বাধাগ্ৰস্ততাৰ প্ৰকাৰ আৰু লক্ষণ সমূহ


লীনুমা গগৈ, তিনিচুকীয়া
মৰমৰ মইনাহঁত, যোৱাবাৰৰ ‘সূৰুযমুখী’ ৰ সংখ্যাত তোমালোকৰ লগত বিশেষভাৱে সক্ষম শিশুসকলৰ বিষয়ে আলোচনা কৰিছিলোঁ । আজি আমি সেই বিশেষভাৱে সক্ষম শিশুসকলে কি কি প্ৰকাৰৰ বাধাগ্ৰস্ততাৰ সন্মুখীন হয় আৰু তাৰ লক্ষণবোৰৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ দেই।
বাধাগ্ৰস্তসকলৰ অধিকাৰ আইন ২০১৬ অনুসৰি বাধাগ্ৰস্ততাক একৈশ (২১) প্ৰকাৰত ভাগ কৰা হৈছে । সেইবোৰৰ নাম আৰু লক্ষণ সমূহ তলত উল্লেখ কৰা হৈছে:
(১) বৌদ্ধিক বাধাগ্ৰস্ততা (Intellectual Disability)
লক্ষণ সমূহ:
· যি কোনো কথা বুজি পোৱাত অসুবিধা
· মনৰ অভিব্যক্তি প্ৰকাশ কৰাত অসুবিধা
· শিক্ষণ সমস্যা, সমাধান কৰা বা যথাযথ যুক্তি প্ৰদৰ্শন কৰাত অসুবিধা
· দৈনন্দিন কাম-কাজৰ বা সামাজিক কাম-কাজত অংশগ্ৰহণ কৰাত সমস্যা দেখা দিয়ে।
(২) অ'টিজিম (Autism Spectrum disorder):
লক্ষণ সমূহ:
· যিকোনো কাম কাজত মনোযোগ দিব নোৱাৰে
· অন্যমনস্ক হৈ থকা
· আনৰ চকুত চকুত থৈ কথা পতাত অসমৰ্থ
(৩) মগজুৰ পক্ষাঘাত (Cerebral Palsy):
লক্ষণ সমূহ:
· হাত-ভৰি বোৰ জঠৰ হয়
· সাধাৰণ ভাৱে চলা ফুৰা কৰিবলৈ অসুবিধা,
· হাতেৰে কাম কৰাত অসুবিধা পায়
· দেহৰ ভাৰসাম্যতা ৰাখিব নোৱাৰে।
(৪) মানসিক ৰোগ (Mental IIlness):
লক্ষণ সমূহ:
· নিজৰ লগত নিজেই কথা পাতি থকা
· মৌন হৈ থকা
· কাৰোবাৰ প্ৰতি ভয়
· মতিভ্ৰম।
(৫) শ্ৰবণ বাধাগ্ৰস্ততা (Hearing Impairment):
লক্ষণ সমূহ:
· কাণেৰে নুশুনা
· ডাঙৰ শব্দ শুনা কিন্তু সাধাৰণ শব্দ নুশুনা
· আনে কিবা কথা ক'লে কোনো সঁহাৰি নিদিয়া ।
(৬) কথন বাধাগ্ৰস্ততা (Speech Impairment):
লক্ষণ সমূহ:
· কথা কোৱাত অসুবিধা
· কথা কয় কিন্তু আনে বুজি নাপায়।
(৭) ক্ষীণ দৃষ্টি সম্পন্ন (Low Vision):
লক্ষণ সমূহ:
· সামান্য হে দেখা পায়
· নিচেই ওচৰত অলপ দেখা
(৮) অন্ধতা (Blindness): একেবাৰে নেদেখে
(৯) অংগ সঞ্চালন বাধাগ্ৰস্ততা (Locomotor Disability):
লক্ষণ সমূহ:
· জন্মগতভাৱে হাত ভৰি নথকা বা শাৰীৰিক বিসংগতি
· খোজ কঢ়াত অসুবিধা
· হাতেৰে কোনো বস্তুত ধৰাত বা কাম কৰাত অসুবিধা
(১০) আৰোগ্য হোৱা কুষ্ঠ ৰোগী (Leprosy Cured):
লক্ষণ সমূহ:
