top of page
  • Black Facebook Icon
  • Black Instagram Icon

হাঁহিৰ থুনপাক

  • Writer: নীপা দুৱৰা, গুৱাহাটী
    নীপা দুৱৰা, গুৱাহাটী
  • Jul 14
  • 2 min read


নীপা দুৱৰা, গুৱাহাটী


"তোমাৰ নাম কি?

"মোল (মোৰ) নাম লুবলু বৰুৱা (ৰুবলু বৰুৱা।"

"তোমাৰ মাৰ নাম কি?"

"মোল (মোৰ) মাল নাম লুমী বলুৱা (মোৰ মাৰ নাম ৰুমী বৰুৱা)।“

 

পাঁচ বছৰ বয়সলৈকে "ৰ" নুফুটা ৰুবলুক সকলোৱেই জোকায়। বেছিকৈ জোকালে সি গানৰ সুৰত চিঞৰি চিঞৰি কান্দে। মাকে বুজি পায় কোনটো গানৰ সুৰত সি কান্দিছে। তাৰ কথা-বতৰা, কাণ্ড-কাৰখানাই সকলোৰে হাঁহিৰ খোৰাক যোগায়।

 

ৰুবলু স্কুললৈ যায় সিহঁতৰ ঘৰৰ ডাঙৰ ছাগলীটোৰ পিঠিত উঠি….। লগৰবিলাক ছাগলীৰ পিঠিত বহিবৰ বাবে ৰখি থাকে। কিন্তু ছাগলীটোও বৰ আচৰিত ধৰণৰ, কেৱল ৰুবলুকহে পিঠিত উঠায়। বাকীবোৰে উঠিব খুজিলে সি বহি দিয়ে। ছাগলীৰ কাণ্ড দেখি সকলোৱেই হাঁহিত ৰ’ব নোৱাৰা হয়।

 

অলপতে ৰুবলুৰ ভনীয়েক এজনী জন্ম হ'ল। এদিন মাকে কেঁচুৱাৰ গাখীৰৰ বটলটো ৰুবলুৰ হাতত দি ৰখিয়া পাতি ভিতৰত গৈ কামত লাগিলগৈ। অলপ পাছত কেঁচুৱাৰ অত্ৰাহি কান্দোন শুনি মাকে দৌৰি আহি দেখে ৰুবলুৱে গাখীৰৰ বটলটোৰে ছাগলী পোৱালীটৌক খুৱাই আছে।

 

এইবাৰ বহাগত ৰুবলুহঁতৰ ঘৰত ছপাহ কপৌ ফুল ফুলিছিল। তাৰে এপাহ ছিঙি নি ৰুবলুয়ে বান্ধৱী এজনীক দি আহিল। মাকে তাক কাণচেপা এটা দিলত সি সৈ কাঢ়িলে। মাকৰ খং উঠিছিল যদিও সিমানতে ৰ’লে যদিও বাপেক আহিলেহে যে ঔকিল পৰিব তাকো সকিয়াই দিলে। ৰুবলুৱে ইমান ভাল কাম এটা কৰি কিয় মাৰ খাব, একো বুজি নাপালে।  



তথাপি, পিতাকৰ ঔকিল খোৱাতকৈ ওচৰৰ এঘৰৰ পৰা কপৌ ফুল এপাহ ছিঙি আনি নিজৰ ঘৰৰ কপৌ ফুল জোপাত আঠা দি লগাই থ'লেহি। বাপেক আহি ছপাহ ফুলেই দেখা পালে। ওলোটাই মিছা কথা কোৱাৰ বাবে মাকেহে গালি খালে। মাকে ফুচুলাই ৰুবলুক সুধিলতহে আচল উৰহী গছৰ ওৰটো ওলাল। ওচৰৰ মানুহঘৰৰ পৰা চিঙি আনি লগাই থোৱা কথাটো সৈ কাঢ়িলে।

 

মাকে তাক খং কৰি সুধিলে সি কিয় আনৰ ঘৰৰ ফুল চুৰি কৰি আনিলে। চুৰি সি কৰা নাই, চিঙিহে আনিছে, ৰাতি আনিলেহে চুৰ কৰা হয়। ….. ৰুবলুৰ অকাট্য যুক্তি। মাকে খণ্ডন কৰিব নোৱাৰিলে।

 

পঢ়াত সি বৰ ভাল, সকলোতে পূৰা নম্বৰ পায়। মাত্ৰ মৌখিকতে শূন্য পালে এইবাৰ।

মাকে ৰুবলুক সুধিলে "কি সুধিছিল"?

"তোমাৰ হাতত পাঁচটা আম আছে, তাৰে চাৰিটা ভাইটিক দিলে তোমাৰ হাতত কেইটা থাকিব?"

"পাঁচটা" তাৰ উত্তৰ।

তাৰ হাতৰ পাঁচটা আম সি কোনোপধ্যেই হাতৰ পৰা যাবলৈ নিদিয়ে, বাইদেউয়ে ক'লে বুলিয়েই দিবনে? ৰুবলুৰ অকাট্য যুক্তি।

 

আন এদিনৰ কথা…..

মাকে দেখিলে ভাতৰ বাচনত আধা ভাত নাই। এয়া ৰুবলুৰে কিবা কৰ্মকাণ্ড হ'ব বুলি ভাবি আগফালে ওলাই গৈ দেখে, আগে আগে ভাতৰ বাটি লৈ ৰুবলু, পিছে পিছে থেপেক-থাপাককৈ দহটা মান হাঁহৰ পোৱালী ওচৰৰ পুখুৰীৰ পৰা ভাতৰ লোভ দেখুৱাই ঘৰলৈ আনিছে।


মাকৰ মূৰ ঘুৰাই তাতে বাগৰি পৰিল আৰু হাঁহিৰ থুনপাকেও টোপোলা টাপলি বান্ধি ঘৰলৈ গ'ল।


😂🤣😂🤣😂🤣😂


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page