বিহুনামত অসমীয়াৰ সমাজ জীৱন
- ছৈয়দা আঞ্জুম আৰা হুছেইন, গুৱাহাটী

- Apr 12
- 5 min read

ছৈয়দা আঞ্জুম আৰা হুছেইন, গুৱাহাটী
সংস্কৃতি এটা জাতিৰ মূল পৰিচয়ৰ মাপকাঠি ৷ ঐতিহ্যমণ্ডিত সংস্কৃতি সম্পন্ন এটা জাতি বিশ্বদৰবাৰত বহুলভাৱে সমাদৃত ৷ সংস্কৃতিৰ বিভিন্ন উপাদানৰ ভিতৰত জাতীয় উৎসৱে এক শক্তিশালী ভূমিকা বহন কৰে ৷ আমাৰ অসমীয়াৰ জাতীয় উৎসৱ বিহু আজিৰ সময়ত সমগ্ৰ বিশ্বতে সমাদৃত বুলি ক’লেও নিশ্চয় বঢ়াই কোৱা নহ’ব ৷ অসমীয়াৰ জাতীয় উৎসৱ বিহুৰ মাজত নিহিত হৈ আছে আমাৰ জাত্যাভিমান আৰু স্বকীয় পৰিচয় ৷ প্ৰকৃতিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই বিহু প্ৰকৃততে কৃষিকেন্দ্ৰিক উৎসৱ ৷ অসমত বিহুৰ উৎপত্তিৰ কেনেকৈ হ’ল সেই বিষয়ে গণশিল্পী হেমাংগ দাসে মতপোষণ কৰিছে যে—“শ্ৰেণীহীন গোষ্ঠীসমাজত সংহত সামগ্ৰিক জীৱনত ফচল উৎপাদনত মানৱ প্ৰজননৰ ঐন্দ্ৰজালিক অনুভূতিৰ পৰা যি উৰ্বৰতাৰ পূজা প্ৰথাৰ জন্ম হয়, তাৰ পৰাই বিহুৰ উৎপত্তি“ ৷ বিহু উৎসৱ পালনৰ মূল উদ্দেশ্য আছিল কৃষিৰ উৎপাদন বৃদ্ধি ৷ বিহুৰ এক মূল উপাদান বিহুনাম আৰু নৃত্যৰ সৃষ্টিৰ মূলতে আছে এটি জনবিশ্বাস - নৃত্য-গীতেৰে সন্তুষ্ট কৰিলে কৃষিৰ উৎপাদন বৃদ্ধি হ’য়।
বিহুনাম অসমীয়া লোকসাহিত্য আৰু সংস্কৃতিৰ এক আপুৰুগীয়া সম্পদ ৷ বিহু বুলিলেই বৃহত্তৰ অসমীয়া জাতিৰ প্ৰতিজন লোকৰে গা সাতখন-আঠখন লাগে ৷ ন-পানীৰ পৰশত প্ৰকৃতিয়ে নতুন ৰূপ লয় ৷ লঠঙা গছত হয় সেউজীয়াৰ সমাহাৰ। কপৌ, কেতেকী, চম্পা, নাহৰ, তগৰ আদি বিভিন্ন ফুলৰ সমাহাৰেৰে প্ৰকৃতিৰ বুকু সৌন্দৰ্যৰে ভৰপূৰ হৈ উঠাৰ লগতে কুলি, কেতেকী আদি চৰাইৰ সুললিত মাতত সকলোৰে মন কমুৱা তুলা উৰাদি উৰে ৷
“অ’ দেহী ঐ/বসন্ত আহিলে, কুলিয়ে বিনালে /গছে বনে সলালে ঐ পাত /ঢোলৰ মাতে শুনি ৰ’বকে নোৱাৰো /ত’তে নাইকিয়া গাত ৷“
বসন্ত প্ৰেমৰ ঋতু ৷ বসন্ত ঋতুত যিদৰে প্ৰকৃতিৰ গছ-লতিকা, চৰাই-চিৰিকটি, পশুকুলৰ মাজলৈ সৃষ্টিৰ মাদকতা আহে, সেইদৰে ডেকা-গাভৰুৰ মনতো প্ৰেমৰ ভাৱ জাগি উঠে ৷ বসন্ত কাল অহাৰ লগে লগেই নাহৰ, তগৰ, কেতেকী, কামিনী কাঞ্চন, খৰিকাজাঁইৰ আমোলমোল গোন্ধে আমাৰ মন প্ৰশান্তিৰে ভৰাই তোলে। এই থলুৱা ফুলে বিহুগীতত এক বিশেষ স্থান পাই আহিছে অতীতৰে পৰা…..
“দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী
কেতেকী মলেমলায় ঐ গোবিন্দাই ৰাম ৷”
*****
“কৃষ্ণৰ মূৰতে বকুল ফুল এপাহি
নিয়ৰ পাই মুকলি হ’ল ঐ
গোৱান্দাই ৰাম ৷“
****
“আজি বিহু বিহু, কালি বিহু বিহু
নাহৰ ফুল ফুলিবৰ বতৰ
নাহৰৰ গোন্ধ পাই নাচনীৰ ততে নাই
গচকত ভাঙি যায় যঁতৰ ৷”
****
“নাহৰো ফুলিলে তগৰো ফুলিলে
ফুলিলে খৰিকাজাঁই
নাচনীৰ খোপাতে কপৌফুল এপাহি
জাকত জিলিকি যায় ৷“
নাচনীৰ খোপাক কেতেকী ফুলে অনন্যমাত্ৰা দান কৰে ৷ কপৌফুলে নাচনীৰ সৌন্দৰ্য্য যেন বহুগুণে বঢ়াই তোলে ৷
“নেঘেৰী খোপাতে কপৌফুল এপাহি
সোণত সুৱাগা চৰে
এইজনীৰ চকুলৈ চাবকে নোৱাৰি
চকুত চাটে মাৰি ধৰে ৷”
বহাগ বিহুৰ এটি অতি আদৰণীয় দিশ হৈছে ঐক্য আৰু সংহতি, যি অসমীয়া জাতীয় জীৱনৰ মূল চালিকা শক্তি ৷ বিভিন্ন জাতি-জনজাতিৰ সংমিশ্ৰিত গঢ় লৈ উঠা বৃহত্তৰ অসমীয়া জাতিৰ মাজত এই ঐক্যই জাত-পাতহীন এখন সমাজ গঢ়ি তুলিছে সমন্বয়ৰ এনাজৰীৰে ৷ বিহুগীতসমূহত আমি এই সম্প্ৰতিৰ সুৰটি বিচাৰি পাওঁ বৰ সুন্দৰকৈ…..
“আমি সাতোভনী সাতোটি যতঁৰ
আয়ে সৰু সূতা কাটে
আমি সাতোজনী যাওঁ ঘৰাঘৰি
আয়ে চকুপানী টোকে ৷”
****
“তোমালৈ চাওঁতে জপনা ডেওঁতে /বিন্ধিলে আঘৈয়া হুলে /তোমাৰ মনে গ’লে /মোৰো মনে গ’লে /কি কৰিব অজাতি কুলে ৷“
এইখিনিতে উল্লেখযোগ্য যে, অসমৰ বিভিন্ন জাতি-উপজাতিৰ লোকে নানান ৰীতি-নীতি আৰু প্ৰথাৰে পথাৰ, গছৰ তল আদিত উদযাপন কৰা কেঁচা মাটিৰ গোন্ধ থকা অসমৰ থলুৱা তথা আপুৰুগীয়া সম্পদ বসন্তকালীন উৎসৱক আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই বহাগ বিহু নাম দি ৰংঘৰৰ বাকৰিলৈ আনি জাতীয় উৎসৱৰ মৰ্যাদা দান কৰে ৷ সেয়েহে বিহুগীতত আহোম স্বৰ্গদেউৰ নামৰ উল্লেখ পোৱা যায়…..
“স্বৰ্গদেউ ওলালে বাটচ’ৰাৰ মুখলৈ
দুলীয়াই পাতিলে দোলা ৷
কাণত জিলিকিলে নৰা জাংফাই
গাত গোমচেঙৰ চোলা ৷“
বিহুগীতত ব্যৱহাৰ হোৱা ঢোল, পেঁপা, তাল আদি বাদ্যসমূহ আহোমসকলে নিজৰ লগত আনিছিল বুলি বহুজনে ক’ব খোজে ৷ বিহুৰ আগমনৰ লগে লগে অসমীয়া ডেকা-গাভৰুৰ মনত উখলমাখল লাগে ৷ ঢোল, পেঁপা, গগণাৰ মাতে অসমৰ আকাশ-বতাহ ৰজনজনাই উঠে ৷ ঢোলীয়াৰ ঢোলৰ চাবত মেঘে গৰজে, বৰষুণ নামে ৷ ঢোলৰ মাত শুনি নাচনীৰ গা সাতখন আঠখন কৰে ৷ বিহুগীতত ঢোলৰ উল্লেখ পাওঁ…..
