সম্পাদকীয় - দ্বিতীয় বছৰ, দ্বিতীয় সংখ্যা
- পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
- Oct 13
- 6 min read
Updated: Oct 24

সূৰুযমুখীৰ সমূহ পাঠক সমাজলৈ আৰু কণ কণ মইনাসকলৰ পৰা আৰম্ভ কৰি সকলো বয়সৰ ছাত্ৰ-ছাত্ৰীলৈ শাৰদীয় শুভেচ্ছা জনালোঁ।
আমাৰ সূৰুযমুখী আলোচনীখনৰ প্ৰথম প্ৰকাশৰে পৰা প্ৰায় প্ৰতিটো সংখ্যাতে আমি একোটা বিশেষ বিষয়বস্তু সামৰিবলৈ বা আলোচনাৰ মাজলৈ আনিবলৈ চেষ্টা কৰি আহিছোঁ, যাতে আমাৰ পাঠকসমাজে তথা নৱ-প্ৰজন্মই সেই বিষয়টোৰ বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ অৱকাশ পায় আৰু লগতে বিষয়টোৰ বিষয়ে সঠিক তথ্য আদি সংগ্ৰহ কৰি অভিজ্ঞতা সঞ্চয় কৰিবলৈ সক্ষম হয়। কাৰণ তেনে অভিজ্ঞতা ভৱিষ্যতে তেওঁলোকৰ বাবে যি কোনো সময়তে সহায়ক হ’ব পাৰে। তেনে উদ্দেশ্যে আগত ৰাখিয়েই আমাৰ এই দ্বিতীয় বছৰৰ দ্বিতীয় সংখ্যাৰ সূৰুযমুখীখনৰ কাৰণে নিৰ্দ্ধাৰণ কৰা বিষয়বস্তুটো হৈছে, "উন্নয়ন : ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা”।
আমি যদি আজি লক্ষ্য কৰোঁ তেন্তে দেখা পাওঁ যে আমাৰ পৃথিৱীৰ প্ৰতিটো কোণতে উন্নয়নৰ বাবে অহৰহ প্ৰচেষ্টা চলি আছে। কাৰণ উন্নয়ন হৈছে মানুহৰ জীৱনমান উন্নত কৰাৰ এক পদ্ধতি, যিয়ে সমাজক অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু পৰিৱেশগত দিশত আগুৱাই নিয়াত সহায় কৰে।
কিন্তু এই উন্নয়নৰ মন্ত্ৰৰে মোহাছন্ন কৰি সমাজক উন্নয়নৰ দিশত খোজ পেলাবলৈ আগ্ৰহী কৰি তোলা হৈছে যদিও মানৱ জাতিৰ অলপ অসচেতনতা আৰু অসাৱধানতাৰ বাবে কেতিয়াবা উন্নয়নে প্ৰকৃতাৰ্থত সমাজৰ অপকাৰো সাধিছে। উন্নয়নৰ লগেলগে ইয়াৰ কিছু বিপৰীতমুখী পাৰ্শ্বক্ৰিয়াই সমাজত বেয়া প্ৰভাৱ পেলোৱাৰ লগতে আমি কিছুমান ভাল বস্তু হেৰুৱাবলগীয়াও হৈছে। তাৰ ফলাফল সমাজে বিভিন্ন সময়ত বিভিন্ন ৰূপত ভোগ কৰিবগলগা হ’ব পাৰে বা ইতিমধ্যে কৰিবলগা হৈছেই।
