সমিধান
- চেমিমা হুছেইন, গুৱাহাটী

- Apr 12
- 6 min read

চেমিমা হুছেইন, ছয়মাইল, গুৱাহাটী
ক্লাছৰ শেষৰ বেঞ্চত বহি থকা তৰালিৰ ওচৰলৈ সৰজু বাইদেউ আগবাঢ়ি গ'ল।
"কি হ'ল তৰালি? তুমি যে শেষৰ বেঞ্চত বহিবলৈ ল'লা! ৰিঞ্জু, তৰালি, মীনা তোমালোকে সদায় পিছৰ বেঞ্চত কিয় বহা ? শুনিছানে তোমালোকে? আজিৰ পৰা যি সকলে পিছৰ বেঞ্চত বহে সেই সকলে আগৰ বেঞ্চত বহিব লাগিব আৰু আগৰ বেঞ্চত বহাসকলে পিছৰ বেঞ্চত বহিব লাগিব। প্রত্যেকখন বেঞ্চে সপ্তাহত ঘূৰাই ঘূৰাই এনেকৈ বহিব লাগিব। মানে ৰ'টেশ্যন কৰিব লাগিব। বুজিছানে তোমালোকে ?"
ক্লাছৰ ল'ৰা ছোৱালীবোৰে সৰজু বাইদেউলৈ ভয় কৰে, সমীহ কৰে। বাইদেৱে কাকো খং নকৰে, তথাপি বাইদেৱে কিবা এটা ক'লে কথাষাৰ স্কুলৰ সকলোৱে মানি চলে। বাইদেউৰ ব্যক্তিত্বৰ ওচৰত সকলোৱে হাৰ মানে।
স্কুলৰ চৌহদত থকা চকীদাৰৰ কোৱাৰ্টাৰৰ কাষতে সৰজু বাইদেউৰ কোৱাৰ্টাৰ। তেখেত কোৱাৰ্টাৰটোত অকলেই থাকে। সুন্দৰ পৰিপাটি বগা সাজ পিন্ধা সৰজু বাইদেউক দেখিলেই শ্ৰদ্ধা কৰিবৰ মন যায়। স্কুলৰ কোৱাৰ্টাৰটো বাইদেউৰ হাতৰ পৰশত এখন ছবিৰ দৰে ধুনীয়া হৈ উঠিছে ৷ সন্মুখৰ বাগিচাখনেই তেখেতৰ শিল্পী মনৰ পৰিচয় দিয়ে।
ষষ্ঠ শ্ৰেণীৰ ল'ৰা-ছোৱালীবোৰে শ্ৰেণী শিক্ষয়িত্ৰী বাইদেউক ভাল পায়, শ্ৰদ্ধা কৰে। তেখেতে মন কৰিছে দুদিনমানৰ পৰা তৰালি অলপ বেছিকৈ মনে মনে থাকিবলৈ লৈছে। বাইদেৱে এয়া বয়ঃসন্ধিৰ সময়ৰ হৰ্মোনৰ প্ৰতিক্ৰিয়া বুলিয়ে ভাবি লৈছিল। তথাপি কিবা এটা চিন্তা কৰি তৰালিৰ ওচৰলৈ আহি বাইদেৱে ক'লে "টিফিনৰ সময়ত তুমি মোৰ ওচৰলৈ আহিবাচোন।" তৰালিয়ে ভয়ে ভয়ে শলাগি থলে ৷ তাই যথেষ্ট ভয় খালে বাইদেৱে কিয়বা মাতিছে! মনত পৰাৰে পৰা তাই চোন কেতিয়াও একো দুখ কৰিবলগীয়া কাম কৰা নাই! তাই ক্লাছৰ ল'ৰা ছোৱালীবোৰৰ লগত বেছিকৈ হলিগলিও নকৰে। যিমান পাৰে নিজৰ মাজতে থাকিবলৈ ভাল পায়। মুনমী, নীৰাহঁতে জুম বান্ধি বান্ধি কথা পাতে, তাই তাতো ভাগ নলয়।
