নৱ প্ৰজন্মৰ সামাজিক দায়িত্ব আৰু কৰ্তব্য
- চেমিমা হুছেইন, গুৱাহাটী

- Apr 12
- 2 min read

চেমিমা হুছেইন, ছয়মাইল, গুৱাহাটী
ঘৰখনত সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে কৰ্তব্য আৰু দায়িত্ব সুন্দৰভাবে পালন কৰিলেহে যেনেকৈ এখন ঘৰে ঠন ধৰি উঠে, তেনেকৈ এখন সুস্থ সমাজ গঢ়িবলৈও সমাজখনৰ অংগ হিচাবে বাস কৰা শিশুৰ পৰা বৃদ্ধলৈকে প্ৰত্যেকজন ব্যক্তিৰ সহযোগিতাৰ দ্বাৰাহে সমাজখন সুন্দৰ হৈ উঠিব৷
সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত ব্যক্তি আৰু গোট দুয়োৰে সহযোগ থাকিব লাগিব৷ নৈতিক আৰু ব্যৱহাৰিক দায়িত্বৰ উপৰিও সামাজিক কল্যাণ, পৰিবেশ সংৰক্ষণ, জনসাধাৰণৰ সুৰক্ষাৰ লগতে নৱ প্ৰজন্মক কেনেদৰে সুস্থ আৰু সৱলভাবে আগবঢ়াই নিব পাৰি তাৰ বিষয়ে চিন্তা চৰ্চা কৰি সমাজখনক সুস্থিৰ আৰু সুন্দৰভাবে গঢ়ি তোলা উচিত৷
আজিৰ নৱ-প্ৰজন্ম হৈছে দেশখনৰ ভৱিষ্যত৷ নৱ প্ৰজন্মক সঠিক দিশত আগবঢ়াই নিবলৈ, সমাজখন সুশৃঙ্খল আৰু উন্নত কৰিবলৈ নাগৰিকৰ লগতে যুৱক যুৱতী তথা ছাত্ৰ-ছাত্ৰীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ৷
আজিৰ সমাজত নৱ প্ৰজন্ম (যুৱ প্ৰজন্ম বা Gen) ৰ প্ৰাধান্য অতিকে বেচি ৷ বৰ্তমানৰ নৱ-প্ৰজন্ম বিশ্বৰ দ্ৰুত পৰিবৰ্তনশীল পৰিবেশৰ মাজত ডাঙৰ হৈছে ৷ তেওঁলোকে আশেপাশে হৈ থকা ভৌগোলিক পৰিবৰ্তন, জাতিগত বৈশিষ্ট্য, ভাষা সংস্কৃতিৰ দ্ৰুতগতিৰ পৰিবৰ্তন, অৰ্থনৈতিক বৈষম্য ইত্যাদি বিভিন্ন সমস্যাৰ মাজেদি দিনবোৰ পাৰ কৰি আহিছে, যাৰ ফল প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে এওঁলোকৰ ওপৰত দায়িত্ব আহি পৰিছে ৷ কিছু কিছু ক্ষেত্ৰত সমাজখনত ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়াৰ লগতে অসহিষ্ণু বাতাবৰণে গা কৰি উঠিছে ৷ যিটো সুস্থ সমাজ এখনৰ বাবে কাম্য নহয় ৷ উদভ্ৰান্ত, উৎশৃংখল নৱ প্ৰজন্মৰ পৰা এখন সুস্থ সমাজ কেতিয়াও আশা কৰিব নোৱাৰি ৷
আমি এনে সমাজ ব্যৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰা উচিত?
