লিটিকাই


নীপা দুৱৰা, গুৱাহাটী
দেউতাই বাগানত কাম কৰি থাকোতেই এটা সৰু ল’ৰা আমাৰ ঘৰলৈ লৈ আহিছিল। মাক-দেউতাক দুয়োৰে কিবা অসুখত মৃত্যু হোৱা বাবে ল’ৰাটোক চাবলৈ কোনো নাছিল। আৰ ঘৰে তাৰ ঘৰে আলাই-আথানিকৈ ডাঙৰ হোৱা ল’ৰাটোক সকলোৰে অনুমতি সাপেক্ষে আমাৰ ঘৰলৈ দেউতাই এদিন লৈ আহিছিল।
সি আমাৰ ঘৰলৈ অহাৰ প্ৰথম দিনা, জপৰা চুলি একোছাৰে, খাবলৈ নোপোৱা চেহেৰাৰ ল’ৰাটোৰ মুখখন দেখা পোৱাই নগৈছিল। দেউতাই প্ৰথম কাম তাৰ চুলি খিনি কটালে, তাৰপাচত গা ধুৱাই মোৰ নতুন কাপোৰ এযোৰ তাক পিন্ধিবলৈ দিলে।
বয়সত মোতকৈ অলপ ডাঙৰ হলেও অনাহাৰত থকা শৰীৰটোৱে ঠন ধৰিব পৰা নাছিল। মায়ে একো আপত্তি নকৰিলে। মোৰ খেলাৰ লগ এটা হ’ব বুলি ভাবি। প্ৰথম সাজ মাংস-ভাত সি যিটো তৃপ্তিৰে খালে মই কেতিয়াও তেনেকৈ খাই পোৱা নাছিলো। এদিন মোৰ ৰুমটোলৈ সি চুচুক চামাক কৈ সোমাই আহিল। ভালকৈ খাবলৈ পাই, ভাল কাপোৰ পিন্ধি, বিশেষকৈ আশ্বাসেৰে জীয়াই থাকিবলৈ পাই তাৰ মুখখন উজ্জ্বল হৈ উঠিছিল। মই সুধিলো "তোমাৰ নাম কি" তাৰ উত্তৰ, “মোৰ নাম মংলা।" মায়ে তাৰ নতুন নাম দিলে ‘লিটিকাই’। আৰু তাক বুজাই দিলে মই ঘৰত থকা সময়ত সি মোৰ লগত থাকিব আৰু স্কুললৈ গ’লে বাৰীৰ পৰা শাক ছিঙি অনা, গছত পানী দিয়া কামবোৰ কৰিব। এটা ৬ বছৰীয়া ল’ৰাৰ কাৰণে এইবোৰ কৰিব পৰা কামেই আছিল। বাৰীৰ শাক-পাচলি অনাৰ উপৰিও পুখুৰীৰ কলমৌ শাক, চজিনা, কলডিল এইবোৰো মাক যোগাৰ কৰি দিছিল। লাহে লাহে সি আমাৰ ঘৰৰ অপৰিহাৰ্য আৰু অবিচ্ছেদ্য অংগ হৈ পৰিছিল। খোলা মনেৰে থাকিবলৈ পাই তাৰ দেহ, মনো খুলিছিল।
এদিন সি কৰবাৰ পৰা এটা ভাটৌ পোৱালি ধৰি আনিলে। তাক সোধোঁতে সি কলে, “মাকজনীক কোনোবাই গুলটী মাৰি মাৰিলে, মই দেখা পাই লৈ আহিলো। মোৰো মা নাই তাৰো মাক নাই।“ মায়ে তাক সঁজা এটা আনি দিলে। কিছুদিনৰ পাছত ভাটৌজনী ঘৰুৱা হৈ পৰিল। সঁজাৰ পৰা উলিয়াই দিলেও গুচি নাযায়।
