top of page
  • Black Facebook Icon
  • Black Instagram Icon

সমাজকৰ্মী

Writer: নৱজ্যোতি তামুলী, তিনিচুকীয়া, অসম
নৱজ্যোতি তামুলী, তিনিচুকীয়া, অসম
Jul 13
3 min read


 নৱজ্যোতি তামুলী, তিনিচুকীয়া, অসম

 


"অই পোৱালি, আজিলৈকে নিশিকিলি আৰু কাপ-প্লেটবোৰ কেনেকৈ নিব লাগে, অলপ ভালকৈ নিব নোৱাৰ?  কেনেবাকৈ ভাগিবলৈ হ'লে তোৰ মাথা ভাঙিম মই।"

 

ঘৰত কাম কৰা এঘাৰ বছৰীয়া থোলোকক এইদৰে ডবিয়াই উঠিল সমাজকৰ্মী ৰূপৰেখা হাজৰিকাই। ড্রয়িংৰূমত মিচেছ চলিহা আৰু মিচেছ বৰুৱাৰ লগত চাহ খাই হোৱাত থোলোকে কাপ-প্লেটবোৰ নিবলৈ আহিছিল।

 

তেখেতসকলকে শুনাই শুনাই হাজৰিকানীয়ে গাই গ'ল, “এই খাবলে নোপোৱা গাঁৱলীয়া ভূতসোপাক আৰু কিমান শিকাবা ! ঘৰত থাকোঁতে এসাজ খাই দুসাজ নেখোৱাকে আছিল যে, এতিয়া তিনিবেলা তিনি সাজ খাবলৈ পাই ইহঁতৰ তেল ফাটিছে।“

 

সেইবোৰ শুনি থাকোঁতেই ভয়তে থোলোকে লৰালৰিকৈ আহোতে পৰ্দাখনে মুখখন ঢাক খাই যোৱাত সিটো ৰূমৰ বিচনাখনতে খুন্দা মাৰি দিলে।

 

খুন্দা খাই থোলোকৰ হাতৰ ট্রেখনৰ পৰা কাপ এটা মজিয়াত পৰি ভাগি থাকিল। শব্দ শুনিয়েই হাজৰিকানীয়ে উঠি গৈ থোলোকক দিলে কেইটামান কাণতলীয়া চৰ। “তোক এতিয়া তাকে কৰিবলৈ কৈছিলোঁ নহয় ?” সৰু ল'ৰাটোৱে উচুপি উচুপি পিছফালৰ দুৱাৰমুখতে ৰৈ থাকিল।

 

হাজৰিকানী সিমানতে ক্ষান্ত নাথাকি তাৰ হাতত ধৰি আনি আৰু দুথাপৰমান দি ৰূম এটাৰ ভিতৰলৈ গতিয়াই সুমুৱাই দিলে। বাহিৰৰ পৰা মস্ত তলা এটা লগাই থাকোঁতে কৈ থাকিল  .....”ৰহ মোক আজি মিটিঙৰ পৰা ঘূৰি আহিব দে। তোৰ গতি লগামহি।“

 

ওচৰৰে মহিলা সমিতিৰ কাৰ্যালয়ত আজিৰ ‘আন্তঃৰাষ্ট্রীয় শিশু নিৰ্যাতন বিৰোধী দিৱস’ৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বৰুৱানীহঁত আহিছে। হাজৰিকানীও যোৱাৰ কথা, সেয়ে লগতে যাব বুলি হাজৰিকানীৰ ঘৰত সোমাইছে। এনেও কেইবাদিনো হ'ল এই ৰাস্তাইদি নোযোৱা, যাওঁতে হাজৰিকানীৰ ঘৰত সোমাওঁ বুলি এপাক মাৰিছে ।

 

ড্রাইভাৰ গাড়ীতে বহি আছে। তেওঁলোকৰো দেৰি হৈছে। দহবজাৰ পৰা কাৰ্যসুচী আৰম্ভ হ’বই। সিফালে হাজৰিকানীৰ কাপোৰ পিন্ধিবলৈ আছেই ।

