জিকিবলৈ হাৰিব লাগে
- চয়নিকা শৰ্মা, কৃষ্ণনগৰ, চান্দমাৰী, গুৱাহাটী

- 2 days ago
- 5 min read

চয়নিকা শৰ্মা, কৃষ্ণনগৰ,
চান্দমাৰী, গুৱাহাটী
টুলটুল থাকে মাক-দেউতাকৰ লগত হায়দৰাবাদৰ কোন্দাপোড় নামৰ অঞ্চলটোত। কোন্দাপোড়ৰ "সৰোজ পাৰ্কলেন" ত কমেও চাৰিশটামান পৰিয়াল থাকে আৰু তাৰে বেছিভাগে আমেৰিকান বা ইউৰোপীয় দেশৰ কোম্পানীত চাকৰি কৰে। তেনে এটা কোম্পানীত টুলটুলৰ মাক-দেউতাকেও চাকৰি কৰে।
টুলটুল তেতিয়া মাথোঁ ন বছৰীয়া আছিল যেতিয়া তাক গুৱাহাটীৰ আইতাক-ককাকৰ ঘৰৰ পৰা হায়দৰাবাদলৈ লৈ আহিছিল। আইতাক-ককাককো সেইবাৰ লগতে লৈ আহিছিল মাক দেউতাকে। আহিয়েই গুৱাহাটীতকৈ সম্পূৰ্ণ বেলেগ এটা পৰিবেশ পাই সি আনন্দত মতলীয়া হৈ পৰিছিল। মাক- দেউতাক নিজৰ নিজৰ কৰ্মক লৈ প্ৰথমৰে পৰা ব্যস্ত হৈ পৰিল যদিও সি পাৰ্থক্য বিচাৰি পোৱা নাছিল গুৱাহাটীৰ পূৱ শৰণীয়াত থকা আইতাকৰ ঘৰৰ পৰিবেশ আৰু হায়দৰাবাদৰ নতুন নতুন লগা পৰিবেশৰ মাজত। আইতাকহঁত থকা দিনকেইটাত সদায় কেম্পাচত থকা চাইকেল ট্ৰেকত সি চাইকেল চলাইছিল। বিভিন্ন খেলৰ বাবে থকা সঁজুলিবোৰ পাই খুব ফুৰ্তি পাইছিল। আকৌ ঘৰলৈ আহিও আইতাকে মৰমেৰে বনাই দিয়া নেমুপানী, পানীপিঠা ইত্যাদি পালে সি গুৱাহাটীত থকা যেনেই অনুভৱ কৰিছিল। মাক-দেউতাকৰ অফিচৰ পৰা ঘূৰা বহু পলম হ'লেও আইতাকহঁতক ফুৰাবলৈ দেউতাকে ৰাতিয়ে ওলাইছিল। কাৰণ হায়দৰাবাদত ৰাতি বুলি অন্ধকাৰ হৈ নাযায়ে দেখোন! বৰং ৰাতিৰ চহৰখনৰ অন্য এক সৌন্দৰ্যই সকলোৰে মন-প্ৰাণ মুহি নিব পাৰে। ৰাতি-দিন বুলি কোনো এটা সময়তে গাড়ী মটৰ কম নেথাকে যদিও ৰাতি দিনতকৈ কিছু গাড়ীৰ সংখ্যা কম হয় বাবে ৰাতি বহু মানুহ ফুৰিবলৈও ওলাই যায়। টুলটুলৰ মাক দেউতাকৰ বেলেগ সময়ত তেনেকৈ আইতাকহঁতক ফুৰাব ক'ত সময়?