উন্নয়নৰ কামবোৰৰ বিপৰীত ফল হিচাপে পৰিৱেশ ধ্বংস আৰু প্ৰদূষণৰ প্ৰভাৱ, সামাজিক অসমতা, খৰচ আৰু ঋণৰ বোজা বৃদ্ধি, সাংস্কৃতিক আৰু সামাজিক ক্ষতি আদিৰ প্ৰভাৱে সমাজক গ্ৰাহ কৰিব পাৰে। উদাহৰণস্বৰূপে আমি যদি ভালদৰে লক্ষ্য কৰোঁ, আজি পৃথিৱীৰ সকলো উন্নত দেশে যাতায়াতৰ সুবিধাৰ বাবে আহল-বহল ৰাস্তা-ঘাট সাজিছে, মানুহৰ উন্নত জীৱনশৈলীৰ বাবে বা পৰ্যটকৰ সা-সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিশাল আৰু বিলাসী ঘৰ, হোটেল আদি নিৰ্মাণ কৰিছে। এইবিলাক কৰিবলৈ যাওঁতে নিশ্চয়কৈ বহুত গছ-গছনি কাটিবগীয়া হৈছে আৰু লগতে বহুত জীৱ-জন্তুৰ আৱাসস্থলো ধ্বংস কৰিবলগীয়া হৈছে। ফলত আমাৰ চাৰিওফালৰ পৰিৱেশৰ ভাৰসমতা বিনষ্ট হোৱাও দেখা গৈছে।
অৱশ্যে উন্নয়নক সঠিক নিয়ন্ত্ৰণৰ মাজেৰে অগ্ৰসৰ হ'বলৈ দিলে, ইয়াৰ অপকাৰিতাসমূহ নিয়ন্ত্ৰণৰ ভিতৰত ৰখাটো সম্ভৱ হ'ব পাৰে।
গতিকে এটা কাম কৰিবলৈ যোৱাৰ লগে লগে সেই কামৰ আন কিবা পাৰ্শ্বক্ৰিয়াও যে থাকিব পাৰে তাৰ প্ৰতি সচেতন হোৱা আৰু তাৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰি আমাৰ চাৰিওফালৰ প্ৰাকৃতিক পৰিৱেশৰ ভাৰসমতা ৰক্ষা কৰাৰ প্ৰতি সচেতনতা অৱলম্বন কৰাৰ ওপৰতো যে দৃষ্টি ৰাখিব লাগিব সেয়া আমাৰ নৱ-প্ৰজন্মক অৱগত কৰাটো জৰুৰী বিবেচনা কৰিয়েই এই বিষয়টো সন্নিৱিষ্ট কৰা হৈছে।
যোৱা সংখ্যাৰ সূৰুযমুখীৰ প্ৰকাশৰ পিছত, বিগত তিনিটা মাহ- আগষ্ট, চেপ্তেম্বৰ আৰু অক্টোবৰ,...এই তিনিটা মাহেই মূলত ভাৰতবৰ্ষত বৰ্ষাকালীন সময়। এনে সময়ত আমাৰ দেশৰ পথাৰ-সমাৰ, নদ-নদী, নলাসমূহ পানীৰে ওফন্দি উঠে, ঠায়ে ঠায়ে ওখ, খৰস্ৰোতা জলপ্ৰপাতৰ সৃষ্টি হৈ পাহাৰীয়া ঠাইসমূহৰ প্ৰাকৃতিক দৃশ্য অতি মোহনীয় কৰি তোলে। যি ফালেই দৃষ্টি যায়, সেইফালেই এনে লাগে যেন সতেজ ঘাঁহ-বনে বহল সেউজীয়া দলিচাৰ দৰে চৌপাশ ঢাকি ৰাখিছে আৰু বনাঞ্চলসমূহো অধিক জীৱন্ত আৰু আকাশলংঘী হৈ নীলা আকাশৰ সতে যেন মিলিত হ’ব খোজে! ....
