top of page
Search


সম্পাদকীয় - দ্বিতীয় বছৰ, দ্বিতীয় সংখ্যা
সম্পাদকৰ মেজৰ পৰা সূৰুযমুখীৰ সমূহ পাঠক সমাজলৈ আৰু কণ কণ মইনাসকলৰ পৰা আৰম্ভ কৰি সকলো বয়সৰ ছাত্ৰ-ছাত্ৰীলৈ শাৰদীয় শুভেচ্ছা জনালোঁ। আমাৰ সূৰুযমুখী আলোচনীখনৰ প্ৰথম প্ৰকাশৰে পৰা প্ৰায় প্ৰতিটো সংখ্যাতে আমি একোটা বিশেষ বিষয়বস্তু সামৰিবলৈ বা আলোচনাৰ মাজলৈ আনিবলৈ চেষ্টা কৰি আহিছোঁ, যাতে আমাৰ পাঠকসমাজে তথা নৱ-প্ৰজন্মই সেই বিষয়টোৰ বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ অৱকাশ পায় আৰু লগতে বিষয়টোৰ বিষয়ে সঠিক তথ্য আদি সংগ্ৰহ কৰি অভিজ্ঞতা সঞ্চয় কৰিবলৈ সক্ষম হয়। কাৰণ তেনে অভিজ্ঞতা ভৱিষ্যতে তেওঁলোক

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
Oct 13, 20256 min read


সূচীপত্ৰ :: সূৰুযমুখী ( দ্বিতীয় বছৰ, দ্বিতীয় সংখ্যা )
১ ) সম্পাদকীয়ঃ পবিত্ৰা বৰঘৰীয়া, মুম্বাই 2) অকণিৰ পৃথিৱী (কেৱল অকণিহঁতৰ বাবে ): অকণিৰ ছবি: · বৰেণ্য বিশ্ব বৰুৱা, চতুৰ্থ শ্ৰেণী, ডন বস্ক' উচ্চতৰ মাধ্যমিক বিদ্যালয়, লিচুবাৰী, যোৰহাট · বৈষ্ণৱী বৰা, পঞ্চম শ্ৰেণী, অমৃত ইন্টাৰনেশ্যনেল স্কুল, বৰপথাৰ, গোলাঘাট · আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ, গোলাঘাট · জিজ্ঞাসা সোণোৱাল, ষষ্ঠ মান, টেঙাখাট লিটল ষ্টাৰ হায়াৰ চেকেণ্ডেৰী স্কুল, ডিব্ৰুগড় · ধৃতিষ্মান কাকতি, দ্বিতীয় শ্ৰেণী, ব'ল'সিং মেম'ৰি

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
Oct 13, 20252 min read


মহিষমৰ্দিনী আই কাত্যায়নী
নিৰু দত্ত, নিশান্ত নিবাস, সৰুপথাৰ, গোলাঘাট পালেহি আহিনমাহ অময়া শৰতকাল ষষ্ঠীত দিওঁ বেদীত স্থান, অচলা ভক্তিৰে পূজি সপ্তমী অষ্টমী তিথি দশমীত কৰোঁ বিসৰ্জন । যুগে যুগে ধৰণীতে তোমাক পূজোঁ ভকতে ৰাম কৃষ্ণ তোমাৰ সেৱক, আমি সৰল মনিচ নহও নকল নবীশ আই তুমি বিপদ বাৰক । শৰতত বসন্তত ধৰালৈ নামিবা দেই বৰণীয়া ফুলেৰে পূজিম, নীলাকৈ অপৰাজিতা পদুম ধতুৰা জবা যতনেৰে মৰ

নিৰু দত্ত, নিশান্ত নিবাস, সৰুপথাৰ
Oct 13, 20251 min read


উন্নয়নৰ অগ্ৰগতিৰ বিৰোধাভাস
ড° বিজিত তালুকদাৰ, গুৱাহাটী মানৱ সভ্যতাৰ সুদীৰ্ঘ যাত্ৰাত এটি উত্তম ভৱিষ্যতৰ ফালে চিৰধাৱমান উন্নয়নত অশ্ববেগী অগ্ৰগতিয়ে বাহকৰূপে এক বলিষ্ঠ ভূমিকা পালন কৰি আহিছে ৷ অৰ্থনৈতিক বৃদ্ধি, প্ৰযুক্তিগত উন্নতি আৰু সামাজিক প্ৰগতিকে আদি কৰি সামগ্ৰিক উন্নয়নৰ ধাৰণাটো পৃথিৱীৰ প্ৰায়বোৰ ব্যাপক সমস্যাৰ এক নিদানস্বৰূপে ব্যৱহাৰ হৈছে। তথাপি, আমি যেতিয়া নৱীকৰণৰ নামত উন্নয়নৰ সীমাৰেখাডাল উলংঘা কৰিবলৈ আগবাঢ়ো, তেতিয়াই আমি উন্নয়নৰ এক বিৰোধাভাসৰ সন্মুখীন হওঁ। অগ্ৰগতি আৰু পশ্চাদগতি, বৃদ্ধি আৰু ক্ষ