টিফিনৰ সময়খিনিত সেই চিন্তাতে তাই একো খাবও নোৱাৰিলে ৷ পানী খায়ে তাই ট্ৰিচাৰ্ছ কমন ৰুমৰ ফাললৈ খোজ আগবঢ়ালে। সৰজু বাইদেউক লগ নধৰিলে বাইদেউৱে বেয়া পাব, তাইক তেখেতে ইমান মৰম কৰে ৷ বাইদেউক বেয়া পাবলৈ কেতিয়াও দিব নোৱাৰি।
কমন ৰূমৰ ওচৰ পাই তৰালিয়ে কিছু চুচুক চামাক কৰিবলৈ ধৰিলে। বাইদেৱে দেখি তৰালিৰ ওচৰলৈ আগবাঢ়ি আহিল ৷ তাইৰ হাতখনত ধৰি কমন ৰূমৰ একাষৰ চকী এখনত তেখেত বহি পৰিল।
"নিৰু বাইদেউ, আপোনাৰ এতিয়া ক্লাছ ছিক্সত ক্লাছ আছে নহয়? মই তৰালিক অলপ ৰাখিছোঁ দেই ৷”
নিৰু বাইদেৱে কিছু উৎসুকতাৰে সৰজুলৈ চালে । "হ'ব দিয়া সৰজু।"
প্ৰত্যেক ছাৰ বাইদেউ কমন ৰূমৰ পৰা নিজৰ নিজৰ ক্লাছলৈ বুলি ওলাই গ'ল। কেবল সৰজু বাইদেউ আৰু তৰালি কমন ৰূমত থাকিল।
"কি হ'ল তৰালি? তুমি আজিকালি ক্লাছত আনমনা হৈ থাকা যে? পঢ়া শুনাতো মনোযোগ নিদিয়া যেন পাইছোঁ। কিয় এনে হৈছে তোমাৰ?"
তৰালি মনে মনে থাকিল ৷ সৰুজু বাইদেৱে আকৌ কৈ উঠিল "তৰালি কিবা এটা কোৱা আকৌ । কিবা কথাত তুমি ভয় খাইছা নেকি? ভয় খাব লগা একো নাই, তোমাৰ কি হৈছে তুমি মোৰ আগত সকলো খুলি ক'ব পাৰা।"
লাজে ভয়ে জৰ্জৰিত তৰালিৰ চলচলীয়া চকু দুটাৰ পৰা টপ টপকৈ চকুপানী পৰিবলৈ ধৰিলে। উচুপনিৰ লগতে হিকটিয়াই হিকটিয়াই কান্দি তৰালি তলমূৰকৈ ৰ'ল । বাইদেৱে তৰালিক থুতৰিত ধৰি মুখখন নিজৰ ফাললৈ লৈ ক'বলৈ ধৰিলে, "তোমাৰ কি হৈছে মোক খুলি কোৱা তৰা ৷ তোমাক কোনোবাই কিবা কৈছে নেকি ? মোক সকলোবোৰ খুলি কোৱাচোন।"
"তৰা"…..এই মৰমৰ মাতষাৰ তাইক তাইৰ মাক আৰু আইতাকেহে মাতিছিল ৷ আজি বাইদেৱে তাইক তৰা বুলি কৈছে, বাইদেউক দেখোন নিজৰ মাৰ দৰে লাগিছে ৷ আগতে মাক সকলো কথা খুলি কোৱাৰ দৰে বাইদেউকো তাৰমানে সকলো কথা খুলি ক'ব পাৰি। তৰালিয়ে মনে মনে ভাবিলে ৷
