top of page
  • Black Facebook Icon
  • Black Instagram Icon

পদ্য-ধেমালি

Writer: অৰূপ কুমাৰ দাস, বাৰাপেটা, বাক্সা,অসম
অৰূপ কুমাৰ দাস, বাৰাপেটা, বাক্সা,অসম
5 days ago
1 min read








অৰূপ কুমাৰ দাস

বাৰাপেটা, বাক্সা, অসম

 

ক)

চাইকেল চলাই বান্দৰ ককা

বজাৰলৈ গ'ল,

মোনা ভৰাই আনিব কিনি

পকা ভীম কল ৷

 








খ)

শিয়াল মামা বুধিয়ক

হাঁহ ধৰি খায়,

ঘড়ী আৰু চশমা পিন্ধি

সবাহলৈ যায় ৷

 

 












গ)

পাৰ চৰায়ে দিয়ে ৰুণ

পৰি ঘৰৰ চালত,

মাছ এটাই নাচে নাচ

পিছফালৰ খালত ৷









ঘ)

এবাৰ এন্দুৰে ভাবিলে

কৰি চাব খেতি,

পাগুৰি মাৰি ওলাই গ'ল

চহাবলৈ মাটি ৷

 

ঙ)

কোৰ লৈ মাটি কাটে

কাঁচিয়ে কাটে ধান,

বাঁহ এডাল কাটিবলৈ

দা এখন আন ৷

 

********

Recent Posts

See All

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page