top of page
  • Black Facebook Icon
  • Black Instagram Icon

লাহৰী, অঘাইতং ছোৱালীজনী

  • Writer: ৰাধিকা দাস কলিতা, বশিষ্ঠ, গুৱাহাটী
    ৰাধিকা দাস কলিতা, বশিষ্ঠ, গুৱাহাটী
  • Jul 14
  • 7 min read

ৰাধিকা দাস কলিতা, শান্তিনগৰ

বশিষ্ঠ, গুৱাহাটী


ধূলি-বালিৰে ৰং খেলা বয়সত মোৰ এজনী বান্ধৱী আছিল। তায়ে ময়ে একেখন বিদ্যালয়ত, একেটা শ্ৰেণীতে পঢ়িছিলোঁ। তাইৰ নাম আছিল লাহৰী। লাহৰী নামটোৰ দৰেই দেহাটো একেবাৰে 'লাহৰী-লুপুৰা' আছিল। স্বভাৱত একেবাৰে অঘাইত ল'ৰাৰ দৰে। ওচৰ-চুবুৰীয়া, আলহী-অতিথি আদিক নানান নগুৰ-নাগতি কৰি ফুৰিছিল। মূৰটো আছিল কূট-বুদ্ধিৰ মস্ত এটা ভঁৰাল। কেতিয়াবা নেতাৰ দৰে প্ৰশ্ন সুধি আনক ব্যতিব্যস্ত কৰি তুলিছিল আৰু কেতিয়াবা 'নেতাৱালা'ৰ দৰে উত্তৰ দিছিল। আমি দুজনী ন কি দহত সোমাইছিলোঁ মাত্ৰ। তেতিয়াৰ কথা। এদিন এডাল প্লাষ্টিকৰ সাপ কাল-সন্ধ্যা কালত, দেখা-নেদেখা পোহৰত আইতাকৰ কোঠাত ওলোৱা-সোমোৱা দুৱাৰ মুখতে এনেদৰে পেলাই থৈছিল, আইতাকে সাপ বুলি জাপ মাৰি উঠি চিঞৰি চিঞৰি দৌৰি ওলাই আহে। তেনেতে টেবুলৰ খুঁটা এটাত খুন্দা খাই হামখুৰি খাই পৰে। বয়সীয়াল মানুহ। আঁঠুৰ ঘিলা ভাগিল। কেইদিনমান হাস্পাতালত থকাৰ পাছত ঘৰতে বিছনাত তিনিমাহ। এনে উপদ্ৰৱত মাক-দেউতাক আৰু ককাক-আইতাকৰ খঙে চৰম পৰ্যায় পোৱাটো স্বাভাৱিক। এদিনতো ডেৰবছৰীয়া ভনীয়েকক টিক্‌টিকীয়া ৰঙা পকা জলকীয়া খুৱাই দিছিল। তাৰ পাছৰ কাহিনী বৰ্ণনা কৰা অসম্ভৱ। আইতাকে কেতিয়াবা খং-ৰাগ, আৰু কেতিয়াবা দুখতে কপালত থপৰিয়াই থপৰিয়াই কয় —


"এনে কচু 'মতা-ছোৱালী' কোনো কালে দেখা নাছিলোঁ ঔ আই!"

       

এনেবোৰ কাৰণতে মাকে সিদ্ধান্ত ল'লে— তাইক কোনোবা ব'ডিং স্কুলত থ'ব। তাৰ শাসনেহে যদি তাইক চিধা পথলৈ আনিব পাৰে। মাকৰ সিদ্ধান্ত শুনি দেউতাক আৰু ককাক-আইতাকে একেমুখে না কৰিলে। তেওঁলোকৰ মতে, "যিজনী ছোৱালীক আমি কেইজন মানুহে মৰমৰ মাজত ৰাখি চলাব পৰা নাই, সেইজনী ছোৱালীক ব'ডিং স্কুলৰ কঠোৰ শাসনে হিতে বিপৰীতহে কৰিব। মতলবী আৰু উৎপতীয়াতো হয়েই, এইবাৰ অতি উগ্ৰ আৰু খঙাল স্বভাৱৰো কৰি তুলিব। নেজকটা কুকুৰৰ দৰে উগ্ৰ হৈ পৰিব তাই।"  

       