"বাইদেউ আমাৰ ক্লাছৰ মৃদুল আৰু প্ৰদীপহঁতে মই টয়লেটলৈ প্ৰস্ৰাৱ কৰিবলৈ যাওঁতে জুমি জুমি চাই থাকে ৷ কালি মৃদুলে মোক টয়লেটৰ পৰা ওলাই আহোঁতে সাৱট মাৰি ধৰি "আই লাভ ইউ " বুলি কৈছে ৷ বাইদেউ এইবোৰ বেয়া কথা নহয় জানো? মা ঢুকুৱা ছমাহ হৈছে মাত্ৰ ৷ মায়ে মোক বেমাৰত থাকোঁতে কৈছিল, বেয়া কাম কৰিলে ভগৱানে বোলে শাস্তি দিয়ে ৷" অলপ ৰৈ তাই আকৌ ক’বলৈ ধৰিলে,"মই একো বেয়া কাম কৰা নাই বাইদেউ ৷ মৃদুলহঁতেহে মোৰ লগত বেয়া কাম কৰিছে, আকৌ সিহঁতে কৈছে মই যদি সিহঁতৰ সেইবোৰ কথা কাৰোবাক কওঁ, মোক হেনো সিহঁতে মাৰপিট কৰিব।“
তৰালিৰ কথা শুনি সৰজু বাইদেৱে সকলো বুজি পালে ৷ তেওঁ তৰালিক মৰমেৰে মূৰত হাত ফুৰাই সাবটি ধৰি ক'বলৈ ধৰিলে "তুমি একো চিন্তা নকৰিবা, মই মৃদুলহঁতক চিধা কৰিম তুমি এতিয়া ক্লাছলৈ যোৱা ৷ নিৰু বাইদেৱে তোমালোকৰ ক্লাছ লৈ আছে ৷ মই এই সকলোবোৰৰ বিহিত ব্যৱস্থা অতি সোনকালে লম।"
বাইদেৱে মনতে ভাবিলে, এই কণমানি ছোৱালীবোৰ যে কেনে পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়! এইবিলাক পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ ল’ৰা-ছোৱালী বোৰক শিক্ষা দিয়াটো সঁচাই বৰ জৰুৰী হৈ পৰিছে।
তৰালি যোৱালৈ চাই সৰজু বাইদেৱে সৰুকৈ হুমুনিয়াহ এটা কাঢ়িলে ৷ তেওঁ চিন্তা কৰিলে কেনেধৰণৰ ব্যৱস্থা ল'লে মৃদুলহঁতক শিক্ষা দিব পাৰিব। এইটো হৈছে বয়ঃসন্ধিৰ কথা ৷ এই সময়ত যি কোনো সিদ্ধান্ত লোৱাটো উচিত নহ’ব। ল'ৰাকেইটাক মাতি আনি বুজাব লাগিব। সিহঁত সৰু হৈ আছে, সিহঁতৰ মনত কৌতুহল হোৱাটো স্বাভাৱিক। নিৰু বাইদেউ আৰু দীপক ছাৰৰ লগত এই কথাটো আলোচনা কৰিব লাগিব। মৃদুল আৰু প্ৰদীপ দুয়োটাই স্কুলৰ দুষ্ট লৰা। পঢ়া শুনাতো ভাল নহয় ৷ ষষ্ঠ শ্ৰেণীত পঢ়ি আছে যদিও সিহঁতৰ বয়স তৰালিহঁততকৈ বেছি। গতিকে কামটো সাৱধানেৰে কৰিব লাগিব। সৰজু বাইদেৱে চিন্তা কৰি দীপক ছাৰ আৰু নিৰু বাইদেউৰ লগত আলোচনা কৰিলে। নিৰু বাইদেৱে কথাবোৰ শুনি মুখখন বিকটাই দিলে ৷
"এই ল'ৰা দুটাৰ বাবেই আমাৰ স্কুলখনত বদনাম হ'ব। দুষ্ট ল'ৰা দুটাক স্কুলৰ পৰা বহিষ্কাৰ কৰাই উচিত হ'ব ৷ ইমান অসভ্য!"
