top of page
  • Black Facebook Icon
  • Black Instagram Icon

বাগৰি বাগৰি হাঁহো আহক ……

  • Writer: স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ, গোলাঘাট
    স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ, গোলাঘাট
  • Jul 13
  • 2 min read


স্বপ্নাশ্ৰী শইকীয়া মেধি, বৰপথাৰ

 


১) শিক্ষক:  খগেন, কচোন আলাসৰ লাড়ু মানে কি?

    খগেন:  আলাসৰ লাড়ু মানে এনেকুৱা এটা লাড়ু, যিটো খাই হজম কৰিব নোৱাৰি ছাৰ ৷


😂 😂 😂

 

২) শিক্ষক:  ৰঘু, তোৰ আজি স্কুললৈ আহোঁতে কিয় দেৰি হ’ল?

  ৰঘু:  ছাৰ, মা আৰু দেউতা দুয়োজনে কাজিয়া কৰি আছিল ৷

  শিক্ষক: তাতে তোৰ দেৰি হ’ব লগা কাৰণ কি ?

 ৰঘু:  ছাৰ, মোৰ জোতাযোৰৰ এপাত জোতা মায়ে হাতত লৈ আছিল আৰু আনপাত দেউতাই লৈ আছিল ৷


😂 😂 😂

 

৩) শিক্ষক:  'কপাল’ শব্দটোৰে এটা কবিতাৰ পংক্তি লিখচোন ৷

    ছাত্ৰ:  কপাল তিতি গ’ল মোৰ চকুলোৰ বানত.....

   শিক্ষক:  তই এটা গাধ, চকুৰ পানী ওপৰলৈ বৈ যায় নেকি?

   ছাত্ৰ:  ৰ’ব ছাৰ, পাছৰ শাৰীটো শুনক ......

           .... ভৰি দুটা বন্ধা আছিল গছৰ ডালত ৷৷


😂 😂 😂

 

৪) ৰঘুৱে চুলি কাটিবলৈ গৈ নাপিতক সুধিলে, 'আপুনি কেতিয়াবা বান্দৰৰ চুলি কাটিছেনে’?

নাপিত:  আজিয়েই প্ৰথম ৷


😂 😂 😂

 

৫) কণটিলৌ:  মা, আমাৰ পূৰ্বপুৰুষ সকল হেনো বান্দৰ আছিল, হয়নে ?

মাক:  মই ক’ব নোৱাৰিম, বাপেৰক সোধ,  কাৰণ তেওঁলোকৰ হ’ব পাৰে ৷


😂 😂 😂

 

৬) ৰঘু: দোকানীবাবু, বহি আছে?

    দোকানী:  মই দোকানত বহি নাথাকি থিয় হৈ থাকিম নেকি?

     ৰঘু:  নহয় মানে কঁপি আছে নেকি ?

     দোকানী:  ঐ তই পাগল নেকি? মই যে কঁপি থাকিম মোৰ কিবা জ্বৰ উঠিছে নেকি?


😂 😂 😂

 

৭)  ডাক্তৰ: ৰঘু, তই অতিমাত্ৰা ফেচবুক কৰা বাবে তোৰ দেহৰ ফচফৰাচ কমি গৈছে ৷ চিন্তাৰ কাৰণ নাই বাৰু ৷ বাকলি থকা ফল বাকলিৰে সৈতে খাবি....তই পিছে কি ফল খাই ভাল পাৱ?

ৰঘু: বেল,নাৰিকল,কঁঠাল.... ছাৰ ৷

😂 😂 😂

 

৮) শিক্ষক: চেকেণ্ডক ৬০ ৰে পূৰণ কৰিলে কি হ’ব?

ৰঘু: ঘড়ীৰ কাঁটা ভাঙি যাব ছাৰ ৷

😂 😂 😂

 

৯) বাছৰ কণ্ডাক্টৰে ছীটত বহি মোবাইল টিপি থকা এগৰাকী ছোৱালীৰ ওচৰলৈ আহি ক’লে....এই মোবাইলে তোমাক জীৱনত অনেক দূৰলৈ লৈ যাব ৷

ছোৱালী গৰাকীয়ে আনন্দিত হৈ সুধিলে, 'ধন্যবাদ ৷ কিন্তু কেনেকৈ?"

কণ্ডাক্টৰ:  কাৰণ তোমাৰ ষ্টপেজ এঘণ্টা আগেয়েই পাৰ হৈ গৈছে ৷ তুমি ইতিমধ্যে অনেক দূৰ আগুৱাই আহিলা৷

😂 😂 😂

 

১০) শিক্ষক: ৰঘু, কচোন বলৰ আগত যদি এ হয়, আপেলৰ আগত এন হয় তেন্তে গডৰ আগত কি বহিব?

ৰঘু:  ধূপ, ধূনা আৰু কল-ফলেৰে এখন শৰাই বহিব ছাৰ ৷


************


 


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page