সৰু-ছোৱালী বয়সৰ দোষত দোষী! নিৰ্দোষ ধেমালি বুলি মাক-দেউতাক আৰু ককাক-আইতাকে যিমান পাৰে সহ্য কৰিছিল। আটায়ে ভাবিছিল সময়ৰ লগে লগে সকলো ঠিকহৈ যাব। বেছি খং উঠিলে, "ব’ৰ্ডিং স্কুলত থৈ আহিম" বুলি মাজে-সময়ে মিঠা ধমকি একোটা দি থাকিল অৱশ্যে। লাহৰীয়ে শুনি শুনি ধাৰণা এটা কৰিছিল, ব'ৰ্ডিং স্কুলৰ আৰ্মী শাসনৰ কথা। তাত সকলো নিজহাতে কৰিব লাগে। সময়মতে কৰিব লাগে। উঠা-বহা, খোৱা-বোৱা খেলা-ধূলা সকলো সময়ৰ তালত বন্ধা। আনকি হাগা-মুতা, টোপনিও সময়ৰ টিকনিত পকোৱা থাকে হেনো ৷ ব'ৰ্ডিং স্কুল মানে তাই শুনা তিহাৰ জে'ল। তাইৰ মনত জে'লততো শ্বহীদসকলক ফাঁচী দিয়া হৈছিল। এইকেইটা দিনত ঘৰৰ মানুহৰ কথাবোৰ শুনি মাকৰ ওপৰত অনবৰতে খং এটা উঠি থাকিল। তাইকচোন জে'লতে ভৰাবলৈ ওলাইছিল মাকজনীয়ে !

      

লাহৰীহঁতৰ ঘৰৰ আৰ্থিক অৱস্থা খুবেই ভাল। ককাক-আইতাকে সজা ঘৰৰ বাহিৰেও তাৰ কাষতে দেউতাকেও এটা দুমহলীয়া অট্টালিকা সাজিলে মাকৰ ইচ্ছাত। থকা-খোৱাৰ অভাৱ নাই। আলহী-অতিথি আহিলে ককাক-আইতাকে আজৰি সময়খিনি ভালদৰে কটাবলৈ সুযোগ সুবিধা পায়। বয়সৰ লগে লগে প্ৰিয় পুৰণি বন্ধু-বান্ধৱ আৰু মিতিৰক নিমন্ত্ৰণ কৰা হয় মাজে মাজে।

      

এদিন আইতাকৰ 'ল'ৰালি কালৰ লগৰী' যশোধৰা আহিব বুলি ফোন কৰিলে। ঘৰৰ আটায়ে বহুত ভাল পালে। এটা সময়ত এই আইতাগৰাকী হেনো ঘৰখনৰ সকলোৰে বৰ মৰমৰ আছিল। তেখেতে গিৰীয়েকৰ চাকৰি সূত্ৰে বিদেশত বহু বছৰ কটাইছিল। মানুহজন ঢুকালত ভাৰতলৈ উভতি আহে। পুতেক কৰ্মসূত্ৰে দিল্লীত থাকে বাবে মাককো লগত ৰাখিছে। তেওঁ ফোন কৰিছে, যোৰহাটত মিতিৰৰ ঘৰত বিয়া আছে। তেওঁ অকলে আহিব কিছুদিন থকাকৈ। অসমৰ সকলো মৰমৰ সম্পৰ্কীয়ৰ ঘৰলৈ আহি এপাক মাত লগাবহি। আইতাকৰ যেন ফূৰ্তিতে 'মাটিত ভৰি নথ'বই অৱস্থা'! উলাহে নধৰা হিয়া আইতাকৰ! কিমান দিনৰ পাছত দেখিব ল'ৰালিৰ বান্ধৱীক! কথাই বেলেগ!

      

আলহী থকা কোঠাটোৰ সকলো নতুনৰ দৰেকৈ ধুই-পখালি চাফা কৰা হ'ল। তাত দুই বান্ধৱী থাকিব। এইকেইদিন আইতাক যেন ল'ৰালিলৈ উভতি গৈছে। তেনে অনুভৱ হৈছে ঘৰখনৰ আটাইৰে। লাহৰীৰ আইতাকৰ কাণ্ড দেখি ককাকৰ মাজে মাজে ফিচিক-ফাচাক হাঁহি। আলহী প্ৰথমে লাহৰীহঁতৰ ঘৰলৈ আহিব চিধাই এয়াৰ-প'ৰ্টৰপৰা। দুই-তিনিদিন থাকি যোৰহাটৰ বিয়ালৈ যাবগৈ।

       

