আইতাৰ ঘৰ
- নিৰু দত্ত, নিশান্ত নিবাস, সৰুপথাৰ
- Oct 13
- 4 min read

নিৰু দত্ত, নিশান্ত নিবাস, সৰুপথাৰ, গোলাঘাট
জুন মাহৰ শেষৰ সপ্তাহটো পাহিৰ মনত বৰ দীঘলীয়া যেন লাগিল। স্কুলত পাঠবোৰ ধাম-ধুম আগবাঢ়িছে। ইফালে ইউনিট টেষ্টো দিবলগীয়া হৈছে। জুলাই মাহত বিভিন্ন অনুষ্ঠানে পাতিব খোজা শিশু আৰু কিশোৰৰ উপযোগী কৰ্মশালাবোৰত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণো আহিছে। এইবাৰ কোনো ধৰণৰ কৰ্মশালাৰ লগত জড়িত হ'বলৈ তাইৰ ইচ্ছা নাই। অৱশ্যে মাকেও তাইৰ অনিচ্ছাৰ প্ৰতি সঁহাৰি জনাইছে। তাই যে পূৰা-পূৰি দুসপ্তাহ আয়েকৰ ঘৰত কটাবগৈ সেয়া কম আনন্দৰ কথা নে!
এইবাৰ স্কুলত গৰম বন্ধ দিয়া দিনটো হিয়াৰ কিবা এটা ভাল নালাগিল। আগৰ কেইবছৰ তাই লগৰ তৰা, মুকু, কৃপাহঁতৰ সৈতে পুৱা সোনকালে উঠি বকুলফুল বুটলেগৈ। নহ'লে থোপা-থুপি ৰং-বিৰঙৰ ফুল বুটলি মালা গাঁঠে। শ্ৰেণী শিক্ষককে মূখ্য কৰি স্কুলৰ সকলো শিক্ষকক উপহাৰ দি এমাহলৈ লগ নোহোৱাৰ দুখ কমায়। পুৱা সাত বজাতে সেইদিনা স্কুল আৰম্ভ হয়। সকলো বিষয়ৰে হোমৱৰ্ক দিয়াৰ পাছতে ছুটীৰ ঘণ্টা বাজে। গোটেই জাকে উকিমাৰি ওলাই আহিবলৈ কিমান যে মজা লাগে ! এইবাৰ পিছে তেনে নহ'ল। জুনৰ মাজ ভাগৰে পৰা গৰম বেছিকৈ পৰা বাবে এনেও স্কুলৰ সময় আগবাঢ়িছিল। বন্ধ দিয়া দিনা দিনৰ এক বজালৈকে সদায় হোৱাৰ দৰে শ্ৰেণীবোৰ বহিছিল। স্কুলৰ পৰা দিয়া দুপৰীয়াৰ আহাৰো খাব লগা হৈছিল। অন লাইনত পৰীক্ষা এটাও দিবলগীয়া হৈছিল। তাহাঁতে মুঠতে সেই দিনটোৰ বাধ্যবাধকতাখিনি বেয়া পাইছিল ।
হিয়া ঘৰত এনেও অকলশৰীয়া। মানে তাই পৰিয়ালৰ একমাত্ৰ সন্তান। চুবুৰীতো তাইৰ সমনীয়া নাই। সেয়ে এমহীয়া বন্ধটো তাই আইতাকৰ ঘৰতে কটাবলৈ পাই ভাল পাইছে। মাক-দেউতাক দুয়োজনৰে দায়িত্বপূৰ্ণ চাকৰী আছে । স্কুলৰ পৰা আহি তাই ঘৰত মাকৰ কামৰ সহায়িকা জুন জেঠাইৰ লগত থাকিব লাগে। জেঠায়ে বৰকৈ কথা-বাৰ্তা নকয়। ইফালে আইতাকৰ ঘৰ মানে ভৰা ঘৰ এখন। মামাকৰ ল'ৰা-ছোৱালীৰ লগতে গোটেই গাঁওখনেই তাইৰ লগৰীয়া হৈ পৰে সেই কেইদিন। সৰুমাহীয়েকৰো কলেজ বন্ধ হেনো। গতিকে মাহীয়েকো ঘৰতে থাকিব।