ইতিমধ্যে টুলটুলৰ স্কুল বিচাৰি বিচাৰি হাবাথুৰি খাই দুই-এমাহ মানৰ পিছতহে বৰ ভাল স্কুল এখন পালে আৰু তাৰ এডিচন হৈ গ'ল। প্ৰথম দিনা স্কুললৈ গৈ ইমান ডাঙৰ বিল্ডিং দেখি সি অবাক হৈ গ'ল যদিও বাৰে বাৰে তাৰ গুৱাহাটীৰ "হলি হাৰ্ট" স্কুলখনলৈ মনত পৰিবলৈ ধৰিলে। তাত সকলো ল'ৰা-ছোৱালীয়ে এটা ৰূমৰ পৰা আনটো ৰূম দেখা পাই থাকে আৰু চাৰ-মেমসকল ওলাই গ'লেই কথা পাতিবও পাৰে। সৰু ল'ৰা-ছোৱালীৰ লগত খুব কটকটীয়া শাসন নাছিল সেইখন স্কুলত। পঢ় পঢ়কৈ নাথাকি খেলৰ মাজেৰে কেনেকৈ ল'ৰা-ছোৱালীক পঢ়াব পাৰি তাৰ ওপৰত গুৰুত্ব দিছিল আৰু কেৱল ইংৰাজীতে কথা বতৰা পাতিব লাগিব বুলিও ইমান বাধ্য-বাধকতা নাছিল । সেয়ে ঘৰুৱা পৰিবেশ এটাত থকা যেন লাগিছিল। তাৰবাবেই সি এদিনো স্কুল নোযোৱাকৈ থাকিবলৈ বেয়া পাইছিল। এতিয়া নতুন স্কুলখনত ইংৰাজীৰ বাদে হিন্দীত কথা পাতিলেও শাস্তি পাবলগীয়া হয়। ইমান ডাঙৰ ক্লাছৰূম আৰু কটকটীয়া শাসনে তাক আনন্দ দিয়াৰ পৰিবৰ্তে মনত কষ্টহে দিলে । তাৰ মনত গুৱাহাটীয়ে ভাল যেন লাগিবলৈ ধৰিলে ।
সকলো সুন্দৰভাৱে বন্দোবস্ত হোৱাৰ পিছত ককাক- আইতাক নিজৰ ঘৰলৈ উভতিবৰ হ'ল। সি স্কুলৰ পৰা আহি পোৱাৰ পিছত এগৰাকী ন্যেনীৰ লগত থকাৰ বন্দোবস্ত কৰি তেওঁলোক যাবলৈ ওলোৱাৰ দিনা তাৰ কোমল অন্তৰখনত যেন হাতুৰীৰে কোনোবাই কোবাইহে দিলে । মাক-দেউতাকক তাৰ ক'বলৈ মন গৈছিল গুৱাহাটীলৈ সিও গুচি যাব বুলি, কিন্তু সি জানো দেখা নাই তাৰ কাৰণে মাক দেউতাকে কি কি কৰি আছে ? তাক ভালকৈ ডাঙৰ কৰিবলৈয়েতো মাক-দেউতাকে হায়দৰাবাদৰ নতুন কামত যোগদান কৰিছেহি । তাতে আকৌ দিনটোৰ অন্তত ৰাতি তাক মাকৰ কাষত শুবলৈ লাগেই । মাকে মূৰটো খজুৱাই নিদিলে আৰু পিঠিখন মোহাৰি নিদিলে তাৰ টোপনি নাহে । সেয়ে সি মাক কামৰ পৰা উভতি নহালৈকে শুবলৈ নাযায়। গতিকে সি মাককো এৰিব নোৱাৰে।
আইতাক-ককাকক এয়াৰপোৰ্টত এৰি অহাৰ পিছত তাৰ বন্দী জীৱন আৰম্ভ হ'ল আৰু সেই নতুন ৰুটিনখনে তাক একেবাৰে নিৰ্বাক কৰি পেলালে। মাকৰ নিৰ্দেশ মতে ন্যেনীয়ে তাক ঘৰৰ ভিতৰতে বিভিন্ন খেলৰ সামগ্ৰীৰে মন ভৰাই ৰখাৰ চেষ্টা কৰে যদিও সি সন্তুষ্ট নহয় । দামীৰো দামী বস্তুবিলাকে তাক বিৰক্তহে কৰে । সি সোনকালে হোমৱৰ্কখিনি শেষ কৰি বাহিৰৰ বেলকনিখনৰ ৰেলিংত ধৰি বাহিৰলৈ চাই তলত চাইকেল চলাই থকা বা খেলি থকা সৰু সৰু তাৰ সম বয়সীয়া ল'ৰা-ছোৱালীবিলাকলৈ চাই থকাৰ বাহিৰে উপায় নাই। ন্যেনী গৰাকীক মাকে কঢ়া নিৰ্দেশ দি থৈ যায় যে তাক যেন নতুন ঠাইখনৰ অচিনাকি ল'ৰা-ছোৱালীবিলাকৰ লগত লগ হ'বলৈ নিদিয়ে । ন্যেনীৰ উপায় আছে জানো? কথা নুশুনিলে তেওঁৰো কাম নাইকিয়া নহ'ব জানো?
