অসুৰৰ দেশ


বিদিশা দত্ত, দুলীয়াজান
“আআআও অসুৰ! তই বেল খাবও পাৰিলি নে?”
অসুৰে খোৱাৰ পৰা মূৰ তুলি মলুলৈ চালে। বেলৰ শাহবোৰ নাকে-মুখে লাগি তাৰ চেহেৰাটো যে চাবলগীয়া হৈছিল! মলুৱে মুখখন জোৰকৈ টিপি কোনোমতে হাঁহিটো ৰখালে।
“বোলো তই এইহেন অৱস্থাৰেও বেল ভাঙি যে খাব পাৰিছ হেৰৌ! এনেইনো অসুৰ নাম পাইছ নে! খা খা বোপাই, পেট ভৰাই খা!”
অসুৰৰ এখন হাত কিলাকুটিতে নাই। ভৰি এটাও আঠুতে ভগা, বেঁকা হৈ থাকে ভৰিটো। নাই নাই, তোমালোকে ভবাৰ দৰে জন্মৰে পৰা সি তেনেকুৱা নহয়। এটা দুৰ্ঘটনাৰ পিছৰ পৰাহে তাৰ এই অৱস্থা হ'ল।
মলুৱে ঠাট্টাই কৰিলে নে প্ৰশংসাই কৰিলে, তাকে বুজিবলৈ অসুৰে অকণমান সময় মলুৰ মুখলৈ চাই ৰ’ল। পিছে সেইবোৰ কথালৈ মন দি সময় নষ্ট কৰি লাভ নাই বুলিয়েই সি আকৌ বেল খোৱাত মন দিলে। বাগানৰ শিৱ মন্দিৰটোৰ চৌহদত বেল কেইবাজোপাও আছে। বেলবোৰ এতিয়াও পকা নাই। তথাপি বান্দৰৰ পৰা সাৰি থাকিব নে! গছৰ ডাল ঘটালি ঘটালি, আঁজুৰি পিজুৰি হ'লেও বেল সৰুৱাইহে এৰে। কিছুমান বেল সৰিলে ইটা, শিল আদি কঠিন বস্তুৰ ওপৰত জোৰত পৰিলেহি ফাটি যায়। খাবলৈ সিহঁতৰ সুবিধা হয়। পিছে আজি সৰা বেলটো অসুৰে কামুৰিহে ভাঙিলে।
অসুৰৰ নাম আগতে অসুৰ নাছিল, জন্মৰ পিছত মাকে মৰমতে তাক বেলেগ নাম এটাহে দিছিল। পিছে কিনো দিছিল, সেয়া কাৰো মনত নাই।
বান্দৰ হৈছে বৰ চতুৰ আৰু উৎপতীয়া জন্তু। কিছুমান বান্দৰ অলপ বেছিয়েই উৎপতীয়া, পোৱালি অৱস্থাৰে পৰাই উৎপতীয়া। অসুৰ হৈছে তেনে এটা অঘাইতং বান্দৰ।
বান্দৰজাকৰ উপদ্ৰৱত চাহ বাগানখনৰ মানুহখিনি বাৰুকৈয়ে অতিষ্ঠ। বাগানখনৰ পৰা ওলাই কিছুদূৰ অহাৰ পিছতে মূল ৰাস্তাৰ কাষত বৰ ঘন হাবি এখন আছে। সেইখনৰ পৰা কেনেবাকৈ এদিন অজগৰ এডাল ওলাই আহিল। সম্ভৱ খোৱা বস্তু বিচাৰিয়েই ওলাই আহিছিল। বান্দৰে দেখিব নোৱাৰা, ভয় কৰা প্ৰাণী হৈছে এই সাপ। সন্ধিয়া কাণি মুনি বেলা অজগৰডাল হাবিৰ পৰা ওলাই ৰাস্তাৰে চুঁচৰি বাগানত সোমাইছিলহি।
অজগৰৰো সেইদিনা কপাল ভাল আছিল।
বাগানৰ কাৰোবাৰ ঘৰৰ খটাসুৰ ছাগলী এটাই কাৰোবাৰ ঘৰৰ শাকৰ পুলি খাই, কাৰোবাৰ ঘৰৰ ফুলপুলিৰ আগটো খাই দিনটো ইফালে সিফালে দৌৰি ধাপৰি ফুৰিছিল। আবেলিলৈ সি ভাগৰুৱা হৈ পৰিছিল। পেটটোও তাৰ বৰ বঢ়িয়াকৈ ভৰি আছিল সেইদিনা। গতিকে ঘৰমুৱা হ'বৰ সময়তে চাহৰ জোপোহাৰ মাজতে সি টোপনিত লালকাল দিছিল।