দুদিনমান পাছত আইতাকৰ বান্ধৱী মানে লাহৰীৰ 'সখী-আইতা'কক লাহৰীৰ দেউতাকে বৰঝাৰ বিমানবন্দৰৰ পৰা লৈ আহিলগৈ। লগত এগালমান ডাঙৰ ডাঙৰ বাকচ। মাকি-দেউতাকে তেওঁক যশোধৰা-মাহী বুলি মাতিছিল। তেতিয়া বৰ গৰমৰ দিন, বাৰিষাৰ বতৰ। ভৰ বাৰিষাৰ এই ৰ'দ, এই বৰষুণ। ছাতি, ৰেইন-কোট সকলো হাততে পোৱাতে দৰকাৰ। মাক-দেউতাক আইতাক-ককাক সকলো যেন সখী-আইতাকক লৈয়ে উৎসাহী। হাউচতে ঘৰখনৰ ৰঙেই সলনি হৈ গৈছে। ৰন্ধা-বঢ়া খোৱা-বোৱা সকলো ৰাজকীয়। পায়স-পৰমান্ন, মিঠাই, মাছ-মাংস, মটৰ-পনীৰ, ফল-মূল সকলো বস্তুৱেই ভিৰ কৰিছেহি লাহৰীহঁতৰ খোৱা টেবুলত। তেৱোঁ দিল্লীৰপৰা কিবাকিবি খোৱা বস্তু লৈ আহিছিল। লগতে উপহাৰৰ টোপোলাও।

       

বহুত বছৰৰ পিছত প্ৰিয় মানুহ লগা-লগি হোৱাৰ বাবে নানান ধৰণৰ কথা ওলাল। সন্ধিয়া ফুলা-লুচি, আলু-ভাজি আৰু ৰাতিৰ সাঁজ একেবাৰে, এক্কেবাৰে জনমদিনৰ পাৰ্টিৰ দৰেই হৈছে। সকলোৱে খাই-বৈ খাটত উঠিল। অতিথিয়ে সকলোৰে ব্যৱহাৰত সন্তুষ্ট হৈ সন্তোষমনে মনে মনে আশীৰ্বাদ দিলে, "সদায় এনেদৰে সুখত থাকা যেন তোমালোক সকলো।"

       

ৰাতি দুই বান্ধৱী ল'ৰালি কালৰ কথা পাতি পাতি দেৰিকৈ বাগৰ দিলে। আগদিনা ৰাতি দেৰিকৈ শুই পুৱাই উঠাৰ বাবে লাহৰীৰ আইতাক সোনকালেই গভীৰ নিদ্ৰাত ঢলি পৰিল। সখী-আইতাই কিন্তু লোকৰ ঘৰ আৰু অচিনাকি বিছনা বুলি ইচাট-বিচাট কৰি থাকিল। — বহুত সেৱা কৰিলে ঐ ঘৰখনে। একেবাৰে মাই-ভাইৰ ঘৰৰ দৰে।

      

চকু লাগিছিলহে মাত্ৰ। অকস্মাতে পেটটো কামুৰি ধৰিলে। পায়খানালৈ দৌৰ মাৰিলে। হাতীৰ দৰে ধেৰধেৰাই এপাচিমান হাগিলে।   ক্ষন্তেক ভাল পালে! বিছনালৈ গ'ল। বহিবই নাপাওতে পুনৰ একে অৱস্থা। আকৌ কামোৰণি। বাৰে বাৰে পাইখানাত সোমাল। এই সোমাল, এই ওলাল! এইখনেই নাটক চলি থাকিল! মুঠতে পেট চলিল। লাগিল বুলিলে লাগিলেই। ৰক্ষা নাই! এই সোমাই, এই ওলাই; এই সোমাই, এই ওলাই কৰি থাকোঁতে বাওঁহাত নুশুকালেই। এনেদৰে আধাৰাতি পাৰ হ'ল। — উঃ, উহ্, পেটটো খামোচ মাৰি ধৰে, পাইখানা নাপাওঁ নাপাওঁ হেন। এবাৰ, দুবাৰ, তিনিবাৰ, বাৰবাৰ…. বাৰবাৰ। মনতে পাগুলি থাকিল,—  এইটো বয়সত ৰাতিখন পালোঁ বুলিয়েই ইমানবোৰ খোৱাটো উচিত হোৱা  নাছিল। সদায়ৰ দৰে পাতলা আহাৰ খাব লাগিছিল। খঁকত মৰি এইখন ভুগি মৰিছোঁ। ইমান পানী-পানী শৌচ হৈ থাকিলে পুৱালৈ ক'ত বাচি থাকিম? ভালেহে বিয়া খাবলৈ পাম এতিয়া !

