top of page
  • Black Facebook Icon
  • Black Instagram Icon

কৈশোৰ

Writer: ৰাধিকা দাস কলিতা, বশিষ্ঠ, গুৱাহাটী
ৰাধিকা দাস কলিতা, বশিষ্ঠ, গুৱাহাটী
4 days ago
5 min read

 

ৰাধিকা দাস কলিতা, গুৱাহাটী

 

দৈনিক ৰুটিনখনৰ তাল-মান-লয়ৰ ছন্দ পতন ঘটিছে ৰীমাৰ। দুদিনমানৰ পৰা কথাটো মন কৰি আছে মাক হিমাই। ৰীমাই মন মাৰি থকা হৈছে। বহি বহি কিবা ভাবি থকা যেন লাগে মাকৰ। অনবৰতে নতুনকৈ জগা গৰু পোৱালিৰ দৰে দেও দি দি জঁপিয়াই থকা ৰীমা কি কাৰণত মনমাৰি থকা হৈছে? সেইটো লৈ এতিয়া মাকেহে চিন্তাত মৰিছে। 

 

সেইদিনা দেওবাৰ। বাপেক-জীয়েক দুয়োৰে বন্ধৰ দিন। কাষৰ কেইঘৰৰ সমনীয়া ল'ৰা-ছোৱালীকেইটাই মাজে মাজে বন্ধৰ দিনত কোনো এঘৰত একেলগে দুপৰীয়াৰ ভাতসাঁজ খায়। সিদিনা সিহঁতৰ আনন্দ ফূৰ্তি চায় কোনে! আটাইকেইজনী লগ হৈ আবেলি আবেলি বিভিন্ন ধৰণৰ খেল খেলে। এই দুদিন ৰীমাই খেলিবলৈও আগ্ৰহী নহয়। আনকি আজি টুটুহঁতৰ ঘৰত দুপৰীয়াৰ সাঁজ তাই ভালপোৱা হাঁহৰ মাংসৰে খাবলৈ মাতোঁতেও উৎসাহ নাই।   

    

জুইৰপৰা জুই বঢ়াৰ দৰে ৰীমাৰ মাক দেউতাকৰ চিন্তা বাঢ়ি গৈ আছে। তাইৰনো হৈছে কি? একো এটাই খুলি নকয়। একো এটা কৰিবলৈ মন নাই! কিন্তু কিয়? কিয়নো এনে হয়? নাই তাইৰ উত্তৰ। কিবা বেমাৰ হৈছে বুলি মাক হিমা ভীষণ চিন্তিত!

"খাটাং কিবা এটা হৈছে জানে! নহ'লে ... !" ৰীমাৰ মাকে দেউতাকৰ আগত বৰ দুখ মনে মনৰ সংশয় প্ৰকাশ কৰিলে।

"তুমি তাইৰ লগত ভালদৰে কথা পতাটো দৰকাৰ হৈছে। মৰমেৰে সোধা আক'। নহ'লে আজি ময়ে কথা পাতিম। কিন্তু অলপমান বুদ্ধি কৰি!" দেউতাকৰো চিন্তা, অৱশ্যে তেওঁৰো চকুত নপৰা নহয় কথাটো। প্ৰথমতে মনেই কৰা নাছিল।