অক্টোবৰ মাহ সোমোৱাৰ লগে লগে বৰ্ষাৰ প্ৰভাৱ কমি আহি কজলা, ওন্দোলা আকাশে লাহে লাহে শৰৎ ঋতুৰ নীলিম আকাশত কপাহ-কোমল, শুকুলা মেঘৰ আহ-যাহ আৰম্ভ কৰেহি। বৰ্ষাৰ অৱশেষ জলধাৰাৰ স্মৃতি লৈ শৰতৰ শুকুলা মেঘে নীলা আকাশক আৰু অধিক উজ্জ্বল সুষমা প্ৰদান কৰেহি আৰু তাকে দেখি যেন ঋতুৰ ৰাণী শৰতে সৌন্দৰ্যৰ পোহাৰহে মেলি ধৰেহি…..।
এনে মায়াময় শাৰদীয় কৌমুদী প্লাৱিত আভাই সকলোৰে মনাকাশ ভৰাই তোলাৰ প্ৰয়াস কৰাৰ সময়তে এইবাৰ অসমৰ আকাশ যেন এআকাশ ক’লা ডাৱৰে ছানি ধৰিলেহি…।
কোনো পূৰ্ব সংকেত নাই, কোনেও কষ্মিন কালেও নভবা এক নিষ্ঠুৰ খবৰ - ১৯ চেপ্তেম্বৰৰ দিনা আমাৰ সকলোৰে অতিকৈ আপোন, হিয়াৰ আমঠু জুবিন গাৰ্গে সংগীত পৰিবেশন কৰিবলৈ গৈ ছিংগাপুৰৰ ছেইণ্ট জ'ন দ্বীপৰ সাগৰৰ পানীত ডুবি মৃত্যুক সাৱটি ললে বুলি প্ৰচাৰ হোৱাৰ লগেলগে যেন সমস্ত অসমবাসী শোকত ভাগি পৰিল! কেৱল অসমৰে নহয়, জুবিনৰ মানৱ দৰদী অন্তৰখন চিনি পোৱা, জুবিনৰ গান শুনা, জুবিনক ভালপোৱা পৃথিৱীৰ সমস্ত লোক যেন বিষাদত আস্ফালন কৰি উঠিল, এয়া হ'ব নোৱাৰে, এই খবৰ কেতিয়াও শুদ্ধ হ'ব নোৱাৰে! এই খবৰ কেতিয়াও ইমান নিষ্ঠুৰ সত্য হ'ব নোৱাৰে!!
কিন্তু জুবিনৰ মৃত্যুৰ কাৰণ হিচাপে যি পৰিবেশ-পৰিস্থিতিৰ কথা কোৱা হ’ল, সেয়াই সমগ্ৰ অসমবাসীৰ মনত জুবিনৰ মৃত্যুৰ কাৰণক লৈ সন্দেহৰ কলা ছাঁয়াই আবৰি ধৰিলেহি। শোকত ম্ৰিয়মান ৰাইজে প্ৰকৃত কাৰণ বিচাৰি হাবাথুৰি খাইছে যদিও কিন্তু সেই 'কাৰণ' এতিয়াও সন্দেহৰ আবৰ্ততে ঘূৰি আছে।
জুবিনৰ নিচিনা অসমৰ এক উজ্জ্বল ৰত্নক ঘৰৰ আপোনজনৰ পৰা নিলগাই লৈ গৈ, উপযুক্ত নিৰাপত্তা ব্যৱস্থা নোলোৱাকৈ পানীত কিয় জঁপিয়াবলৈ দিয়া হ’ল, পানীৰ মাজত তেওঁৰ অসহায় অৱস্থাতো প্ৰত্যক্ষ কৰাৰ পিছতো লগত থকা কেইজনে কিয় তৎক্ষণাত উদ্ধাৰৰ ব্যৱস্থা নকৰিলে, ....এই সকলোবোৰৰে উত্তৰ ৰাইজে জানিব বিচাৰে…। জুবিনৰ মৃত্যুৰ সতে আৰু কি কি ৰহস্য জড়িত হৈ আছে, সেয়া জানিবলৈ প্ৰতিজন সচেতন নাগৰিকৰে নৈতিক অধিকাৰ সন্নিৱিষ্ট হৈ আছে। কাৰণ জুবিন আছিল এজন নিষ্পাপ শিশু মাত্ৰ! তেওঁ আছিল এক স্বৰ্গীয় কণ্ঠৰ অধিকাৰী, আৰ্তজনৰ সাৰথি, নৱ-প্ৰজন্মৰ হৃদয়ৰ স্পন্দন, ……মুঠতে জুবিন আছিল আমাৰ সমাজৰ এক আপুৰুগীয়া সম্পদ আৰু সকলোৰে হিয়াৰ অতিকে আপোন।
