top of page
  • Black Facebook Icon
  • Black Instagram Icon

নতুন দিনৰ সংকল্প….

  • Writer: সদানন্দ গগৈ, মুম্বাই
    সদানন্দ গগৈ, মুম্বাই
  • Apr 12
  • 1 min read










সদানন্দ গগৈ, মুম্বাই

    

লুইতৰ পাৰত

কঁপে কপৌ

ফুলৰ কলি,

ব’হাগৰ চোতালত

উদুলি-মুদুলি

বিহুৰে বতৰত আজি

সলনি হ'ব খুজিছে

তোমাৰ পৃথিৱী

অসমৰ প্ৰিয়

নৱ প্ৰজন্ম

দিয়া তুমি সঁহাৰি,

তোমাৰ হাতেৰেই

গঢ়িব লাগিব অসমী আইৰ নতুন ডায়েৰী।

পৃথিৱী সলনি হৈছে বিজুলীৰ বেগত,

নিজক গঢ়া তুমি

নতুন আবেগৰ তৰংগত।

কেৱল কিতাপৰ

পাঠ নহয়,

অংগ সঞ্চালন কৰিবা,

সু-স্বাস্থ্যৰ অভ্যাসেৰে নিজক শক্তিশালী কৰি তুলিবা।

 

প্ৰযুক্তিৰ কোবাল সোঁতত হেৰাই

নাযাবা তুমি,

সাৱটি ধৰা এই

পবিত্ৰ চেনেহী জন্মভূমি।

সকলো গুণত

পাৰ্গত হোৱা,

ধৰা নতুনৰ হাত,

তোমাৰ কণ্ঠত থাকক সাহসী সুৰীয়া মাত।

বিহুৰ ঢোলৰ গুমগুমণিত তোমাৰ প্ৰতিটো খোজত,

 জিলিকি উঠা তুমি

 বিশ্বৰ প্ৰতিটো মৰ্মত।

 

ব’হাগৰ এই উছাহত

ল’বা নতুন এক পণ,

তুমি হ’বা

অসমী আইৰ

সৰ্বশ্ৰেষ্ঠ এজন ।


************


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page