অৱদমিত ইচ্ছা
- নীপা দুৱৰা, গুৱাহাটী

- Apr 12
- 2 min read

নীপা দুৱৰা, গুৱাহাটী
এচাটি কহুঁৱা কোমল বতাহে সুৰভিৰ মুখখন ধুৱাই লৈ গল। তথাপিও ভালেমানদিনৰ পৰা চলি থকা মনৰ শংকাবোৰ আঁতৰি নগ’ল। সুৰভিৰ নিজৰ ওপৰতে সন্দেহ ওপজিল, তাই মানুহজনী বেছি সন্দিহান হৈ পৰা নাইতো? নহ’লে ইমান চিন্তা, ইমান সন্দেহ তাইৰ সহজ-সৰল মনটোত ক'ৰ পৰা থিতাপি ল'লেহি! সেই গোলাকাৰ ৰঙা বৰণৰ ভেলভেটৰ বাকচৰ ছবিয়ে তাইৰ মনত ইমান সন্দেহৰ জাল তৰিছে যে তাইৰ খাৱন-শোৱন সকলো সৰি নিছে। মনৰ মাজত অনবৰতে এটা কথাই ঘূৰ্ণীয়মান হৈ আছে – সেই ভেলভেটৰ বাকচৰ ভিতৰত বাৰু কি আছ? হয়তো তাত আছে বহু টকা, নহ’লে সোণৰ আ-অলংকাৰ বা আন কিবা মূল্যাৱান বস্তু।
সুৰভিৰ স্বামী সমৰে ৰিলায়েন্স কোম্পানীত কেমিষ্ট হিচাবে কাম কৰে। সমৰ আৰু তেওঁৰ মাকক লৈ সুৰভিৰ এখন সৰু সংসাৰ। শাহুয়েক গৰাকী বৰ মৰমিয়াল। খুব কম বয়সতে বিয়া হৈ চাৰিটা সন্তানৰ মাতৃ হৈছিল। ল'ৰা ছোৱালীকেইটা বুজন হোৱাৰ আগতেই তেওঁৰ স্বামীয়ে মৃত্যু বৰণ কৰিছিল। দুকোঠলীয়া এটা ঘৰৰ বাহিৰে তেওঁ পত্নী আৰু ল'ৰা ছোৱালীকেইটাৰ বাবে একো থৈ যাব নোৱাৰিলে। এখন স্কুলত পৰিচাৰিকাৰ কাম কৰি কোনোমতে সন্তানকেইটা ডাঙৰ-দীঘল কৰিলে। ভালে ভালে বিয়াও দিলে। সুৰভিৰ এইখন সংসাৰ লৈ কোনো আপত্তি নাই। তথাপি চকুৰ আগত দেখা ৰঙা গোলাকাৰ বাকচটোৱে তাইৰ শান্তি হৰণ কৰিছে দিনে ৰাতিয়ে। তাইৰ শাহুয়েকে তাইৰ চকুৰ পৰা বাকচতো লুকাই ৰাখিব খোজা কথাটোৱে তাইৰ মনত সন্দেহৰ জাল তৰিছে। অলংকাৰ যদি হয়েই নিপিন্ধিলে তাৰ মূল্য ক'ত? টকাৰেনো কি প্ৰয়োজন যদি সি কোনো কামতেই নালাগে। কিমানবাৰ তাই স্বামী সমৰক এডাল মংগলসূত্ৰৰ কথা কৈ কৈ ভাগৰি পৰিল! গহনা লৈ হোৱা অশান্তিয়ে গোটেই ঘৰৰ বাতাবৰণ গধুৰ কৰি তুলিছিল। ফ্ৰীজটো কিনাৰ সময়তো মাত্ৰ দুহেজাৰ টকা কম হোৱাৰ বাবে কিনিব পৰা নাছিল। কিন্তু সমৰ বা মাকে সেই সময়তো এই অলংকাৰৰ বাকচটোৰ কথা নক’লে। তাই বাৰু ন-ছোৱালী বহুত কথাই নাজানে, কিন্তু সমৰেতো জানে। নিজৰ পত্নীক সুখী কৰিবলৈ যদি অলংকাৰৰ বাকচটোত হাত দিয়ে তেন্তে ক্ষতি কি?
