গৰমৰ বন্ধ

Jul 13
1 min read

নিৰু দত্ত, নিশান্ত নিবাস
১নং পদুমনি, সৰুপথাৰ
আহাৰ মাহত গছ ভৰি আম কঠাল জাম
গৰম বন্ধ পালো আমি পেট ভৰাই খাম।
দীঘলীয়া দিনটোত কামৰ নাই ধৰাবন্ধা
বহু দিন লগা নাই ভাইটিৰে খকাখুণ্ডা।
বৰ্তাৰ পুথিভঁৰালত কিতাপ অগণন
দুপৰীয়া তাতে কৰিম জ্ঞানৰো সন্ধান।
লং ড্ৰাইভত খুৰাৰ লগত পামগৈ নামচাই
সোণালী পেগোডাত সেৱা জনাই আনিম বনচাই।
চিপচিপিয়া বৰষুণত ছাগলি খেদি আনিম
দপদপিয়া বৰষুণত জাপি পিন্ধি তিতিম।
সেউজীয়া কোমল কঠিয়া হালি জালি নাচে
জাক পাতি বগা বগলি হালোৱাৰ পাছে পাছে।
দিখৌ মুখৰ পেহী ঘৰত চিৰাৰ স'তে থমা দৈ
দক্ষিণ হেঙেৰাৰ গুৰৰ স'তে সেলেপি খাম গৈ।
গৰম বন্ধ হ'ব পণ্ড পঢ়ালৈ দিলে পিঠি
হেডচাৰে কাঢ়াকৈ দেউতালৈ লিখিব চিঠি।
🕺🕺🕺🕺🕺🕺



Comments