আজিৰ সমাজৰ গতিবিধিবোৰলৈ লক্ষ্য কৰি মনলৈ ভাব আহে, ….বৰ্তমান আমাৰ সমাজত এজন প্ৰকৃত বিশ্বস্ত বন্ধু আৰু স্বাৰ্থান্বেষী বন্ধুৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰি সেইমতে আগবঢ়াটো অতিকৈ জৰুৰী হৈ পৰিছে। পিতৃ-মাতৃসকলে, সমাজৰ বয়োজ্যেষ্ঠসকল অন্তঃত সচেতন হ’ব লাগে যাতে এনে পাৰ্থক্য নিৰ্ণয় কৰাত আমাৰ নৱ-প্ৰজন্মই কেতিয়াও ভুল নকৰে। লগতে আমাৰ নৱ-প্ৰজন্মই সকলো মানবীয় গুণৰ অধিকাৰী হোৱাৰ উপৰিও ভাল-বেয়া বিচাৰ কৰিব পৰা ক্ষমতা আহৰণ কৰি নিজকে এক শক্তিশালী ব্যক্তি ৰূপে গঢ়ি তুলিবলৈ যত্নপৰ হ’ব লাগিব।
এই বৰ্ষাকালীন সময়খিনিতে, আহিন মাহৰ শুক্লা দশমী তিথিৰ দিনা অসমীয়া জাতি তথা ভাষা-সাহিত্য, সংস্কৃতিৰ গঠনত গুৰি ধৰোঁতা ,সমাজ সংস্কাৰক শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম তিথি পালন কৰা হয়। অৱশ্যে তেখেতৰ জন্ম তাৰিখ সম্বন্ধে মতভেদ দেখা যায়। তেখেতৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে শঙ্কৰদেৱক “সৰ্বগুণাকৰ’’ শব্দৰে অভিহিত কৰিছিল। প্ৰায় ছশ বছৰৰ আগতেই এই গুৰু দুজনাই অসমৰ ভূখণ্ডত সমাজ সংস্কাৰৰ উদ্দেশ্যে নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰি, তাৰ লগে লগে সকলো জাতি, জনজাতিৰ লোকক একমুঠকৈ লৈ এক বৃহত্তৰ অসমীয়া জাতি গঢ়াৰ প্ৰয়াস আৰম্ভ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱৰ মূল উদ্দেশ্য আছিল সেই সময়ত অন্ধকাৰত আছন্ন হৈ থকা সমাজক পোহৰৰ বাট দেখুৱা । তাকে কৰিবলৈ যাওঁতে তেওঁ মাধ্যম হিচাপে ধৰ্মৰ জৰীডালকো নতুন সাজেৰে বান্ধিছিল আৰু তাৰ লগে লগে কলা, সংস্কৃতি আদি এটা জাতিৰ আনুসংগিক অইনবোৰ কথাৰে সজাই গোটেই জাতিটোক এনেকৈ চহকী কৰিলে যে, অসমীয়া জাতিয়ে সদায়েই গুৰু দুজনালৈ ভক্তিৰে শ্ৰদ্ধা জনাই প্ৰতিবছৰে জন্মতিথি পালন কৰি আহিছে।