      

আনদিনা তেওঁ শোৱাৰ আগতে এগিলাচ কুহুমী‌য়া গাখীৰ খাই বিছনাত উঠে। আজি বেছি গৰম বাবে আৰু গধূৰকৈ আহাৰ গ্ৰহণ কৰিছিল বাবে এগিলাছ চৰবত আনি ৰাখিছে। লাহৰীৰ মাকে নিজ হাতে প্ৰস্তুত কৰা চৰবত। দুই চাৰিটামান বৰফ দি থ'লে চৰবত গিলাচত। মনতে পাগুলি থাকিল, চৰবত গিলাচ লগে লগে নাখাই ৰাখি থৈ ভালেই কৰিলোঁ। এতিয়া সেই গিলাচকে পি উবুৰি হৈ পৰি থাকোঁ কোনোমতে। আৰু দৌৰিব লাগিলে সৰ্বনাশ হ'ব। এইফালে বাথৰুমৰ নলত পানীও নাই। বাল্টিত জমা থকা পানীৰে ফ্লাচ নকৰাকৈ একাপমানকৈ পানীৰে চলি আছে। কানিয়ে কাপোৰে যাব লাগিলে কি যে হ'ব!, কিহ'ব তেতিয়া? সখীক জগাওঁ নেকি বুলিও ৰৈ যায়। ইফালে দৰকাৰী ঔষধৰ বাকচটোও ৰুমৰ বাহিৰতে বাকচত সোমাই থাকিল। এই আধা ৰাতিখন কেনেকৈ খুঁচৰোঁগৈ। আলহী আহি বিৰক্ত কৰা হ'ব। এইবুলি ভাবি তেওঁ আতুৰ হৈ চৰবত গিলাচ হাতত লৈ ঘট্‌ঘটকৈ পিবলৈ ধৰিলে। একেশোহাই কেইঢোকমান খাই মুখখন বিকটাই দিলে। এয়া কি? চেনিৰ সলনি জলকীয়াৰ গুৰিকে ঢালিলে! বেছি পোহৰৰ লাইটটো জ্বলাই টোপনিত লালকাল দিয়া মৰমৰ সখীয়েকক আমনি কৰিব বিচৰাও নাছিল। নিয়ন লাইটটোহে জ্বলি আছে। সেইটোৰে বৰ ভালদৰে নেদেখিলেও চলি যায়। কিন্তু চৰবতত নিমখ চেনিৰ সলনি, জলকীয়াৰ গুৰি যে ঢালিলে? — উহ্ উহ্ উহ্, কি হ'ব এতিয়া? পেটটো পুৰিবলৈ ধৰিলে। তেওঁ এবাৰ সখীয়েকলৈ চালে,  ফুচ্‌ফুচাই মাতিও চালে, কিজানি সাৰ পায়েই। নাকেৰে ট্ৰাম্পেট বজাই আছে। অকণো সাৰ-সুৰ নাই। ইফালে পেটটো ৰসগোল্লাৰ দৰে চুলেই ফুটিব যেন তুলতুলীয়া হৈ পৰিল। ইফালে আঠুৱাৰ বাহিৰত মহৰ কুনকুননিত থাকিব নোৱাৰি। বাৰে বাৰে আঁঠুৱা দাঙি ওলোৱা-সোমোৱা কৰি থাকিব নোৱাৰি। ঘৰত আঁঠুৱা তৰাৰ নিয়মেই নাই। দিল্লীত চাৰিতলা ওপৰৰ ফ্লেটত মহৰ সঁচ বুলিবলৈও নাই। ইয়াত গছ-গছনিৰে ভৰা ঘৰ বাবে মানুহ দাঙি নিবপৰা মহ। হাতচুটি মেক্সিটোৰ লগত কান্ধত লৈ থকা চূৰ্ণীখনেৰে মহ কোবোৱাৰ বৃথা চেষ্টাও কৰি থাকিল। কিছুসময় বেৰত আউজি মজিয়াতে হাত-ভৰি মেলি বহি ল'লে। ভাবি আছে — গোটেই ঘৰখনত কাৰো ক'তো ৰাই-ৰুই নাই। তাৰমানে সকলো ঠিকেই আছে। মইহে গোটেই ৰাতিটো নৰকত থাকিলোঁ। ওপৰৱালাই মই ইয়াত থকাটো বিচৰা নাছিল। উঠিয়েই দৌৰিব লাগিব বোৱাৰীৰ বায়েকৰ ঘৰলৈ। ভাবি ভাবি টোপনিত ৰৌ-মাছ ধৰা দিছে যশোধৰাই। ইমানবোৰ মহৰ কুনকুননি আৰু কামোৰতো দুৰ্বল হোৱাৰ বাবেই চাগৈ কেতিয়ানো টোপনিত লালকাল দিলে গমেই পোৱা নাই। শৰীৰ আৰু মনৰ দুঃচিন্তাবোৰ মৰ টোপনিৰ দ্বাৰা বশীভূত হ'ল।