দীপক চাৰে বেতডাল জোকাৰি জোকাৰি ল'ৰা দুটাক পিটি পিঠি ফালি দিয়াৰ সপক্ষে যুক্তি দৰ্শালে।
সৰজু বাইদেৱে দুয়োজনকে শান্ত কৰি ক'লে, "ছাৰ, নিৰু বাইদেউ, আপোনালোকে সঁচা কথাকে কৈছে ৷ তথাপিও এটা কথা কওঁ, আমাৰ সময়ৰ কথা বেলেগ আছিল। আজিৰ সময়ো বেলেগ ৷ অলপ ভাবি চিন্তি এনেবোৰ কামত আগবাঢ়িব লাগিব ৷ এয়া বয়ঃসন্ধিৰ কথা ৷ এনে সময়ত এনেবোৰ কৌতুহল স্বাভাৱিক ৷ আমাৰ সময়তো হৰ্মোনৰ পৰিৱৰ্তনৰ কাৰণে এনে বয়সত আমিও কিছুমান নকৰা কাম কৰিছিলোঁ ৷ গতিকে আমি কিছু সাৱধানতাৰে ল'ৰা দুটাক বুজাই মেলি আগবাঢ়িব লাগিব। ল'ৰা দুটাক লগৰ সমনীয়াৰ আগত হেয়জ্ঞানো কৰিব নালাগিব ৷" অলপ ৰৈ তেখেতে আকৌ ক'বলৈ ধৰিলে " আমাৰ ল'ৰা ছোৱালীবোৰক মৰম আৰু শিক্ষাৰ দ্বাৰাহে ঠিক কৰিব পৰা যাব। স্কুলৰ টয়লেটৰ ব্যৱস্থাও উন্নত কৰিব লাগিব ৷ হেডছাৰৰ লগতো আলোচনা কৰিলে ভাল হ'ব নেকি? কি কয় নিৰু বাইদেউ?"
"অৱশ্যে তুমি ভাল কথাই কৈছা ৷ ল’ৰাকেইটা অলপ বেছি দুষ্ট। আজিকালি ছোৱালীবোৰো কম নহয় নহয়।" নিৰু বাইদেৱে যুক্তি দৰ্শালে ৷
"তৰালি শান্ত ছোৱালী বাইদেউ। মাক ঢুকোৱাৰ পিছত তাই অলপ বেছি ইণ্ট্ৰ'ভাৰ্ট হৈ পৰিছে । তাইকো মৰমেৰে নিজৰ মাজৰ পৰা অলপ বাহিৰলৈ উলিয়াই আনিব লাগিব। নহলে এই ভাল চোকা ছোৱালীজনীও নষ্ট হৈ যাব। বাপেকেও বোজা বুলি ভাবি সময়তকৈ আগতে বিয়া দি দিব। তাইৰ সপোনবোৰ সপোন হৈয়ে ৰ'ব ৷"
এনেধৰণৰ কিছু আলোচনা বিলোচনা কৰি তেখেতসকলে নিজ নিজ কৰ্তব্য ক্ষেত্ৰলৈ ওলাই গ'ল।
সৰজু বাইদেৱে চিন্তাত পাৰ নোপোৱা হ'ল। অকলশৰীয়া বাইদেউ গৰাকীয়ে ল'ৰা-ছোৱালীকেইটাক কেনেধৰণেৰে ভৱিষ্যতৰ বাটত আগবঢ়াই নিব লাগিব, এই বিষয়ে কিছু চিন্তা চৰ্চা কৰিবলৈ ধৰিলে। এবাৰ ভাবিলে ল'ৰা কেইটাৰ মাক-দেউতাকক কথাখিনি ক'লে ভাল হ'ব নেকি ? নাই নাই আগতীয়াকৈ সেইটো কৰা উচিত নহ'ব। মাক দেউতাকে ল'ৰা দুটাক গৰু পিটন দি, স্কুলৰ পৰা পঢ়া এৰুৱাই লৈ যাব অথবা বেলেগ স্কুলত এডমিচন দিয়াই দিব ৷ এনে কৰিলে সিহঁতৰ একো সংশোধন নহব ৷
বহুত চিন্তা চৰ্চা কৰি দীপক ছাৰ আৰু সৰজু বাইদেৱে ঠিক কৰিলে, মৃদুল আৰু প্ৰদীপক সৰজু বাইদেউৰ ঘৰলৈ মতাটোৱে ঠিক হ'ব। আনহাতে হেড চাৰৰ লগত আলোচনা কৰি ল'ৰা আৰু ছোৱালীৰ টয়লেট পৃথককৈ অলপ দূৰৈত আৰু সম্পূৰ্ণ আৰবেৰৰ দ্বাৰা আধুনিক ধৰণে নিৰ্মাণ কৰাৰ উপৰিও সেয়া অতি সোনকালে সমাধা কৰিবলৈ নিবিদা জাননীও প্ৰস্তুত কৰিলে।
