top of page
  • Black Facebook Icon
  • Black Instagram Icon

সামাজিক দায়বদ্ধতা আৰু আমাৰ নতুন প্ৰজন্ম

  • Writer: নিবেদিতা শৰ্মা, যোৰহাট
    নিবেদিতা শৰ্মা, যোৰহাট
  • Apr 12
  • 2 min read

নিবেদিতা শৰ্মা, লখিমী নগৰ, যোৰহাট

 

নতুন প্ৰজন্মৰ বৌদ্ধিক, মানসিক আৰু চাৰিত্ৰিক বিকাশৰ বাবে এটি সুস্থ বাতাবৰণৰ নিতান্তই প্ৰয়োজন। শিশুকালতে তেওঁলোকৰ কল্পনাবিলাসী মনটোলৈ লক্ষ্য কৰি তেওঁলোকক আকৰ্ষিত কৰিব পৰাকৈ কিছুমান যোগাত্মক চিন্তা-চৰ্চা কৰাটো  সমাজৰ প্ৰয়োজন আছে। সেইখিনি বাস্তৱ ৰূপত ফলপ্ৰসূ কৰিবলৈও আমি যত্নপৰ হ'ব লাগিব।

       

ইতিহাস খুচৰি চালে দেখা যায় লোক সাহিত্যৰ ক্ষেত্ৰত সাধুকথা তথা লিখিত শিশু সাহিত্যৰ ক্ষেত্ৰত আমি যথেষ্ট চহকী বুলিয়েই ক'ব লাগিব। অৰুণোদয়ৰ পাততেই নতুন প্ৰজন্মৰ বাবে শিশু সাহিত্যৰ আৰম্ভণি হৈছিল যদিও চুটি গল্প বা শিশু সাহিত্যৰ ক্ষেত্ৰত লক্ষ্মীনাথ বেজবৰুৱাদেৱক পিতৃপুৰুষ হিচাপে গণ্য কৰা হয়। শিশুসকলক নতুন দিশত সত্যপথেৰে আগুৱাই সমাজৰ সম্পদ কৰি তুলিবলৈ, সমাজখনৰ গধুৰ দায়িত্ব থাকে। ৰসৰাজৰ পিছত অসমলৈ এক নতুন জোৱাৰ আনিছিল স্বনামধন্য জ্যোতিপ্ৰসাদ আগৰৱালা, নবকান্ত বৰুৱা, মহেন্দ্ৰ বৰা, নিৰ্মল প্ৰভা বৰদলৈ, ভৱেন্দ্ৰ নাথ শইকীয়া, গগন চন্দ্ৰ অধিকাৰী, ড° প্ৰহ্লাদ কুমাৰ বৰুৱা, শান্তনু তামূলী, কিৰণ তামূলী আদিকে প্ৰমুখ্য এই ধাৰা অব্যাহত ৰাখি সাহিত্যৰ, বিজ্ঞানৰ, স্বাস্থ্যৰ ক্ষেত্ৰত বহু অৱদানেৰে সমাজলৈ তথা নৱপ্ৰজন্মক এক গতি প্ৰদান কৰিছে।

  

আমি জানো যে নতুন প্ৰজন্ম হ'ল সমাজৰ মূল চালিকা শক্তি। যিসকলে নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰি সুস্থ পৰিৱেশেৰে সমাজ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। সামাজিক মাধ্যমৰ ইতিবাচক ব্যৱহাৰৰ লগতে তেওঁলোকে পৰিৱেশ সুৰক্ষা, সাংস্কৃতিক সংৰক্ষণ আৰু সামাজিক ন্যায়ৰ লগত মাত মাতি আহিছে।

  

আমি সকলোৱে সমাজ পাতি বাস কৰোঁ। গতিকে সততা, সামাজিক দায়বদ্ধতাৰ এক অপৰিহাৰ্য গুণ। নতুন প্ৰজন্মক সমাজেই সততা, নৈতিকতাবোধৰ জ্ঞান দিব লাগিব, তেহে তেওঁলোকে  নৈতিকতাবোধৰ  মূল্যবোধক আঁকোৱালি ল'ব। সুস্থ বাতাৱৰণেৰে দয়া, ক্ষমা, সহানুভূতি, সহযোগিতা আদি মানবীয় গুণবোৰ সৰুৰে পৰা আত্মপ্ৰকাশ হ'বৰ বাবে সমাজৰ কৰণীয় থাকে। চৌপাশৰ অনুকূল পৰিৱেশ  পাইছেনে নাই সেয়া লক্ষ্য ৰাখিব লাগে। তেওঁলোকে যুৱক হৈ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ কৰা প্ৰচেষ্টাক প্ৰত্যক্ষ কৰাৰো প্ৰয়োজন বুলি ভাৱো। প্ৰতি ক্ষেত্ৰতো তেওঁলোকে নিজকে কেনেদৰে নিয়োজিত কৰিছে,নাইবা নৈতিক চৰিত্ৰৰ প্ৰতিও দৃষ্টি ৰাখিবলৈ সমাজৰ দায়িত্ব থাকে।

       

সংস্কৃতি জীয়াই ৰাখিবলৈ হ'লে প্ৰথমে প্ৰত্যেক মানুহ নিজে সংস্কৃতিৱান হ'ব লাগিব, তেতিয়াহে এখন সুস্থ সমাজৰ নাগৰিক বুলি পৰিচয় দিব পাৰিম।

 

সামাজিক, নৈতিক মূল্যবোধৰ শিক্ষাৰে শিক্ষিত হ'লে আমাৰ নৱ প্ৰজন্মৰ সামগ্ৰিক উন্নয়ন আৰু উত্তৰণ হ'ব। আমাৰ সমাজৰ প্ৰধান ভৰষা এই নৱ প্ৰজন্মই শিক্ষা, দীক্ষা, স্বাস্থ্য, নব নব প্ৰযুক্তিবিদ্যাৰে নিয়োজিত হৈ সমাজখনক নতুন মাত্ৰা দিব বুলি আমাৰ দৃঢ় বিশ্বাস।


@@@@@@@@@



Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page