তাইৰ শাহুয়েক অলপতে তীৰ্থভ্ৰমনলৈ যাব। জীৱনত প্ৰথমবাৰৰ বাবে তেওঁ চুবুৰীয়াৰ লগত অসমৰ বাহিৰলৈ যাব। তাইৰ শাহুৱেকৰ প্ৰতি অলপো অভিযোগ নাছিল কেৱল সেই বাকচটোৰ বাহিৰে। শাহুয়েকৰ প্ৰতি তাইৰ মনটো বিদ্ৰোহী হৈ উঠে। কিবা আছে যদি সেয়া তাইৰেই প্ৰাপ্য। হয়তো শাহুৱেকে গোটেই জীৱনৰ সাঁচতীয়া টকা আৰু অলংকাৰ ভগৱানক দি পূণ্য অৰ্জন কৰিব বিচাৰিছে। তাইক যদি দিলেহেঁতেন তাই গোটেই জীৱন তেখেতৰ ওচৰত কৃতজ্ঞ হৈ থাকিলহেঁতেন। তাই সমৰকো একো ক’ব নোৱাৰে কাৰণ সি বৰ মাতৃভক্ত। শাশুয়েকে গোলাকাৰ ৰঙৰ বাকচটোনো ক'ত লুকাই ৰাখে তাই এইকেইদিন তাকে আলেঙে আলেঙে চাই থকিল।
তথাপি তাই শাহুৱেকৰ খোৱা-বোৱা, দৰৱজাতি সকলো যোগাৰ কৰি দিলে। শাহুয়েকৰ বাবে তাই এখন গোলাপী ৰঙৰ শাৰীও কিনি আনি দিলে। গোটেই জীৱন উকা, অলংকাৰ অবিহনে থকা শাশুয়েকে প্ৰথমে উজ্জ্বল শাৰীখন পিন্ধিবলৈ আপত্তি কৰিছিল। এটা দিন আছিল যেতিয়া তেওঁ এখন ৰঙীণ শাৰী, এডাল লিপষ্টিক বা নেইল পলিচ লগোৱাৰ বাসনাক চাৰিখন কৰুন মুখে আঁতৰাই ৰাখিছিল। এতিয়া বুঢা বয়সতনো তেওঁৰ কি ইচ্ছা থাকিব পাৰে? সাজোন-কাচোন কৰিবলৈ মানুহৰ বয়সো থাকিব লাগে।
সকলো কথা বুজিও সুৰভি অবুজন হৈ ৰ’ল। হয়তো অলংকাৰৰ নিচাই তাইক মতিভ্ৰম কৰি তুলিলে। তাই গহনাৰ বাকচটো চাবলৈ সুযোগ বিচাৰিবলৈ ধৰিলে। এদিন সচাঁকৈয়ে সেই সুযোগ পাইয়ো গ’ল।
আজি আনন্দী আইতাৰ ঘৰত নাম পাতিছে। শাশুয়েক নামলৈ বুলি ওলাই গ’ল। এয়াই সোণালী সুযোগ। তাই বিচনাৰ তোচকৰ তলৰ পৰা চাবিটো উলিয়াই বাকচটো খুলি সাৱধানে ৰঙা বাকচতো উলিয়াই আনিলে। তাই যেন আল্লাদিনৰ চাকিহে লাভ কৰিলে, মনটো তাইৰ তেনে লাগিল। এইবাৰ তাই টকা আৰু অলংকাৰ দুয়োটাই জব্দ কৰিব। কিন্তু এইয়া কি ! বাকচটো খুলি তাই কান্দোন সম্বৰণ কৰিব নোৱাৰিলে। গোটেই জীৱন মনত লুকাই ৰখা হাবিয়াস তাইৰ শাহুয়েকৰ বাকচত ওলাল- এজাপ খাৰু, এটা নেইল পলিচ আৰু এডাল লিপষ্টিক। হাঁয় ! আমাৰ সমাজৰ বিধৱা নাৰীৰ সকৰুণ অৱদমিত ইচ্ছা !
@@@@@@@@@@



Comments