top of page
  • Black Facebook Icon
  • Black Instagram Icon

মাছৰ চিকুণ মোৱা

Writer: প্ৰণবেন্দ্ৰ শৰ্মা, কালিফোৰ্নিয়া
প্ৰণবেন্দ্ৰ শৰ্মা, কালিফোৰ্নিয়া
Jul 13
3 min read














প্ৰণবেন্দ্ৰ শৰ্মা, চান হ'জে, কালিফৰ্নিয়া

 

কালি পুৱতি নিশা ঈশ্বৰ আহিছিল

খং উঠিল মোৰ

নাজানা নেকি তুমি

টোপনিৰ চিকুণ পুৱা

বিষাদ মনেৰে ক'লে তেওঁ

পাৱ জানো খাবলৈ

মোৱা মাছ এতিয়া

আছে যদি দিবিচোন

খাবলৈ মোকো এপোৱা।

 

খং গৈ পালেগৈ টিকনিৰ আগ

ধেমালি কৰিবলৈ আৰু

নাপালে সময়

বোলো হেৰা তুমিয়েই হেনো

সকলোৰে সৃষ্টিকৰ্তা

নিজৰ কাৰণে নকৰা কিয় সৃষ্টি

মোৱা মাছ এপোৱা

এই বৰেৰ পুৱাই

সকলো দোকান বন্ধ

মোৱা মাছ এতিয়া

পাম বাৰু ক'ত

কোৱা মোক কোৱা।

 

আচৰিত হ'ল তেওঁ

দোকান?

মাছ থাকিবলৈ কৰিছিলোঁ সৃষ্টি

নদ-নদী, সৰোবৰ

বিল, খাল অগনন

মাছৰ বাসস্থানৰ বাবে

কৰাটো নাছিলোঁ মই সৃষ্টি

কোনো দোকান!

 

কি বিড়ম্বনা

পৰিলোঁ কি পাগলৰ পাল্লাত

এই ৰাতিপুৱাই

প্ৰভু, আছিলা ক'ত লুকাই

তুমি ইমান দিন

সৃষ্টি কৰি গ'লা নেকি তুমি

দীৰ্ঘ নিদ্ৰাত মগন

এটি দীৰ্ঘ নিশ্বাস

এটি হুমুনিয়াহ পৰিল সৰি

ঈশ্বৰৰো আছে নেকি বিষাদ।

 

প্ৰভু, কিয় তোমাৰ কণ্ঠত আজি

শুনো মই বিষাদৰ গান

নিজ সৃষ্টি নিৰীক্ষণত

নহয় কিয় উৎফুল্লিত

তোমাৰ মন

আহিলাই যেতিয়া

বহা বাৰু এখন্তেক

মোৱা মাছ নহ'লেও

চাহ একাপেই যোৱা খাই

অতিথিক হেনো শুদা মুখে

নাপায় পঠিয়াব ওভটাই

প্ৰশ্ন মোৰ আছে সৰু এটা

পাৰা যদি উত্তৰ

দিবা সতকাই।

 

বিকটাই দিলে প্ৰভুৱে বদন

আহিছিলোঁ খাবলৈ

মোৱা মাছ অকণ

নিৰাশ কৰিলি ত‌ই

সামান্য অনুৰোধ মোৰ

তাকো ত‌ই নোৱাৰিলি

কৰিব পালন

লাগিলেই কিবা এটা

দিনে নিশাই কৰ মোৰ ভজন

নামত ভক্ত মোৰ

কামত অধম।

 

প্ৰভু, মিছাতেই তুমি মোক

কৰিছা খং

নদ-নদী সকলোতে

হ'ল প্ৰদূষণ

খাল-বিল পুখুৰী পুতি সবে

অট্টালিকা কৰে নিৰ্মাণ

ক'ত পাওঁ এতিয়াই

ক'লে তুমি

মোৱা মাছ অকণ

নাহিলা তুমি সুখৰ কালত

পুখুৰীত মাৰি জাল

কৰালোহৈ তোমাক

মৎস্য ভোজন

কিনো লাভ হ'ব এতিয়া

কৰি অৰণ্য ৰোদন

ঠিকমতে কৰিলাহেঁতেন যদি

তোমাৰ কৰ্তব্য পালন

মিছাকৈ নহ'লোঁহেঁতেন দোষী

আজি এই অভাজন

সৃষ্টি কৰিয়েই হয়তো কৰিলা তুমি

অনন্ত শয়ন

নিশ্চয় সেয়ে আজি তোমাৰ

এই বিষাদৰ কাৰণ।

 

ঠিকেই কৈছ বোপা ত‌ই

হয়তো কৰিলোঁ হেলা মই

কৰিবলৈ দায়িত্ব পালন

ব্ৰহ্মাক কৰি সৃষ্টি

কৰিলোঁ প্ৰজাপতি

সৃষ্টিৰ পালন কৰাৰ আগতেই

ল‌ওঁ বুলি জিৰণি অকণ

গড়ুৰৰ পৃষ্ঠে উঠি

কৈলাশ অভিমুখে কৰিলোঁ গমণ

মনটোক দিওঁ বুলি

কিছু বিনোদন

ভাঙৰ চিলিমত দিলোঁ

এটি টান

নাজানো কিনো নিচাত

পৰিলোঁ মৰ টোপনিত

আজিহে তাৰ হ'ল অৱসান

ওলট পালট কৰি

মোৰ নিৰ্দেশন

সৃষ্টিৰ বাৰটা বজাই ব্ৰহ্মাই

অকালতে ল'লে অৱসৰ গ্ৰহণ

এতিয়া কৰোঁ মই সৃষ্টিৰ

কিমতে পালন

নাজানো কেতিয়া ভঙুৱা শিৱ

পাব সাৰ টোপনিৰ পৰা

কৰিবলে সৃষ্টিৰ অৱসান।

 

প্ৰভু, কৈছিলা তুমিয়েই দেখোন

যেতিয়াই যেতিয়াই

গ্লানি হ'ব ধৰ্মৰ

তেতিয়াই হ'ব

তোমাৰ অভ্যুত্থান

তোমাৰ চকুত প্ৰভু

গ্লানি হ'ব ধৰ্মৰ

এতিয়াও বাকী আছে কিমান

হয়তো পৃথিৱীখন

অধৰ্মৰে পৰিছে ভৰি

সেয়েই মোৰ সন্মুখত

তুমি হৈছা বিদ্যমান।

 

কি ক’লি মূৰ্খ ত‌ই

ধৰ্ম?