আইতাকৰ ঘৰ যোৰহাটৰ ৰংদৈ নামৰ ঠাইখনত। যোৰহাটৰ পৰা নিমাতীঘাটলৈ যোৱাৰ বাটতে পৰে। বাহনা কলেজখন আইতাকৰ ঘৰৰ ওচৰতে। হিয়া আহিবৰ দিনাৰে পৰা নেৰানেপেৰা বৰষুণ আৰম্ভ হ'ল। পথাৰত পানী উপচি পৰিল। খাল-ডোং ডুবি সাগৰ সদৃশ হ'ল। ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী আইতাকহঁতৰ বাৰীতো সোমাল। পকী আলিৰ ওপৰেদি বাগৰি অহা পানীৰ সোঁতত মাছৰ উজান উঠিল। হিয়াৰ মন উলাহেৰে ভৰি পৰিল। দুমন, পিংকুদাৰ লগত মাছ ধৰিবলৈ গৈ পানী খচকি থকাৰ বাবে তাই ককাকৰ পৰা ঢকাও খালে। আবেলি আবেলি ককাকে তাইক কান্ধত তুলি বাৰীৰ কাষৰ পথাৰৰ লোৰত পতা চেপা চাবলৈকো নিছিল। এদিন চেপাত মস্ত এটা ধোৰা সাপ সোমাই থকা পাইছিল। তাতে তাই প্ৰথম কেঁকোৰা দেখিলে। মস্ত মস্ত কেঁকোৰা। মামীয়েকে ধানখেৰৰ জুইত পুৰি কেঁকোৰাৰ সোৱাদ লগা চাটনি বটি খুৱাইছিল। সৰু সৰু ৰঙা কেঁকোৰা এবিধো আছিল। চেপেনা দুডাল দাঙি ঘুৰি ফুৰা কেঁকোৰা দেখি তাই বৰ চখ পাইছিল।
আইতাৰ ঘৰৰ জা-জলপানবোৰ হিয়াৰ বাবে বিশেষ আছিল। মাকে ব্ৰেকফাষ্টত লুচি-পুৰি, ডালিয়া, অ’টচ নহ'লে কিবা-কিবি টষ্ট, চেণ্ডুইচ খাবলৈ দিয়ে। আইতাকৰ ঘৰত মামীয়েকে আইতাকৰ নিৰ্দেশত ল'ৰা-ছোৱালীহঁতক দৈৰ সৈতে চিৰা, কোমল চাউল, ভজা বৰাচাউল আদিৰ জলপান দিছিল। গৰম পগোৱা গাখীৰৰ সৰৰ সৈতে পিঠাগুৰি বা সান্দহৰ জলপান খাবলৈ কি যে মজা ! কেতিয়াবা আক' জলপানৰ লগত কল আৰু কঠালো সানি খাবলৈ দিয়ে। এদিন আগেয়ে কেতিয়াও নোখোৱা জলপান এবিধ খাবলৈ পালে; পকা চিৰালৰ সৈতে গুৰ আৰু গাখীৰ মিহলোৱা জলপান। গোন্ধতোও বৰ লোভ লগাব পৰা। পুৰঠ চিৰালৰ বাকলিটো চিৰাচিৰকৈ ফাটি এৰাই আছিল । সেইটোৰ পৰাই চ'ত মহীয়া ৰ’দত “মাটি চিৰাল ফাট” দিয়া বাক্যটো ওলাল বুলি আইতাকে তাহাঁতক শিকালে। চিৰালটো চিৰি আইতাকে গুটিবোৰ পাকঘৰৰ বাহিৰ ফালে বেৰখনতে সানি থলে। সেইদৰে যে ভৱিষ্যতলৈ শস্যৰ বীজ সংৰক্ষণ কৰিব পাৰি সেই কথা আইতাকে বুজাই দিলে । বেৰখনত এনেদৰে তিঁয়হৰ গুটিও সানি থোৱা আছিল।
নদীৰ পানী শুকাই অহাৰ লগেলগে চাৰিদিনমানৰ ভিতৰতে বাঢ়নি পানী পথাৰ-সমাৰৰ পৰা ওলাল। বোকাবোৰ শুকোৱাত হিয়াহঁতৰো ইফালে - সিফালে যাবলৈ সুবিধা হ'ল। বিশেষকৈ চুবুৰীটোৰ বাৰীবোৰত লমা-লমে লাগি থকা আম, জামু, লেতেকু, পনিয়ল আদি ফলবোৰ চব ঠাইতে নাপাই নহয়। পিটিকি পিটিকি কোমল কৰি পনিয়লৰ সোৱাদ ল'বলৈ তাই ইয়াতহে শিকিছে। সৰুজামুৰ থোপাবোৰ ওখ গছত ওলমি থকা দেখিলে তাইৰ জিভালৈ পানী আহে। পিছে তলসৰা জামুবোৰ বোটলাহে টান। হয় বোকাত থেপেককৈ পৰিব, নহয় দীঘল দীঘল বনৰ মাজত হেৰাই যাব!
