top of page
  • Black Facebook Icon
  • Black Instagram Icon

আমাৰ লাড্ডু

  • Writer: গৰিমা দাস, দক্ষিণপাট, নগাঁও
    গৰিমা দাস, দক্ষিণপাট, নগাঁও
  • Jul 13
  • 1 min read




















গৰিমা দাস, দক্ষিণপাট, নগাঁও

 


আমাৰ এটা মেকুৰী আছে

নাম তাৰ লাড্ডু

এই তাত, এই ইয়াত থিতাতে দৌৰে

যেন সি এটা যাদু।

 

অকণমানি হৈ থাকোঁতেই তাৰ

মাক নোহোৱা হ'ল,

মা আৰু ম‌ই কৰিলোঁ ডাঙৰ

এনেকৈয়ে সময় গ'ল।

 

আদৰ যতন অলেখ কৰি

ডাঙৰ কৰিলোঁ তাক,

ঘৰৰ অতি আদৰৰ সি

বৰ ভাল পাই মাক।

 

মাছ, মুৰি, মেৰিগল্ড বিস্কুট

আৰু মাংস খায়,

চকলেট খোলা গম পালেই

দৌৰি কাষলৈ যায়।

 

আমাৰ ঘৰত এতিয়া

ৰাজত্ব চলে তাৰ,

দৌৰি ফুৰে যেনি মন যায়

সুখ দিয়ে মনত অপাৰ।

 

তোমালোকৰ ঘৰতো বাৰু

মেকুৰী আছে নেকি ?

কি নাম দিছা জনাবা দেই

খায় ভাল পাই কি।

 

মৰম কৰিবা, আলফুলে ৰাখিবা

লগতে সাৱধান হ'বা,

মেকুৰীৰ নখ যাতে গাত নালাগে

সেই কথাত ধ্যান দিবা।


😹😹😹😹😹😹

 


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page