অজগৰো ভোকত আছিল। চাহগছৰ মাজে মাজে বগাই আহি থাকোঁতে শুই থকা নোদোকা ছাগলীটো দেখি সি ফূৰ্তিতে ক'ব নোৱাৰা হ'ল।
সন্ধিয়াৰ সময়, চৰাইবোৰে কোৰ্হাল কৰি বাহলৈ উভতি আহিছিল। বাহত থকা পোৱালীবোৰে চিকচিক্ মিকমিককৈ দিনটোৰ কাহিনী কৈ কৈ মাকে ঠোঁটত কঢ়িয়াই অনা আহাৰ খাই আছিল। তেনেতে চাহগছৰ মাজত ছাগলীৰ প্ৰাণকাতৰ বেবনি শুনা গ'ল। লগতে সাপৰ ভয়লগা ফোঁচফোচনি।
বান্দৰমখাই লগালে হুলস্থূল…।
“কি হ'ল ঔ! ক'ত চিঞৰিছে! কোনে চিঞৰিছে! ব’লচোন সৌফালে! ধেই অঁকৰা! এইফালে নহয়, সৌ তাৰ পৰা আহিছে চিঞৰটো! ব’লচোন ব'ল!”
বান্দৰখিনিয়ে শিৰীষ গছেৰে বগাই বগাই সেই ঠাই পালেহি। সন্ধিয়াৰ পাতল আন্ধাৰতো সিহঁতে দেখিলে- মস্ত সাপটোৱে মেৰিয়াই ধৰি আছে ছাগলী এটা। ছাগলী তেতিয়ালৈ অৱশ হৈছে, তাৰ উশাহ চাগে বন্ধ হৈছে। তাৰ চিঞৰ নোহোৱা হৈছে তেতিয়ালৈ।সাপটোৰ আকাৰ দেখিয়েই ভয়তে বান্দৰজাকৰ গাৰ নোম শিয়ৰি উঠিছে। সিহঁতৰ টেঁটুফলা চিঞৰ, কোৰ্হাললৈ অজগৰে কেৰেপ কৰা নাই। সি লাহে লাহে ছাগলীটো গিলিবলৈ লৈছে।
এই যে অসুৰ, সি অঘাইতঙে শিৰীষৰ ঠুনুকা ডাল এটাত বহি ডালটো ঘটালি ঘটালি চিঞৰিবলৈ লাগিল। ডালটো হঠাৎ ভাগি থাকিল। অসুৰ পৰিলগৈ অজগৰৰ ওচৰতে। ভয়তে আধামৰা হৈ সি লুটি বাগৰ খাই, জঁপিয়াই সেইখিনিৰ পৰা পলাল।
পকা ৰাস্তাৰে গাড়ীবোৰ অহা যোৱা কৰি আছিল। ভয়তে বিতত হৈ থকা সি গাড়ীবোৰলৈ চোৱাই নাছিল। তাৰ মনত এটাই চিন্তা আছিল - মুঠতে সেইখিনিৰ পৰা তৎক্ষণাৎ পলাব লাগে। সি দৌৰি, জঁপিয়াই ৰাস্তাটো পাৰ হ'বলৈ ধৰোঁতেই গাড়ী এখনৰ খুন্দাত সি চিটিকি পৰিলগৈ। পৰিলগৈ একেবাৰে ট্ৰাক এখনৰ সন্মুখত!
ট্ৰাকৰ সেইহেন মস্ত চকা এটা তাৰ হাত, ভৰিৰ ওপৰেৰে চলি গ'ল। তাৰ চিঞৰত বান্দৰজাক বাদেই, ভালেখিনি মানুহো গোট খালেহি।
মানুহবোৰে ইচ্ ইচ্ আচ্ আচ্ কৰিবলৈ ধৰিলে। পিছে সেয়া খন্তেকৰ কাৰণেহে! অলপ পাছতে প্ৰায় সকলোৰে মুখত একেধৰণৰ কথাবোৰকে এক সময়তে শুনিবলৈ পোৱা গ'ল।
“ভাল হ'ল দে! এনেকৈয়ে যদি এইসোপাৰ উৎপাত শেষ হ'লহেঁতেন!”
“এৰা দেই! অলপ অশান্তি দিয়া নাই এইজাকে!”
