বিষ্ণুৰাভাক আকৌ লাগে


বিজিত কুমাৰ ভাগৱতী, যোৰহাট
শ্ৰদ্ধাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
এটা নাম নহয়, এটা যুগ !
এজন মানুহ নহয়, এটা আন্দোলন !
এজন শিল্পী নহয়, এটা জাগৰিত শংখধ্বনি।
আজিও অসমৰ আকাশত,
আজিও অসমৰ মাটিত,
আজিও অসমৰ মানুহৰ বুকুত
ৰৈ ৰৈ স্পন্দিত হয়
"বিষ্ণু ৰাভা, তুমি এতিয়া ক'ত ? "
সেউজৰ সৰু বৰ আলিয়েদি
সংস্কৃতিৰ মেটমৰা ভঁৰালত
তোমাৰ সফল জীৱন অন্বেষণ,
হে অগ্নিবীৰ, তোমালৈ সহস্ৰ প্ৰণাম।
চাওলুং চুকাফাৰ সপোনৰ বৰ অসম-
সেয়া যে আছিল তোমাৰ জীৱনৰ অভিজ্ঞা
তোমাৰ লক্ষ্য তেজস্বী অসমীয়া
হে মহান পুৰোধা ,
তুমি অবিহনে আজি আমি ৰিক্ত ।
পাহাৰ ভৈয়াম একাকাৰ কৰি
গণ শিল্পী হৈ তুমি কলাৰ বিপ্লৱ আনিলা ।
তোমাৰ তাণ্ডৱ !
তোমাৰ ওজাপালি !
তোমাৰ কালীয় দমন নৃত্যত
স্তব্ধ হৈছিল জনতা !
ধন্য অসমীয়া !
সাৰ্থক তোমাৰ প্ৰতিভা !
সকলো কলাৰ গুৰু তুমি-
তুমি কলাগুৰু ।
যেতিয়া মানুহ আছিল বঞ্চিত,
বৈষম্যময় সমাজৰ জৰ্জৰিত কান্দোন,
আৰু
যেতিয়া শোষিতৰ হাঁহাকাৰে আকাশ কপাইছিল
তুমি প্ৰতিবাদ কৰিছিলা।
তুমি সংগ্ৰাম কৰিছিলা !
তুমি মানুহক জীয়াই থাকিবলৈ শিকাইছিলা।
সৌ তাহানিতে নিষ্পেষিত, শোষিত, জনতাৰ হকে
তুমি মৰা গোজৰণি
তোমাৰ চিন্তা,
তোমাৰ আদর্শ,
তোমাৰ দৰ্শনত বিশ্বাসী সাহসী জনগণে
তোমাৰ অবিহনে আজি প্ৰান্তে প্ৰান্তে চিঞৰি বিনাই উঠিছে
"বিষ্ণুৰাভা তুমি এতিয়া ক'ত"
আজিৰ সমাজত বিভাজন,
আজিৰ সমাজত স্বাৰ্থ,
আজিৰ সমাজত মূল্যবোধৰ প্ৰচণ্ড সংকট।
এনে সময়তে
এজন সাহসী বাটকটীয়া,
তোমাৰ দৰে এজন সাহসী বাটকটীয়া,
তোমাৰ দৰে এজন মানৱতাবাদী শিল্পী,
তোমাৰ দৰে এজন বিপ্লৱী চিন্তাবিদ -
অসমক পুনৰ প্ৰয়োজন।
ড° ভূপেন হাজৰিকা দেৱে কৈছিল।
"'বিষ্ণুদা তুমি আকৌ ঘূৰি আহা ,
আমি আদৰিম, আমি সাৱটিম।
তুমি টো এজন মানুহ নহয় বিষ্ণুদা
তুমি এটি সদা জীৱন্ত জীৱন লালসা।''
হয় -
বিষ্ণু ৰাভা আজিও জীয়াই আছে
তেওঁৰ আদৰ্শত
তেওঁৰ সৃষ্টিত,
তেওঁৰ সংগ্ৰামত।
কিন্তু -
অসমৰ বুকুত আজিও উচ্চাৰিত হয় একেই আহ্বান-
" -বিষ্ণুৰাভাক আকৌ লাগে "
সংস্কৃতিৰ সুৰক্ষাৰ বাবে
অসমীয়াৰ আত্মবিশ্বাসৰ বাবে ,
মানৱতাৰ জয় গানৰ বাবে -
"বিষ্ণুৰাভাক আকৌ লাগে "
নতুন প্ৰজন্মক জগাবৰ বাবে।-
বিষ্ণুৰাভাক আকৌ লাগে।
বিষ্ণুৰাভাক আকৌ লাগে।
বিষ্ণুৰাভাক আকৌ লাগে।
🙏🙏🙏🙏🙏



Comments