বিহুৰ লিমাৰিক
- যোগানন্দ মহন্ত, গুৱাহাটী

- Apr 12
- 1 min read

যোগানন্দ মহন্ত, গুৱাহাটী
(০০১)
'অতিকৈয়ে চেনেহৰ মুগাৰে মহুৰা'
তাকে গাই মইনাও হয়গৈ কহুৰা
বিহু গায় কাহি কাহি
নাচে পাচে হাঁহি হাঁহি
পোন্ধ খুলি সৰি পৰে মইনা বপুৰা!
(০০২)
বিহু বুলি খোৱা হয় ঢেৰ পিঠা-পনা
চিৰা নাখালে বেয়া লাগে দৈ ক্ৰীম সনা
পেটে দিয়ে নিজে মাত
নহয় বুলি দ গাঁত
ফোঁচ কৰি মনে তেও মেলি থাকে ফনা।
(০০৩)
খাবলৈ বৰ ভাল নাৰিকলৰ লাৰু
মন যেন শুই যায় পাই এটা গাৰু
খোৱাৰ নাই হিচাপ
পেটৰো শুনো বিলাপ
খাই খাই কৈ থাকোঁ নাখাওঁ বুলি আৰু।
(০০৪)
বিহুতেই আহিছিল ফুৰিবলৈ ককা
দাঢ়ি-চুলি পূৰা-পূৰি কলপেৰে ঢকা
নাছিল দাঁত একুৰি
ব্যাধিৰো এশ এবুৰি
সোলা মুখে সেলেপিছিল মিঠৈৰো পকা।
(০০৫)
বিহুতলীত শুনিয়েই ঢোলৰো মাত
তৎ নাই মইনাৰো বিহু-লগা গাত
সপোনতে বিহু গায়
বিহু নাচি সাৰ পায়
বিছনাতো ধম্ ধম্ মাৰে ভৰি হাত।
*************



Comments