এনেদৰে কেইদিনমান থকা পিছত টুলটুলে এদিন কাষৰ ফ্লেটটোৰ বেলকনিখনত এগৰাকী আইতাকৰ সমবয়সীয়া মহিলা দেখা পালে । মহিলাগৰাকী হায়দৰাবাদৰ পৰা প্ৰায় ২৩০ কিঃ মিঃ মান আঁতৰৰ শ্ৰীশৈলপুৰম চহৰৰ পৰা আহি তেওঁৰ ছোৱালীৰ লগত থাকিব লৈছেহি । ছোৱালীও তাৰ মাকৰ দৰে কোনোবা কোম্পানীত চাকৰি কৰে । দিন ৰাতিৰ কোনো হিচাপ নাই। কেতিয়াবা ৰাতিও আহিব নোৱাৰে। আইতাকৰ দৰে মহিলাগৰাকীয়েও হিন্দী বা ইংৰাজী ক'ব নোৱাৰে, আনকি বুজিও নাপায়।
মাথোঁ তাক দেখিলে হাঁহি দেখুৱাই। সেই হাঁহিটোতে সি অমিয়া সুখ বিচাৰি পায়। আইতাকলৈ মনত পৰি তাৰ মনটো দহি নিয়াৰ সময়ত সেই হাঁহিটো দেখিলে মনটো শাঁত পৰে। ভাৱ বিনিময় কৰাৰ চেষ্টা কৰে যদিও ভাৱ বিনিময় কৰা মাধ্যমটো হেঙাৰ হৈ পৰে ।
লাহে লাহে দিন বাগৰি ছমাহ হ'বৰ হ'ল। স্কুলৰ বাছত অহা-যোৱা কৰোঁতে লাহে লাহে ভালেমান কেইটা ল'ৰা-ছোৱালীৰ লগত তাৰ চা- চিনাকি হ'ল। টুলটুলৰ মনটো আনন্দৰে ভৰি পৰিল যেতিয়া দেখিলে যে সি অহা- যোৱা কৰা বাচখনতে তাহাঁতৰ "সৰোজ পাৰ্কলেন" ৰ পৰাও কেইবাটাও ল'ৰা-ছোৱালী অহা-যোৱা কৰে। লাহে লাহে সিহঁতৰ লগত টুলটুলৰ বন্ধুত্ব গঢ়ি উঠিবলৈ ধৰিলে।
মাক দেউতাকক কুটুৰি কুটুৰি আজিকালি টুলটুল মাত্ৰ এঘন্টাৰ কাৰণে তললৈ খেলিবলৈ যায়। তাকো ন্যেনী গ'লেহে যাব পাৰে। সপ্তাহত তিনি দিন অহা ঘৰুৱা শিক্ষকজন অহা কেইদিন যাবই নোৱাৰে। সিহঁতৰ মাজত হোৱা যিকোনো খেলবিলাকত কেনেদৰে টুলটুলক হৰুৱাব পাৰে তাৰে অনবৰতে আঁচনি বনাই থকা টেঙৰ ল'ৰা কেইটামান আছে। সিহঁতে তাক বল দূৰলৈ পৰিলে আনি দিয়া, হেৰালে বিচাৰি অনা ইত্যাদি কামতহে বেছিকৈ লগাই ৰাখে। বেটিং কৰিলেও সৰু-সুৰা ভুলতে আউট কৰি দি তাক জোকাই খুব ফুৰ্তি পায়।