ড° বিজিত তালুকদাৰ, গুৱাহাটী
Oct 13, 20253 min read


অকণিৰ ছবি
অংকন : তৃষা দাস, নৱম শ্ৰেণী, প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়, পাঞ্জাবাৰী, গুৱাহাটী

তৃষা দাস,অষ্টম মান, প্ৰাগজ্যোতিষ আ: বিদ্যালয়,গুৱাহাটী
Oct 13, 20251 min read


শিক্ষাই জীৱন
নীল নয়ন শৰ্মা, ষষ্ঠ শ্ৰেণী, নৰ্থ ইষ্ট পাব্লিক স্কুল, কাহিলিপাৰা, গুৱাহাটী লিখা-পঢ়া কৰা ভাই শিক্ষাৰ বিনে গতি নাই, সুশিক্ষা গ্ৰহণ কৰা জ্ঞানী হৈ জীৱন ধৰা। বিদ্যাৰ মন্দিৰত সদায় গৈ শিক্ষাৰ বন্তি জ্বলাই লৈ, পাঠদান গ্ৰহণ কৰা অজ্ঞানতা দূৰ কৰা। গুৰুৰ উপদেশ মানি চলা জীৱনৰ পথ সুগম কৰা, কি হ'ব পাৰে শিক্ষাৰ দৰে শিক্ষাই আমাৰ জীৱন গঢ়ে। **************

নীল নয়ন শৰ্মা,নৰ্থ ইষ্ট পাব্লিক স্কুল,গুৱাহাটী
Oct 13, 20251 min read


মহান বিজ্ঞানীৰ পৰিচয় (৪)
মহিমাৰে উজ্জ্বলি উঠা বিজ্ঞানী, উদ্ভাৱক, শ্ৰীযুত উদ্ধৱ ভৰালী স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ, গোলাঘাট মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশাকৰোঁ তোমালোক সকলোৱে কুশলে আছা ৷ গৰমৰ বন্ধ খোলাৰ পাছত তোমালোকৰ বেছি সংখ্যকৰে বিদ্যালয়ত ছয়মাহিলী পৰীক্ষাবোৰো শেষ হ’ল ৷ ইয়াৰ মাজতে আমাৰ আটাইৰে অতিকৈ মৰমৰ “জুবিন দা” আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গৈ আমাক সকলোকে বৰ মৰ্মাহত কৰিলে ৷ সেয়ে এইবাৰ দুৰ্গা পূজাৰ ৰং-ৰহইচবোৰো ম্লান পৰিল, নহয় নে ! আকৌ তোমালোকৰ প্ৰিয় পোহৰৰ উৎসৱ দীপাৱলীও আহি আছে....৷ বাৰু তাৰ মাজতে ম

স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ, গোলাঘাট
Oct 13, 20253 min read


মুক্ত বিহংগ
তৃষা দাস, দশম শ্ৰেণী, প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়, পাঞ্জাবাৰী, গুৱাহাটী চৰাইবোৰে নীল আকাশত জাকপাতি উৰে, মনৰ আনন্দত গছৰ ডালত নিজৰ বাহটি সাজে। ঢলপুৱাতে আহাৰ বিচাৰি শস্যৰ পথাৰত ঘূৰে, গধূলি হ'লে নিজ বাহলৈ পোৱালীলৈ আহাৰ আনে। জাকপাতি ডালত বহি মনৰ ভাব প্ৰকাশ কৰে, ডালৰ মাজত পাতৰ আঁৰত লুকা-ভাকু খেলে। তাকে দেখি সজাৰ চৰায়ে দুখত ভাগি পৰে, মুক্ত পৰিবেশ নোপোৱাৰ বাবে হিয়া ঢাকুৰি কান্দে। ভালকৈ খাইছোঁ ভালকৈ আছোঁ ভালকৈ যতন পাইছোঁ, কিন্তু উৰণীয়া বন্ধুৰ দৰে আমিও মুক্ত পৰিবেশ বিচাৰো

