top of page
  • Black Facebook Icon
  • Black Instagram Icon

বেদুইন

  • Writer: কৃষ্ণ কান্ত চাহু, অধ্যক্ষ,নকাৰী উঃমাঃ বিদ্যালয়,উঃলখিমপুৰ   
    কৃষ্ণ কান্ত চাহু, অধ্যক্ষ,নকাৰী উঃমাঃ বিদ্যালয়,উঃলখিমপুৰ  
  • Jul 13
  • 1 min read














কৃষ্ণ কান্ত চাহু, অধ্যক্ষ

                            নকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ লখিমপুৰ

 

আনে জনা কথাবোৰ মই নাজানোঁ

মই জনা কথাবোৰ আনে নাজানে

আনে কোৱা কথাবোৰ মই নকওঁ

আনে নোকোৱা কথাবোৰ মই কওঁ

আচলতে কি জানা -

আমি নাগৰিক হৈ বহুত কথা নাজানোঁ

তুমি জনা নতুবা মই জনা বুলি কোনো কথা নাই

মই বুজা কথাবোৰ তুমি বুজিব নিবিচাৰা

তোমাৰ বাধ্যবাধকতা মই নুবুজোঁ

 

তুমি দেশৰ নাগৰিক নে - তোমাৰ কি প্ৰমাণ আছে ?

 

কৰ্ণিয়াৰ প্ৰতিবিম্ব অথবা আংগিক জীৱমিতিৰ এখন প্ৰমাণপত্ৰত

নাই মৌলিক জন পৰিচয়

মুলুকৰ পৰা মুলুকলৈ পৰ্যটকী পাৰপত্ৰত

নাই ভোকাতুৰ স্বজনৰ পৰিচয়

আৰু এক প্ৰমাণ পত্ৰ আছে -

মঙহৰ পিণ্ড এটা হৈ ৰজা পাতিছোঁ

ভাঙিব নোৱাৰা

আজিকালি সৰ্বত্ৰে এইবোৰ চৰ্চা হয়

তুমি জানা নে তোমাৰ দেশীয় পৰিচয় কি

- নাজানা

আমাৰ নাগৰিকত্বৰ আছে জানো পৰিচয় পত্ৰ?

ৰ'দ আমাৰ শ্মশান যাত্ৰা

বৰষুণ বন্যাৰ চিৎকাৰ

নীৰৱ মিছিলৰ অনাহাৰীৰ পৰিচয়ত নিষেধাজ্ঞা

মুলুকৰ বিধি

তুমি মোক পৰিচয় নুসুধিলে ভাল পাম।


************




Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page