top of page
  • Black Facebook Icon
  • Black Instagram Icon

অঙ্ক বৰ জঙ্ক-পঙ্ক

Writer: যোগানন্দ মহন্ত, গুৱাহাটী
যোগানন্দ মহন্ত, গুৱাহাটী
Jul 13
1 min read



















যোগানন্দ মহন্ত, গুৱাহাটী

 

সৰুতে ভাবি আছিলোঁ

ডাঙৰ হোৱাই ভাল,

পুৱা-গধূলি আজৰি

পঢ়াৰো নাথাকে পাল।

 

পঢ়াশুনা বৰ লেঠা

নেওতা থাকে এগাল,

পূৰণ হ'লে মুখস্থ

বিয়োগে ছিঙে এৰাল!

 

যোগ অঙ্ক লাগে টান

উকলিলে এক দুই,

বিয়োগতো কৰি ধাৰ

খং উঠে চাই চুই।

 

হৰণো সঁচা মৰণ

নেওতা লাগে দুখন,

ভাজ্যলৈ চাই ভাজকে

মাতে নেওতা পূৰণ।

 

সৰলো কোদো বৰল

দেখিলেই যায় বিন্ধি,

বন্ধনীও বিধে বিধে

ভুলেও দিয়েহি সিন্ধি।

 

ডৰা-ডৰে লিখা অঙ্ক

নামটো তাৰ ঐকিক,

ইও বৰ জঙ্ক-পঙ্ক

নহয় কম মৌখিক।

 

এটা অঙ্ক ভয়ংকৰ

নাম দিছিলোঁ 'সৈনিক',

শিবিৰত থকা খাদ্য

হিচাপ কৰে দৈনিক!

 

অঙ্ক হেনো সহজেই

খটুৱালেই মগজ,

আমি আকৌ ভাবিছিলোঁ

ইমান কিনো গৰজ!

 

লাহে লাহে পালোঁ গম

অঙ্ক নহ'লে নহয়,

অঙ্কবোৰো আচলতে

বুদ্ধি-বৃত্তিৰে তনয়।


😇😇😇😇😇


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page