মাক দেউতাক উঠি গৈ তাইৰ ওচৰত বহি ল'লে। দেউতাকে মৰমেৰে সুধিলে —

"তইচোন আজি দুদিনমানৰ পৰা মনমাৰি থকা হৈছ? স্কুলত কিবা...?" তাই তলমূৰ কৰিলে। মাকে দেউতাকৰ ফালে চাই চকুৰে ইংগিত দিলে— মানে “আপুনি এতিয়া যাওক”। তাৰ পাছত দেউতাক লাহেকৈ উঠি যায়। তেওঁ যোৱাৰ পাছত মাকে তাইৰ আৰু অলপ ওচৰ চাপি আহিল। ৰীমাৰ হাত এখনত মাকে হাত থৈ — "কি হৈছে কচোন মোক। স্কুলত কিবা অসুবিধা পাইছ নে তোক কিবা বস্তু লাগে। ঘৰত কথাবোৰ খুলি নক'লে সকলোৰে মনবোৰ বেয়া লাগি থাকে নহয়! সকলো কথাই খুলি ক'বলৈ শিকিব লাগে। বিশেষকৈ মাক-দেউতাক বা অন্যান্য আপোনসকলক।" ৰীমাক মাকে অতি নম্ৰভাৱে বুজালে। তেওঁৰ মনত এটা সন্দেহ ভাব আছিল, ৰীমাৰ কিবা ভাল বস্তুৰ প্ৰতি মন আকৰ্ষিত হ'লে ক'বলৈ বা খুজিবলৈ সাহস নকৰি মন মাৰি বহি থাকিছিল। সদায় নহয় মানে কেতিয়াবা কেতিয়াবা। তেতিয়া হয় যেতিয়া তাইৰ মনত সন্দেহ হয় যে এই বস্তুটো খুজিলে দেউতাকে খং কৰিব। তেনে অৱস্থাতহে তাই মনমৰা বিধৰ ছোৱালী। এনেয়েতো তাই কাকো বৰ বেছি খাতিৰ কৰা বিধৰ নাছিলেই।

 

মাকে পুনৰ ক'লে — "ৰীমা, গাটো ভাল নহয় যদি ব'ল ডাক্তৰৰ তালৈ। ভাত-পানী ভালদৰে নাখালে দেহাটো দুৰ্বলহে হ'ব। ব'ল, উঠ!"   

মাকে আঁৰ চকুৰে চালে। এঘাৰ বছৰ উকলি তাই বাৰ বছৰত ভৰি দিবই কেইদিনমানৰ পাছতে। লগৰ ছোৱালী দুই এজনী তোলনী হৈছেই ইতিমধ্যে। তেওঁ পিছে ৰীমাক এইবোৰ ভালদৰে শিকাই বুজাই থৈছে। ভয় নাই।

ৰীমাই কেতিয়াবা আপত্তি কৰে দেউতাকৰ ওচৰত—  

"দেউতা, তুমি মোতকৈ মাৰ কথা বেছিকৈ শুনা।"

"কি? মাৰে হ'ল গৃহমন্ত্ৰী। ঘৰখন বহুতো কষ্ট কৰি চলাই আছে। গতিকে গৃহমন্ত্ৰীৰ কথা শুনাটো ময়েই নহয় ৰীমা, সকলোৰে বাবে অতি জৰুৰী। ঘৰত শান্তিৰে থাকিব লাগিলে আদেশ মানিবই লাগিব।"— দেউতাকে কৈ কৈ তাইক ওচৰ চপাই হাঁহিবলৈ ধৰিলে। লগতে ইয়াকো ক'লে তাইক — "শুন, যদি বুধিয়ক হৱ মাৰৰ কথামতে উঠ-বহ কৰি থাকিবি! বুজিছ?"

 

 সিদিনা কিন্তু তাই এটা বেঙা হাঁহি মৰাৰ বাহিৰে বিশেষ একো উত্তৰ নিদিলে। আনদিনা হোৱা হ'লে বহুবল্কী ৰাংঢালী ছোৱালীজনীয়ে নানান কথা বকিলেহেঁতেন। সিদিনা তাইৰ বেঙা হাঁহিটোৱে দেউতাকৰ বুকুৰ ভিতৰখন মোহাৰি গ'ল। দেউতাকে ভাবিছিল তাই জঁপিয়াই উঠিব আৰু অনৰ্গল বকি থাকিব। "হ'ব হ'ব, এতিয়া বন্ধ কৰ তোৰ লেকচাৰ" বুলি এক ধমক দি তাইৰ মুখ বন্ধ কৰিবলগীয়া হ'ব বুলি দেউতাক সাজু হৈ আছিল। তেওঁৰ মনৰ ভাৱনাত চেঁচা পানী পৰিল। 

