যোগ - জীৱনৰ পদ্য

Jul 14
1 min read

শাশ্বতী শৰ্মা, যোগ প্ৰশিক্ষক,
ঢেকিয়াল, গোলাঘাট
ৰাতিপুৱাতে শুই উঠি
পাৰি ল'বা ঢাৰি-পাটী,
কৰিম বুলি যোগ ব্যায়াম
নাহে যাতে ৰোগ-ব্যাধি।
সূৰ্য-নমস্কাৰ সদায় কৰিবা
দেহ-মন থাকে ভালে,
শৰীৰৰ জঠৰতা ভাঙি ল’লেহে
আসনত মন বহে।
পদ্মাসন, সুখাসন
আছে আৰু বহু ধ্যানাসন,
বৃক্ষাসনে মনোযোগ বঢ়াই
স্থিৰ কৰে মন।
বজ্ৰাসনত বহি তুমি
কিছুসময় থাকা,
আহাৰ গ্ৰহণৰ পাছতো
এই আসন কৰিব পাৰা।
আসনৰ লগে লগে প্ৰাণায়মো আছে
ভস্ত্ৰিকা, ভ্ৰামৰীয়ে মন শান্ত কৰে,
অনুলোম-বিলোম প্ৰাণায়মৰ ৰজা
কৰিলে পাবা বৰ মজা।
এলাহ আঁতৰিব, শকতি বাঢ়িব
মনত লাগিব ৰং
নিয়মীয়াকৈ যোগাভ্যাস কৰা
আজিয়ে লোৱা পণ।
নজনাকৈ নকৰিবা
কোনোটোৱেই আসন,
শিকি বুজি জানি ল'বা
সিটো হ'ব পৰম ধন।
**************



Comments