top of page
  • Black Facebook Icon
  • Black Instagram Icon

শৈশৱৰ ধেমালি

  • Writer: ইৰা বৰঠাকুৰ, চাৰ্ভে অজন্তা পথ, গুৱাহাটী
    ইৰা বৰঠাকুৰ, চাৰ্ভে অজন্তা পথ, গুৱাহাটী
  • Jul 14
  • 3 min read


ইৰা বৰঠাকুৰ, চাৰ্ভে অজন্তা পথ, গুৱাহাটী

 

মাইনা আৰু মমী দুয়োটাই খেলি খেলি কথা পাতি আছে। মাইনাৰ সাত বছৰ, মমীৰ ৯ বছৰ। মাইনাই মমীক ক'লে, "অ' বা, শুনচোন, মায়ে কৈছে গৰম বন্ধত বোলে আমাক এইবাৰ উৰাজাহাজত উঠাই মুম্বাইত থকা মাহীৰ ঘৰলৈ ফুৰাবলৈ নিব। তোৰ যাবলৈ মন আছেনে? মোৰ কিন্তু অকনো যাবলৈ মন নাই পায়।"

 

"কিয়? উৰাজাহাজত যাবলৈ মন নাই? আজিলৈকে দেখোন আমি উৰাজাহাজত উঠাই নাই । কেনেকৈ জানিলি নো উৰাজাহাজত উঠি ভাল লাগেনে, বেয়া লাগে। ভালহে লাগিব মুম্বাইৰ পৰা ঘূৰি আহি, আমি লগৰ বিলাকৰ আগত ক'ব পাৰিম উৰাজাহাজত উঠাৰ আগতে আৰু উঠি লৈ কি কি নিয়ম মানিব লাগে, কেনেকৈ উঠিব লাগে, কেনেকৈ নামিব লাগে ইত্যাদি। আমি মুম্বাইৰ ক'ত ক'ত ফুৰিলোঁ, কোনখন সাগৰ দেখিলোঁ, কৈ কৈ কিমান যে ভাল লাগিব।"

 

"মোৰ কিন্তু পেহীৰ ঘৰলৈ হে যাবলৈ মন আছে, তাত বিকিহতঁৰ লগত বহুত ভাল ভাল খেল খেলিবলৈ পাম। এবাৰ যাওঁতে যে তোকে মোকে  তামোলগছৰ  ঢকুৱাত বহুৱাই বিকিহ‌ঁতে টানি টানি গাড়ী চলোৱা খেল খেলিছিলে, মনত নাই? কিমান যে ভাল লাগিছিল, আৰু যে 'অলং-দলং পৰিছে, ৰজা-ৰাণী আহিছে' আৰু লুকা-চুৰি আদি খেল বিলাক খেলিছিলোঁ সিহঁতৰ লগত। তই বুলবুলি, ৰূপা, মণিহঁতৰ লগত ঘিলা খেলিছিলি মনত আছেনে তোৰ? কিমান ভাল লাগিছিলে নহয়নে?" মাইনাই মমীক কথাবোৰ মনত পেলাই দিলে।

 

মাইনাই আকৌ ক'লে, "আৰু যে বুলবুলিবায়ে আমাক গান এটা শিকাইছিল ----

          "অকণ অকণ মইনা আমি,

                    অকণ অকণ কাম।

            আমাৰ বাবে আমি কৰোঁ,

                    মইনা আমাৰ নাম অ'

                    মইনা আমাৰ নাম।

 

            লুডু খেলা, গুদু খেলা,

                    আৰু ক'ত খেলা।

            গান গাই গাই নাচি-বাগি,

                    পাতোঁ আমাৰ মেলা

                    পাতোঁ আমাৰ মেলা।

 এই গানটো তোৰ মনত আছেনে অ' বা?"

 

"অঁ  আছে আছে মাইনা , মনত পৰিছে, মই  যে সেই গানটো আমাৰ স্কুলত গৰম বন্ধৰ দিনা হোৱা প্ৰীতি সন্মিলনতো গাইছিলোঁ তোৰ মনত আছেনে? আৰু যে কড়ি খেলিছিলোঁ পেহা-পেহী, বিকিদাৰ  লগত, তই যে এবাৰো ষোল্ল ফুলাব নোৱাৰি কান্দিছিলি। লুডু খেলোঁতেও যে বিকিদাই তোৰ গুটি বিলাক কাটি দিয়াত খং উঠি নেখেলোঁ বুলি উঠি গৈছিলি । ইচ্ ইমান ভাল লাগিছিল পেহীহতঁৰ ঘৰত থাকি সেইবাৰ। মোৰ কিন্তু উৰাজাহাজত যোৱাতকৈ পেহীহতঁৰ ঘৰলৈহে যাবলৈ মন গৈছে অ'। আমাৰ গুৱাহাটীত মাত্ৰ পাৰ্কলৈ গৈ ঝোলনাখনত উঠা আৰু সৰু সৰু কাঠৰ ঘোঁৰা কেইটাত উঠা; নহলে মাহঁত মললৈ গ'লে লগতে  গৈ মাহঁতে বস্তু কিনিব আৰু আমি পিছে পিছে ঘূৰি ফুৰিম, আমি নিজৰ মতে একো কৰিব নোৱাৰোঁ"।

 

"কথাটো হয়, মাক এবাৰ কৈ চাম বাৰু, আগতে পেহীহতঁৰ ঘৰৰ পৰা আহি তাৰ পাছত উৰাজাহাজত উঠি মুম্বাইত থকা মাহীৰ ঘৰলৈ যাম।"

