top of page
  • Black Facebook Icon
  • Black Instagram Icon

মনটো এটা গিয়েৰ বক্স

Writer: চুমিন্দ্ৰ চৌধুৰী, নয়দা
চুমিন্দ্ৰ চৌধুৰী, নয়দা
5 days ago
1 min read















এইটো শ্বাশ্বত যে শক্তি অবিনাশী, 

ৰেহৰূপ সলোৱা অমোঘ মায়াবী।

 

ইচ্ছাই হৈছে চালিকাশক্তি সত্বাৰ,

ইচ্ছাৰ মৃত্যু নহয়, হয় ৰূপান্তৰ ।

 

আত্মসুখ বিচাৰি মগজু নামৰ ইঞ্জিনটোৱে ৰাসায়নিক শক্তিক

ইচ্ছালৈ ৰূপান্তৰ কৰে। 

কৰাৰ ইচ্ছা, নকৰাৰ ইচ্ছা, পোৱাৰ ইচ্ছা, নোপোৱাৰ ইচ্ছা

দিয়াৰ ইচ্ছা, নিদিয়াৰ ইচ্ছা, জীয়াৰ ইচ্ছা নিজীয়াৰ ইচ্ছা ইত্যাদি ইত্যাদি......

 

কিন্তু নিজৰ অজ্ঞাতেই কওঁ ইচ্ছাৰ মৃত্যু হ'ল ।

 

ইচ্ছাই হৈছে চালিকাশক্তি সত্বাৰ,

ইচ্ছাৰ মৃত্যু নহয়, হয় ৰূপান্তৰ ।

 

বিবেক…

সত্বাৰ ইচ্ছাক বিবেকে ৰূপান্তৰ কৰে ।

 

কৰাক নকৰালৈ, নকৰাক কৰালৈ পোৱাক নোপোৱালৈ,

নোপোৱাক পোৱালৈ, দিয়াক নিদিয়ালৈ,

নিদিয়াক দিয়ালৈ ইত্যাদি ইত্যাদি........

 

মন……

মনটো হৈছে প্ৰতিটো সত্বাৰ এটা গিয়েৰ বক্স,

যিয়ে ইচ্ছাৰ দিশ আৰু প্ৰাবল্যতা নিয়ন্ত্ৰণ কৰে,

ঠিক এটা যান্ত্ৰিক গিয়েৰ বক্স দৰে

যিয়ে গতিৰ দিশ আৰু বলভ্ৰামক নিয়ন্ত্ৰণ কৰে ।

 

ইচ্ছাই হৈছে চালিকাশক্তি সত্বাৰ,

ইচ্ছাৰ মৃত্যু নহয়, হয় ৰূপান্তৰ ।

 

ধন্যবাদেৰে


চুমিন্দ্ৰ চৌধুৰী, নয়ডা, উত্তৰ প্ৰদেশ


Recent Posts

See All

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page