 

এওঁলোকৰ আকৌ কথাবোৰ অলপ সুকীয়া। ক'ৰবালৈ ওলালে সলাবলৈ কাহানিও ঘৰত কাপোৰ বিচাৰিয়েই নেপায়। সিপিনে দুই-তিনিটা  আলমাৰি আৰু পাঁচ-ছয়টা বাকছ কাপোৰেৰে ভৰি থাকেই । আৰু কিনি আনিলে ঘৰত থ'বলৈ ঠাইয়েই নহ'ব।

 

মিঃ হাজৰিকা অফিচলৈ পুৱা  ৯ বজাতে ওলাই যায়। ঘৰত বিশেষ একো কাম-বন নাথাকে কাৰণে আৰু সময়ানুবৰ্তিতা মানি অহাৰ কাৰণে হাজৰিকাই অফিচ সদায় নিৰ্দিষ্ট সময়তকৈ পোন্ধৰ মিনিট আগতে পোৱাকৈয়ে যায়। তেখেতসকলৰ ল'ৰা দুটা। সৰু ল'ৰা টিংকুক  প্রাইভেট স্কুলৰ হোষ্টেলত থৈ ইংলিচ মিডিয়ামৰ স্কুলত পঢ়াইছে। ডাঙৰ ল'ৰা অচ্যুত  ওচৰৰে "শংকৰ-আজান বিদ্যাপীঠ" ৰ পৰা  যোৱাবাৰ সুখ্যাতিৰে মেট্রিক পাছ কৰি টাউনৰ কলেজত নাম লিখাইছে। অচ্যুতে দ্বাদশ শ্ৰেণীত ৯৪ শতাংশ নম্বৰ পাই শংকৰ-আজান বিদ্যাপীঠৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। হাজৰিকাৰ মন আছিল সৰুটোকো ককায়েকে পঢ়া একেখন স্কুলতে পঢ়াব, ঘৰৰ পৰা অহা-যোৱা কৰিব, পুৱা-গধুলি তেওঁ নিজেও পঢ়া চাই দিব পাৰিব। কিন্তু  ডাঙৰ ল'ৰা অচ্যুতক স্কুলত দিবৰ  সময়তেই ঘৰখনত ঘৈণীয়েকে যি অশান্তিৰ সৃষ্টি কৰিছিল আৰু মাজে মাজে যিবোৰ তিতকাৰি মৰা কথা শুনি থাকিব লগা হৈছিল, দ্বিতীয় সন্তানক অসমীয়া মাধ্যমত দিবলৈ আৰু মন নোযোৱা হৈছিলগৈ।

 

"মোৰ এইটো ল'ৰাকো সেই অসমীয়া মিডিয়ামত পঢ়ুৱাই গাঁৱলীয়া ভূত বনাবলৈ নাই। তুমি সেইবোৰ কথা চিন্তা কৰি সময় নষ্ট কৰিব নেলাগে। টকা ঘটি পৰিয়ালটো সুখত ৰাখিবলৈ চেষ্টা কৰা তোমাৰ কাম। ইহঁতৰ পঢ়া-শুনাৰ দায়িত্ব মোৰ ওপৰত এৰি দিয়া।" হাজৰিকানীয়ে প্ৰথমৰ পৰাই এইপাত আমোঘ অস্ত্ৰ হাজৰিকাৰ কাণত পেলাই থৈছে।

 

স্নাতক ডিগ্ৰীধাৰী পৰিবাৰে কোৱা কথাষাৰৰ কোনো প্রতিবাদ নকৰি হাজৰিকাই সেইদিনাৰ পৰাই যি মনে মনে থাকিল যে থাকিলেই আৰু........সৰু ল'ৰাক স্কুলত দিবৰ সময়ত তেওঁ নিজৰ মতামত দিয়াৰ একো সুযোগেই নাপালে।