· হাত ভৰি বা আঙুলিৰ বিকৃতি
· শৰীৰৰ বিভিন্ন স্থানত ৰঙীন দাগ
· হাত ভৰি বা আঙুলি লুপ্ত হৈ যোৱা।
(১১) বাওনা (Dwarfism):
লক্ষণ সমূহ:
· বয়স অনুপাতে উচ্চতা বৃদ্ধি নোহোৱা,
· উচ্চতা ১৪৭ ছেন্টিমিটাৰ তকৈ কম হোৱা বা ৪ফুট ১০ ইঞ্চি তকৈ কম হোৱা ।
(১২) এচিদ আক্ৰান্ত ব্যক্তি (Acid Attacked Victim): এচিদ আক্ৰমণৰ ফলত শৰীৰৰ বিভিন্ন অংশত হোৱা বিকৃতি।
(১৩) মাংস পেশীৰ দুৰ্বিকাশ (Muscular Dystrophy):মাংস পেশী ক্ৰমান্বয়ে দুৰ্বল আৰু বিকৃত হোৱা।
(১৪) নিৰ্দিষ্ট শিকন বাধাগ্ৰস্ততা (Specific Learning Disability): কথন, পথন আৰু গাণিতিক ধাৰণা সমূহ আয়ত্ত কৰাত অসুবিধা
(১৫) দীৰ্ঘম্যাদী স্নায়ু ৰোগ (Chronic Neurological Condition) :
লক্ষণ সমূহ:
· সংবেদন হেৰুৱা
· আংশিক অথবা সম্পূৰ্ণৰূপে পক্ষাঘাত
· মাংস পেশীৰ দুৰ্বলতা ।
(১৬) স্নায়বিক সমন্বয়হীনতা (Multiple Sclerosis): মগজু আৰু ৰাজহাড়ৰ মাজত সমন্বয় স্থাপনৰ সমস্যা।
(১৭) পাৰ্কিনছন ৰোগ (Perkinson Disease) :
লক্ষণ সমূহ:
· হাত-ভৰিৰ মাংস পেশীৰ জঠৰতা
· স্নায়ুতন্ত্ৰিকা আৰু স্নায়ু তন্ত্ৰ প্ৰণালী সম্বন্ধীয় কঠিনতা
· ক্ৰম বৰ্ধমান গতিত শৰীৰত অস্বাভাৱিক কঁপনিৰ সৃষ্টি।
(১৮) হিম'ফেলিয়া (Hemophilia):
লক্ষণ সমূহ:
· অধিক ৰক্ত স্ৰাৱ ,
· কটা-ছিঙা হ'লে অতি বেছি ৰক্ত ক্ষৰণ হোৱা ,
· সহজে তেজ বন্ধ নোহোৱা।
(১৯) থেলাচেমিয়া (Thalassemia): তেজৰ লোহিত ৰক্ত কণিকা (হিমগ্লবিনৰ) অভাৱ আৰু শৰীৰত তেজৰ পৰিমাণ কম হোৱা ।
(২০) চিকল চেল ৰোগ (Sickle cell Disease): শৰীৰত তেজৰ পৰিমাণ অস্বাভাৱিক ভাবে কম হোৱা আৰু তেজৰ মাত্ৰা কম হোৱাৰ বাবে শৰীৰৰ অংগৰ আকাৰ বিকৃত হোৱা।
(২১) একাধিক বাধাগ্ৰস্ততা (Multiple Disability): দুটা বা ততোধিক বাধাগ্ৰস্ততা থকা আৰু শক্তিহীনতা।
মইনাহঁত এটা কথা তোমালোকে মনত ৰাখিবা, উক্ত বাধাগ্ৰস্ততাবোৰ একোজন বিশেষভাৱে সক্ষম শিশুৰ শৰীৰৰ একোটা অৱস্থাহে ই কোনো ৰোগ নহয় সেয়েহে তেওঁলোকক তোমালোকৰ পৰা নিলগাই নাৰাখি তোমালোকৰ মাজৰ এজন বুলি সমমৰ্মিতা প্ৰকাশ কৰি আকোঁৱালি ল'বা দেই। তেতিয়াহে তেওঁলোকেও তোমালোকৰ সমানে সমানে খোজত খোজ মিলাই আগবাঢ়ি যাবলৈ প্ৰেৰণা পাব ।
*******



Comments