এনেকৈ কিছুদিন গ'ল। ঘৰখন লিটিকাইৰ নামেৰে গুঞ্জৰিত হৈ থকা হ’ল। কিবা বস্তু হেৰালে চবেই তাকে সোধে, "লিটিকাই মোৰ চশমাযোৰ ক'ত?" দেউতাই চিঞৰে। "মোৰ বঠীখন ক'ত থলি লিটিকাই?" মাই চিঞৰে। মুঠতে সকলোফালে লিটিকাই আৰু লিটিকাই! এদিন মোক আনিবলৈ দেউতাৰ লগতে সিও স্কুললৈ আহিল। তাক দেখিয়েই মই ‘লিটিকাই’ বুলি নাম ধৰি চিঞৰিব ধৰিলোঁ। সি দৌৰি আহি মোৰ মুখখনত হেঁচা মাৰি ধৰিলে। তাৰ সেইটো ঘৰত মতা নামেৰে মাতিলে সি বৰ লাজ পায় হেনো। সেয়ে তাৰ এটা পোছাকী নাম মায়ে দিলে "নীৰৱ"। সি মাক সুধিলে নীৰৱ মানে কি? মায়ে কলে মনে মনে থকা। “তই অনবৰতে মুখখনেৰে লেবলেবাই থাক কাৰণে মই এই নামটো দিছোঁ। তেতিয়াহে যদি তই অকণমান মনে মনে থাক।“ লিটিকাইৰ কথা হ’ল, “আইতা, নাম সলালেও মোৰ মুখখন চলিয়েই থাকিব।“
এইদৰেই দিনবোৰ যাবলৈ ধৰিলে।ভাটৌটোৱেও মানুহৰ মাত শিকি ক’বলৈ পৰা হ'ল। ‘লিটিকাই’, ‘আইতা’….. অনবৰত তাৰ মুখৰ আগত। "আইতা আলহী আহিছে চাহ দিয়া।" লিটিকাই ভাত খাহি আহ।" ভাটৌৱে আলহীক চাহ নিদিয়ালৈকে চিঞৰি থাকে, "আইতা, চেনী নাই নেকি?" ভাটৌটোৰ কথাশুনি আলহীয়ে হাঁহি মৰে।
অলপ দিনৰ পাচত সৰু কুকুৰ পোৱালি এটা আনিলে। তাৰ মাকক গাড়ীয়ে মাৰিলে। মাক নোহোৱা সকলো জীৱ জন্তুৰ দায়িত্ব যেন তাৰ ওপৰতে! কুকুৰ পোৱালিটোৱেও মৰম পাই ঘৰ নেৰা হ'ল। মায়েও ভাল পালে মই এৰা ভাতবোৰ পেলনি নাযায়। দেউতাই লিটিকাইক পঢ়াবলৈ বহুত চেষ্টা কৰিলে। সি পঢ়াৰ নামেই নলয়। কিন্তু পুখুৰীত সাঁতোৰা, গছত বগাই আম পৰা, মধুৰি পৰা এইবোৰত তাৰ সমকক্ষ কোনো নাই।
সি ডেকা হৈ আমাৰ ঘৰৰ কাম-কাজতো লাগিল। ঘৰৰ কামৰ বাহিৰেও দেউতাৰ গাড়ী চলোৱা, চাফা কৰা কাম সিয়ে কৰে। কিন্তু তাক কোনোবাই ‘নীৰৱ’ বুলি মাতিলে সি উত্তৰ নিদিয়ে, সি হেনো তাৰ পোছাকী নামটো পাহৰিয়ে থাকে।
লাহেলাহে লিটিকাইৰ গৰু, গাই, চৰাই, কুকুৰ আদিৰে সংসাৰো বাঢ়িবলৈ ধৰিলে। দেউতাই তাক বিয়া পাতিবলৈ কলে সি কয়, “ইমান গৰু, গাই, চৰাই, কুকুৰেৰে বৃহৎ সংসাৰ এখন থাকোতে মোক আৰু বেলেগ সংসাৰ নালাগে”।
ওচৰ চুবুৰীয়াৰো সি একমাত্ৰ সাৰথি। ওচৰৰ কাৰোবাৰ ঘৰত কিবা জৰুৰী কাম ওলালে, কাৰোবাৰ বেমাৰ-আজাৰ হ’লে, ডাক্টৰ মতা, দৰৱ-পাতি আনি দিয়া আদি কামবোৰ কৰি দিবলৈ পালে লিটিকাই বৰ আনন্দ পায়।
বাহিৰৰ অচিনাকি ল'ৰা এটাই আহি এনেকৈ সকলোৰে অন্তৰ জুৰি বহি যাব পৰাটো বৰ ডাঙৰ কথা।
*******



Comments