ঠিক তেনেদৰেই অসমৰ কলা-কৃষ্টি, সংগীত জগতখনলৈ অনৱদ্য অৱদান আগবঢ়াই, অসমৰ কৃষ্টি-সংস্কৃতিক বিশ্ব-দৰবাৰত প্ৰতিষ্ঠা কৰি থৈ যোৱা অসমৰ আন এজন মহান সন্তানক অসমবাসীয়ে অলপতে অতি শ্ৰদ্ধাৰে স্মৰণ কৰে। তেখেত হৈছে, সুধাকণ্ঠ ড° ভূপেন হাজৰিকা। ১৯২৬ চনৰ ৮ চেপ্তেম্বৰত জন্মগ্ৰহণ কৰা হাজৰিকাৰদেৱৰ এই বছৰ জন্ম শতবাৰ্ষিকী বৰ্ষ আৰম্ভ হৈছে। সেই উদ্দেশ্যে অসম তথা ভাৰতৰ বিভিন্ন ঠাইত আৰু অসমীয়া লোকসকলে মিলি বিদেশতো হাজৰিকাদেৱৰ জন্ম-শতবাৰ্ষিকী বৰ্ষ উদযাপন কৰিছে। সেই উপলক্ষ্যে যোৱা সাত চেপ্তেম্বৰৰ দিনা মুম্বাই মহানগৰীতো এক বৰ্ণাঢ্য অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সংগীত সম্ৰাট এইজন মহান অসমীয়া আমাৰ মাজত সদায়ে অমৰ হৈ থাকিব।
আজি আমি যেনেকৈ আমাৰ অতিকৈ আদৰৰ দুজনকৈ প্ৰখ্যাত শিল্পীৰ মৃত্যু দিনত শোক প্ৰকাশ কৰিছোঁ আৰু জন্ম শতবাৰ্ষিকীৰ দিনা শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ, তেনে সময়তে আজি ভালেমান বছৰৰ আগেয়ে আমাৰ মাজৰ পৰা হেৰাই যোৱা এজন বিশিষ্ট কণ্ঠশিল্পীলৈ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। এদিন এনে এক সময় আছিল এইজন শিল্পীয়ে, আমাৰ সমাজৰে এগৰাকী অতি দৰদী কবি, গীতিকাৰ, লোক-সংস্কৃতিৰ গৱেষক ডঃ নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ সৃষ্ট কবিতাত সুৰাৰোপিত কৰি, উদাত্ত, গুৰু-গম্ভীৰ কণ্ঠৰে গান গাই প্ৰতিজন অসমীয়াৰ হৃদয়ৰ মাজত সোমাই পৰিছিল। অতি দুখৰ বিষয়, জুবিনৰ দৰেই সেইজন শিল্পীয়ো বৰ সোনকালে আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। সেইজন আন কোনো নহয়, সেইজন হৈছে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অতি মৰমৰ ভ্ৰাতৃ, এক অনন্য পুৰুষসুলভ কণ্ঠৰ গৰাকী জয়ন্ত হাজৰিকা…। “মই নাথাকিলে সাঁজৰ তৰাই মোৰেই কথাকে ক’ব “ বুলি গীত গোৱা সেই মানুহজন বিগত ১৯৭৭ চনৰ ১৫ অক্টোবৰৰ দিনা হঠাতে “মৃত্যুক সাবটি সমাধি তলিত" শুই থাকিলগৈ ৷ এই আপাহতে তেখেতক আৰু আমাৰ কলা-কৃষ্টিৰ জগতখনলৈ অৱদান আগবঢ়াই যোৱা সকলোলৈকে আজি আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
