বানে ধোৱা সপোন


মন্দিতা শৰ্মা, গুৱাহাটী
বান আহিলে কেৱল নদীয়ে পাৰ নাভাঙে ......
মনৰ দুৱাৰ-খিৰিকীবোৰো নিঠৰুৱা কৰে;
এৰি থৈ যায়
কেৱল নীৰৱতা,
আৰু শুকাই নোযোৱা পানীৰ দাগ।
উটি-ভাহি যায় ঘৰৰ ঠিকনা;
কিন্তু গঢ়ি উঠে
এগৰাকী আইৰ কোলাত
আন এগৰাকী আইৰ সন্তানক আকোঁৱালি লোৱাৰ অলিখিত আত্মীয়তা।
বানে শিকায় ......
সোঁতৰ সন্মুখত অহংকাৰৰ কোনো নাম নাখাটে; থাকে মাথোঁ দুখ ভগাই লোৱা দুহাত
আৰু আশা কঢ়িয়াই অনা এখন নাও।
বানে শিকায় ......
নাওখনৰ কোনো ধৰ্ম নাই,
উদ্ধাৰৰ ৰছীয়ে কেতিয়াও কাৰো জাত নামানে,
বিপদৰ সমভাগী হাতখনৰ কোনো ৰাজনীতি নাই।
যিসকলৰ নিজৰেই একো নাথাকে,
তেওঁলোকেই আগবঢ়াই দিয়ে শেষ মুঠি চাউল
আন এজন ভোকাতুৰৰ ফালে।
সেই মুহূৰ্তত মানৱতা ধৰ্মতকৈ বিশাল হয়,
সত্য ৰাজনীতিতকৈ দীপ্তিমান হয়,
আৰু সভ্যতাই নিজৰ আটাইতকৈ সুন্দৰ মুখখন উন্মোচন কৰে।
বানে ধোৱা সপোনবোৰ পুনৰ গঢ়ি তোলাৰ আগতে শিকি লওঁ ......
ঘৰ ইটাৰে গঢ়া নহয়;
মানুহে মানুহৰ বাবে মুকলি কৰি ৰখা
হৃদয়ৰ দুৱাৰেদিহে প্ৰকৃত ঘৰ গঢ়ি উঠে।
মানুহ যেতিয়া মানুহৰ ওচৰলৈ যায়,
তেতিয়াই ঈশ্বৰে নিজৰ ঠিকনা সলায়।
সপোনবোৰ বানে ধুই নিঃচিহ্ন কৰে....
তথাপিও মমতাৰ বীজে
পুনৰাই আশাৰ শস্য সিঁচে
মানুহৰ বুকুত।
সেই বীজৰ পৰাই এদিন আকৌ গজি উঠিব
এখন নতুন গাঁও,
এখন নতুন আকাশ,
এখন নতুন পৃথিৱী ....
য'ত মানুহৰ একমাত্ৰ পৰিচয় হ'ব
মানুহ।
*******



Comments