কেতিয়াবা আক' ৰীমাই মাকৰ ওচৰত ৰোহ পাতে— "মা, তুমি দেউতাই ভালপোৱা কামবোৰহে কৰা ন। কাষত ময়োতো আছোঁ। মোৰ ফালেও চাব লাগে ন কেতিয়াবা।" তাইৰ কথা কোৱাৰ ধৰণটোত মাক-দেউতাকে আমোদ পায়। "মোতকৈ দেউতাক বেছি মৰম কৰা" বুলি আপত্তি কৰে। 

 

তেনেজনী ৰীমাৰ চাল-চলনবোৰত এইকেইদিন কিবা আচহুৱা যেন দেখি মাক-দেউতাক দুয়ো চিন্তাত পৰিছে। ৰীমা বহাকোঠাত ডাঙৰ ছোফা এখনত বহিলগৈ অকলে অকলে। দেউতাকে বহাঠাইতে কিছুসময় বহি থাকি চিন্তিত মনে বাগৰ দিলে। আচলতে এইখিনি সময়ত ৰীমাৰ মাক হিমাই ম'বাইলটো লৈ এফালৰপৰা চাবলগীয়াখিনি চোৱাৰ সময়। আজি কিন্তু ৰীমাৰ কাষত বহি ল'লে। জানিবই লাগিব ৰীমাৰ কি কাৰণত মন বেয়া! সঁচাকৈয়ে গা বেয়া নে কিবা কাৰণত মন বেয়া! — "তোৰ লগৰকিজনীৰ খবৰ কি ঐ? বহুতদিন কাকো লগেই পোৱা নাই। এদিন মাতি আনিবিচোন। ভাল লাগে সিহঁত আহিলে।" তেওঁ প্ৰথমে জীয়েকৰ বন্ধুবোৰৰ কথাৰে আৰম্ভ কৰিলে। 

"সিদিনাচোন টুটুৰ তোলনী বিয়ালৈ গৈছোঁ। মা, মোৰ ন-হ-য় পেটটো বিষাই থাকে। আৰু মনটোওচোন বেয়া লাগি থাকে। কিবা ভয় ভয়! টুটুৱে কৈছে তাইৰো বোলে তোলনী হোৱাৰ আগে আগে এনে হৈছিল। মই নহওঁ — ভয় লাগে!"— কৈয়েই তাইৰ চকুদুটা চলচলীয়া হ'ল আৰু তলমূৰ কৰিলে। হিমাৰ বুকুখন হমহমাই উঠিল। মইচোন এইবোৰ ভবাই নাছিলোঁ বুলি নিজকে নিজে ধিক্কাৰ দিবলৈ ধৰিলে। হিমাৰো চকুদুটা সেমেকি আহিল। বুকুখনো। "আৰু কিবা অসুবিধা ...  মোৰ মাজনী!"

"জাঙিয়াটো কিয় ইমান লেতেৰা হয়?  কিবা বেমাৰ হৈছে নেকি মা? মোৰ বহুতো ভয় লাগি আছেঐ!"

     

হিমাৰ গাটো জিকাৰখাই উঠিল। এইবোৰ কাৰণতেই জীয়েকৰ গা-মন বেয়া! মাকজনী হৈ অনুভৱ কৰিব পাৰিব লাগিছিল! ৰীমাৰ বৰ্তমানৰ সময়টো যিহেতু অলপ বেলেগ। বেচেৰী! যিকোনো কথাই খুলি ক'বলৈ শিকাই বুজাই থৈছিল যদিও...