তৃষা দাস,অষ্টম মান, প্ৰাগজ্যোতিষ আ: বিদ্যালয়,গুৱাহাটী
Oct 13, 20251 min read


জীৱনৰ জ্যামিতি
কৃষ্ণ কান্ত চাহু, অধ্যক্ষ নকাৰী উ: মা: বিদ্যালয়, উত্তৰ লখিমপুৰ মৃত্যুনো কি - কিনি ল'ব পাৰোঁ, জীৱনটোহে নোৱাৰোঁ ! চাইকেলৰ পাছে পাছে আহি থকা জোনটোৰ দৰে জীৱনেও মাজে সময়ে ছাঁ পোহৰত মৰে আৰু জীয়ে। উশাহটোও চোলাৰ হাতত লুকুৱাই লোৱা হাতখনৰ দৰে এৰাল চিঙা উশাহৰ কি ভৰসা ? সৰি পৰা আকাশৰ তৰা…. জীৱনৰ জ্যামিতি সমাপ্তিৰ বিন্দু ।। *******

কৃষ্ণ কান্ত চাহু, অধ্যক্ষ,নকাৰী উঃমাঃ বিদ্যালয়,উঃলখিমপুৰ
Oct 13, 20251 min read


জুবিনৰ ব্যক্তিত্ব : একক আৰু অনন্য
চেমিমা হুছেইন, গুৱাহাটী আমি গৰ্ববোধ এই কাৰণেই কৰোঁ যে জুবিন আমাৰ ৷ জুবিন অসমৰ ৷ জুবিনৰ সংগ আমি পাইছোঁ, জুবিনৰ গান মঞ্চত শুনিছোঁ ৷ দেখা যায় যে জুবিনৰ গানৰ লহৰত অসমৰ পুৱা আৰম্ভ হয় আৰু দিনটো শেষও হয় জুবিনৰ গীতৰ সুৰৰ মাদকতাত ৷ সৰু ল’ৰা ছোৱালীৰ পৰা আশীৰ উৰ্দ্ধৰ ব্যক্তিৰ মুখতো শুনা যায় জুবিনৰ গান ৷ জুবিন নামৰ সকলোৱে ভালপোৱা সত্বাটো আজি আমাৰ মাজৰ পৰা হেৰাই গ’ল ৷ কিন্ত সঁচাকৈয়ে হেৰাই গ'ল জানো ? অসমবাসীৰ হিয়াৰ আমঠু, সকলোৰে বুকুৰ আপোন জুবিন কেতিয়াও আমাৰ মাজৰ পৰা আঁতৰি যাব নোৱাৰে

চেমিমা হুছেইন, গুৱাহাটী
Oct 13, 20253 min read


সুধাকণ্ঠ
নাং ময়ূৰী বৰগোহাঁই, দশম শ্ৰেণী জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়,মাদুৰি, শিৱসাগৰ বৰলুইতৰ পাৰৰ কলা-সংস্কৃতিৰ, জগতত নৱ-যুগৰ এক নতুন দিগন্ত, উন্মোচিত কৰা তেওঁ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা । লুইতৰ বুকুত নৃত্য আন্দোলিত এটি কণ্ঠ, এটি সত্ত্বা, এক অপাৰ্থিৱ জীৱন্ত শক্তি তেওঁ ড° ভূপেন হাজৰিকা । এক অপৰাজেয় অপ্ৰতিদ্বন্দ্বী সৈনিক শিল্পী । লুইতৰ পৰা মিচিছিপি হৈ ভগ্লাৰ ৰূপ চাই অতোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱটি, ইলোৰাৰ পৰা পুৰণি ৰহণ চিকাগোলে কঢ়িয়াই, গালিবৰ শ্বেৰ দুচম্বেৰ মীনাৰত শু

নাং ময়ুৰী বৰগোহাঁই,দশম মান, জয়মতী উ:মা: বিদ্যালয়, মাদুৰি
Oct 13, 20251 min read


অকণিৰ ছবি
অংকন : বৈষ্ণৱী বৰা, পঞ্চম শ্ৰেণী, অমৃত ইন্টাৰনেশ্যনেল স্কুল, বৰপথাৰ, গোলাঘাট