…… যি কি নহওক, সময় গতিশীল। আমাৰ ভূপেন হাজৰিকাদেৱৰ ভাষাৰেই ক’ব খোজোঁ….” কালৰাত্ৰিৰ বুকুতে লুকাই আছেই প্ৰভাত বুজিলানে নাই ? ৰুদ্ধ দ্বাৰে উন্মুক্ত বায়ুক সদা কৰে ভয় বুজিলানে নাই ?" ……সঁচাই আজি জুবিনৰ অকাল আৰু সন্দেহজনক মৃত্যুত যেনেকৈ আমি ভাগি পৰিছোঁ, চৌপাশে যেনেকৈ অমানিশা যেন অনুভৱ হৈছে, এই কালৰাত্ৰিৰ ছাঁয়া অতি সোনকালেই নিশ্চয় আঁতৰি যাব, আমি নিশ্চয় অতি সোনকালেই ন্যায় পাম।
আশা কৰোঁ আগন্তুক দেৱালী উৎসৱত জ্বলি উঠা অগণন জুই শিখাৰ পোহৰত আমাৰ সমাজত লুকাই থকা অসুৰবোৰৰ, দৈত্য-দানৱবোৰৰ চিনাক্তকৰণ হ'ব আৰু "দুষ্টক দমন, শান্তক পালন" নীতি সাৰোগত কৰি আমাৰ প্ৰশাসনে আমাৰ মাজলৈ শান্তিৰ পৰিবেশ ঘূৰাই আনিব।
লগতে পোহৰৰ উৎসৱ দেৱালীয়ে সকলোৰে জীৱনলৈ শান্তি, সুখ-সমৃদ্ধি, সু-স্বাস্থ্য কঢ়িয়াই আনক। হৃদয়ৰ আপোনজনক হেৰুৱাই ম্ৰিয়মান হৈ থকা আমাৰ ল'ৰা-ছোৱালীসকলৰ মনলৈ শান্তি ঘূৰি আহক। আমি এই ল'ৰা-ছোৱালীসকলৰ ওচৰলৈ যাব বিচাৰোঁ আৰু ইয়াৰ বাবে মাধ্যম হিচাপে এই আলোচনীখন যাতে ছাত্ৰ-ছাত্ৰীসকলৰ আৰু এখোজ ওচৰলৈ আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ বাবে আপোনালোকৰ পৰা দিহা পৰামৰ্শ অনুৰোধ কৰা হ'ল। আপোনালোকৰ উৎসাহপূৰ্ণ সহযোগে আমাৰ সূৰুযমুখীক আৰু আগুৱাই লৈ যাবলৈ সহায় কৰিব।
এইখিনিতে এটি ঘোষণা কৰিব বিচাৰোঁ, কিতাপ-আলোচনী আদিৰ লেখাবোৰৰ বিষয়বস্তু ছাত্ৰ-ছাত্ৰীসকলৰ বা পাঠকৰ মাজত সহজে বোধগম্য কৰি তুলিবলৈ ফটো, ভিডিঅ’, উদ্ধৃতি আদিৰ অতিশয় প্ৰয়োজন। তেনে কৰিবলৈ যাওঁতে ইণ্টাৰনেটত উপলব্ধ কিছুমান ফটো সূৰুযমুখীৰ পৃষ্ঠাতো ব্যৱহাৰ কৰিব লগা হৈছে।
আমাৰ যিসকল শিশু, ছাত্ৰ-ছাত্ৰী, লেখক-লেখিকা আৰু বিশিষ্ট ব্যক্তিয়ে 'সূৰুযমুখী'লৈ লেখা পঠিয়াইছে, সম্পাদনা মণ্ডলীৰ হৈ তেখেতসকললৈ আৰু সন্মানীয় সহৃদয় পাঠকসমাজ সহ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ।
সদৌ শেষত, সূৰুযমুখী আলোচনীখন সম্পাদনা কৰোঁতে অনিচ্ছাকৃতভাবে হয়তো কিছু ভুল-ত্ৰুটি ৰৈ যাব পাৰে, গতিকে এইক্ষেত্ৰত আমি সকলোৰে গঠনমূলক দিহা-পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিলোঁ।
ধন্যবাদ সহকাৰে,
পবিত্ৰা বৰঘৰীয়া, মুম্বাই
সম্পাদক – ‘সূৰুযমুখী’
১২ অক্টোবৰ - ২০২৫
🙏🙏🙏🙏🙏🙏

