সকলো শিশুলৈ, মৰমেৰে…..
- নীলিমা বৰপূজাৰী, যোৰহাট

- Jul 13
- 1 min read

নীলিমা বৰপূজাৰী, যোৰহাট
কণমানি শিশু তুমি
তুমি যে গোলাপ কলি
সময়ৰ গতিত মিলাই খোজ
যোৱা তুমি আগুৱাই…।
নতুন যুগৰ নতুন প্ৰজন্ম
প্ৰাণত নতুন আশা,
বিজ্ঞানে দিয়া জ্ঞান গৰিমা
আদৰি তুমি লোৱা।
তোমাৰ মুখৰ মধুৰ হাঁহিত
উজ্জ্বলি উঠে ধৰা,
কৰ্ম, সততা আৰু পবিত্ৰতা
মুখত মধুৰ ভাষা।
প্ৰেম প্ৰীতিৰে যোৱা আগুৱাই
তোমাৰ খোজত ফুলক শতদল,
বাহুত তোমাৰ অসীম বল
বিশ্বত হোৱা নক্ষত্ৰ উজ্জ্বল।
নিজৰ বলেৰে যোৱা আগুৱাই
পৰত নকৰি আশ,
নতুন যুগৰ নতুন শিশুলৈ
যাচোঁ মৰম আশীৰ্বাদ ।
🌹🌹🌹🌹🌹🌹



Comments