বৈষ্ণৱী বৰা, পঞ্চম মান, অমৃত ই: স্কুল,বৰপথাৰ
Oct 13, 20251 min read


সুৰেৰে গাঁথি থোৱা সেই গতি: স্মৃতি তৰ্পণ জয়ন্ত হাজৰিকালৈ
জোনালী পাটোৱাৰী বৰা, গুৱাহাটী সময় গতিশীল ৷ গতিশীল সময়ে প্ৰতি বছৰে অনাৰ দৰে এই বছৰো বোকোচাত টোপোলা বান্ধি লৈ আহিছে আহিনক, টোপোলাটোৰ বান্ধটো মোকলাই মেলি দিছেহি শুধ বগা শেৱালিৰ স্নিগ্ধ মৃদু সুবাস ৷ সৌ দূৰৈৰ পথাৰৰ, হালি-জালি নাচি থকা কহুঁৱা ডৰাই যেন আকাশে-বতাহে কিবা এক মহোৎসৱৰহে আগলি বতৰা দিছে ৷ এৰা! পূজা পূজা লাগিছে কেওপিনে এতিয়া ৷ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ভাষাৰে ক’বলৈ মন গৈছে, “আহিলে পূজাৰে বেলা, মিনি তই কৰিছ কি?/ সাজি-কাছি ... মেলালৈ ওলা” ৷ এক চিৰাচৰিত ঘটনা ...ষষ্ঠীত প্ৰতিষ্ঠা

জোনালী পাটোৱাৰী বৰা, গুৱাহাটী
Oct 13, 20256 min read


সেউজীয়া বিকল্প - উন্নয়ন যথোপযুক্ত
মন্দিতা শৰ্মা, গুৱাহাটী সপোন খেদা দুচকুত মাথোঁ উন্নয়ন অঞ্জন। বিৰিখৰ নিৰ্মল ছাঁত লভে জীৱনে জীয়ন। পৰ্বত-পাহাৰ বিদাৰি গঢ়ি উঠে একো একোটা ৰাস্তা, জলাশয় নাশি অট্টালিকা আকাশস্পৰ্শা! হেৰাই যোৱাৰ বেদনাত উচুপি উঠে গছে, জীয়াই থকাৰ তাড়ণাত ৰাউচি জোৰে গছে! সকলোকে লাগে উন্নয়ন-- প্ৰদুষণমুক্ত বিশ্ব যদিহে কাম্য বৃক্ষাভূষণ পিন্ধোৱা ধৰণীক যথাসাধ্য। ক্ষয়িষ্ণু নহওক বন-বনান্ত, নদ-নদী, পাহাৰ-কন্দৰ প্ৰকৃতিহন্তা উন্নয়ন, কদাপি নহয় সঁচা অৰ্থত অগ্ৰসৰ, নিশ্চিত এক শ্মশান দৰবাৰ। উন্নয়ন লাগ

মন্দিতা শৰ্মা, গুৱাহাটী
Oct 13, 20251 min read


প্লাষ্টিক প্ৰদূষণ
স্বস্তিকা তাঁতী, অষ্টম শ্ৰেণী, কেশৱ চন্দ্ৰ হাজৰিকা মেমৰিয়েল স্কুল, সৰুপথাৰ, গোলাঘাট মই প্ৰকৃতিক বৰ ভাল পাঁও ৷ প্ৰকৃতিৰ গছ-বন, চৰাই-চিৰিকতি, জীৱ-জন্তু মোৰ অতিকে প্ৰিয় ৷ হয়তো সেইকাৰণে মই হেনো সৰুতে গছৰ পাত আৰু ফুলৰ লগত আপোনভাৱে কথা পাতি বহুসময় কটাইছিলোঁ ৷ মই ভাবোঁ আমাৰ চাৰিওফালৰ প্ৰকৃতিখন সদায়ে সেউজীয়া আৰু সুৰক্ষিত হৈ থাকক ৷ আমি ব্যৱহাৰ কৰা প্লাষ্টিকবোৰ কিন্তু বৰ্তমান সময়ত বিভিন্ন ধৰণৰ প্ৰদূষণে প্ৰকৃতি তথা সমগ্ৰ পৃথিৱীকে বিস্তৰ ক্ষতি সাধন কৰিছে৷ তাৰ ভিতৰত প্লাষ্টিক প্ৰদূষণ

স্বস্তিকা তাঁতী, অষ্টম মান,কেশৱ চন্দ্ৰ হা: মে: স্কুল,সৰুপথাৰ
Oct 13, 20251 min read