এবাৰ সিহঁতৰ কেম্পাচত গণপতি পূজা উপলক্ষ্যে সৰু ল'ৰা ল'ৰা-ছোৱালীৰ মাজত বিভিন্ন খেলৰ প্ৰতিযোগিতা পাতিছিল। কেইটামান টেঙৰ ল'ৰাৰ উদ্ভাণ্ডলিত সি এটা খেলতো ভালকৈ ভাগ ল'ব নোৱাৰিলে। প্ৰতিযোগিতাৰ অন্তত বৰং তাক looser looser বুলি সকলোৱে জোকাব ধৰিলে। সি কেম্পাচৰ অন্য মানুহৰ আগত বৰ লজ্জিত অনুভৱ কৰিলে। কিন্তু ককাকে শিকোৱা কথাষাৰ তাৰ সদায় মনত থাকে। তাক ককাকে গুৱাহাটীত থাকোতে কৈছিল আৰু এতিয়াও সদায় ফোন কৰোতে কয় যে "হাৰিব লাগে, তেতিয়াহে জিকাৰ আনন্দ লাভ কৰিব পাৰি" । টুলটুলে তথাপিও টিউচন নথকা কেইদিনত খেলিবলৈ নেৰিলে।
হঠাৎ এদিন আইতাকৰ দৰে মহিলাগৰাকীয়ে তেওঁৰ নিজৰ মাতৃভাষাত বেলকনিৰ পৰা তললৈ চাই খুব চিঞৰি চিঞৰি কিবা কোৱা যেন পালে। তেওঁনো কি কৈছে বুজি নোপোৱা বাবে টেঙৰ ল'ৰা কেইটাই হাঁহি- খিকিন্দালি কৰি বাগৰি পৰিছে । কিন্তু মহিলা গৰাকীৰ কাতৰ চিঞৰ শুনাৰ লগে লগে টুলটুলে বুজি পালে নিশ্চয় তেওঁৰ ঘৰত কিবা এটা হৈছে। কাৰণ তেখেতে এনেকৈ চিঞৰা তেতিয়ালৈকে সি কোনো দিনে শুনা নাছিল । চিঞৰা দূৰৰ কথা, তেখেতৰ মাতে শুনা নাছিল। মাথোঁ কেতিয়াবা তাৰ ফালে চাই হাঁহে ।
সি একমিনিটো পলম নকৰি সেই মহিলাগৰাকী থকা ঘৰটোলৈ দৌৰ মাৰিলে। নিমিষতে চিৰি বগাই তেওঁৰ ঘৰৰ বেল বজোৱালৈকে ইতিমধ্যে এ চি চলাই ৰখা এটা কোঠা সম্পূৰ্ণ ক'লা ক'লা ধোৱাই আগুৰি ধৰিছে। সি লৰালৰিকৈ ঘৰৰ ভিতৰত থকা ইলেকট্ৰিক কন্ট্ৰল বোৰ্ডৰ আটাইকেইটা চুইচ অফ কৰি দিলে আৰু ততাতৈয়াকৈ ফ্লোৰত থকা জুই নুমুৱা গেছ চিলিণ্ডাৰটোৰে গেছ স্প্ৰে কৰিবলৈ security guardক ফোন কৰি দিলে। মাথোঁ কেইমিনিটমানৰ ভিতৰত সকলো কাম হৈ যোৱা বাবে সম্ভাব্য বিপদৰ পৰা সৰোজ পাৰ্কলেনৰ বহুকেইটা ঘৰ বাচি গ'ল । পিছত যদিও জুই নুমুৱা গাড়ী আহিলে ইতিমধ্যে জুই নিৰ্বাপনৰ কাম সম্পন্ন হৈছিল আৰু সকলো নিৰাপদে আছিল। আইতাকৰ সমবয়সীয়া মহিলা গৰাকীয়ে ভয়তে কান্দিব ধৰিছিল। টুলটুলে মহিলাগৰাকীৰ জীয়েক ঘৰ আহি নোপোৱালৈকে তেখেতক অকলশৰে এৰি নাহিলে আৰু তেওঁক মানসিকভাৱে সকাহ দিয়াৰ লগতে বিস্কুট আৰু পানী খুৱাই কিছু প্ৰকৃতিস্থও কৰিলে।