 

পিছে যোৱাবছৰ ডাঙৰ ল'ৰাৰ ভাল ৰিজাল্টৰ সময়ত সাংবাদিকৰ কেমেৰাত মাকৰ ফটোহে বেছিকৈ ওলাল ।

     

মিচেছ ৰূপৰেখা হাজৰিকাই ইতিমধ্যে এযোৰ নতুন ডিজাইনৰ মুগাৰ কাপোৰ পিন্ধি লৈছে। সেইযোৰ হেনো আজিহে প্রথম পিন্ধিছে, যোৱা বহাগত লৈ থোৱা আছিল মাত্র পঞ্চলিছ হাজাৰ টকাত।

 

সাজু হৈ আকৌ এবাৰ কালি দীপকে লিখি দিয়া ভাষণটোৰ ম'বাইলত উঠাই থোৱা ফটোৰ পৰা 'মেইন পইণ্ট' কেইটা  এবাৰ খৰধৰকৈ চাই ল'লে।  হ'ব  ঠিকেই আছে …..

 ১) প্রাথমিক শিক্ষাৰ আইন অনুসৰি সকলো ল'ৰা-ছোৱালীৰে শিক্ষা জন্মগত অধিকাৰ।

২) শিশুসকলক যিমান পাৰি মৰমেৰে নিজা ৰুচি-অভিৰুচি অনুসৰি খেলা-ধুলা কৰিবলৈ দিব লাগে ।

৩) ১৪ বছৰৰ তলৰ কোনো ল'ৰা-ছোৱালীৰে পৰা কাম আদায় কৰাটো আইন মতে দণ্ডনীয় ।

 

এহ হ'ব। বাকীখিনি সজাই পৰাই কিবা কিবি ক'ব আৰু......

 

তেনেতে এটা সমদলৰ চিঞৰ শুনি ৰূপৰেখা হাজৰিকা বাহিৰলৈ ওলাই আহিল।

আৰে, কোলাহলবোৰ দেখোন সিহঁতৰ ঘৰলৈকে সোমাই আহিছে ! হাতত প্লেকাৰ্ড লৈ সেইটো দেখোন ডাঙৰ মইনা ! কি হৈছে ৰূপৰেখা হাজৰিকাই একো বুজা নাই ...

"মা, থোলোক ক'ত আছে ? সোনকালে মাতি দিয়াচোন" .... ডাঙৰ মইনা মানে অচ্যুতে ক'লে।

 

তেওঁ আকৌ কৈ গ’ল…..

“আামি আমাৰ স্কুলৰ তৰফৰ পৰা এটি শিশু শিক্ষাৰ সজাগতা আৰু শিশু শ্রমিক বিৰোধী গোট গঠন কৰিছোঁ। আজিৰ পৰা আমাৰ কাম আৰম্ভ হ'ব। কাৰ কাৰ ঘৰত, হোটেলত, চাহবাগানত, ইটাভাটা আদিত ১৪ বছৰৰ তলৰ শিশুৰপৰা কাম আদায় কৰা হৈছে প্রথমতে সকলোৰে এখন তালিকা প্ৰস্তুত কৰা হ'ব। তাৰ পিছত আঁচনি অনুসৰি কাম হাতত লোৱা হ'ব।

যিহেতু ময়েই এই গোটৰ সম্পাদক, সেয়ে মোৰ ঘৰলৈকে আমি প্রথম আহিছোঁ। আমাৰ ঘৰৰ থোলোকক কাইলৈৰ পৰা স্কুললৈ পঠাব লাগিব।“


‘থোলোক’, ‘থোলোক’ কৈ চিঞৰি চিঞৰি অচ্যুত আৰু সহপাঠীৰ দলটো সিহঁতৰ ঘৰৰ ভিতৰলৈ সোমাই গ'ল ।

 

ৰূপৰেখা হাজৰিকা শিলপৰা কপৌৰ দৰে ঠাইতে বহি পৰিল ।


************






Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page