বৰ নৰমকৈ ৰীমাৰ হাত এখনত ধৰি সিমানেই নৰমকৈ হিমাই ক'লে —

"এইটো বয়সত এনেকুৱা হয়েই। সেইটো চিন্তা কৰিবলগীয়া মুঠেই নহয়। এইবোৰ অতি স্বাভাৱিক কথা। ডাঙৰ হৈ অহাৰ লগে লগে বেলেগ বেলেগ স্তৰত বেলেগ বেলেগ লক্ষণসমূহে দেখা দিয়ে। শাৰীৰিক আৰু মানসিকভাৱেও বেলেগ বেলেগ কাল যে। শিশুকাল, কৈশোৰকাল, যৌৱনকাল ... এনেদৰে বৃদ্ধ কাললৈ জীৱন পৰিক্ৰমা আগবাঢ়ে। এইটো সকলো প্ৰাণীৰ ক্ষেত্ৰতে খাটে। মানুহৰ ক্ষেত্ৰত আমি স্পষ্টকৈ দেখিবলৈ পাওঁ, অনুভৱ কৰোঁ। নহয়নে? একে বয়সৰ টুটু তোলনী হ'ল। বাকীকেইজনীও এজনী এজনীকৈ হৈ থাকিব। দিন যোৱাৰ লগে লগে শৰীৰত, মনত পৰিবৰ্তন হ'বই ন! সেয়ে এতিয়াৰপৰা সাৱধান হ'বৰ হ'ল কিছু কিছু ক্ষেত্ৰত। যেনে চাফ-চিকুণ আৰু.... , আৰু সদায় চাফা আৰু কম ৰঙৰ জাঙিয়াহে পিন্ধিব লাগে। বুজি পাইছনে কি ক'ব খুজিছোঁ।"

"ওঁ! বুজিছোঁ মা। সকলোৰে এইবোৰ বেমাৰ হয়?"

"বেমাৰ নহয় ঐ! ক'লোঁৱেইচোন! সাধাৰণ প্ৰক্ৰিয়া। চা, কেঁচুৱা হৈ জন্ম হয়। তাৰ পাছত শিশুকাল, কিশোৰ-কিশোৰী, চেমনীয়া আৰু... !"

"আৰু কি হয়?"

"বয়ঃসন্ধি! বাল্যকাল বা শিশুকাল শেষ হৈ যৌৱনকাল আৰম্ভ হোৱাৰ সময়খিনি। চেমনীয়া আৰু যৌৱনৰ সন্ধিকাল বাবেই বয়ঃসন্ধি!"

"কোনদিনাৰপৰা আৰম্ভ হয় মা এই কাল, মানে ... সময়টো?" — ৰীমাই ভয় ভয়কৈ সোধে। চকু মুখত ভয় মিশ্ৰিত উত্তেজনা!

কোনদিনাৰ পৰা আৰম্ভ হয়, তেনে কোনো দিন নাথাকে বুলি ক'ব পাৰি। তাৰমাজতো অলপ ক'ব পাৰি অৱশ্যে, ছোৱালীবোৰৰ কথা। তোলনী হোৱাৰ পৰাই যৌৱন কাল আৰম্ভ হোৱা বুলিব পাৰি। কিন্তু ল'ৰাৰ কথা এনে কোনো নিৰ্দিষ্ট সময় ধৰি দিব নোৱাৰি। সিদিনা যে ৰামধেনু দেখি মোকো চাবলৈ মাতিছিলি, মনত আছে?"

"বৰ ধুনীয়া ন ৰামধেনু? ৰংবোৰ যে... !"