ন-ভূঁই ৰোৱাৰ দিনা সৰু মোমায়েকৰ পৰিয়ালটোও ওলালহি । আইচেং আৰু কনচেঙ আহিলত হিয়াহঁতৰ দলটো ডাঙৰ হ'ল। আগদিনা হাজিৰা লগাই ককাকহঁতে বহুত কঠিয়া তোলাই থৈছিল। হিয়াহঁতৰ দলটোৱে গৈ কঠিয়াতলীৰ ঢাপত থকা হেলচ জোপাত উঠি হেলচ খালে। কঠিয়াৰ আগত বতাহে ঢৌ খেলি বৰ ধুনীয়া পৰিৱেশ ৰচনা কৰে। মুঠি মুঠিকৈ কঠিয়াৰ ফেৰাবোৰ যতনাই বান্ধি পেলোৱাৰ পিছত কঠিয়াতলীখন উদং হৈ পৰিল। হিয়াই মনোযোগেৰে কামবোৰ চালে। আগেয়ে কেতিয়াও নহা ভাব এটা তাইৰ মনলৈ আহিল; পথাৰখনলৈ তাইৰ যেন মায়া উপজিল। পিছে মাকৰ লগত আগতে আহোতে দেখা বহল মুকলি পথাৰখনৰ ঠাইত তাই এইবাৰ ভালেমানকেইটা নতুনকৈ পতা ঘৰ-বাৰী দেখিলে । বঙিয়াটোৰ সীমাতে থকা অমৰা গছজোপা নাই দেখোন ! কলি অমৰা চিঙি নি মাকে এনেকুৱা দিনতে আচাৰ ভৰাইছিল।
পিছদিনা পুৱাই আইতাকৰ ঘৰত উখল-মাখল লাগিল। ৰন্ধাই ৰান্ধিছে, কঢ়িওৱাই পথাৰলৈ ভাত-পানী কঢ়িয়াইছে। তাহাঁতৰ দলটোৱে জা-জলপান খোৱাৰ পাছতে পথাৰলৈ যাবলৈ অনুমতি পালে। ককাকে জাককে সকিয়নি দি লৈ গ'ল - বোলে “নলগা জেঙত নালাগিবিহক। দ-দৰাত মাছ ওলাইছে; যি পাৰ ধৰিবিহক আৰু মোৰ লগত আহি বালি-পুখুৰীত সাঁতোৰ মেলিবিহি।“ দলটিৰ নুমলীয়া কনচেঙ ককাকৰ কান্ধত উঠিল। সিহঁতে গৈ পথাৰ পাওতে ঘৰৰ হালোৱা মৰৈৰাম ককায়ে দ-দৰা মৈয়াই আছিল। মৈৰ পাছে পাছে ৰোৱনী আৰু হালোৱাই মাছ ধৰি আছিল। ইমান মাছ হিয়াই জীৱনত প্ৰথম দেখিছে। মূৰটো উলিয়াই চেনীপুঠিবোৰে ঘোলাপানীত কমাই আছিল। ককাকে কৈছিল, মাছবোৰৰ কাণত বোকাপানী সোমোৱা বাবে উশাহ ল'ব নোৱৰা হৈছে। ৰ'দজাক টানকৈ ওলোৱাৰ বাবে হেনো মাছবোৰ বেছিকৈ ওলাইছিল। তোৰা আৰু গৰৈ মাছো বোকাত লেটি লৈ পৰি থকা দেখিলে।
বালিপুখুৰীত সাঁতোৰা পৰ্বৰ পাছতে সিহঁতৰ ভোকে শাণেকটা দিলে। আহল-বহল পাকঘৰৰ মজিয়াত পীৰা পাৰি মামীয়েকে নাতিয়েকহঁতৰ লগত ককাককো ভাত সজায় দিলে। ককাকে বান-কাঁহী আৰু বান-বাতিত ভাত খায়। ককাকক ভাতৰ পাতত দেখিলে হিয়াৰ আক' শংকৰদেৱৰ ফটোখনলৈ মনত পৰে । সিহঁতজাকক কলপাতত ভাত খাবলৈ দিলে। হিয়াৰ আক' কলপাতত ভাত দিলে ভোজৰ ভাত খোৱা যেন লাগে। বোকাখাতৰ হোটেলত খোৱা লুচি-আলুৰ জোললৈও মনত পৰে। ভাতসাজত ভালেমান ব্যঞ্জন আছিল। খৰিচাৰে সৈতে গৰৈমাছৰ পিটিকা, কঠালগুটিৰ পিটিকা, হাঁহ মাংসৰ লগত কোমোৰাৰ জোল, কচুশাকৰ জালুকীয়া, তাৱাত ভজা পুঠিমাছ আদিৰে তাই যিমানকণ পাৰে খালে। শেষত দৈৰ লগত দিয়া ভাতকেইটা খাবলৈ পেটত জেগাই নহ'ল।
মাৰল-ঘৰৰ মজিয়াত ঢালাই কৰা বিচনাত সৰু মাহীয়েকে শীতল-পাটী পাৰি সিহঁত জাকক ঘোঁৰাবাগৰ মাৰিবলৈ ক'লে। দুমনদাদাৰ ফুচুৰি কথা শুনি শুনি কেতিয়ানো তাই টোপনিত ঢলি পৰিল গমকে নাপালে।
###########
Comments