       

লাহৰীৰ আইতাকৰ পুৱাই উঠি প্ৰাতঃভ্ৰমণ কৰাৰ নিয়ম। ৰাতি এবাৰো সাৰ নোপোৱা বাবে সিদিনা আৰু বেছি সোনকালে সাৰ পালে। টোপনিৰ পৰা উঠি জলক-তবক লাগিল। তাতে আক' সেইটো আলহী থকা কোঠাত প্ৰথমবাৰ থকা বাবে ভালদৰে ধৰিবও পৰা নাই। তেনেকৈয়ে তেওঁ খেপিয়াই খেপিয়াই বাথৰূমলৈ গৈ থাকিল। বাথৰূমৰ দুৱাৰ মুখত কিহবাত উজুটি খাই হামখুৰি খাই পৰিবই ধৰিছিল। বেৰত থাপ মাৰি ধৰি ল'লে বুলিহে। সখীয়েকৰ দীঘলকৈ মেলি থোৱা ভৰিত উজুটি খাইছিল। সখীয়েক যশোধৰা খক্‌মককৈ সাৰ পায়ে 'উহ্ উহ্' কৈ চিঞৰি উঠিল। লাহৰীৰ আইতাকে ততাতৈয়াকৈ লাইটটো জ্বলাই দিলে। মৰমৰ সখীয়েক সুদা মজিয়াত পৰি আছে। দুয়ো দুয়োকে দেখি অপ্ৰস্তুত। লাহৰীৰ আইতাকে সখীয়েকক সাবটি ধৰি থোকাথুকি মাতেৰে "কথাটোনো কি" সুধিলে। --- "ৰাতিটো নৰক যন্ত্ৰণা ভোগিলো ঐ" বুলি কৈ আলহীয়ে যোৱাটো নিশাৰ বিৱৰণী দাঙি ধৰিলে —

      

"সখী, গোটেই ৰাতিটো পেট চলিল। ভুট্‌ ভুট্, ভাট্‌-ভাট্। দুৱাৰমুখ নাপাওঁহিয়ে, আকৌ ঘূৰিব লাগে। চৰবত খাবলৈ ল'লোঁ, জ্বলাৰ তাপত জিভা, ওঁঠ পুৰি গ'ল। সখী, আগেয়ে কৈছিলোঁ, জ্বলা খাব নোৱাৰোঁ, ডাক্তৰৰ মানা আছে। বিছনালৈ যোৱাই নহ'ল।"

        

সকলো বৃত্তান্ত শুনি চকুপানী টুকিছে সখীয়েকে। বাথৰূমত পানী নাই? আচৰিত! এটা এটাকৈ পৰীক্ষা কৰি চালে, বেচিনততো আছে। তেওঁৰ মনত আছে সন্ধিয়া পানী তুলিছিল টেংকী ভৰাই। ভালদৰে চাই দেখে ষ্টপাৰবোৰ বন্ধ। চৰবতৰ গিলাচত জলকীয়াৰ গুৰি। অত বছৰৰ মূৰত অহা আশৈশৱ বন্ধুৰ অৱস্থা দেখি লজ্জাত, দুখত তেওঁৰ শিৰ নত। সকলো দেখি শুনি অনুভৱ কৰিলে এইবোৰ ঘৰখনৰ আপদ ডাংকাটিজনীৰে কিবা যোজনা হ'ব। বহুত ভাবি ভাবি গুমৰফাঁক বিচাৰি পালে। সখীয়েকৰ এনে আহুকালৰ বাবে তেওঁৰ অচেতন হোৱা অৱস্থা। কাৰণ, দাংকাটিজনীয়ে আইতাকক খুজিছিল, "আইতা, সমুখৰ বৰমাৰ হেনো দুদিনমান শৌচ হোৱা নাই, টেবলেট আছে যদি দিবলৈ কৈছে।" আইতাকে শৌচ খোলোচা হোৱা টেবলেট এটা নহয় দুটাই দি পঠিয়াইছিল। আচলতে এটাই যথেষ্ট হয়। টেবলেট দুটাৰ বাকলিও পোৱা গ'ল বাহিৰত। বুজিবলৈ বাকী নাথাকিল কাৰো। মাহী-আইতাকলৈ সজাই থোৱা আঞ্জা-ভাত-তৰকাৰি কিহবাত মিলাই দিছিল তাই। বিছনালৈ যোৱাৰ আগে আগে সকলো মিলি বহা কোঠাত কথা পাতি থাকোঁতে ফ্লাচ বন্ধ আৰু জ্বলাৰ গুড়ি 'কাণ্ড'। 'যত মানে গীতৰ তা-না-না' কোন সেইটো সকলোৱে বুজিলে।