পাৱ জানো বুজি ত‌ই

অৰ্থ ধৰ্মৰ

ধৰ্মৰ সৃষ্টিটো কৰা নাছিলোঁ মই

সৃষ্টি কৰিছিলোঁ মানৱৰ

দায় সাৰিবলৈ সিহঁতৰ কৰ্মৰ

সৃষ্টি কৰিলে সিহঁতে

অজুহাত ধৰ্মৰ

মানুহ হৈ থাকিলেহেঁতেন যদি

কিনো আছিল দৰকাৰ

ধৰ্মৰ সিহঁতৰ

ভাবিছিলোঁ সুখ দুঃখৰ কথা পাতি

মনটো পাতলাওঁ অকণ

তয়ো সেই ভণ্ড একেই

যাওঁ মই

থাক তই

হৈ সুখ নিদ্ৰাত মগন।

 

নাযাবা নাযাবা প্ৰভু

নালাগে খাবলৈ চাহ

ওলালোঁৱেই বজাৰলৈ এতিয়াই

মোৱামাছ আনিবলৈ এপোৱা

এখন্তেক থাকা ৰৈ

প্ৰশ্ন এটি মোৰ

আছে সুধিবলৈ

হঠাৎ শুনিলোঁ বজ্ৰধ্বনি

বেলি দুপৰ হ'ল

শেতেলি এৰিবলৈ নাম নাই

চলেনে ঘৰখন কাৰোবাৰ এনেকৈ

দিনে নিশাই চাবা খেল

ভৰ দুপৰলৈ নেৰিবা শেতেলি

আছেনে মনত

বন্ধুবৰ্গক মাতিছা যে আজি

খেল চাবলৈ।

 

খপজপাই উঠিলোঁ মই

সমুখত সাক্ষাৎ গোঁসানী

ঈশ্বৰ? ঈশ্বৰ গ'ল ক’লৈ

দেখিছানে, দেখিছানে তুমি

এইমাত্ৰ আছিল ইয়াতে

ক'ত গ'ল এতিয়া

মোক এৰি থৈ

প্ৰশ্ন এটি মোৰ

থাকিল যে সুধিবলৈ

হে হৰি, কালি নিশা খেল চাই

কৰিলা নেকি ভাং সেৱন

কিহৰ দোষত তোমাৰ দৰে এটাক

ঈশ্বৰে দিব দৰশন।

 

মিছা কোৱা নাই মই

শ‌ইত শ‌ইত খাইছোঁ তিনি শ‌ইত

আহিছিল ঈশ্বৰ পুৱা আজি

মোৰ ওচৰলৈ

মাতা নাই মিছা ম‌ই

ৰৈ গ'ল সুধিবলৈ

আজিৰ খেল কেইখনত

জিকিব কোনটো দল

কেইটা গোলত

জুৱাৰ বাজী মাৰিছোঁ যে মই

বন্ধুবৰ্গৰ সৈতে আজি

নিদিলাহেঁতেন যদি তুমি

মোক জগাই

বাজীমাত কৰিলোঁহেঁতেন আজি

ঈশ্বৰৰ পৰা সমিধান লৈ....

 

হে মোৰ জুৱাৰী ধৰ্ম যুধিষ্ঠিৰ

পাহৰিলা হ’বলা আজি

আছিল কথা

লগে ভাগে মিলি সবে

এসাঁজ খোৱা

মোৰ ভাগত পৰিছে

সৰু মাছ ভজা

মনত আছেনে নাই কোৱা

এতিয়াই কোৱা

বজাৰ বন্ধ হ'ব

নগ’লে এতিয়াই

পাবা ক'ত

তাজা মাছ

এই মোনাটো লোৱা আৰু

বজাৰলৈ যোৱা

এতিয়াই, এতিয়াই

ভাল চাই লৈ আহা

মোৱা মাছ এসেৰ এপোৱা

 

এতিয়াহে পৰিল মনত

নিশা বিছনালৈ যোৱাৰ পাছত

কাণৰ কাষত কাৰ

কুহুৰ-কুহুৰ

মোৱা মাছ এসেৰ এপোৱা

মোৱা মাছ এসেৰ এপোৱা

কিনো তোমাৰ লীলা প্ৰভু

সপোনত দিলা দেখা

দিঠকত অন্তৰ্ধান

সমুখত সাক্ষাৎ

দেৱী বিদ্যমান

দেৱী বাক্য কৰে হেলা

আছে জানো কলিজা কাৰোবাৰ

চকুদুটা মোহাৰি

মোনাটো হাতত লৈ

ওলালোঁ বজাৰলৈ

মহামন্ত্ৰ কৰি জপন

টোপনিৰ চিকুণ পুৱা

মাছৰ চিকুণ মোৱা

আনিব লাগিব তাজা

মোৱামাছ এসেৰ এপোৱা।

 

🦈🦈🦈🦈🦈

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page