যথা সময়ত নিৰু বাইদেউ আৰু দীপক ছাৰ সৰজু বাইদেউৰ ঘৰত উপস্থিত হ'লগৈ ৷ স্কুলৰ চকীদাৰে প্ৰদীপ আৰু মৃদুলক সৰজু বাইদেউৰ ঘৰলৈ বুলি লৈ আনিলে। মৃদুল অলপ বেপেৰুৱা স্বভাৱৰ। মৃদুলৰ লগত থাকি প্ৰদীপো অলপ বেপেৰুৱা হৈ উঠিছে। চোকা ল'ৰা প্ৰদীপো দিনে দিনে বেয়াৰ ফললৈ ঢাল খাবলৈ ধৰিছে৷
"আমাক কিয় মাতিছে বাইদেউ" ৰুমটোলৈ সোমাই মৃদুলে বেপেৰোৱা সুৰেৰে কৈ উঠিল।
সৰজু বাইদেৱে নিৰু বাইদেৱে কিবা কোৱাৰ আগতেই দুয়োটাকে দুহাতে ধৰি হাঁহি মাৰি চকী দুখনত বহুৱাই ক'লে "তোমালোক আহিলা বৰ ভাল পাইছোঁ ৷" তেওঁ দুয়োটালৈ প্লেট এখনত কিছু ফলমূল আনি খাবলৈ দিলে। সিহঁত দুয়োটাই কি হৈছে একো বুজিবই পৰা নাই। সৰজু বাইদেৱে নিৰু বাইদেউক চকুৰ ঠাৰেৰে মনে মনে থাকিবলৈ ইংগিত দিলে ৷
"তোমালোকে ইমান স্কুল ক্ষতি কৰা কিয়? দুয়োটা স্কুলৰ বেচ লেখত ল'বলগীয়া ল'ৰা। বৰ ভাল ল'ৰা। মই ভাবিছোঁ দুয়োজনকে ষষ্ঠ শ্ৰেণীৰ দুইটা ছেক্সশ্যনতে কেপ্টেইন পাতি দিম। মৃদুল তুমি ছেক্সশ্যন 'এ' ৰ কেপ্টেইন। প্ৰদীপ তুমি ছেক্সশ্যন 'বি'ৰ কেপ্টেইন। হবানে? দুয়োজনে ক্লাছ দুটা সুন্দৰকৈ চম্ভালিব লাগিব, পাৰিবানে?" সৰজু বাইদেৱে মৰমেৰে ক'লে ৷
দুইটা ল'ৰাৰে চকু দুহাল উজ্বলি উঠিল। "আমি পাৰিম জানো বাইদেউ? ত্ৰিদীপ আৰু নয়ন দুয়োটা ক্লাছৰ ভিতৰত চোকা ল'ৰা। সিহঁতহে কেপ্টেইন হোৱাৰ যোগ্য। আমি সিহঁতৰ দৰে চোকা নহয় নহয় বাইদেউ ৷"
এইবাৰ দীপক চাৰে মুখ মেলিলে, "এইবাৰৰ পৰা তোমালোক ক্লাছৰ কেপ্টেইন হ'ব লাগিব। লগতে তোমালোকে ভালদৰে পঢ়া শুনা কৰি চোকাও হ'ব লাগিব ৷ তোমালোকে নিজকে কেপ্টেইন হোৱাৰ যোগ্য কৰি তুলিব লাগিব।"
দুয়োটাৰ তিৰবিৰাই থকা চকু দুটালৈ চাই নিৰু বাইদেৱে ক'লে, "তোমালোকৰ স্কুলৰ প্ৰতি দায়িত্বও বহুত বেছি বাঢ়ি যাব এতিয়া। ছোৱালীবিলাককো কোনোবাই বেয়া কথা ক'লে, নতুবা কোনোবা ল’ৰাই জোকালে মেলিলে তোমালোকেই চাব লাগিব ৷ সিহঁত তোমালোকৰ বাই-ভনীৰ নিচিনা ৷ তোমালোকে সিহঁতক প্ৰটেকশ্যন দিব লাগিব, পাৰিবা নহয?"
