top of page
  • Black Facebook Icon
  • Black Instagram Icon

বিবলুৰ সুদিন

  • Writer: নিৰু দত্ত, সৰুপথাৰ উ:মা: বিদ্যালয়,ৰসায়ন বিজ্ঞান বিভাগ
    নিৰু দত্ত, সৰুপথাৰ উ:মা: বিদ্যালয়,ৰসায়ন বিজ্ঞান বিভাগ
  • Apr 12
  • 2 min read

নিৰু দত্ত, নিশান্ত নিবাস

                 ১নং পদুমনি, সৰুপথাৰ

 

হাতীৰ জাক সাধাৰণতে মাইকী হাতীৰে গঠন হয়। ৰক্ষণাবেক্ষণৰ বাবে মখনা দুটামান থাকে। ডেকা মখনাই দলৰ নিয়ম শৃংখলা ভাঙিলে তাক দলৰ পৰা বাহিৰ কৰি দিয়ে।

 

বিবলুৱে বাৰে বাৰে নিয়ম নমনা স্বভাৱটোৰ বাবে দলৰ হাৰাশাস্তি হৈছিল। কৃষ্ণ গোঁসায়েও এশৰ পাছত শাস্তি দিব লাগে বুলি কৈ গৈছে। গতিকে বিবলুৱে পাব লগা শাস্তি পালে। এতিয়া অনুতাপৰ অগ্নিত দহিছে।

    

কলথোকা লৈ বিবলু অৰণ্যৰ গভীৰলৈ সোমাই গ'ল। সি আচৰিত হ'ল বৃহৎ সোনাৰুজোপাৰ তলত তাহাঁতৰ গোটেই জাকটো দেখি। তাক দেখি বীৰুৱে শুঁৰডাল দাঙি স্বাগতম জনালে। বুঢ়া দঁতাল ককা হাতীয়ে সিহঁতৰ ভাষাত চিঞৰি ক'লে – “মই নকৈছিলো নে সি কিমান অকলশৰে থাকিব পাৰে মোৰ জনা আছে” বুলি। আগৰ দিন নাই আৰু যে সি দপদপাই গৈ অন্য এপাল লগৰীয়াৰ লগ ল'বগৈ । দেখা নাই জানো চলাৰ কাৰেণ্টৰ ফেন্সিং লগাই আমাক মৰাৰ কেনে ফন্দি মানুহে কৰিবলৈ লৈছে।

       

ককাৰ কথাত সকলোৱে হয় হয় কৰিলে। বিবলুৱে দেখিলে মাকৰ পেটে-কঁকালে লাগি আছে। কালিৰে পৰা চাগৈ গছৰ পাত এখিলাও খোৱা নাই। সি কলথোকা মাকলৈ আগবঢ়াই দিলে।

         

বীৰুৱে  ককা হাতীক আকৌ অৰণ্যৰ অনুশাসন খিনি সকলোকে সোঁৱৰাই দিবলৈ ক'লে। সকলোৱে কাণ লৰাই সঁহাৰি জনালে। ককাই দফাবোৰ জুকিয়াই সকলোকে মনত পেলাই দিলে। লগতে সকিয়াই দিলে যে বিনা প্ৰয়োজনত যাতে মানুহৰ বাৰী-ঘৰত কোনো নোসোমায়। মানুহলৈ চোঁচা নলয়। সকলো মানুহৰ আচৰণ সঠিক নহয়। অৱশ্যে আজিকালি অৰণ্যৰ জীৱক সুৰক্ষা দিবলৈ এচামে উঠি-পৰি নলগা নহয়। তথাপি সাৱধানীৰ মৰণ নাই। ককাই বীৰুলৈ চাই কিবা এটা ইঙ্গিত দিলে। বীৰুৱে বিবলুৰ গাত সুৰসুৰাই মৰম কৰাদি কৰিলে। সি বিবলুক উপ-দলপতি পতা বুলি ঘোষণা কৰাত সকলোৱে শূৰ জোকাৰি সন্মতি জনালে।  মাত্ৰ এটা মখনা হাতীক অসন্তুষ্ট যেন দেখা গ'ল। এবেগেতীয়া দেখুৱা দাঁত দুটাৰ বাবে তাৰ বৰ ফুটনি। গজাই নামৰ মখনাটোৰ দলপতি হোৱাৰ মন আছিল। এতিয়া জাকৰ পৰা খেদা খোৱাটোক ভাল পদটো দিয়াত তাৰ অসন্তুষ্টি ওলাই পৰিছে।

              

পুনৰ মিলনৰ আনন্দত হাতীৰ জাকটো বিলৰ কাষৰ মুকলিত চৰিবলৈ নামিল। চাহন খোৱা জাকটো দেখি হাইৱেদি যোৱা গাড়ীবোৰ ৰখাই যাত্ৰীয়ে ফটো তোলাত লাগিল।

 


************


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page