 

দুয়োটাই মাকৰ ওচৰত কওঁ নকওঁ কৈ কথাটো ক'লে। "অ' মা, আমি গৰম বন্ধত পেহীহতঁৰ ঘৰলৈকে যাওঁচোন ব'লা, তাত থাকি ইমান ভাল লাগে, ইয়াত নেখেলা খেল বিলাক খেলিবলৈ পাওঁ। তাত বিকিদাৰ লগৰ বিলাকে বৰ ভাল ভাল খেল বিলাক খেলে"।

 

"কিয়? আমি গৰম বন্ধত মাহীৰ ঘৰলৈ যাম নহয় মুম্বাইলৈ"।

 

"আমি আগতে পেহীৰ ঘৰত দুদিনমান থাকি আহি তাৰ পাছতহে মাহীৰ ঘৰলৈ যাম ব'লা না মা"।

 

মাকে ক'লে,"তেনেহ'লে আজিয়েই টিকট কটাৰ আগতে দেউতাৰাক ক'বা, দেউতাৰাই মানিলে মোৰ কোনো আপত্তি নাই"।

 

এসপ্তাহৰ পাছত মমী আৰু মাইনাক দেউতাকে পেহীয়েকৰ ঘৰত থৈ আহিলেগৈ। মমীয়ে পেহাকক ক'লে, "পেহা আগৰবাৰ আহোঁতে আমাক খেলিবলৈ আপুনি তামোলৰ ঢকুৱা আনি দিছিলে; বিকিদাই যে মোক তাত বহুৱাই লৈ গাড়ী গাড়ী খেলাইছিল, এইবাৰো আনি দিব দেই আমি খেলিম।"

 

পেহাকে ক'লে, "আজিকালি তামোলৰ ঢকুৱা পাবলৈকে নাই নহয় অ' মাজনী। আজিকালি বহু ঠাইত তামোলৰ ঢকুৱাৰ পৰা বাটি, থাল আদি তৈয়াৰ কৰা কুটীৰশিল্প স্থাপন হৈছে নহয়। এতিয়া কুটীৰ শিল্পত ব্যৱহাৰ কৰিবলৈ বেপাৰীয়ে ঘৰৰ পৰাই তামোলৰ ঢকুৱা বিলাক সংগ্ৰহ কৰি লৈ যায়। মেছিনৰ জৰিয়তে এই ঢকুৱাবিলাকৰ পৰা বাটি, প্লেট আদি বনাবলৈ নিবনুৱা যুৱক যুৱতী সকলক চৰকাৰে প্ৰশিক্ষণ দিয়ে। ইয়াৰ পৰা নিবনুৱা যুৱক-যুৱতী সকলৰ উপাৰ্জনৰ এটা সুন্দৰ পথ মুকলি হৈছে বুজিছা, লগতে গাঁৱৰ পাৰিপাৰ্শ্বিকতাও  উন্নত হৈছে। আমি সঘনাই ব্যৱহাৰ কৰা প্লাষ্টিকৰ গিলাছ, বাটি, থাল আদি ব্যৱহাৰ কৰাৰ পাচত পেলাই দিলেও ই কেতিয়াও পচি, মাটিৰ লগত মিহলি নহয়। এইবিলাকে আমাৰ খেতি-বাতিৰ ক্ষেত্ৰতো বহু জটিলতা আনিছে, লগতে আমাৰ  পাৰিপাৰ্শ্বিকতা যথেষ্ট দূষিত কৰিছে। সেয়েহে ঢকুৱাৰে সজা থাল-বাটি ব্যৱহাৰ কৰাটো বহু গুণে স্বাস্থ্য সন্মত।

 

তথাপিও মই চাম বাৰু ৰ'বা, ক'ৰ'বাত এটা দুটা পালে তোমালোকক আনি দিম। তামোলৰ ঢকুৱা নাপালেও তোমালোকে অন্য খেল খেলিব পাৰিবা। এতিয়া তোমালোক ডাঙৰ হৈছা। এতিয়া তোমালোকৰ তামোলৰ ঢকুৱা খেলাৰ দিন পাৰ হ'ল। তোমালোকে চেছ, বেডমিন্টন আদি খেলিবলৈ আৰু সাঁতুৰিবলৈ  শিকিব লাগিব। মই তোমালোকক আৰু বিকিক এই বিলাক শিকাবলৈ আৰম্ভ কৰিম। বয়সৰ লগে লগে আমি এখোজ আগলৈ আগবাঢ়িব লাগিব, নহয় জানো? জীৱনত সকলোৱে চাৰিটা স্তৰ পাৰ কৰিব লাগিব; শৈশৱ, কিশোৰ, যৌৱন, তাৰ পাছত বৃদ্ধ। এতিয়া তোমালোকৰ শৈশৱকাল, এই সময়ত পঢ়া-শুনাৰ লগতে তোমালোকে ভাল লগা কামবোৰ কৰিবা আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে মিলি-জুলি থাকিবা দেই।"

       

সিহঁতৰো কথাবোৰ শুনি বৰ ভাল লাগিল আৰু দুয়োটাই আনন্দত একেলগে চিঞৰি উঠিল, "হ'ব পেহা, আমি আপোনাৰ উপদেশ সদায় মনত ৰাখিম"।


 🙋‍♂️🙋‍♂️🙋‍♂️🙋‍♂️🙋‍♂️🙋‍♂️


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page