শাওনৰ ছবি
- হিৰণ ভূঞা, মুম্বাই

- Jul 13
- 1 min read

হিৰণ ভূঞা, মুম্বাই
শাওণৰ পথাৰ চফল হয়
জিৰ জিৰ বৰষুণৰ মিঠা পৰশত।
হালোৱা ককাই আৰু
ৰোৱনী বাইৰ সপোনে পোখা মেলে
বোকা পানীৰে থপথপীয়া পথাৰত।
হেঁপাহৰ সপোন মিলি যায়
জোকে খোৱা উদং ভৰিৰ তেজৰ চেকুৰাত।
হাঁহিভৰা এমুখ,
হাঁচতিৰ তামোল আৰু পথাৰৰ বোকা
কি যে মাটিৰ মায়া !
ঘৰৰ পৰা নিয়া টেকেলি পিঠা আৰু লাল চাহ
ভিজা মাটিৰ গোন্ধত
অনাবিল শিহৰণৰ উপলব্ধি।
বোকাৰে লুতুৰি-পুতুৰি ভৰি
বৰষুণত সিক্ত শৰীৰ
ক'তো নাই ভাগৰৰ স্থিতি।
শাওণৰ পথাৰে কঢ়িয়াই খেতিয়কৰ
সেউজীয়া সপোন।
🌴☘️🌿🍀☘️🌿🍀🌴



Comments