টুলটুলৰ মাক-দেউতাক সন্ধিয়া ঘৰলৈ আহি যেতিয়া সকলো শুনিলে আৰু টুলটুলে মহিলাগৰাকীক কৰা সহায়ৰ কথা জানিবলৈ পাৰিলে তেতিয়া তেওঁলোকে বুজি পালে এইয়া কেনেকৈ সম্ভৱ হৈছে। টুলটুলক বিপদত পৰা যিকোনো মানুহকে সহায়ৰ হাত আগবঢ়বলৈ শিকাইছিল ককাকে। ককাকক সি সৰুৰে পৰা দেখিছে কেনেকৈ তেখেতে মানুহক সহায় কৰে । ককাকে তাক সদায় শিক্ষা দিছিল কিছুমান সৰুকৈ আৰম্ভ হোৱা বিপদে কেনেদৰে ডাঙৰ ধ্বংস মাতি আনিব পাৰে। সেইদিনা অফিচৰ পৰা আহি ল'ৰাক ঘৰত নেপাই কিছু সময়ৰ বাবে দুয়ো বিতত হৈছিল যদিও ইমান ডাঙৰ বিপদৰ পৰা সৰোজ পাৰ্কলেনৰ বহু কেইটা এপাৰ্টমেণ্ট তেওঁলোকৰ ল'ৰাৰ তৎপৰতাৰ বাবে ৰক্ষা পৰা কথাটোৱে তেওঁলোকক গৌৰৱান্বিত কৰিলে। চোছাইটিৰ সকলোৱে টুলটুলক বাহ বাহ দিলে।
সেইবছৰৰ স্কুলৰ বছৰেকীয়া সাংস্কৃতিক অনুষ্ঠানৰ সাধাৰণ সভাত তাক সাহঁসিকতাৰ বঁটাৰে সন্মানিত কৰা হ'ল। গণতান্ত্ৰিক দিৱসৰ দিনা নিজৰ চোছাইটিতো টুলটুলক বঁটাৰে সন্মানিত কৰিলে। সকলোতকৈ বেছি ফুৰ্তি পালে সি যেতিয়া নতুন দিল্লীত মহামাণ্য ৰাষ্ট্ৰপতি মহোদয়ৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰিলে। সেইখন ফাংচনত তাক নজনোৱাকৈ আহি সন্মুখৰ আসনত ককাক-আইতাকো উপস্থিত আছিল, যিটো তাৰ বাবে বহু ডাঙৰ পুৰস্কাৰ আছিল। এইক্ষেত্ৰত ককাকে তাৰ গুৰু। কাৰণ ককাকে সদায়ে উদ্গনিমূলক কথা বা শিক্ষামূলক কথাৰে তাক সাধু কোৱাৰ চলেৰে শিকাই আহিছে। তাৰপিছত সেই টেঙৰ ল'ৰা কেইটাই তাক দেখিলে সেমেনা সেমেনি কৰা হ'ল যদিও সি কিন্তু সিঁহতৰ লগতে খেলিয়ে থাকিলে।
পিছলৈ টেঙৰ ল'ৰাকেইটাও তাৰ ভাল বন্ধু হৈ পৰিল। ককাকে তাক কোৱাৰ দৰে সিয়ো তললৈ খেলিব আহিলে লগ পোৱা ল'ৰা-ছোৱালীক আৰু স্কুলতো তাৰ সহপাঠীসকলক বৃদ্ধলোকক হাতত ধৰি ৰাস্তা পাৰ কৰোৱা, মল বা বজাৰলৈ গ'লে বৃদ্ধলোকৰ বেগ দাঙি সহায় কৰা, শাৰিৰীকভাৱে অক্ষম লোকসকলক ধৰি মেলি কিছু সহায় কৰা আদি কথাবোৰ ক'লে এতিয়া আৰু তাক আগৰ দৰে "বুঢ়া বুঢ়া" বুলি কৈ কোনেও নোজোকোৱা হ'ল.....।
*************



Comments