"ওঁ বৰ ধুনীয়া। ৰামধেনু বৰষুণৰ পাছতে ওলায় আৰু সূৰুযৰ বিপৰীত দিশত। ৰামধেনুৰ সাতো ৰং বুলি সকলোৱে জানো। 'বেঘনীসেহাসুৰ' বুলি এটা শব্দেৰে ৰামধেনুৰ ৰংবোৰ একাদিক্ৰমে মনত ৰখা হয়। সহজ বুদ্ধি। এখন ৰামধেনুৰ এটা ৰং ক'ত শেষ হৈ আনটো ৰং ক'ত আৰম্ভ হৈছে সেইটো ধৰা অসম্ভৱ। কেঁচুৱা শৈশৱ কৈশোৰ যৌৱন ... এই কালবোৰো তেনেকুৱাই। ওপজা সকলোৰে একে। ল'ৰাৰ ক্ষেত্ৰতো ছোৱালীৰ দৰেই হয়।"

"ল'ৰাৰো হয় ... ?"

"অতোঁ আক'! ল'ৰা-ছোৱালী বুলি কি কথা আছে? জন্ম মৃত্যু বিবাহ সকলো একেই। দৈহিক পৰিবৰ্তনো একেধৰণে পৰিবৰ্তন হয়।"

"মা জানানে, মইতো ভয়তে মৰি গৈছিলোঁ! টুটুৱে কৈছে — "তই তোলনী হ'বি!" সুধিছিলোঁ—

"তই কেনেকৈ জানিলি?"

"কিয় নাজানিম? মোৰো তোৰ দৰেই বেমাৰ হৈছিল জান? মোৰ মায়ে ঘৰৰপৰা অকলে অকলে ওলাবলৈ দিয়া নাছিল।"

"বেমাৰ নহয়। বেমাৰ হ'ব চিন্তা কৰি থাকিলেহে। হাঁহি-মাতি শিশুৰদৰে আনন্দ মনে থাকিবি। এতিয়া উঠ; খেলগৈ যা। মন বেয়া নকৰিবি।" মাকে বুজাই ক'লে।

 

ৰীমা উঠিল আৰু মাকক আগৰদৰেই সাবটি চুমা এটা খাই যাবলৈ উঠিল। মাকলৈ চাই ওঁঠ দুটা বহল কৰিলে। মাকেও সেমেকা হাঁহি মাৰিলে। জীয়েক ডাঙৰ হৈ আহিল। তেওঁৰো চিন্তা বাঢ়িল একেলগে। বুকুত সুখ দুখৰ বয়ঃসন্ধি কাল। জীয়েক ৰীমা উঠি গ'ল সঁচা। কিন্তু তাইক ঠাইতে বহাই থৈ গ'ল এটা ভাবৰ টোপোলা দি। হিমা ভাবত বিভোৰ — সাৱধান হ'বৰ হ'ল। কিছুমান বস্তু সৰহকৈ কিনি থ'ব লাগিব। আমাৰ মাহঁতৰ ইমান চিন্তা নাছিল। ওচৰ চুবুৰীয়া সকলো দৌৰি আহিছিল। ই এটা, সি এটা উপদেশ দি চলাইছিল। কিন্তু হিমাই সেইটো হ'বলৈ নিদিয়ে। বিজ্ঞানসন্মতভাৱে কৰিব সকলো। লোকৰ নিয়ম নীতি নিৰ্দেশনা যুক্তিৰ চালনিৰে চালি জাৰি চাব।

 

"মা, মই জিমিৰ লগত খেলিবলৈ যাওঁ?"—  জীয়েক ৰীমাৰ উছাহপূৰ্ণ চিঞৰত হিমা ভাব সাগৰৰপৰা উলটি আহিল। জিমি মূধে মূধে লাগি থকা ঘৰৰ ছোৱালী। ৰীমাৰ সমনীয়া আৰু সদায় খেলাৰ লগ। ৰীমাৰ ফৰকাল মাতটো শুনি হিমাই স্বস্তিৰ নিশ্বাস এটা এৰি পাকঘৰলৈ গ'ল, পকৰি বনাব। যাওঁতে যাওঁতে ৰীমাই কৈ গৈছিল — "মা মোলৈ পকৰি বনাই ৰাখিবা। বহুত দিন হ'ল খোৱাই নাই!" সেয়ে...

********



Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page