“কালি জানানে, আমাৰ বিছনা চাদৰ এখন ধুই মেলি থোৱা আছিল। ফালি তেনেই চিৰাচিৰ কৰি পেলালে!”
“এহ্ আমাৰো! নতুনকৈ ৰোৱা অমিতা পুলি দুটা হেৰৌ চিন মোকাম নোহোৱা কৰি পেলালে।”
“বস্তু ধ্বংস কৰাটো বাদ দিয়ক, সেইদিনা মলুৱা এটাই প্ৰফুল্লৰ মাকক কামুৰিলে নহয়!”
“ইস্ ইস্! বেছিকৈ কামুৰিলে নেকি?”
“কঁকাল আৰু ভৰিত ভালকৈয়ে কামুৰিলে। দুৰাতি হস্পিটেলত থাকিব লগা হ'ল হেনো!”
“মুঠতে উপায় নোহোৱা হৈছে এইজাকৰ পৰা। মানুহো কামুৰিবলৈ লৈছে যেতিয়া আৰু ভয়ৰ কথা হ'ল।”
এইবোৰ কথা পাতি পাতিয়েই এজন দুজনকৈ মানুহবোৰ সেইখিনিৰ পৰা আঁতৰিল।
বান্দৰজাকে হুলস্হুল কৰি চটফট্ চটফট্ কৰি সেইঠাইতে ইফাল সিফাল কৰি থাকিল। লাহে লাহে অসুৰে চুঁচৰি বাগৰি সেইখিনিৰ পৰা আঁতৰি হাবিত সোমালগৈ। বাকীবোৰো লাহে লাহে হাবিলৈ গুচি গ'ল।
বান্দৰখিনিৰ খুব খং উঠিছিল। মানুহবোৰৰ কথাবোৰ সিহঁতে শুনিছিল। সিহঁতৰে জ্ঞাতি ভাই এটাক মানুহে ট্ৰাক চলাই খুন্দিয়াই হাত ভৰি ভাঙিব, আৰু তাৰ পিছতো মানুহসোপাই সিহঁতকে গালি দি থাকিব! মানুহবোৰে সিহঁতক ঘোৰ শত্ৰু বুলি ভাবে কিয়! মানুহে এইটো কথা নুবুজে, যে জীয়াই থাকিবলৈ হ'লে প্ৰাণী একোটাই খাবই লাগিব। বান্দৰৰ খাদ্য হাবিত কমি আহিছে। হাবিবোৰ কাটি কাটি মানুহে ৰাস্তা বনাইছে, ঘৰ সাজিছে, ডাঙৰ হোটেল সাজিছে। সিহঁতে খাব কি! গতিকে খাদ্যৰ কাৰণে সিহঁতে মানুহ থকা ঠাইলৈকে যাব লাগিব। কিছুমান বান্দৰে মনত মানুহৰ প্ৰতি খং বেছিকৈ পুহি ৰাখে। মানুহে সিহঁতৰ ওচৰত ব’ম ফুটায়, সিহঁতলৈ কেটেপা মাৰে, শিলগুটি দলিয়ায়। সিহঁতৰ দুই এটাই খঙতে কাৰোবাক কাৰোবাক কামুৰিছেও। মানুহে সিহঁতৰ সমস্যাবোৰ জানো বুজে?
অসুৰ লাহে লাহে সুস্থ হৈছিল। তাৰ সোঁ হাতখন কিলাকুটিৰ ওচৰতে বৰ বেয়াকৈ ভাগিছিল। হাতখনৰ কিলাকুটিৰ পৰা আঙুলিলৈকে অংশটো এদিন এৰাই গ'ল। তাৰ বাওঁ ঠেঙৰ আঁঠুটোও ভাগিছিল, সেইটো সম্পূৰ্ণকৈ পোন নহ'ল। অলপ বেঁকা হৈ থাকিল। তথাপি তাৰ দৈনন্দিন উৎপাতবোৰ চলাই যোৱাত কোনো অসুবিধাৰ সৃষ্টি নহ'ল।
বান্দৰজাকৰ ভিতৰত মলু আটাইতকৈ বয়সীয়া। এই ঘটনাটোৰ পিছত মলুৱে অনুভৱ কৰিছিল- আচলতে অতিমাত্ৰা সকলোৰে কাৰণে বেয়া। অসুৰৰ উৎপাত কিছু বেছিয়েই হৈছিল। নিজৰ উৎপাতৰ ফলতেই আচলতে সি এইখিনি কষ্ট ভোগিব লগা হ'ল।
*********



Comments