মানসিক খাদ্য
- চোনিয়া নাজনিন, ডুবাই

- Jan 9
- 2 min read

চোনিয়া নাজনিন, ডুবাই
মানুহক সুস্থভাৱে জীয়াই থাকিবলৈ পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন। খাদ্যাভ্যাসৰ বিসংগতিৰ ফলত নানা ধৰণৰ ৰোগে মানুহৰ জীৱন দুৰ্বিষহ কৰি তুলিব পাৰে। শৰীৰটোৰ বাবে যেনেকৈ খাদ্যৰ প্ৰয়োজন আমাৰ মন আৰু মগজুৰ বাবেও খাদ্যৰ প্ৰয়োজন, যাক কোৱা হয় মানসিক খাদ্য। দেহ-মন সুস্থ থাকিলেহে এজন ব্যক্তিক সম্পূৰ্ণৰূপে সুস্থ বুলি ক'ব পাৰি। কিন্তু আমি শাৰীৰিক খাদ্যৰ প্ৰতি যিমান সচেতন মানসিক খাদ্যৰ প্ৰতি সিমানেই উদাসীন। অথচ মানসিক খাদ্যইহে প্ৰকৃততে ব্যক্তি এগৰাকীৰ মন-মগজু, চেতনা উদ্বুদ্ধ কৰি ভিতৰৰ প্ৰকৃত মানুহজন গঢ় দিয়ে।
এই মানসিক খাদ্যনো প্ৰকৃততে কি? যিকোনো কলা-সংগীত, নৃত্য, গীত-মাত, চিনেমা, পেইণ্টিঙ আদি যিয়ে আপোনাৰ চিন্তা শক্তি জগাই তুলিব পাৰে সেই সকলোৱেই মানসিক খাদ্যৰ উৎস হ'ব পাৰে। কিতাপ পঢ়া, চিনেমা চোৱা, গান শুনা আদি কেৱল আজৰি সময় কটোৱাৰ উপায় নহয়। আপুনি গম নোপোৱাকৈ আপোনাৰ ভিতৰৰ মানুহজন গঢ় দিয়াত, আপোনাৰ চিন্তা শক্তিক গঢ় দিয়াত ই আটাইতকৈ বেছি কাম কৰে।
এখন ভাল কিতাপ পঢ়া বা ভাল সংগীত শুনা, ভাল ছবি এখন উপভোগ কৰা - এইবাৰ হ'ল পুষ্টিকৰ মানসিক খাদ্য। আপুনি যেনেকৈ ইয়াক গ্ৰহণ কৰিব ঠিক তেনেকৈয়ে আপোনাৰ ভিতৰৰ মানুহজন গঢ় ল'ব। কিন্তু আমি জানো কেৱল পুষ্টিকৰ মানসিক খাদ্যই গ্ৰহণ কৰোঁ? এই যে আজিকালি আমি অনবৰত ইণ্টাৰনেটত, চছিয়েল মিডিয়াত উপলব্ধ হকে-বিহকে, ভালে-বেয়াই সকলোবোৰ চাই থাকোঁ, এইবোৰো একপ্ৰকাৰ মানসিক খাদ্য। আমি গম নোপোৱাকৈ এইবোৰে আমাৰ মন মগজুত ক্ৰিয়া কৰে। আমি অনবৰত গ্ৰহণ কৰি থকা এইবোৰ কেতিয়াবা পুষ্টিহীন, ৰুচিহীন অখাদ্যও হ’ব পাৰে। এনে নহয় যে ইণ্টাৰনেটত কেৱল অখাদ্যহে থাকে, সেয়া কেতিয়াও নহয়। আমাৰ বাবে উপকাৰী বহু সমলো থাকে। বহুতো কৌশল আমি ইণ্টাৰনেটৰ পৰা শিকিব পাৰো। ইণ্টাৰনেটত থকা সকলো বস্তুৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ নাথাকে, আমাৰ সন্মুখত যি আহে তাকেই আমি চাই গৈ থাকোঁ আৰু ভালে বেয়াই সকলো গো-গ্ৰাসে গিলি গৈ থাকোঁ। ফলত এই অখাদ্যবোৰে আমাৰ মন-মগজু, শৰীৰ সকলোতে ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰি দিয়ে।
এইদৰে এটাৰ পিছত আন এটা বিষয় গ্ৰহণ কৰি গৈ থাকোতে কেতিয়াবা আমি গম নোপোৱাকৈ আমাৰ একাগ্ৰতা, মনোযোগিতা বহু পৰিমাণে কমি গৈছে। একেটা বিষয়ৰ ওপৰত আমি বেছি সময় মনোযোগ দিব নোৱাৰা হৈ পৰিছো। ধৈৰ্য, আগ্ৰহ, একাগ্ৰতা কমি গৈছে। অনবৰতে যেন আঙুলিটোৱে বিচাৰি ফুৰে যে আগত কি আছে! ছাত্ৰ-ছাত্ৰীৰ বাবে ই এক অশুভ লক্ষণ। এতিয়া এনে হৈ পৰিছে যে আমি ইণ্টাৰনেট চলোৱা নাই, আমাকহে ইণ্টাৰনেটে চলাইছে। এটাৰ পিছত এটা ৰীলছ চাই সময় পাৰ কৰিছোঁ! এই অপুষ্টিকৰ মানসিক খাদ্য আচলতে খাদ্য নহয় আৱৰ্জনাহে, যি আমি গো-গ্ৰাসে গিলিছোঁ। মানুহৰ মাজত কিতাপ পঢ়াৰ অভ্যাস প্ৰায় নোহোৱা হৈ গৈছে…। অথচ ইচ্ছা কৰিলে আমি ইণ্টাৰনেটত উপলব্ধ অ'ডিও বুক শুনিব পাৰো। আজিকালি প্ৰায় সকলোবোৰ উত্তম কিতাপ শ্ৰাব্য মাধ্যমেৰেও ইণ্টাৰনেটত উপলব্ধ। ভাল কলাসন্মত ৰুচিৰ এই কিতাপবোৰ শুনিও আমি বহু উপকৃত হ’ব পাৰোঁ।
বিজ্ঞানৰ আৱিষ্কাৰসমূহ মানুহৰ উন্নতি আৰু প্ৰগতিৰ বাবেহে । কিন্তু তাক যদি আমি বিচাৰ বিবেচনা নকৰাকৈ উধাই মুধাই, ভাল-বেয়া বিচাৰ নকৰাকৈ ব্যৱহাৰ কৰোঁ, ই মানৱ জাতিৰ প্ৰচুৰ ক্ষতিসাধন কৰিব পাৰে।
হাতত এটা স্মাৰ্ট ফোন থাকিলেই মানুহ স্মাৰ্ট হৈ নাযায়, স্মাৰ্ট ভাৱে মগজুটো ব্যৱহাৰ কৰিলেহে স্মাৰ্ট হ'ব। আপুনি যদি নিজৰ সন্তানটোৰ হাতত ম'বাইলটো যদি তুলি দিছে, তেন্তে আপোনাৰ সন্তানেনো ইণ্টাৰনেটৰ পৃথিৱীত কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিছে তাৰ প্ৰতি নজৰ ৰখাটোও আপোনাৰে দায়িত্ব। কৃত্ৰিম বুদ্ধিমত্তাৰ আজিৰ পৃথিৱীত আমি যদি সচেতন নহওঁ এই মানসিক অখাদ্যবোৰে আমাৰ মন-মগজু পংগু কৰি একো একোটা চিন্তাশূন্য, বিবেকশূণ্য মানৱলৈ ৰূপান্তৰিত কৰিব।
%%%%%%%%%





Comments