"বাইদেউ সেইদিনা মৃদুলে ছোৱালী টয়লেটলৈ গৈ জুমি জুমি চাইছিল ৷ বাইদেউ মোকো জোৰকৈ তালৈ লৈ গৈছিল।" প্ৰদীপৰ কথাখিনিত মৃদুল লাজতে ৰঙা চিঙা পৰিল। তাৰ মুখৰ মাত নাইকিয়া হ'ল।অলপ ৰৈ সি সজোৰে প্ৰতিবাদ কৰিবলৈ ধৰিলে, "নহয় বাইদেউ নহয়, প্ৰদীপে মিছা কথা কৈছে।" ভয় আৰু লাজত সি ম্ৰিয়মাণ হ'ল।
"এই কথাবোৰ আমি গম পাওঁ মৃদুল। এয়া অতিকে বেয়া কাম। এই বেয়া কামবোৰে তোমাক আৰু বেছি বেয়াৰ ফাললৈ লৈ যাব। তুমি কেনে ল'ৰা হোৱাটো বিচাৰা? ভাল ল'ৰা, ক্লাছৰ কেপ্টেইন হোৱাটো নে? বেয়া ল'ৰা হোৱাটো? মানে সকলোৱে বেয়া পোৱা লৰা?"
"বাইদেউ, মই ভাল হ’ম বাইদেউ। মই আজিৰ পৰা কেতিয়াও এনেবোৰ বেয়া কাম নকৰোঁ। স্কুলত সকলোতকৈ ভাল ল'ৰা হ'ম ৷ স্কুলৰ কেপ্টেইন হ'ম ৷ খুব পঢ়িম, মই প্ৰতিজ্ঞা কৰিছোঁ বাইদেউ।"
"সঁচা কথা কৈছাতো?"
"বাইদেউ মই একেবাৰে সঁচা কথা কৈছোঁ, আপোনালোকক কথা দিলোঁ"
"চাবাছ, ডেকা ল'ৰা চাবাছ।"
দুয়োটাকে দুটা চকলেট দি দীপক চাৰে কৈ উঠিল "সৰজু বাইদেউ, আপোনাক কিন্তু মানিলোঁ দেই।"
"নিৰু বাইদেউ বলক, আমি এতিয়া যাওঁ। ব'লা ব'লা ডেকা ল'ৰা এতিয়া আমি ঘৰলৈ যাওঁ। আজিৰ পৰা প্ৰদীপ আৰু মৃদুল দুয়োজন ষষ্ঠ শ্ৰেণীৰ কেপ্টেইন হ'ল।"
আটাইকেইজন পদূলিমুখলৈ ওলাই গ'ল। সৰজু বাইদেৱে নতুন আশা আৰু উদ্যমেৰে তেওঁলোক যোৱালৈ চাই ৰ'ল ৷
#############



Comments