“ঢোলত চাপৰ মাৰি ঢুলীয়া ওলালে
বহি বৈ আছিলোঁ তাঁত
টোপোলাৰ সেন্দূৰ টোপোলাতে থাকিলে
খাবলৈ নহ’লে ভাত ৷“
সেইদৰে পেঁপাৰ মাতত বলীয়া হোৱা নাচনীজনীৰ মনৰ কথা বিহুগীতত বৰ্ণিত হৈছে বৰ সৰল অথচ বাংময়তাৰে.....
“ম’হৰ শিঙৰ পেঁপাটি নবজাবা ককাইটি
মোৰে মন উৰুঙা কৰে
পেঁপাৰ মাত শুনি ৰ’বকে নোৱাৰো
হাতৰ বনে সৰি পৰে ৷“
সেইদৰে……
“আগলি বাঁহৰে লাহৰী গগণা
বহি তাঁতৰ পাটত বাওঁ
আহে কি নাহে ঐ মোৰে ধন লাহৰী
চিৰি পাতি মঙলখন চাওঁ৷“
আদি বিহুনামেৰে বিহুত ব্যৱহাৰ হোৱা আমাৰ বাদ্যযন্ত্ৰসমূহৰে আভাস দিয়ে ৷
“হাতৰে টিপতে অ’ জান ঐ/বিহুৱান তই আনিবি/বিহুৱান তই আনিবি/জান ঐ মৰমেৰে পিন্ধাই মোক দিবি ৷“ বুলি বিহুগীত গাই বিহুৱা প্ৰেমিকে নাচনীক সোঁৱৰাই দি অসমীয়া সমাজত বিহুৱানৰ আদৰৰ কথাকে প্ৰকাশ কৰা হয় ৷ এই বিহুৱান যে কেৱল মৰমৰ পুৰুষজনলৈহে আগবঢ়াই এনে নহয় ৷ বহাগৰ বিহুত জ্যেষ্ঠজনকো বিহুৱান দি সন্মান জনোৱা আৰু কনিষ্ঠজনক মৰম জনোৱাৰ ৰীতি অসমীয়া সমাজত প্ৰচলিত ৷
বহাগ বিহু মানেই যেন নানান বিধ থলুৱা খোৱা বস্তুৰ উভৈনদী ৷ বকুল বৰা, চকুৱা বৰা, তিল বৰাৰ স’তে বাঁহৰ চুঙাৰ পৰা চপৰা চপৰে উলিয়াই দিয়া ডাঠ আঠালেতীয়া দৈ, হুৰুম, চুঙাচাউল, চুঙাপিঠা, তিল পিঠা, নাৰিকলৰ পিঠা, লাড়ু আদি বিভিন্ন খাদ্যৰ পয়োভৰ ৷ সেয়েহে বিহুগীতত গাইছে…..
“বকুল বৰা ধানৰ আখৈ ভাজিছিলোঁ
লগত ম’হৰে বকনা দৈ
তুমি যে নহ’লে খাবকে নোৱাৰোঁ
থাকোঁ মই আগতে লৈ ৷“
****
“খাইনো খাই আমনি নালাগে
জহাকৈ চাউলৰ ভাত
চাইনো চাই আমনি নালাগে
তোমাৰ ডালিমৰ গুটি যেন দাঁত ৷“
বিহুগীতসমূহ অখ্যাত চহা লোকৰ মনৰ পৰা স্বতঃস্ফূৰ্ত সৃষ্টি হোৱা অমূল্য লোকসাহিত্য য’ত শ্ৰমজীৱী জনতাৰ দৈনন্দিন জীৱনৰ লগত জড়িত সংগ্ৰাম, প্ৰতিবাদ, আশা-আকাংক্ষা আৰু ঘটনা প্ৰবাহৰ স্পষ্ট ৰূপ প্ৰতিফলিত হয় ৷ কৃষিৰ ওপৰতে নিৰ্ভৰশীল চহা লোকসকলে কপালৰ ঘাম মাটিত পেলাই কঠোৰ পৰিশ্ৰমেৰে খেতিৰ পথাৰত খেতি কৰি পৰিয়াল পোহপাল দিয়ে ৷ সেইদৰে গাভৰুৱে তাঁতশালত বহি বিহুৱান বৈ প্ৰিয়জনৰ বাবে মৰমৰ বুটা বাচে৷ তাঁতশাল অসমীয়া জাতীয় জীৱনৰ যে এক অপৰিহাৰ্য অংগ। ইয়াৰ লগত সংস্কৃতি, সন্মান, মৰম-চেনেহৰ লগতে অৰ্থনৈতিক দিশটোও জড়িত হৈ আছে.....