এখন সুস্থিৰ সমাজ পাবলৈ হ’লে প্ৰথমেই আমি শিক্ষা আৰু সমাজ সচেতনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব ৷ শিক্ষা আৰু সচেতনতা বৃদ্ধি মূল লক্ষ্য হিচাবে লৈ নৱ-প্ৰজন্মই যথা বিহিত শিক্ষাৰ ক্ষেত্ৰখনত গুৰুত্ব দিব লাগিব ৷ নিজৰ লগতে আনৰো শিক্ষাৰ গুৰুত্ব যে অসীম এই বিষয়ে সচেতনতা বৃদ্ধি কৰিব লাগিব ৷ সুস্থ শিক্ষা দানৰ যোগেদি এখন সুস্থ সমাজ গঢ় লৈ উঠে ৷ সমাজত ভৰি থকা কু-শিক্ষা, অন্ধ বিশ্বাস, কু-সংস্কাৰ দূৰ কৰাৰ লগতে এনে ভ্ৰান্তিমূলক ধাৰণাৰ পৰা নিজৰ লগতে আনকো আঁতৰাই ৰাখিব লাগিব ৷ বৰ্ণ বৈষম্য দূৰ কৰি লিংগ সমতা আৰু জাতিগতভাবে দুৰ্বল শ্ৰেণীক সম মৰ্যাদা আৰু সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত যুব প্ৰজন্মই সততে মাত মতাৰ লগতে তেওঁলোকক সমভাবে আগবঢ়াই লৈ যাব লাগিব ৷
ভাষা, সংস্কৃতি আৰু নিজৰ পৰিচয় ৰক্ষাৰ দায়িত্বও নৱ প্ৰজন্মৰ ওপৰতে পৰিছে ৷ সৃষ্টিশীল বিষয় বস্তুসমূহ সামাজিক মাধ্যমত প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে ৷ নামঘৰ, মন্দিৰ, মছজিদ,গীৰ্জাঘৰৰ লগতে প্ৰত্যেক ধৰ্মৰ প্ৰতি প্ৰত্যেকে প্ৰত্যেকৰ হৃদয়ত সন্মানবোধ জগাই সমাজখন একতাৰ দোলেৰে যাতে বান্ধখাই থাকে তাৰ প্ৰতি আজিৰ নৱ প্ৰজন্মই দায়িত্ব লব লাগিব ৷ ধৰ্ম আৰু বৰ্ণৰ নামত সমাজখন যাতে বিশৃংখল নহয় তাৰ প্ৰতিও চকু দিব লাগিব ৷
বৰ্তমানৰ যুগটো হৈছে ছচিয়েল মিডিয়াৰ যুগ ৷ ছচিয়েল মিডিয়াত দুটা দিশ আছে৷ ছচিয়েল মিডিয়াত ধনাত্মক দিশেৰে সঠিক তথ্য আৰু শুদ্ধ আচৰণেৰে শালীনতা বজাই আগবাঢ়িব লাগে ৷ চকু দিব লাগে যাতে ছচিয়েল মিডিয়াৰ পৰা সামাজিক আন্তঃগাঁথনি সদায় কটকটীয়া আৰু সুন্দৰ হয় ৷
আজিৰ নৱ প্ৰজন্ম হৈছে আমাৰ ভৱিষ্যতৰ ধৰণী ৷ সেয়ে তেওঁলোকে লোৱা সিদ্ধান্তত জ্যেষ্ঠ জনৰ পৰামৰ্শ আৰু উপদেশ যথেষ্ট গুৰুত্বপূৰ্ণ ৷ জ্যেষ্ঠজনে তেওঁলোকক সাধ্যানুসৰি সহায় আৰু সহযোগিতা আগবঢ়াব লাগে যাতে তেওঁলোক ভুল দিশে পৰিচালিত নহয় । সদায় চকু ৰাখিব লাগে, তেওঁলোকে লোৱা কাম আৰু সিদ্ধান্তৰ পৰিনামৰ ফলত সমাজখনত যাতে সুস্থ বাতাবৰণৰ সৃষ্টি হয় ৷
আমি আশা কৰোঁ, আজিৰ নৱ প্ৰজন্মই সচেতনভাবে সমাজৰ অন্ধকাৰ দিশটো পোহৰাই যাতে এখন সুন্দৰ, সুস্থ সমাজ গঢ় দিব পাৰে তাৰ বাবে নিষ্ঠা সহকাৰে নিজকে নিয়োগ কৰি আগবাঢ়ি যাব লাগে ৷
************



Comments