আহিনৰ অনুভৱ

5 days ago
1 min read

নীলিমা বৰপূজাৰী, যোৰহাট
শৰতে আনিলে আহিনক মাতি,
মাৰিলে যেন এটি মিঠা হাঁহি;
আহিনৰ আকাশ অতি মনোমোহা,
শেৱালী জোপোই ক’লে মোলৈ চোৱা।
আকাশখনো নীলাৰে আছে ভৰি
শুকুলা ডাৱৰে তাতে আঁকে ছবি,
ভাস্কৰ কিৰণে দিয়ে ৰং সিঁচি
আঁকিলে চিত্ৰ যেন অনামী শিল্পী।
আহিনৰ আকাশত মুক্ত বিহংগ
অপলক নয়নেৰে চাই হ’লোঁ মুগ্ধ;
কোমল কঁহুৱা ফুলি বঢ়ালে শোভা।
কৃষকৰ পথাৰখন কি যে মনোমোহা!
আহিনৰ পাতিলে সুন্দৰৰ মেলা,
আহিলে দেখোন পূজাৰ বেলা।
আহা হে মাতৃ আই দশভুজা,
মৰতত দিয়া তোমাৰ চৰণৰ ছায়া।
শৰতৰ নিয়ৰে মাতৃৰ চৰণ পখালি,
ভক্তিৰে আদৰিম আমি আল্পনা আঁকি।
******



Comments