“ময়ে বৈয়ে যাম বিহুৰে গামোচা /তুমি পাতি দিবা শাল /ময়ে কৰি যাম ৰোৱনী-দাৱনী/তুমি বায়ে যাবা হাল ৷“
****
“অতিকৈ চেনেহৰ মুগাৰে মুহুৰা/তাতোকৈ চেনেহৰ মাকো/তাতোকৈ চেনেহৰ বহাগৰ বিহুটি /নেপাতি কেনেকৈ থাকোঁ ৷“
****
“গৰকাত ভৰি দি তাঁতে বৈ আছিলা /দোৰপতিয়ে দিয়ে মাত /তোমাৰনো ঘৰলৈ যাম কেনে কৰি/শতৰুৱে নিদিয়ে বাট ৷”
তাঁতশালত প্ৰেম-পিৰীতি, আৱেগ-অনুভূতিৰ লগতে সমাজৰ ইতিহাস জড়িত হৈ থকাৰ কথা আমি বিহুগীতত বৰ স্পষ্টকৈ বিচাৰি পাওঁ ৷ তাঁতশালৰ লগত জড়িত হৈ প্ৰেম-পীৰিতিৰ লগতে আমাৰ অৰ্থনৈতিক আৰু অতীত ইতিহাসৰ যুদ্ধ জিনাৰ বিশ্বাস…..
“ধনে গৈ আছে মিছিমিৰ দেশলৈ /আনিব কপাহৰ জোলা/তুমি বৈ ল’বা ৰিহাকৈ মেখেলা/আমাক বৈ দিবা চোলা ৷৷
****
“চিৰা খুন্দি দিয়া খাওঁ প্ৰাণেশ্বৰী/সান্দহ খুন্দি দিয়া খাওঁ /ৰাতিৰ ভিতৰতে কাপোৰ বৈ দিয়া /শতৰু মাৰিবলৈ যাওঁ ৷“
বিহুগীত অসমীয়া লোকসাহিত্যৰ এক অমূল্য সম্পদ ৷ ইয়াত প্ৰকাশ পাই আমাৰ জাতীয় জীৱনৰ ছবি ৷ সময়ৰ গতিশীলতাৰ লগে লগে আমাৰ সমাজ আৰু মানসিকতাৰ বহু পৰিবৰ্তন ঘটিছে ৷ পথাৰ, গছতল আৰু গাঁৱৰ বিহু মঞ্চত উঠিলহি ৷ সমান্তৰালকৈ বিভিন্ন বৈদ্যুতিক মাধ্যম, দৃশ্য-শ্ৰাব্য মাধ্যমৰ সংশ্ৰৱলৈ আহি বিহু আৰু বিহুগীত নাচৰ আগৰ সহজ-সৰল ৰূপ নাইকিয়া হ’ল ৷ বিশ্বায়নৰ গ্ৰাসত পৰি বিহু আৰু বিহুগীতে আগৰ স্বকীয় ঐতিহ্য আৰু পৰম্পৰা যেন বহু পৰিমাণে হেৰুৱাইছে ৷ তথাপিও বিহু অসম আৰু অসমীয়াৰ গৌৰৱ, আমাৰ প্ৰাণৰো প্ৰাণৰ মৰমৰ সম্পদ ৷ পৰিবৰ্তনৰ মাজেৰেই বিহু জীয়াই থাকিব পৰম্পৰা, ৰীতি-নীতি আৰু বিহুগীত আৰু নাচৰ মাজেৰে আমাৰ অসমত যুগ যুগ ধৰি অসমীয়া জাতিৰ আয়ুস ৰেখা হৈ……
“বিহুটি নামেৰে তিনিটি আখৰ
কোনে লিখি গ’ল শিলত
মামৰে নধৰে ঘুণেও নধৰে
থাকিল অসমীয়া প্ৰাণত ৷“
################



Comments