অব্যক্ত অনুভৱ
তন্ময় কলিতা, গুৱাহাটী "তাক ইমান আপোন ভাবিছিলোঁ, ইমান বিশ্বাস কৰিছিলোঁ, সিও এতিয়া আঁতৰি গ'ল।" এনেকৈয়ে আঁতৰি যোৱা মানুহৰ কথা ভাবি আপোনাৰ উদং বুকুৱে কেতিয়াবা হঠাতেই হাহাকাৰ কৰি উঠে নহয়নে? তেতিয়া মনটো কেনেকুৱা লাগে কাকো বুজাব নোৱাৰা হয়। অস্থিৰ হৈ পৰে আপুনি। ক্ষণিকতে আপুনি ভাবে, সি হয়তো মোক পাহৰিলেই। তাৰ চাগৈ মোলৈ মনতেই নপৰে। জানেনে, আপুনি তাক ভুল বুজি আছে। তাৰ মনৰ বতৰা আপুনিতো পোৱা নাই। শুনক, আপোনাৰ দৰে তাৰ অন্তৰেও কেতিয়াবা হঠাতেই কান্দি উঠে। সিও ভাবে, আপোনালোকৰ সেই ভাললগ

তন্ময় কলিতা, গুৱাহাটী
Oct 13, 20252 min read


অকণিৰ ছবি
অংকন : শুভ্ৰনীল সোণোৱাল, কে.জি শ্ৰেণী, ছল্ট ব্ৰুক স্কুল, ডিব্ৰুগড়

শুভ্ৰনীল সোণোৱাল, ছল্ট ব্ৰুক স্কুল,ডিব্ৰুগড়
Oct 13, 20251 min read


অশ্ৰু অঞ্জলিৰে শ্ৰদ্ধাঞ্জলি: জুবিন দালৈ
চানিয়া স্নিগ্ধা মুকতাৰ, সপ্তম শ্ৰেণী যোৰহাট বাঘচোং ড'নবস্ক উ: মা: বিদ্যালয় আজি যেন সকলো নীৰৱ-নিস্তব্ধ অৰ্থহীন! তুমিয়েই কৈছিলা, "ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন।" সঁচাই বহু ধুমুহাৰ সতে খেলিলা তুমি! আজি প্ৰতিটো নিশাই ৰৈ ৰৈ বিনাইছে তোমাক লৈ... তুমিয়েই গাইছিলা, "মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে" আৰু আজি বহু মানুহক দুখৰ সাগৰত পেলাই তুমি আঁতৰি গ'লা। সাগৰ তলিত শুলা তুমি চিৰদিনৰ বাবে 'টিয়েৰচ ইন হেভেন' আজি যেন জংকীয়ে আনন্দত চকুলো টুকিছে তোমাক দেখি, এতিয়া তুমি আকৌ নিৰলে

চানিয়া স্নিগ্ধা মুকতাৰ, যোৰহাট
Oct 13, 20251 min read


তুৰ্কীয় দেশৰ শিশু
তুৰস্ক দেশৰ মানচিত্ৰ দেৱীকা বৰপূজাৰী, মুম্বাই মইনা সকল, তোমালোকে বাৰু তুৰস্ক বা Turkey নামৰ দেশখনৰ নাম শুনিছা নে? এইখনেই পৃথিৱীৰ একমাত্ৰ দেশ, যিখন এছিয়া আৰু ইউৰোপৰ মাজতে অৱস্থিত! ইয়াত এখন সাগৰৰ দৰে বিশাল নৈ আছে - ব্লেক চি আৰু মাৰমাৰা বীচ্চৰ সিমনাত, যাক কোৱা হয় ব’চপ’ৰাচ প্ৰণালী (Bosporus Strait) বা সুঁতি। তুৰ্কীয় দেশখন যথেষ্ঠ ডাঙৰ, ইয়াৰ ৰাজধানী হৈছে আংকাৰা। পিছে বাণিজ্যিক ভাৱে আৰু আধুনিকতাৰ দিশত সকলোতকৈ আগবঢ়া ঠাইখন হৈছে - ইষ্টানবুল। তুৰ্কীখন বৰ ধুনীয়া - কেউদিশে নীলা

দেৱীকা বৰপূজাৰী, মুম্বাই
Oct 13, 20252 min read


অকণিৰ ছবি
অংকন : জিজ্ঞাসা সোণোৱাল, ষষ্ঠ মান, টেঙাখাট লিটল ষ্টাৰ হায়াৰ চেকেণ্ডেৰী স্কুল, ডিব্ৰুগড়

জিজ্ঞাসা সোণোৱাল,ষষ্ঠ মান,টেঙাখাট লিটল ষ্টাৰ হা:চে: স্কুল, ডিব্ৰুগড়
Oct 13, 20251 min read
bottom of page