      

লাহৰীৰ মাক-দেউতাক, ককাক-আইতাক আটায়ে দুখ আৰু লজ্জাত মৰাৰ দৰে হ'ল। সকলোৱে একেমুখে ক'লে, আপুনি ইমানবোৰ কষ্ট খাই থাকিল, অথচ কাষতে থকা সখীয়েকক নজগালে‌। এতিয়া আমি মৰাৰ দৰে কষ্ট পাইছোঁ। এটা কোঠাত দুইকো থোৱাৰ কোনো কামত নাহিল। আপোনাৰ হাতত ফোন আছিল। তথাপি ...।" এইবাৰহে তেওঁ মানে যশোধৰাই লাজ পালে —হয়তো! মই সখীক জনোৱাটো বৰ জৰুৰী আছিল। পানীৰ চাপ্লাই চেক্ কৰিব লাগিছিল। নিজৰ বুদ্ধিহীনতাত নিজে হাঁহিলে। ক'লে…..

     

"তোমালোকে যে তাইক অথনিৰ পৰা পাগলীজনী, ডাকুজনী, নানা ধৰণে মাৰিম ধৰিমকৈ আটাহ পাৰি আছা, আচলতে দোষটো তাইৰ নহয় নহয়। দোষ ক'ৰবাত। সখী আগতে কৈছিলা সপ্তাহত দুদিন দুবিধ মাংস, দুদিন দুবিধ মাছ, দুদিন কণী, এদিন পনীৰ, অৰ্থাৎ  নিৰামিষ। কালিৰ গোলমাল ৰুটিনে তাইৰ ইৰ্ষাৰ কাৰণ। বহুত চোকা বুদ্ধিৰ নহ'লে এনেবোৰ চিন্তা কৰিব নোৱাৰে নহয়। চাবা, সময়ত তাই এনেবোৰ চোকা বুদ্ধিৰ বাবেই বহুত ভাল ফলাফল কৰি গৈ গৈ ডাঙৰ মানুহ হ'ব। মই নিজ চকুৰে এনে উদাহৰণ কেইবাটাও দেখাৰ কাৰণে কৈছোঁ। এইজনীতো একোৱেই নহয়, দুটামানক কিমান অঘাইত দেখিছোঁ, সেইটো নেদেখিলে বিশ্বাসেই নকৰিবা।"

      

লাহৰীৰ মাক-দেউতাকে দাঁত কৰচি থাকিল, বান্ধি বান্ধি ঝাড়ুৰে জাৰি আখটি বাহিৰ কৰিব লাগিব এইজনীক! ককাকে গেটৰ মুখত থিয় হৈ দুখমনে সকলো শুনি আছিল। লাহৰীক বিচাৰি চলাথ কৰিও পোৱা নাই কোনেও। ককাকক সোধাত ক'লে — "তাইচোন উঠিয়েই স্কুললৈ সাজু হৈ ওলাই গ'লগৈ। প্ৰথমে যাব মুনিহঁতৰ ঘৰলৈ। মুনিৰ লগত অংক কৰিব। তাৰ পাছত স্কুলৰ বাইদেউৰ তালৈ, তাৰপৰা স্কুললৈ যাব। আজি নাহে। মুনিহঁতৰ ঘৰত থাকি ৰাতিলৈকে দুয়ো মিলি অংক কৰিব হেনো।"

      

মুনি লাহৰীৰ মৰমৰ লগ। একেটা চুবুৰীতে থাকে। আশৈশৱ বন্ধু। একেখন স্কুলৰ একেটা শ্ৰেণীত পঢ়া। আবেলি আবেলি খেলাৰ লগ।


&&&&&&&&&&



Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page