেতৰ কবিতাত ইন্দ্ৰিয়গ্ৰাহ্য জগতৰ সীমা অতিক্ৰম কৰি অতীন্দ্ৰিয় অনুভূতিৰ মাজেৰে আত্মা-পৰমাত্মাৰ মিলনৰ আকাংক্ষা প্ৰকাশ পাইছে। অসীমৰ প্ৰতি আহ্বান, পৰম সত্তাৰ প্ৰতি আত্মসমৰ্পণ, বিৰহক সাধনাৰ পথ হিচাপে দেখা—এইবোৰেই তেখেতৰ কাব্যৰ কেন্দ্ৰবিন্দু। কৃষ্ণকান্ত সন্দিকৈদেৱে সেইকাৰণে নলিনীবালা দেৱীৰ 'সন্ধিয়াৰ সুৰ'ৰ কবিতা সমূহক পোন প্ৰথমে অতীন্দ্ৰিয়বাদী আখ্যা দিয়ে।

 

‘সন্ধিয়াৰ সুৰ’, ‘সপোনৰ সুৰ’ আৰু ‘অন্তিম সুৰ’—এই তিনিখন কাব্যগ্ৰন্থত তেখেতৰ ৰহস্যবাদী চিন্তাৰ ক্ৰমবিকাশ স্পষ্ট। প্ৰথম পৰ্যায়ত বিৰহ আৰু অনুসন্ধান, দ্বিতীয় পৰ্যায়ত গভীৰ আত্মসমৰ্পণ আৰু শেষ পৰ্যায়ত আত্মা-পৰমাত্মাৰ একাত্মবোধ লক্ষ্য কৰা যায়। ব্যক্তিগত দুখ-বেদনাই তেখেতৰ কবিতাত আধ্যাত্মিক সৌন্দর্য আৰু দাৰ্শনিক গভীৰতা প্ৰদান কৰিছে।

 

পাৰ্থিৱ জগতৰ হাঁহি-িকান্দোন, মিলন-বিচ্ছেদৰ মাজত পৰম আকাংক্ষিত চিৰসুন্দৰক বিচাৰি ফুৰাৰ ব্যাকুলতাই কবিতাসমূহক অনন্য মাত্ৰা দি যায়। এই অপাৰ্থিব পৰম তৃষ্ণায়ে হ'ল তেওঁৰ কবিতাৰ মূল বিষয়বস্তু।

 

"অন্তৰ বিদাৰি নিতে/উঠে হাঁহাকাৰ বিৰহৰ

আছা তুমি, আছা তুমি ক’ত?/অ' মোৰ পৰম প্ৰিয়

তুমি ক’ত, তুমি ক’ত, তুমি ক’ত?"

 

এই কবিতা, শব্দ (পূৰ্ণতা) আৰু শূন্য স্থান (অপূৰ্ণতা) ৰ সমাহাৰ। সেয়েহে অৰ্থও হৈ পৰে ধূসৰ। অতীন্দ্ৰিয়বাদী কবিগৰাকীৰ মানসত আহি পৰম পুৰুষে ব্যক্তিৰ ৰূপ লৈ সসীম সত্তাৰে আত্মপ্ৰকাশ কৰিছে:

 

"নিবিড় কৰা তোমাৰ পৰশ, গভীৰ মধুৰ ছন্দেৰে।

দীপ্ত কৰা তৃপ্ত কৰা জ্যোতি আলোকেৰে।"

 

অকালতে হেৰুওৱা পুত্ৰ শোকত ম্ৰিয়মান কবিয়ে লিখিছে:

 

“ধেমালি সামৰি থৈ, সন্ধিয়া পৰত/যোৱা তুমি কাৰ কাষলৈ

ধূলি বালি মচি কোনে, মোৰ দৰে বাৰু/বুকুত সাবটি তুলি লয়!”

 

তেওঁৰ কবিতাৰ ৰহস্যবাদ আশাবাদী ৰহস্যবাদ। প্ৰাণাধিক পুত্ৰ পুতলীয়ে যেন তেওঁক সিপুৰীলৈ আগবঢ়াই লৈ যাব, এই আশা কৰি আকৌ লিখিছে:

 

"আঙূলি মূৰত তুমি দিন গণি গণি

বাটলে একোবেলি চাবা,

সময় আহিলে মোৰ অচিনাকি বাট

তুমি আহি নিজে লৈ যাবা।

সকলোটি একেলগে মিলিম সিঠাইত

বান্ধিলৈ মিলন মন্দিৰ।" (সন্ধিয়াৰ সুৰ)

 

ভাৰতীয় দৰ্শন—বিশেষকৈ বেদান্ত, কৰ্মফলবাদ আৰু ভক্তিবাদ—নলিনীবালা দেৱীৰ কবিতাৰ মূল আধাৰ। তেখেতৰ কবিতাত জীৱন-মৃত্যু বিৰোধ নহয়, বৰং মৃত্যুকো পৰম মিলনৰ পথ হিচাপে কল্পনা কৰা হৈছে। এই আশাবাদী ৰহস্যবাদেই তেখেতক অসমীয়া কাব্য সাহিত্যত এক সুকীয়া আসন দিছে।

 

১৯৭৭ চনৰ ২৪ ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ নিজা বাসভৱন 'স্বপ্নাচল' ত তেখেতৰ দেহাৱসান ঘটে।‌  নলিনীবালা দেৱীৰ কবিতা আজিও অসমীয়া সাহিত্যত আধ্যাত্মিক সৌন্দর্য, দাৰ্শনিক গভীৰতা আৰু নীৰৱ সাধনাৰ প্ৰতীক হিচাপে চিৰজীৱিত হৈ আছে।

 

প্ৰসঙ্গ গ্ৰন্থ:

অসমীয়া কবিতা (ড০ কৰবী ডেকা হাজৰিকা)

নলিনীবালা দেৱী (সংগ্ৰাহক আৰু সম্পাদক ড০ হেমন্তকুমাৰ শৰ্মা)


************

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page